< ২ কৰিন্থীয়া 9 >

1 কিয়নো পবিত্ৰ লোক সকলৰ পৰিচৰ্যা কৰা কাৰ্যৰ বিষয়ে মই আপোনালোকলৈ লিখাৰ প্ৰয়োজন নাই৷
Về việc cứu trợ các tín hữu, thiết tưởng tôi không cần đề cập nữa.
2 মই আপোনালোকৰ কামনা জানো, যাৰ বিষয়ে মই মাকিদনিয়া সকলৰ আগত আপোনালোকৰ পক্ষে গৌৰৱ কৰিছিলোঁ৷ মই তেখেত সকলক কৈছিলোঁ যে, এবছৰৰ আগৰ পৰাই আখায়া প্ৰস্তুত হৈ আছিল; আৰু আপোনালোকৰ সেই আগ্ৰহে অধিক ভাগ মানুহক প্ৰভাৱত পেলালে।
Tôi biết anh chị em sốt sắng giúp đỡ, như tôi từng khoe với các tín hữu Ma-xê-đoan rằng người Hy Lạp đã sẵn sàng từ năm trước, và nhiệt tâm của họ đã khích lệ nhiều Hội Thánh.
3 এতিয়া মই আপোনালোকৰ ওচৰলৈ ভাই সকলক পঠালোঁ, যাতে আপোনালোকৰ পক্ষে আমাৰ সেই গৌৰৱ যেন ব্যৰ্থ নহয় আৰু মই যেনেকৈ কৈছিলোঁ, আপোনালোকে তেনেকৈ যেন প্ৰস্তুত হৈ থাকে৷
Tôi gửi các anh ấy đến để xác nhận lời tôi đề cao anh chị em là đúng, như tôi từng nói: Anh chị em đã chuẩn bị sẵn sàng.
4 নহ’লে মাকিদনিয়াৰ পৰা মোৰ লগত অহা কোনো মানুহে যদি আপোনালোকক অপ্ৰস্তুত পায়, তেনেহলে আমি আপোনালোকৰ প্ৰতি সেই দৃঢ় আশা ৰখাত, আমি লাজত পৰিম - মই আপোনালোকৰ বিষয়ে এনে একো কথা নকওঁ, কাৰণ আপোনালোকৰ বিশ্ৱাসৰ ওপৰত মই নিশ্চিত হৈ আছোঁ৷
Nếu người Ma-xê-đoan cùng đi với tôi thấy anh chị em không sẵn sàng, chính chúng tôi—chứ không phải anh chị em—sẽ phải hổ thẹn vì tín nhiệm anh chị em.
5 সেই কাৰণে মই ভাই কেইজনক উৎসাহিত কৰিবলৈ প্ৰয়োজন দেখি, আপোনালোকৰ ওচৰত পঠিয়াম বুলি ভাবিলোঁ; আপোনালোকে যি পূৰ্বৰে পৰা প্ৰতিজ্ঞা কৰা সেই আশীৰ্বাদ স্বৰূপ দান, সেই বিষয়ে তেখেত সকলে আপোনালোকৰ ওচৰলৈ আহি যেন আয়োজন কৰে৷ এই বিনামূলীয়া আশীর্বাদ দানৰ দৰে যেন যুগুত থাকে, কিন্তু আপোনালোকে বাধ্যত পৰি দান কৰিলে, এনে যেন নহয়৷
Nên tôi nhờ ba thân hữu ấy đến thăm anh chị em trước để chuẩn bị việc quyên trợ như anh chị em đã hứa. Tôi muốn cuộc lạc quyên thực hiện do từ tâm, chứ không bị ép buộc.
6 কিন্তু সেই বিষয়ে সাৰ কথা এই- যি জনে অলপকৈ বয়, তেওঁ অলপকৈ চপাব; আৰু যি জনে অধিককৈ বয়, তেওঁ অধিককৈ চপাব।
Anh chị em nên nhớ—Ai gieo ít thì gặt ít. Ai gieo nhiều sẽ gặt nhiều.
7 প্ৰতিজনে নিজৰ হৃদয়ত যেনেকৈ ঠাৱৰ কৰিলে, তেনেকৈ দিয়ক৷ মনোদুখেৰে যেন নহয় বা আৱশ্যকতাৰেও যেন নিদিয়ে- কিয়নো হৰ্ষিত মনেৰে দিয়া জনক ঈশ্বৰে প্ৰেম কৰে।
Mỗi người đóng góp tùy theo lòng mình. Đừng ép buộc ai quyên trợ quá điều họ muốn. “Vì Đức Chúa Trời yêu thương người vui lòng dâng hiến.”
8 ঈশ্বৰে আপোনালোকক সকলো বিষয়তে অনুগ্ৰহত বৃদ্ধি কৰিব পাৰে আৰু সকলো সময়তে আপোনালোকৰ সকলো জোৰাওকৈ থকাত, আপোনালোক সকলো সৎকৰ্মত যেন উপচি পৰিব পাৰে৷
Đức Chúa Trời ban ơn phước dồi dào để anh chị em luôn luôn đầy đủ mọi nhu cầu và còn dư sức làm mọi việc lành.
9 এই বিষয়ে যি দৰে লিখাও আছে, “তেওঁ নিজ ধন-সম্পত্তি দৰিদ্ৰ সকলক বিলাই দি, দান কৰিলে; তেওঁৰ ধাৰ্মিকতা চিৰকাললৈকে থাকে৷” (aiōn g165)
Như Thánh Kinh chép: “Người phân phát của cải cứu giúp người nghèo. Ân đức người tồn tại mãi mãi.” (aiōn g165)
10 ১০ যি জনে কঠীয়া সিচোতাজনক সিচিঁবলৈ কঠীয়া আৰু ভোজনৰ কাৰণে আহাৰ যোগাই, তেৱেঁই আপোনালোকৰ কঠীয়া যোগাই বাহুল্য কৰিব আৰু আপোনালোকৰ ধাৰ্মিকতাৰ ফল বৃদ্ধি কৰিব;
Đức Chúa Trời cung cấp hạt giống cho người gieo để thu hoạch lương thực, chính Ngài sẽ cung cấp hạt giống cho anh chị em, khiến nó sinh sản thêm nhiều, nhờ đó anh chị em có thể gia tăng việc từ thiện.
11 ১১ এইদৰে আপোনালোক সকলো দানশীলতাৰ অৰ্থে সকলো বিষয়তে ধনৱন্ত হব, আৰু সেই দানশীলতাই আমাৰ দ্বাৰাই ঈশ্বৰলৈ ধন্যবাদ সাধন কৰাব।
Như thế anh chị em được giàu có dư dật là để cứu trợ rộng rãi, và khi chúng tôi trao lại tặng phẩm ấy, người nhận sẽ dâng lời tạ ơn Chúa.
12 ১২ কিয়নো এই দান দি পৰিচৰ্যা কৰা কাৰ্যই পবিত্ৰ লোকৰ অভাৱ পূৰ কৰিছে, অকল এয়ে নহয়, কিন্তু ঈশ্বৰৰ অনেক ধন্যবাদত ঈশ্বৰৰ উদ্দেশ্যেও উপচি পৰিছে৷
Vì công cuộc lạc quyên tương trợ này, ngoài mục đích thỏa mãn nhu cầu các tín hữu, còn giúp nhiều người lớn tiếng tạ ơn Đức Chúa Trời.
13 ১৩ আপোনালোকক এই পৰিচৰ্যা কৰা কাৰ্যত পৰীক্ষাৰ দ্ৱাৰাই নিযুক্ত কৰা হ’ল; আপোনালোকে ঈশ্বৰক মহিমান্বিত কৰিছে, কিয়নো আপোনালোকে খ্ৰীষ্টৰ শুভবাৰ্তাৰ বিষয়ে স্বীকাৰ কৰি বশৱৰ্ত্তী হোৱা কাৰণে আৰু তেখেত সকললৈ আৰু আন লোকলৈও আপোনালোকে ভালেমান দান কৰিলে৷
Họ ca ngợi Đức Chúa Trời vì nghĩa cử này minh chứng hùng hồn rằng anh chị em thật lòng tin nhận Phúc Âm của Chúa Cứu Thế. Họ tôn vinh Chúa vì anh chị em rộng lòng giúp đỡ họ và mọi người.
14 ১৪ তেওঁলোকে আপোনালোকলৈ অতিশয় হাবিয়াহ কৰি আছে আৰু আপোনালোকৰ কাৰণে প্ৰার্থনাত আছে, কিয়নো ঈশ্বৰৰ সেই মহৎ অনুগ্ৰহ আপোনালোকৰ ওপৰত আছে৷
Họ sẽ thành tâm cầu nguyện cho anh chị em, vì ơn phước dồi dào Đức Chúa Trời ban cho anh chị em.
15 ১৫ ঈশ্বৰৰ বৰ্ণনাতীত দানৰ কাৰণে তেওঁৰ ধন্যবাদ হওক।
Cảm tạ Đức Chúa Trời vì tặng phẩm Ngài ban cho vô cùng vĩ đại!

< ২ কৰিন্থীয়া 9 >