< ২ কৰিন্থীয়া 8 >

1 হে প্ৰিয় ভাই আৰু ভনী সকল, মাকিদনিয়া দেশৰ মণ্ডলী সমূহক দিয়া ঈশ্বৰৰ অনুগ্ৰহৰ বিষয়ে মই আপোনালোকক জনাওঁ যে,
Wir tun euch aber kund, Brüder, die Gnade Gottes, die in den Versammlungen Macedoniens gegeben worden ist,
2 ক্লেশৰূপ মহা-পৰীক্ষাতো তেওঁলোকৰ আনন্দ অধিক হ’ল আৰু তেওঁলোকৰ অতি দৰিদ্ৰতা দানশীলতাৰূপ ধনত উপচি পৰিল।
daß bei großer Drangsalsprüfung die Überströmung ihrer Freude und ihre tiefe Armut übergeströmt ist in den Reichtum ihrer Freigebigkeit.
3 কিয়নো মই সাক্ষ্য দিছোঁ যে, তেওঁলোকে নিজ শক্তি অনুসাৰে দিয়াৰ উপৰি, সাধ্যৰ অতিৰিক্ত পৰিমাণে দিলে, আৰু
Denn nach Vermögen, ich bezeuge es, und über Vermögen waren sie aus eigenem Antriebe willig,
4 নিজ ইচ্ছাৰে অনেক মিনতি কৰি, পবিত্ৰ লোক সকলৰ সহভাগিতাত পৰিচৰ্যা কাৰ্যৰ সহভাগী হবলৈ আমাৰ আগত যাচনা কৰিলে;
indem sie mit vielem Zureden uns um die Gnade und die Gemeinschaft des Dienstes für die Heiligen baten.
5 আৰু কেৱল আমি আশা কৰা অনুযায়ী নহয়, কিন্তু প্ৰথমে প্ৰভুৰ উদ্দেশ্যে, শেষত ঈশ্বৰৰ ইচ্ছাৰ দৰে আমাৰ উদ্দেশ্যে তেওঁলোকে দান কৰিলে।
Und nicht wie wir hofften, sondern sie gaben sich selbst zuerst dem Herrn und uns durch Gottes Willen,
6 সেই বাবে আমি তীতক উৎসাহিত কৰিলোঁ, কিয়নো যেনেকৈ তেওঁ আগেয়ে আপোনালোকৰ লগত কার্য আৰম্ভ কৰিছিল, তেনেদৰেই আপোনালোকক সেই অনুগ্ৰহতো যেন পৰিপূৰ্ণ কৰে৷
so daß wir Titus zugeredet haben, daß er wie er zuvor angefangen hatte, also auch bei euch auch diese Gnade vollbringen möchte.
7 কিন্তু আপোনালোকে, বিশ্বাস, বাক্য, জ্ঞান, সকলোবিধ যত্ন আৰু প্ৰেম, এই সকলোতে যেনেকৈ আমাৰ বাবে উপচি পৰিছে, তেনেকৈ সেই অনুগ্ৰহতো উপচি পৰিবলৈ চেষ্টা কৰক।
Aber so wie ihr in allem überströmend seid: in Glauben und Wort und Erkenntnis und allem Fleiß und in eurer Liebe zu uns, daß ihr auch in dieser Gnade überströmend sein möget.
8 এই কথা আজ্ঞা দিয়াৰ দৰে কোৱা নাই, কিন্তু আন ব্যক্তিৰ যত্নৰ দ্বাৰাই আপোনালোকৰ প্ৰেমৰ সত্যতা বিবেচনা কৰিহে কৈছোঁ।
Nicht befehlsweise spreche ich, sondern wegen des Fleißes der anderen, und indem ich die Echtheit eurer Liebe prüfe.
9 কিয়নো আপোনালোকে প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ জানে৷ তেওঁ ধনী আছিল যদিও, তেওঁৰ দৰিদ্ৰতাৰ দ্বাৰাই আপোনালোক যেন ধনী হয়, তাৰ বাবে তেওঁ দৰিদ্ৰ হ’ল৷
Denn ihr kennet die Gnade unseres Herrn Jesus Christus, daß er, da er reich war, um euretwillen arm wurde, auf daß ihr durch seine Armut reich würdet.
10 ১০ এই বিষয়টো আপোনালোকৰ পক্ষে উপযুক্ত, সেই কাৰণে মই পৰামৰ্শহে দিছোঁ; কিয়নো আপোনালোকে এবছৰৰ আগেয়ে কোনো কাৰ্য কৰিবলৈ বিচাৰিছিল, কেৱল সেয়াই নহয়, কিন্তু নিজ ইচ্ছাৰে কৰিবলৈ প্ৰস্তুতো আছিল৷
Und ich gebe hierin eine Meinung; denn dies ist euch nützlich, die ihr nicht allein das Tun, sondern auch das Wollen vorher angefangen habt seit vorigem Jahre.
11 ১১ এতিয়া সেই কাৰ্য সিদ্ধ কৰক৷ যেনেকৈ ইচ্ছা আৰু প্ৰস্তুততা আছিল, তেনেকৈ শক্তি অনুসাৰে সেই কার্য সিদ্ধও কৰক৷
Nun aber vollbringet auch das Tun, damit, gleichwie die Geneigtheit zum Wollen, also auch das Vollbringen da sei nach dem, was ihr habt.
12 ১২ কিয়নো কার্য কৰিবলৈ প্ৰস্তুততা থাকিলে, শক্তি নথকাৰ দৰে নহয়, কিন্তু শক্তি থকাৰ দৰে কৰিলেহে গ্ৰাহ্য হয়।
Denn wenn die Geneigtheit vorliegt, so ist einer annehmlich nach dem er hat, und nicht nach dem er nicht hat.
13 ১৩ কিয়নো আন লোক সকলে কাৰ্য নকৰি জিৰণি ল’ব আৰু আপোনালোকে কাৰ্যৰ দায়িত্ব ল’ব, এনে নহয়; কিন্তু সকলোৰে ন্যায় হওক৷
Denn nicht auf daß andere Erleichterung haben, ihr aber Bedrängnis, sondern nach der Gleichheit:
14 ১৪ এই বৰ্ত্তমান সময়ত আপোনালোকৰ প্ৰাচুৰ্যতাই তেওঁলোকৰ অভাৱ পূৰ্ণ কৰিব৷ এইদৰে তেওঁলোকৰ প্ৰাচুৰ্যতায়ো আপোনালোকৰ অভাৱ পূৰ্ণ কৰিব আৰু ইয়াতে সকলোৰে বাবে সমতা স্থাপন হয়;
in der jetzigen Zeit diene euer Überfluß für den Mangel jener, auf daß auch jener Überfluß für euren Mangel diene, damit Gleichheit werde; wie geschrieben steht:
15 ১৫ যি দৰে লিখাও আছে, “যি জনে অধিক গোটাইছিল, তেওঁৰ একো নাথাকিল; কিন্তু যি জনে অলপ গোটাইছিল, তেওঁৰ অভাৱ নহ’ল”।
“Wer viel sammelte, hatte nicht Überfluß, und wer wenig sammelte, hatte nicht Mangel”.
16 ১৬ কিন্তু যি ঈশ্বৰে আপোনালোকৰ অৰ্থে তীতৰ হৃদয়ত সেই একে উৎসাহ জন্মাইছে, তেওঁ ধন্য।
Gott aber sei Dank, der denselben Eifer für euch in das Herz des Titus gegeben hat;
17 ১৭ কিয়নো তেওঁ আমাৰ উদগণি গ্ৰহণ কৰিলে কিন্তু তাতকৈয়ো নিজে উৎসাহী হৈ, নিজ ইচ্ছাৰে আপোনালোকৰ ওচৰলৈ গ’ল।
denn er nahm zwar das Zureden an, aber weil er sehr eifrig war, ist er aus eigenem Antriebe zu euch gegangen.
18 ১৮ তাতে তীতৰ সৈতে আমাৰ এজন ভাই, যি জনে শুভবাৰ্তা ঘোষণা কৰা বিষয়ত সকলো মণ্ডলীৰ মাজত প্ৰশংসা লাভ কৰিছে; সেই জন ভাইক আমি তেওঁৰ লগত পঠাই দিলোঁ৷
Wir haben aber den Bruder mit ihm gesandt, dessen Lob im Evangelium durch alle Versammlungen verbreitet ist.
19 ১৯ তেওঁ কেৱল মৰ্যদা পোৱা ব্যক্তিয়ে নহয়, কিন্তু প্ৰভুৰ গৌৰৱ আৰু আমাৰ প্ৰস্তুততাৰ অর্থে, আমাৰ যোগেদি সাধিত হ’ব লগা প্ৰভুৰ অনুগ্ৰহৰ কাৰ্যত আমাৰ সহযাত্ৰী হ’বলৈ মণ্ডলী সকলৰ দ্বাৰাই পৰিচাৰকৰূপে মনোনীত হোৱা৷
Aber nicht allein das, sondern er ist auch von den Versammlungen gewählt worden zu unserem Reisegefährten mit dieser Gnade, die von uns bedient wird zur Herrlichkeit des Herrn selbst und als Beweis unserer Geneigtheit;
20 ২০ আৰু আমাৰ দ্বাৰাই সাধিত হ’ব লগা এই মহা-দানৰ বিষয়ে কোনেও যেন আমাৰ বদনাম নকৰে, তাৰ বাবে আমি সতৰ্ক হৈছোঁ;
indem wir dies verhüten, daß uns nicht jemand übel nachrede dieser reichen Gabe halben, die von uns bedient wird;
21 ২১ কিয়নো কেৱল প্ৰভুৰ দৃষ্টিত নহয় কিন্তু মানুহৰ আগতো যি যি উচিত, সেইটোহে আমি চিন্তা কৰিছোঁ।
denn wir sind vorsorglich für das, was ehrbar ist, nicht allein vor dem Herrn, sondern auch vor den Menschen.
22 ২২ আৰু তেওঁৰ সৈতে আন এজন ভাইক আমি পঠিয়ালোঁ৷ তেওঁক আমি অনেকবাৰ অনেক বিষয়ত পৰীক্ষা কৰি এইবোৰ কাৰ্যত উৎসাহী পালোঁ আৰু আপোনালোকৰ প্ৰতি থকা তেওঁৰ দৃঢ় বিশ্বাসৰ কাৰণে এইবাৰ অধিক আগ্ৰহী দেখিলোঁ৷
Wir haben aber unseren Bruder mit ihnen gesandt, den wir oft in vielen Stücken erprobt haben, daß er eifrig ist, nun aber noch viel eifriger durch große Zuversicht, die er zu euch hat.
23 ২৩ তীতৰ বিষয়ে হ’লে, তেওঁ মোৰ সহভাগী আৰু আপোনালোকৰ প্ৰতি মোৰ পাঁচনি কৰ্মৰ সহকাৰী৷ আমাৰ ভাই দুজনৰ বিষয়ে হ’লে, তেওঁলোক মণ্ডলী সমূহৰ দূত আৰু খ্ৰীষ্টৰ গৌৰৱ স্বৰূপ।
Sei es, was Titus betrifft, er ist mein Genosse und in Bezug auf euch mein Mitarbeiter; seien es unsere Brüder, sie sind Gesandte der Versammlungen, Christi Herrlichkeit.
24 ২৪ এতেকে আপোনালোকৰ প্ৰেম প্ৰকাশ কৰক আৰু আন মণ্ডলীবোৰৰ মাজত আপোনালোকৰ বিষয়ে যি গৌৰৱ কৰিছিলোঁ, সেয়া প্ৰকাশ কৰক৷
So beweiset nun gegen sie, angesichts der Versammlungen, den Beweis eurer Liebe und unseres Rühmens über euch.

< ২ কৰিন্থীয়া 8 >