< ২ কৰিন্থীয়া 7 >

1 এই হেতুকে, হে প্ৰিয় ভাই আৰু ভনী সকল, এইবোৰ প্ৰতিজ্ঞা পোৱাত, আহক, আমি শৰীৰ আৰু আত্মাৰ সকলো অশুচিতাৰ পৰা নিজকে শুচি কৰি, ঈশ্বৰৰ ভয়ত পবিত্ৰতা সিদ্ধ কৰোঁহক।
Derfor, efterdi vi have disse Forjættelser, I elskede! saa lader os rense os selv fra al Kødets og Aandens Besmittelse, saa vi gennemføre Hellighed i Guds Frygt!
2 আপোনালোকৰ হৃদয়ত আমাক ঠাই দিয়ক! আমি কাৰো অন্যায় কৰা নাই, কাৰো অনিষ্ট কৰা নাই, কাকো ঠগোৱাও নাই।
Giver os Rum; ingen have vi gjort Uret, ingen ødelagt, ingen bedraget.
3 মই আপোনালোকৰ দোষ ধৰিবলৈ এই কথা কৈছোঁ, এনে নহয়; কিয়নো আমাৰে সৈতে মৰিবলৈ আৰু জীয়াই থাকিবলৈকো আপোনালোক আমাৰ হৃদয়ত আছে বুলি আগেয়ে কৈছিলোঁ।
Jeg siger det ikke for at fælde Dom; jeg har jo sagt tilforn, at I ere i vore Hjerter, saa at vi dø sammen og leve sammen.
4 আপোনালোকলৈ মোৰ আত্মবিশ্বাস অধিক, আপোনালোকৰ অৰ্থে মোৰ শ্লাঘাও অধিক; এইদৰে আমাৰ সকলো ক্লেশত, মই সান্ত্বনাৰে পুৰ্ণ হৈ আছোঁ আৰু আনন্দত একেবাৰে উপচি পৰিছোঁ।
Jeg har stor Frimodighed over for eder; jeg roser mig meget af eder, jeg er fuld af Trøst, jeg strømmer over af Glæde under al vor Trængsel.
5 কিয়নো যেতিয়া আমি মাকিদনিয়া দেশলৈ আহিলোঁ, আমাৰ শাৰীৰিক একো জিৰণি নাছিল; বৰং সকলোতে অশান্তিহে পাইছিলোঁ; বাহিৰত বিৰোধ আৰু অন্তৰত ভয় আছিল।
Thi ogsaa da vi kom til Makedonien, havde vort Kød ingen Ro, men vi trængtes paa alle Maader: Udadtil Kampe, indadtil Angester.
6 কিন্তু নম্ৰ সকলৰ সান্ত্বনাদাতা ঈশ্বৰে তীতৰ আগমণৰ দ্বাৰাই আমাক সান্ত্বনা দিলে;
Men han, som trøster de nedbøjede, Gud, han trøstede os ved Titus's Komme;
7 কেৱল তেওঁৰ আগমণৰ দ্বাৰায়েই নহয়, কিন্তু আপোনালোকৰ হাবিয়াহ, শোক আৰু আমাৰ কাৰণে আপোনালোকৰ উৎসাহৰ কথা কওঁতে, আপোনালোকৰ কথাত তেওঁ পোৱা শান্ত্বনাৰেও আমাক এনে সান্ত্বনা দিলে যে, তাৰেই মই অধিক আনন্দ পালোঁ।
dog ikke alene ved hans Komme, men ogsaa ved den Trøst, hvormed han var bleven trøstet over eder, idet han fortalte os om eders Længsel, eders Graad, eders Nidkærhed for mig, saa at jeg glædede mig end mere.
8 কিয়নো মোৰ সেই পত্ৰৰ দ্বাৰাই আপোনালোক দুঃখিত হ’লেও মই বেজাৰ নকৰোঁ৷ আগেয়ে যদিওঁবা বেজাৰ কৰিছিলোঁ, এতিয়া দেখিলোঁ যে মোৰ পত্ৰখনে আপোনালোকক দুঃখিত কৰিলে, কিন্তু সেই পত্ৰই মাথোন অলপ সময়হে আপোনালোকৰ দুখ জন্মাইছিল,
Thi om jeg end har bedrøvet eder ved Brevet, fortryder jeg det ikke. Om jeg ogsaa har fortrudt det, — jeg ser jo, at hint Brev, ihvorvel kun til en Tid, har bedrøvet eder, —
9 এতিয়া আনন্দ কৰিছোঁ; কিয়নো আপোনালোক দুঃখিত হোৱাৰ কাৰণে নহয়, কিন্তু দুঃখিত হোৱাৰ দ্বাৰাই যে আপোনালোকৰ মন পৰিৱৰ্তিত হ’ল, সেই কাৰণেহে৷ আমাৰ দ্বাৰাই আপোনালোকৰ একো হানি নহয়, সেই বাবে আপোনালোক ঈশ্বৰৰ ইচ্ছাৰ দৰে দুঃখিত হৈছিল, সেই বিষয়ে আপোনালোকে জানিছিলোঁ।
saa glæder jeg mig nu, ikke over, at I bleve bedrøvede, men over, at I bleve bedrøvede til Omvendelse; thi I bleve bedrøvede efter Guds Sind, for at I ikke i nogen Maade skulde lide Skade af os.
10 ১০ কাৰণ ঈশ্বৰৰ ইচ্ছাৰ দৰে হোৱা মনোদুখে, অনুতপ্ত নোহোৱাকৈয়ে পৰিত্রাণলৈ মন-পালটন কৰায়; কিন্তু সাংসাৰিক মনোদুখে অপৰিৱৰ্তনীয় মৃত্যু সাধন কৰে।
Thi den Bedrøvelse, der er efter Guds Sind, virker Omvendelse til Frelse, som ikke fortrydes; men Verdens Bedrøvelse virker Død.
11 ১১ কিয়নো, ঈশ্বৰৰ মহৎ ইচ্ছাৰ দৰে হোৱা সেই মনোদুখেই আপোনালোকৰ অন্তৰত কেনে যত্ন, কেনে দুখৰ খণ্ডন, কেনে বিৰক্তি, কেনে ভয়, কেনে হাবিয়াহ, কেনে উৎসাহ, কেনে প্ৰতিকাৰ সাধন কৰিলে! সেইবোৰ কথাত আপোনালোকে সকলো প্ৰকাৰে নিজকে নিৰ্দোষী বুলি প্ৰমাণ কৰিলে।
Thi se, just dette, at I bleve bedrøvede efter Guds Sind, hvor stor en Iver virkede det ikke hos eder, ja Forsvar, ja Harme, ja Frygt, ja Længsel, ja Nidkærhed, ja Straf! Paa enhver Maade beviste I, at I selv vare rene i den Sag.
12 ১২ যদিওঁবা মই আপোনালোকলৈ লিখিছিলো, তথাপি অন্যায় কৰা জনৰ কাৰণে বা অপকাৰ পোৱা জনৰ কাৰণে নহয়, কিন্তু আমাৰ অৰ্থে আপোনালোকৰ যি যত্ন, সেয়ে ঈশ্বৰৰ দৃষ্টিত আপোনালোকৰ বাবে যেন প্ৰকাশিত হয়, এই কাৰণেহে লিখিছিলোঁ।
Altsaa, naar jeg skrev til eder, var det ikke for hans Skyld, som gjorde Uret, ikke heller for hans Skyld, som led Uret, men for at eders Iver for os skulde blive aabenbar hos eder for Guds Aasyn.
13 ১৩ এতেকে আমি সান্ত্বনা পালোঁ। আৰু আমাৰ সেই সান্ত্বনাৰ ওপৰিও তীতৰ আনন্দত আমি আৰু অধিক আনন্দ পালোঁ; কাৰণ আপোনালোক সকলোৰে দ্বাৰাই তেওঁৰ আত্মা সজীৱ কৰা হ’ল।
Derfor ere vi blevne trøstede. Men til vor Trøst kom end yderligere Glæden over Titus's Glæde, fordi hans Aand har faaet Vederkvægelse fra eder alle.
14 ১৪ যদিও মই তেওঁৰ আগত আপোনালোকৰ অৰ্থে গৌৰৱ কৰিলোঁ, তথাপি মোক লাজত পেলোৱা হোৱা নাই; কিন্তু যেনেকৈ আমি আপোনালোকৰ আগত সকলো কথা সঁচাকৈ কলোঁ, তেনেকৈ তীতৰ আগত কৰা আমাৰ সেই গৌৰৱ সঁচাহে হ’ল।
Thi i hvad jeg end har rost mig af eder for ham, er jeg ikke bleven til Skamme; men ligesom vi i alle Ting have talt Sandhed til eder, saaledes er ogsaa vor Ros for Titus bleven Sandhed.
15 ১৫ আৰু আপোনালোকে তেওঁৰ আজ্ঞাধীন হৈ, ভয় আৰু কম্পনেৰে যে তেওঁক গ্ৰহন কৰিছিল, সেই কথা তেওঁ সোঁৱৰণ কৰোঁতে, আপোনালোকলৈ তেওঁৰ স্নেহ অতি অধিক হ’ল।
Og hans Hjerte drages inderligere til eder, naar han mindes Lydigheden hos eder alle, hvorledes I modtoge ham med Frygt og Bæven.
16 ১৬ সকলো বিষয়তে মই যে আপোনালোকত ভাৰসা কৰিছোঁ, ইয়াতে মই আনন্দ কৰিছোঁ।
Jeg glæder mig over, at jeg i alt kan lide paa eder.

< ২ কৰিন্থীয়া 7 >