< ২ কৰিন্থীয়া 4 >

1 এতেকে আমি এই পৰিচৰ্যা পদ পোৱাত, আৰু একেদৰে দয়া লাভ কৰাত, কেতিয়াও আমি নিৰুৎসাহ নহওঁ;
ಅಪರಞ್ಚ ವಯಂ ಕರುಣಾಭಾಜೋ ಭೂತ್ವಾ ಯದ್ ಏತತ್ ಪರಿಚಾರಕಪದಮ್ ಅಲಭಾಮಹಿ ನಾತ್ರ ಕ್ಲಾಮ್ಯಾಮಃ,
2 কিন্তু লাজৰ গুপুত কাৰ্য ত্যাগ কৰি, ধুৰ্ত্তাচাৰী নহৈ আৰু ঈশ্বৰৰ বাক্যত ভাঁজ নিদি, সত্যতা প্ৰকাশ কৰি, ঈশ্বৰৰ দৃষ্টিতে সকলো মানুহৰ বিবেকৰ আগত নিজকে যোগ্য-পাত্ৰ দেখুৱাইছোঁ।
ಕಿನ್ತು ತ್ರಪಾಯುಕ್ತಾನಿ ಪ್ರಚ್ಛನ್ನಕರ್ಮ್ಮಾಣಿ ವಿಹಾಯ ಕುಟಿಲತಾಚರಣಮಕುರ್ವ್ವನ್ತ ಈಶ್ವರೀಯವಾಕ್ಯಂ ಮಿಥ್ಯಾವಾಕ್ಯೈರಮಿಶ್ರಯನ್ತಃ ಸತ್ಯಧರ್ಮ್ಮಸ್ಯ ಪ್ರಕಾಶನೇನೇಶ್ವರಸ್ಯ ಸಾಕ್ಷಾತ್ ಸರ್ವ್ವಮಾನವಾನಾಂ ಸಂವೇದಗೋಚರೇ ಸ್ವಾನ್ ಪ್ರಶಂಸನೀಯಾನ್ ದರ್ಶಯಾಮಃ|
3 কিন্তু আমাৰ শুভবাৰ্তা যদি ঢকা হয়, তেনেহলে বিনাশৰ পাত্ৰ সকললৈহে ঢকা হয়;
ಅಸ್ಮಾಭಿ ರ್ಘೋಷಿತಃ ಸುಸಂವಾದೋ ಯದಿ ಪ್ರಚ್ಛನ್ನಃ; ಸ್ಯಾತ್ ತರ್ಹಿ ಯೇ ವಿನಂಕ್ಷ್ಯನ್ತಿ ತೇಷಾಮೇವ ದೃಷ್ಟಿತಃ ಸ ಪ್ರಚ್ಛನ್ನಃ;
4 ঈশ্বৰৰ প্ৰতিমূৰ্তি যি খ্ৰীষ্ট, তেওঁৰ গৌৰৱ প্ৰকাশক শুভবাৰ্তাৰ দীপ্তি যেন প্ৰকাশিত নহয়, এই কাৰণে এই যুগৰ দেৱতাই সেই অবিশ্বাসী লোক সকলৰ জ্ঞান-চকু অন্ধ কৰিলে। (aiōn g165)
ಯತ ಈಶ್ವರಸ್ಯ ಪ್ರತಿಮೂರ್ತ್ತಿ ರ್ಯಃ ಖ್ರೀಷ್ಟಸ್ತಸ್ಯ ತೇಜಸಃ ಸುಸಂವಾದಸ್ಯ ಪ್ರಭಾ ಯತ್ ತಾನ್ ನ ದೀಪಯೇತ್ ತದರ್ಥಮ್ ಇಹ ಲೋಕಸ್ಯ ದೇವೋಽವಿಶ್ವಾಸಿನಾಂ ಜ್ಞಾನನಯನಮ್ ಅನ್ಧೀಕೃತವಾನ್ ಏತಸ್ಯೋದಾಹರಣಂ ತೇ ಭವನ್ತಿ| (aiōn g165)
5 কাৰণ আমি নিজক নহয়, কিন্তু যীচু খ্ৰীষ্টক প্ৰভু আৰু যীচুৰ কাৰণে নিজক আপোনালোকৰ দাস বুলি প্রচাৰ কৰোঁ।
ವಯಂ ಸ್ವಾನ್ ಘೋಷಯಾಮ ಇತಿ ನಹಿ ಕಿನ್ತು ಖ್ರೀಷ್ಟಂ ಯೀಶುಂ ಪ್ರಭುಮೇವಾಸ್ಮಾಂಶ್ಚ ಯೀಶೋಃ ಕೃತೇ ಯುಷ್ಮಾಕಂ ಪರಿಚಾರಕಾನ್ ಘೋಷಯಾಮಃ|
6 যীচু খ্ৰীষ্টৰ মুখত ঈশ্বৰৰ গৌৰৱ প্ৰকাশক জ্ঞানৰূপে দীপ্তি প্ৰকাশ কৰিবলৈ, যি ঈশ্বৰে ক’লে, “কিয়নো আন্ধাৰৰ মাজৰ পৰা পোহৰ প্ৰকাশিত হ’ব”, সেই ঈশ্বৰে আমাৰ হৃদয়ত পোহৰ প্ৰকাশ কৰিলে।
ಯ ಈಶ್ವರೋ ಮಧ್ಯೇತಿಮಿರಂ ಪ್ರಭಾಂ ದೀಪನಾಯಾದಿಶತ್ ಸ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯಾಸ್ಯ ಈಶ್ವರೀಯತೇಜಸೋ ಜ್ಞಾನಪ್ರಭಾಯಾ ಉದಯಾರ್ಥಮ್ ಅಸ್ಮಾಕಮ್ ಅನ್ತಃಕರಣೇಷು ದೀಪಿತವಾನ್|
7 শক্তিৰ বাহুল্যতা যেন আমাৰ পৰা নহয় কিন্তু ঈশ্বৰৰ হয়, এই কাৰণে মাটিৰ পাত্ৰ যি আমি, আমাৰ জীৱনত সেই দীপ্তিৰূপ ধন আছে;
ಅಪರಂ ತದ್ ಧನಮ್ ಅಸ್ಮಾಭಿ ರ್ಮೃಣ್ಮಯೇಷು ಭಾಜನೇಷು ಧಾರ್ಯ್ಯತೇ ಯತಃ ಸಾದ್ಭುತಾ ಶಕ್ತಿ ರ್ನಾಸ್ಮಾಕಂ ಕಿನ್ತ್ವೀಶ್ವರಸ್ಯೈವೇತಿ ಜ್ಞಾತವ್ಯಂ|
8 আমি সকলোতে ক্লেশ ভোগ কৰিও, ঠেকত পৰা নহওঁ; উদিগ্ন হৈয়ো, নিৰাশ নহওঁ;
ವಯಂ ಪದೇ ಪದೇ ಪೀಡ್ಯಾಮಹೇ ಕಿನ್ತು ನಾವಸೀದಾಮಃ, ವಯಂ ವ್ಯಾಕುಲಾಃ ಸನ್ತೋಽಪಿ ನಿರುಪಾಯಾ ನ ಭವಾಮಃ;
9 তাড়না পায়ো, অনাথ নহওঁ; পেলোৱা হৈয়ো, বিনষ্ট নহওঁ;
ವಯಂ ಪ್ರದ್ರಾವ್ಯಮಾನಾ ಅಪಿ ನ ಕ್ಲಾಮ್ಯಾಮಃ, ನಿಪಾತಿತಾ ಅಪಿ ನ ವಿನಶ್ಯಾಮಃ|
10 ১০ আমি সদায় যীচুৰ মৃত্যু শৰীৰত লৈ ফুৰিছোঁ, যাতে যীচুৰ জীৱন আমাৰ শৰীৰত প্ৰকাশিত হয়।
ಅಸ್ಮಾಕಂ ಶರೀರೇ ಖ್ರೀಷ್ಟಸ್ಯ ಜೀವನಂ ಯತ್ ಪ್ರಕಾಶೇತ ತದರ್ಥಂ ತಸ್ಮಿನ್ ಶರೀರೇ ಯೀಶೋ ರ್ಮರಣಮಪಿ ಧಾರಯಾಮಃ|
11 ১১ কিয়নো জীয়াই থকা যি আমি, আমাৰ মৰ্ত্ত্য মাংসত যীচুৰ জীৱন প্ৰকাশিত হ’বলৈ, আমি যীচুৰ কাৰণে সদায় মৃত্যুৰ হাতত সমৰ্পিত হৈছোঁ।
ಯೀಶೋ ರ್ಜೀವನಂ ಯದ್ ಅಸ್ಮಾಕಂ ಮರ್ತ್ತ್ಯದೇಹೇ ಪ್ರಕಾಶೇತ ತದರ್ಥಂ ಜೀವನ್ತೋ ವಯಂ ಯೀಶೋಃ ಕೃತೇ ನಿತ್ಯಂ ಮೃತ್ಯೌ ಸಮರ್ಪ್ಯಾಮಹೇ|
12 ১২ এইদৰে মৃত্যুৱে আমাৰ জীৱনত, কিন্তু জীৱনে আপোনালোকত নিজ কাৰ্য সাধন কৰিছে।
ಇತ್ಥಂ ವಯಂ ಮೃತ್ಯಾಕ್ರಾನ್ತಾ ಯೂಯಞ್ಚ ಜೀವನಾಕ್ರಾನ್ತಾಃ|
13 ১৩ কিন্তু যেনেকৈ লিখা আছে, বোলে “মই বিশ্বাস কৰিলোঁ, এই হেতুকে কথা ক’লোঁ”; তেনেকৈ আমিও সেই একেই বিশ্বাসজনক আত্মা পোৱাত, বিশ্বাস কৰিছোঁ, এই হেতুকে কথা কৈছোঁ৷
ವಿಶ್ವಾಸಕಾರಣಾದೇವ ಸಮಭಾಷಿ ಮಯಾ ವಚಃ| ಇತಿ ಯಥಾ ಶಾಸ್ತ್ರೇ ಲಿಖಿತಂ ತಥೈವಾಸ್ಮಾಭಿರಪಿ ವಿಶ್ವಾಸಜನಕಮ್ ಆತ್ಮಾನಂ ಪ್ರಾಪ್ಯ ವಿಶ್ವಾಸಃ ಕ್ರಿಯತೇ ತಸ್ಮಾಚ್ಚ ವಚಾಂಸಿ ಭಾಷ್ಯನ್ತೇ|
14 ১৪ কাৰণ যি জনে প্ৰভু যীচুক তুলিলে তেৱেঁই যে যীচুৰ লগত আমাকো তুলিব আৰু তেওঁলোকে সৈতে আমাকো উপস্থিত কৰিব, সেই বিষয়ে আমি জানো।
ಪ್ರಭು ರ್ಯೀಶು ರ್ಯೇನೋತ್ಥಾಪಿತಃ ಸ ಯೀಶುನಾಸ್ಮಾನಪ್ಯುತ್ಥಾಪಯಿಷ್ಯತಿ ಯುಷ್ಮಾಭಿಃ ಸಾರ್ದ್ಧಂ ಸ್ವಸಮೀಪ ಉಪಸ್ಥಾಪಯಿಷ್ಯತಿ ಚ, ವಯಮ್ ಏತತ್ ಜಾನೀಮಃ|
15 ১৫ কিয়নো এইবোৰ আপোনালোকৰ কাৰণেহে হৈছে, যাতে অনেক লোকে ঈশ্বৰৰ মহিমাৰ অর্থে অনুগ্রহ পায় ধন্যবাদত উপচি পৰে।
ಅತಏವ ಯುಷ್ಮಾಕಂ ಹಿತಾಯ ಸರ್ವ್ವಮೇವ ಭವತಿ ತಸ್ಮಾದ್ ಬಹೂನಾಂ ಪ್ರಚುರಾನುಗ್ರಹಪ್ರಾಪ್ತೇ ರ್ಬಹುಲೋಕಾನಾಂ ಧನ್ಯವಾದೇನೇಶ್ವರಸ್ಯ ಮಹಿಮಾ ಸಮ್ಯಕ್ ಪ್ರಕಾಶಿಷ್ಯತೇ|
16 ১৬ এই কাৰণে আমি নিৰুৎসাহ নহওঁ; যদিও আমাৰ বাহ্যিক পুৰুষ বিনষ্ট হৈ আছে, তথাপি আমাৰ আন্তৰিক পুৰুষ দিনে দিনে নতুন হৈ উঠিছে।
ತತೋ ಹೇತೋ ರ್ವಯಂ ನ ಕ್ಲಾಮ್ಯಾಮಃ ಕಿನ್ತು ಬಾಹ್ಯಪುರುಷೋ ಯದ್ಯಪಿ ಕ್ಷೀಯತೇ ತಥಾಪ್ಯಾನ್ತರಿಕಃ ಪುರುಷೋ ದಿನೇ ದಿನೇ ನೂತನಾಯತೇ|
17 ১৭ আমাৰ এই দুখ-কষ্ট ক্ষন্তেকীয়া, এই ক্ষন্তেকীয়া লঘু ক্লেশে আমাৰ জীৱনলৈ আনিবলগীয়া শ্রেষ্ঠ শাশ্বত মহিমাৰ যি অনন্তকলীয়া প্রভাৱ, তাৰ লগত আমাৰ দুখ-কষ্টৰ কোনো তুলনাই নহয়। (aiōnios g166)
ಕ್ಷಣಮಾತ್ರಸ್ಥಾಯಿ ಯದೇತತ್ ಲಘಿಷ್ಠಂ ದುಃಖಂ ತದ್ ಅತಿಬಾಹುಲ್ಯೇನಾಸ್ಮಾಕಮ್ ಅನನ್ತಕಾಲಸ್ಥಾಯಿ ಗರಿಷ್ಠಸುಖಂ ಸಾಧಯತಿ, (aiōnios g166)
18 ১৮ এই কাৰণে দৃশ্য বস্তুলৈ নাচাই, অদৃশ্য বস্তুলৈ চাই থাকোঁহক৷ কাৰণ দৃশ্য বস্তু অলপদিনীয়া; কিন্তু অদৃশ্য বস্তু অনন্তকলীয়া। (aiōnios g166)
ಯತೋ ವಯಂ ಪ್ರತ್ಯಕ್ಷಾನ್ ವಿಷಯಾನ್ ಅನುದ್ದಿಶ್ಯಾಪ್ರತ್ಯಕ್ಷಾನ್ ಉದ್ದಿಶಾಮಃ| ಯತೋ ಹೇತೋಃ ಪ್ರತ್ಯಕ್ಷವಿಷಯಾಃ ಕ್ಷಣಮಾತ್ರಸ್ಥಾಯಿನಃ ಕಿನ್ತ್ವಪ್ರತ್ಯಕ್ಷಾ ಅನನ್ತಕಾಲಸ್ಥಾಯಿನಃ| (aiōnios g166)

< ২ কৰিন্থীয়া 4 >