< ২ কৰিন্থীয়া 13 >

1 তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
Hii ni mara yangu ya tatu kuja kwenu. “Kila tatizo litatatuliwa kwa ushahidi wa watu wawili au watatu,” yasema Maandiko.
2 আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”
Nilikwisha sema, na kama ilivyokuwa safari ya pili, sasa nasema tena nikiwa mbali: wale wote waliotenda uovu bila kutubu, na pia wale wengine, nitakapokuja, watakiona cha mtema kuni.
3 মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।
Mtajionea wenyewe kwamba Kristo anasema ndani yangu. Kwenu Kristo si dhaifu; bali nguvu yake yafanya kazi miongoni mwenu.
4 কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
Maana hata kama alisulubiwa kwa sababu ya udhaifu, lakini sasa anaishi kwa uwezo wa Mungu. Sisi pia tu dhaifu kwa kuungana naye lakini tutaishi naye kwa uwezo wa Mungu kwa ajili yenu.
5 আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Jichunguzeni ninyi wenyewe mpate kujua kama kweli mnayo imani. Jichunguzeni ninyi wenyewe. Je, hamjui kwamba Kristo Yesu yumo ndani yenu? Kama sivyo, basi ninyi mmeshindwa.
6 আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
Lakini natumaini kwamba ninyi mnajua kuwa sisi hatukushindwa.
7 এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
Tunamwomba Mungu msifanye uovu wowote, lakini si kusudi tuonekane kama watu waliokwisha faulu, bali mpate kutenda mema, hata kama sisi tunaonekana kuwa tumeshindwa.
8 কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
Maana hatuwezi kuupinga ukweli; uwezo tulio nao ni wa kuuendeleza ukweli.
9 কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ; আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ।
Tunafurahi kwamba sisi tu dhaifu, lakini ninyi mna nguvu; kwa hiyo tunaomba mpate kuwa wakamilifu.
10 ১০ এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
Basi, ninaandika barua hii nikiwa mbali, ili nitakapofika kwenu nisilazimike kuwa mkali kwenu kwa kutumia ule uwezo alionipa Bwana; naam, uwezo wa kujenga na si wa kubomoa.
11 ১১ শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
Kwa sasa, ndugu, kwaherini! Muwe na ukamilifu, shikeni mashauri yangu, muwe na nia moja; kaeni kwa amani. Naye Mungu wa mapendo na amani atakuwa pamoja nanyi.
12 ১২ পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰক।
Salimianeni kwa ishara ya upendo.
13 ১৩ সকলো পবিত্ৰ লোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
Watu wote wa Mungu huku wanawasalimuni.
14 ১৪ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।
Neema ya Bwana Yesu Kristo na upendo wa Mungu na umoja wa Roho Mtakatifu, viwe nanyi nyote.

< ২ কৰিন্থীয়া 13 >