< ২ কৰিন্থীয়া 13 >

1 তৃতীয় বাৰ ধৰি মই আপোনালোকৰ ওচৰলৈ আহি আছোঁ। দুই বা তিনি জন সাক্ষীৰ মুখেৰে সকলো কথা নিশ্চয় কৰা হ’ব।
Det er nu tredje Gang, jeg kommer til eder. Paa to og tre Vidners Mund skal enhver Sag staa fast.
2 আগেয়ে পাপ কৰা সকলক আৰু আন সকলোকে মই দ্বিতীয় বাৰ উপস্থিত হৈ কোৱাৰ দৰে, সেই বিষয়ে আকৌ কৈছোঁ: “যদি আকৌ আহো মই তেখেত সকলক ক্ষমা নকৰিম৷”
Jeg har sagt det forud og siger det forud, ligesom da jeg anden Gang var nærværende, saaledes ogsaa nu fraværende til dem, som forhen have syndet, og til alle de øvrige, at, om jeg kommer igen, vil jeg ikke skaane,
3 মই আপোনালোকক এই কথা কৈছোঁ, কিয়নো খ্ৰীষ্টে যে মোৰ দ্বাৰাই কথা কয় তাৰে প্ৰমাণ আপোনালোকে বিচাৰি আছে; তেওঁ আপোনালোকলৈ দূৰ্বল নহয় কিন্তু আপোনালোকৰ মাজত বলৱান।
efterdi I fordre Bevis paa, at Kristus taler i mig, han, som ikke er magtesløs over for eder, men er stærk iblandt eder.
4 কিয়নো দূৰ্বলতাৰ দ্বাৰাই তেওঁক ক্রুচত দিয়া হৈছিল কিন্তু ঈশ্বৰৰ শক্তিৰ দ্বাৰাই তেওঁ জীয়াই আছে। আমিও তেওঁত দুর্বল আছোঁ কিন্তু ঈশ্বৰৰ শক্তিৰ কাৰণে, আমি তেওঁৰে সৈতে আপোনালোকৰ লগত জীৱন-যাপন কৰিম।
Thi vel blev han korsfæstet i Magtesløshed, men han lever ved Guds Kraft; og ogsaa vi ere svage i ham, men vi skulle leve med ham ved Guds Kraft over for eder.
5 আপোনালোক বিশ্বাসত আছে নে নাই, সেই বিষয়ে জানিবলৈ নিজক পৰীক্ষা কৰি তাৰ প্ৰমাণ চাওক। যীচু খ্ৰীষ্ট যে আপোনালোকৰ অন্তৰত বাস কৰি থাকে সেই বিষয়ে আপোনালোকে অনুভৱ নকৰে নে? যদি নকৰে তেনেহলে আপোনালোক অপ্ৰমাণিক লোক।
Ransager eder selv, om I ere i Troen; prøver eder selv! Eller erkende I ikke om eder selv, at Jesus Kristus er i eder? ellers ere I udygtige.
6 আৰু মই সুনিশ্চিত যে, আপোনালোকে আমাক অপ্ৰমাণিক লোক বুলি গণিত নকৰিব৷
Men jeg haaber, at I skulle kende, at vi ere ikke udygtige.
7 এতিয়া আমি ঈশ্বৰৰ আগত এই প্ৰাৰ্থনা কৰোঁ, আপোনালোকে যাতে কোনো ধৰণৰ কুকৰ্ম নকৰে৷ আমি পৰীক্ষাসিদ্ধ বুলি প্ৰকাশিত হ’বলৈ নহয়, কিন্তু আমি অপ্ৰমাণিকৰ নিচিনা হ’লেও, আপোনালোকে যেন উচিত কৰ্ম কৰে।
Men vi bede til Gud om, at I intet ondt maa gøre; ikke for at vi maa vise os dygtige, men for at I maa gøre det gode, vi derimod staa som udygtige.
8 কিয়নো সত্যৰ বিপক্ষে আমাৰ একো শক্তি নাই কিন্তু সত্যৰ পক্ষে আছে।
Thi vi formaa ikke noget imod Sandheden, men for Sandheden.
9 কাৰণ যেতিয়া আমি দূৰ্বল কিন্তু আপোনালোক বলৱন্ত, তেতিয়া আমি আনন্দ কৰোঁ; আৰু আপোনালোকৰ সম্পূৰ্ণতাৰ কাৰণে প্ৰাৰ্থনাও কৰোঁ।
Thi vi glæde os, naar vi ere magtesløse, og I ere stærke; dette ønske vi ogsaa, at I maa blive fuldkommengjorte.
10 ১০ এই কাৰণে, বিনষ্ট কৰিবলৈ নহয় কিন্তু ধৰ্মত বৃদ্ধি কৰিবলৈ প্ৰভুৱে মোক যি ক্ষমতা দিলে, সেই ক্ষমতাৰ দৰে, মই উপস্থিত কালত যেন কঠিন ব্যৱহাৰ কৰিব নালাগিব, এই অভিপ্ৰায়েৰে অনুপস্থিত থাকোঁতে, এইবোৰ কথা লিখিছোঁ।
Derfor skriver jeg dette fraværende, for at jeg ikke nærværende skal bruge Strenghed, efter den Magt, som Herren har givet mig til Opbyggelse, og ikke til Nedbrydelse.
11 ১১ শেষতে, হে ভাই সকল, আপোনালোকে আনন্দ কৰক! সিদ্ধ হোৱা কর্ম কৰক, শান্ত্বনাযুক্ত হওক, একে মনৰ লোক হওক, মিলেৰে শান্তিত থাকক; তাতে প্ৰেম আৰু শান্তিৰ আঁকৰ ঈশ্বৰ আপোনালোকৰ লগত থাকিব।
I øvrigt, Brødre! glæder eder, bliver fuldkommengjorte, lader eder formane, værer enige, værer fredsommelige, og Kærlighedens og Fredens Gud skal være med eder.
12 ১২ পবিত্ৰ চুমাৰে পৰস্পৰে মঙ্গলবাদ কৰক।
Hilser hverandre med et helligt Kys!
13 ১৩ সকলো পবিত্ৰ লোকে আপোনালোকক মঙ্গলবাদ কৰিছে।
Alle de hellige hilse eder.
14 ১৪ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ, ঈশ্বৰৰ প্ৰেম আৰু পবিত্ৰ আত্মাৰ সহভাগিতা আপোনালোকৰ লগত থাকক।
Den Herres Jesu Kristi Naade og Guds Kærlighed og den Helligaands Samfund være med eder alle!

< ২ কৰিন্থীয়া 13 >