< ২ কৰিন্থীয়া 12 >

1 মই গৌৰৱ কৰিব পাৰোঁ যদিও ই হিতজনক নহয়; কিন্তু নানা দৰ্শন আৰু প্ৰভুৰ প্ৰকাশিত বিষয়ৰ কথা ক’ম।
To boast indeed does not become me: but I will come to visions and revelations of the Lord.
2 খ্ৰীষ্টত আশ্ৰয় লোৱা এনে এজন মানুহক মই জানো, যি জনে চৌদ্ধ বছৰৰ আগেয়ে, শাৰীৰিক ৰূপে নে নিঃশৰীৰেৰে সেই বিষয়ে মই নাজানো, ঈশ্বৰেহে জানে, - তেখেতক তৃতীয় স্বৰ্গলৈ নিয়া হৈছিল।
I knew a man in Christ above fourteen years ago (whether in the body, or out of the body, I know not, God knoweth) such a one caught up to the third heaven.
3 আৰু এনে এজন মানুহক মই জানো, সশৰীৰেৰে নে বিনাশৰীৰেৰে সেয়ে মই নাজানো, ঈশ্বৰে জানে, -
And I know such a man (whether then in the body, or out of the body,
4 তেখেতক পৰমদেশলৈ নিয়া হৈছিল, তাতে তেওঁ অনিৰ্ব্বচনীয় আৰু মানুহে ক’ব নোপোৱা কথা শুনিবলৈ পাইছিল।
I know not, God knoweth) that he was caught up into paradise, and heard unutterable words, which it is not permitted unto man to speak.
5 তেনেকুৱা জনৰ অৰ্থে মই গৌৰৱ কৰিম; কিন্তু নানা দূৰ্ব্বলতাৰ বাহিৰে, মোৰ নিজৰ অৰ্থে আন একো কথাত গৌৰৱ নকৰোঁ।
Of such a one I will boast; but of myself I will not boast, unless in my infirmities.
6 কাৰণ যদিও গৌৰৱ কৰিবলৈ ইচ্ছা কৰোঁ, তথাপি মই অজ্ঞান নহ’ম; কিয়নো মই সঁচা ক’ম; আৰু গৌৰৱ কৰাৰ পৰা আতৰত থাকিম, যাতে কোনেও মোক শ্ৰেষ্ঠ বুলি জ্ঞান নকৰে; কিন্তু মোক যি দৰে দেখে বা যি দৰে মোৰ কথা শুনে, সেইদৰেহে মোক জ্ঞান কৰক৷
For though I should incline to boast, I shall not be a fool; for I should speak truth. But I forbear least any one should think of me above what he seeth me to be, or heareth from me.
7 আৰু সেই প্ৰকাশিত বিষয়ৰ অনুপমতাত মই যেন অতিশয় দৰ্প নকৰোঁ৷ সেই কাৰণে মোৰ শৰীৰত এটা কাঁইট, অৰ্থাৎ, মোক ভূকূৱাবলৈ চয়তানৰ এক দূত দিয়া হ’ল; যাতে মই অধিক গর্বিত হৈ নপৰো৷
And least I should be too much lifted up with the abundance of the revelations, there was given me a thorn in the flesh, a messenger of Satan to buffet me, least I should be too much elevated.
8 সি মোৰ পৰা যেন দূৰ হয় সেই বিষয়ে মই প্ৰভুৰ আগত তিনি বাৰ নিবেদন কৰিলোঁ।
For this I besought the Lord thrice, that it might depart from me.
9 তাতে তেওঁ মোক ক’লে, ‘মোৰ যি অনুগ্ৰহ, সেয়ে তোমাৰ বাবে জুৰিব; কিয়নো দূৰ্ব্বলতাত মোৰ শক্তি সিদ্ধ হয়’; সেই বাবে মই মহা-আনন্দেৰে মোৰ নানা দূৰ্ব্বলতাত গৌৰৱহে কৰিম, কিয়নো তাতে খ্ৰীষ্টৰ শক্তি মোৰ ওপৰত বাস কৰে৷
And He said unto me, "My grace is sufficient for thee: for my power is manifested in thy weakness." With the greatest pleasure therefore will I glory in my infirmities, that the power of Christ may rest upon me.
10 ১০ এই হেতুকে খ্ৰীষ্টৰ কাৰণে মই দূৰ্ব্বলতা, অপমান, দৰিদ্ৰতা, তাড়না, সঙ্কট, এইবোৰত সন্তুষ্ট হওঁ; কিয়নো যেতিয়া মই দূৰ্বল, তেতিয়াই বলৱান।
And therefore I take pleasure in infirmities, in reproaches, in necessities, in persecutions, and in straits for the sake of Christ: for when I am thus weak, then am I made strong.
11 ১১ মই নির্বোধ হ’লো! এনে হবলৈ আপোনালোকে মোক অগত্যা কৰিলে, কিয়নো আপোনালোকৰ দ্বাৰাই মই প্ৰশংসিতহে হব লাগিছিল; কিয়নো মই একো নহলেও, ‘অতি প্ৰধান পাঁচনি’ সকলতকৈ অলপো নিকৃষ্ট নাছিলো৷
Am I become vain in boasting? ye have forced me to it: for I ought to have been recommended by you, as I have in nothing fallen short of the very chiefest of the apostles, though in myself I am nothing.
12 ১২ আপোনালোকৰ মাজত সকলো ধৈৰ্য, আচৰিত চিন, অদ্ভুত লক্ষণ আৰু পৰাক্ৰম কাৰ্যৰ দ্বাৰাই পাঁচনিৰ চিনবোৰ প্ৰকাশিত হৈছিল।
The marks indeed of an apostle have been shewn among you with all patience, by signs, and wonders, and miracles.
13 ১৩ মই যে নিজে আপোনালোকৰ ভাৰস্বৰূপ হোৱা নাই, এই বিষয়ত বাহিৰে আপোনালোকে আনকি কথাত অন্য মণ্ডলীতকৈ নিকৃষ্ট হ’ল? মোৰ এই অপৰাধটো ক্ষমা কৰক।
For what is it that ye were inferior in to the rest of the churches, unless it be that I myself was not burdensome to you?--- Forgive me this injury.
14 ১৪ চাওক! তৃতীয় বাৰ মই আপোনালোকৰ ওচৰলৈ যাবলৈ যুগুত হৈছোঁ আৰু এইবাৰো ভাৰস্বৰূপ নহ’ম, কিয়নো আপোনালোকৰ সম্পত্তি নহয়, আপোনালোককহে বিচাৰো; কাৰণ মাক-বাপেকৰ কাৰণে সন্ত্বানে সাঁচিব লগা নহয়, সন্ত্বানৰ কাৰণেহে মাক-বাপেকে সাঁচিব লগা হয়।
Behold, the third time I am ready to come to you, and I will not be burdensome to you: for I seek not your substance, but your selves. For children are not expected to lay up for the parents, but the parents for the children.
15 ১৫ সেইদৰে ময়ো আপোনালোকৰ প্ৰাণৰ কাৰণে আনন্দেৰে ব্যয় কৰিম আৰু ব্যয় কৰাও হ’ম। যদি মই আপোনালোকক অধিক প্ৰেম কৰোঁ, তেনেহলে মোক আপোনালোকে কমকৈ প্ৰেম কৰিব নে?
And I will with the greatest pleasure spend and be spent for your souls; even though the more I love you, the less I should be loved.
16 ১৬ কিন্তু যি দৰে মই আপোনালোকক ভাৰ দিয়া নাছিলো কিন্তু চতুৰ হৈ ছলেৰে আপোনালোকক ধৰিলো,
Be it so, that I did not burden you myself, yet, may some say, being crafty I over-reached you by subtilty.
17 ১৭ তেনেদৰে আপোনালোকৰ ওচৰলৈ যি সকলক পঠালোঁ, তেখেত সকলৰ কোনো এজনৰ দ্বাৰা মই আপোনালোকক ফুচুলাইছিলো নে?
But did I make a gain of you by any of those whom I sent to you?
18 ১৮ আপোনালোকৰ ওচৰলৈ যাবলৈ তীতক উৎসাহিত কৰি, তেওঁৰ লগত সেই ভাইকো পঠিয়াইছিলো। তাতে তীতে আপোনালোকক ফুচুলাইছিল নে? আমি দুয়ো একে বাটেৰে চলা নাই জানো? আমি একে খোজ লোৱা নাই নে?
I desired Titus to come to you, and with him I sent a brother: did Titus make a gain of you? did we not walk in the same spirit? did we not tread in the same steps?
19 ১৯ আপোনালোকে ইমান সময়ে, আমি নিজকে নিৰ্দ্দোষী দেখুৱাবলৈ যত্ন কৰিছোঁ বুলি ভাবিছে নে? আমি ঈশ্বৰৰ দৃষ্টিত থাকি খ্ৰীষ্টত কৈ আছোঁ; আৰু হে প্ৰিয় সকল, আপোনালোক ধৰ্মত বৃদ্ধি হ’বলৈহে এইবোৰ কথা কৈছোঁ।
Do ye then think that we are making apologies to you? No, we speak before God in Christ: and all, my beloved, for your edification.
20 ২০ কিয়নো মোৰ ভয় আছে যে, মই আপোনালোকৰ ওচৰলৈ যোৱা সময়ত আপোনালোকক যি ৰূপত দেখিবলৈ ইচ্ছা নকৰোঁ, কিজানি সেইৰূপত দেখিম আৰু আপোনালোকে মোক যিৰূপে দেখিবলৈ ইচ্ছা নকৰে, মোক সেইৰূপত দেখে; তাতে কিজানি আপোনালোকৰ মাজত বাদ-বিবাদ, ঈৰ্ষা, খং-ৰাগ, বিৰোধ, পৰচৰ্চা, দৰ্প, হুৰামুৰা, এই সকলো ঘটিব;
For I am afraid least when I come, I should not find you such as I could wish, and I should be found to you such as ye would not: least there should be contentions, emulations, animosities, strifes, thwartings, whisperings, swellings, tumults: and least,
21 ২১ তাতে পুনৰ আহিলে, মোৰ ঈশ্বৰে আপোনালোকৰ আগত মোক সৰু কৰিব; আৰু মই সেই অনেক লোকৰ কাৰণে শোক কৰিব লাগিব৷ কাৰণ যি সকলে আগেয়ে পাপ কৰিছিল, তেওঁলোকে সেই অশুচি কাৰ্যবোৰৰ পৰা মন-পালটন নকৰি, ব্যভিচাৰ আৰু লম্পট আচৰণত যেনেদৰে চলি আছিল, তেনেদৰে চলি থাকিল৷
when I come again, my God should humble me among you, and I should be grieved for many of those who have sinned heretofore, and have not repented of the impurity, and fornication, and lewdness which they have practised.

< ২ কৰিন্থীয়া 12 >