< ২ বংশাবলি 1 >

1 দায়ুদৰ পুত্ৰ চলোমনে তেওঁৰ ৰাজ্যত নিজকে বলৱান কৰিলে; আৰু তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁৰ লগত থাকি, তেওঁক অতিশয় প্ৰভাৱশালী কৰিলে।
Y Salomón, hijo de David, fue confirmado en su reino, y Jehová su Dios fue con él, y le magnificó grandemente.
2 পাছত চলোমনে গোটেই ইস্ৰায়েলৰ সহস্ৰপতি, শতপতি, বিচাৰকৰ্তাসকলক আৰু সমূহ ইস্ৰায়েলৰ মাজত থকা প্ৰতিজন মূখ্যলোকৰ সৈতে কথা ক’লে।
Y mandó Salomón a todo Israel, tribunos, centuriones, y jueces, y a todos los príncipes de todo Israel, cabezas de familias.
3 পাছত চলোমন আৰু তেওঁৰ লগত থকা গোটেই সমাজ গিবিয়োনৰ ওখ ঠাইখনলৈ গ’ল; কিয়নো যিহোৱাৰ দাস মোচিয়ে মৰুপ্ৰান্তত নিৰ্ম্মাণ কৰা ঈশ্বৰীয় সাক্ষাৎ কৰা তম্বু সেই ঠাইতে আছিল।
Y fue Salomón, y con él toda la congregación al alto que estaba en Gabaón; porque allí estaba el tabernáculo del testimonio de Dios, que había hecho Moisés siervo de Jehová en el desierto.
4 কিন্তু দায়ুদে কিৰিয়ৎ-যিয়াৰীমৰ পৰা যিহোৱাৰ সেই নিয়ম-চন্দুক সেই ঠাইলৈ আনিছিল যি ঠাই তাৰ বাবে যুগুত কৰি থোৱা হৈছিল, কিয়নো তেওঁ তাৰ কাৰণে যিৰূচালেমত এটা তম্বু তৰি ৰাখিছিল।
Y David había traído el arca de Dios de Cariat-jarim al lugar que él le había aparejado; porque él le había tendido una tienda en Jerusalem.
5 আৰু হূৰৰ নাতিয়েক ঊৰীৰ পুত্ৰ বচলেলে নিৰ্ম্মাণ কৰা পিতলৰ যজ্ঞবেদীটো গিবিয়োনত যিহোৱাৰ আবাসৰ আগত আছিল; তাৰ ওচৰলৈকে চলোমন আৰু সমাজে সঘনে কথা সুধিবলৈ যায়।
Asimismo el altar de metal que había hecho Beseleel, hijo de Urí, hijo de Jur, estaba allí delante del tabernáculo de Jehová, al cual Salomón y la congregación iban a consultar.
6 পাছত চলোমনে তালৈ উঠি গৈ, সাক্ষাৎ কৰা তম্বুৰ ওচৰত থকা পিতলৰ যজ্ঞবেদীটোৰ ওপৰত যিহোৱাৰ আগত এক হাজাৰ হোম-বলি উৎসৰ্গ কৰিলে।
Y subió Salomón allá delante de Jehová al altar de metal, que estaba en el tabernáculo del testimonio, y sacrificó sobre él mil holocaustos.
7 সেই ৰাতিয়েই ঈশ্বৰে চলোমনক দৰ্শন দি ক’লে, “মই তোমাক কি বৰ দিম, তাক খোজা?”
Y aquella noche apareció Dios a Salomón, y díjole: Demanda lo que quisieres que yo te dé.
8 তাতে চলোমনে ঈশ্বৰক ক’লে, “তুমি মোৰ পিতৃ দায়ূদক মহা অনুগ্ৰহ কৰিলা, আনকি তেওঁৰ পদত মোক ৰজা পাতিলা।
Y Salomón dijo a Dios: Tú has hecho con David mi padre grande misericordia, y a mí me has puesto por rey en lugar suyo.
9 এতিয়া হে ঈশ্বৰ যিহোৱা, তুমি মোৰ পিতৃ দায়ূদৰ আগত কোৱা বাক্য সিদ্ধ হওঁক, কিয়নো তুমি মাটিৰ ধূলিৰ নিচিনা অসংখ্য লোক সকলৰ ওপৰত মোক ৰজা পাতিলা৷
Sea pues ahora firme, oh Jehová Dios, tu palabra con David mi padre: porque tú me has puesto por rey sobre mucho pueblo, como el polvo de la tierra.
10 ১০ এতিয়া মই যেন এই লোকসকলক চলাব পাৰোঁ, এই কাৰণে তুমি মোক বুদ্ধি আৰু জ্ঞান দিয়া; কিয়নো তোমাৰ এই মহা জাতিৰ বিচাৰ কৰা কাৰ সাধ্য?”
Dáme pues ahora sabiduría y ciencia, para que pueda salir y entrar delante de este pueblo: porque ¿quién podrá juzgar este tu pueblo tan grande?
11 ১১ তেতিয়া ঈশ্বৰে চলোমনক ক’লে, “এয়ে তোমাৰ মনত হৈছে, যে, তুমি কি ঐশ্বৰ্য্য, কি সম্পত্তি, কি মৰ্য্যদা, যিসকলে তোমাক ঘিণ কৰে, তেওঁলোকৰ প্ৰাণ নুখুজিলা আৰু দীৰ্ঘায়ুও নুখুজিলা, কিন্তু মই যাৰ ওপৰত তোমাক ৰজা পাতিলোঁ, মোৰ এই প্ৰজাসকলক শাসন কৰিবৰ অৰ্থে বুদ্ধি আৰু জ্ঞান খুজিলা।
Y dijo Dios a Salomón: Por cuanto esto fue en tu corazón, que no pediste riquezas, hacienda, o gloria, ni la muerte de los que te quieren mal, ni pediste muchos días de vida; mas pediste para ti sabiduría y ciencia, para juzgar mi pueblo, sobre el cual te he puesto por rey:
12 ১২ এই হেতুকে সেই বুদ্ধি আৰু জ্ঞান তোমাক দিয়া হৈছে; আৰু তোমাৰ পূৰ্বতে কোনো ৰজাৰ যেনে ধন, ঐশ্বৰ্য্য আৰু সন্মান হোৱা নাই আৰু তোমাৰ পাছতো নহ’ব, তেনে ধন, ঐশ্বৰ্য্য, আৰু সন্মানো মই তোমাক দিম।”
Sabiduría y ciencia te es dada, y también te daré riquezas, hacienda, y gloria, cuanto nunca hubo en los reyes que han sido antes de ti, ni después de ti habrá tal.
13 ১৩ পাছে চলোমনে গিবিয়োনৰ ওখ ঠাইত থকা সাক্ষাৎ কৰা তম্বুৰ আগৰ পৰা যিৰূচালেমলৈ আহিল আৰু ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰি থাকিল।
Y volvió Salomón del alto que estaba en Gabaón de delante del tabernáculo del testimonio a Jerusalem: y reinó sobre Israel.
14 ১৪ পাছে চলোমনে ৰথ আৰু অশ্বাৰোহী লোকসকলক গোটালে: তেওঁৰ এক হাজাৰ চাৰিশ ৰথ আৰু বাৰ হাজাৰ অশ্বাৰোহী আছিল; তেওঁ সিহঁতক নানা ৰথ-নগৰত আৰু আনকি ৰজাৰ লগত যিৰূচালেমতো ৰাখিলে।
Y juntó Salomón carros y gente de a caballo, y tuvo mil y cuatrocientos carros, y doce mil caballeros, los cuales puso en las ciudades de los carros, y con el rey en Jerusalem.
15 ১৫ ৰজাই যিৰূচালেমত ৰূপ আৰু সোণক শিলৰ নিচিনা আৰু এৰচ কাঠক নিম্ন-ভূমিত থকা ডিমৰু গছৰ নিচিনা অধিক কৰিলে।
Y puso el rey plata y oro en Jerusalem como piedras, y cedros como cabrahígos que nacen en los campos en abundancia.
16 ১৬ আৰু চলোমনৰ যি ঘোঁৰাবোৰ আছিল, সেই ঘোঁৰাবোৰ মিচৰৰ পৰা অনা; আৰু সেই ঘোঁৰাবোৰ ৰজা-ঘৰীয়া বেপাৰীহঁতে মূল্য দি জাকে জাকে আনে।
Y sacaban caballos y lienzos finos de Egipto para Salomón: porque la compañía de los mercaderes del rey compraban caballos y lienzos.
17 ১৭ আৰু মিচৰৰ পৰা কিনি অনা এখন এখন ৰথৰ দাম ছশ চেকল ৰূপ আৰু এটা এটা ঘোঁৰাৰ দাম এশ পঞ্চাশ চেকল ৰূপ। এইদৰে তেওঁলোকৰ দ্বাৰাই হিত্তীয়া আৰু অৰামীয়া সকলো ৰজাৰ কাৰণেও সেইবোৰ অনা হয়।
Y subían, y sacaban de Egipto un carro por seiscientas piezas de plata, y un caballo por ciento y cincuenta: y así los sacaban todos los reyes de los Jetteos, y los reyes de Siria por mano de ellos.

< ২ বংশাবলি 1 >