< ২ বংশাবলি 35 >

1 পাছত যোচিয়াই যিৰূচালেমত যিহোৱাৰ উদ্দেশ্যে নিস্তাৰ-পৰ্ব্ব পালন কৰিলে; আৰু লোকসকলে প্ৰথম মাহৰ চতুৰ্দ্দশ দিনত নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিলে।
ויעש יאשיהו בירושלם פסח ליהוה וישחטו הפסח בארבעה עשר לחדש הראשון׃
2 তেওঁ পুৰোহিত সকলক তেওঁলোকৰ নিজ নিজ কৰিব লগীয়া কামত লগালে আৰু যিহোৱাৰ গৃহৰ সেৱকীয়া কাম কৰিবলৈ তেওঁলোকক আস্বাস দিলে।
ויעמד הכהנים על משמרותם ויחזקם לעבודת בית יהוה׃
3 আৰু যি লেবীয়াসকল গোটেই ইস্ৰায়েলৰ শিক্ষক আৰু যিহোৱাৰ উদ্দেশ্যে পবিত্ৰ লোক আছিল, তেওঁলোকক তেওঁ ক’লে, “ইস্ৰায়েলৰ ৰজা দায়ূদৰ পুত্ৰ চলোমনে নিৰ্ম্মাণ কৰা গৃহত তোমালোকে পবিত্ৰ চন্দুকটো ৰাখা৷ তোমালোকে নিজৰ কান্ধত আৰু ইয়াক চাৰিওঁফালে ভাৰ বৈ থাকিব নালাগিব৷ এতিয়া তোমালোকে তোমালোকৰ ঈশ্বৰ যিহোৱাৰ স্তুতি আৰাধনা কৰা আৰু তেওঁৰ প্ৰজা ইস্ৰায়েল লোকসকলৰ সেৱা কৰা।
ויאמר ללוים המבונים לכל ישראל הקדושים ליהוה תנו את ארון הקדש בבית אשר בנה שלמה בן דויד מלך ישראל אין לכם משא בכתף עתה עבדו את יהוה אלהיכם ואת עמו ישראל׃
4 আৰু তোমালোকে নিজ নিজ পিতৃ-বংশ অনুসাৰে, ইস্ৰায়েলৰ ৰজা দায়ূদে লিখা আৰু তেওঁৰ পুত্ৰ চলোমনে লিখাৰ দৰে পালক্ৰমে নিজক সংগঠিত কৰা।
והכונו לבית אבותיכם כמחלקותיכם בכתב דויד מלך ישראל ובמכתב שלמה בנו׃
5 আৰু তোমালোকৰ ভাই প্ৰজাসকলৰ পিতৃ-বংশৰ অংশ অনুসাৰে তোমালোক পবিত্ৰ স্থানত থিয় হোৱা; লোকসকলৰ প্ৰত্যেক অংশৰ বাবে লেবীয়াসকলৰ পিতৃ-বংশৰ এক এক অংশ হ’ব।
ועמדו בקדש לפלגות בית האבות לאחיכם בני העם וחלקת בית אב ללוים׃
6 তোমালোকে নিস্তাৰ-পৰ্ব্বৰ ভেড়া বলি দিয়া আৰু নিজক শুচি কৰা৷ মোচিৰ দ্বাৰাই কোৱা যিহোৱাৰ বাক্য অনুসাৰে কাৰ্য কৰিবলৈ নিজৰ ভাইসকলৰ বাবে আয়োজন কৰা।”
ושחטו הפסח והתקדשו והכינו לאחיכם לעשות כדבר יהוה ביד משה׃
7 যোচিয়াই উপস্থিত হোৱা প্ৰজাসকলৰ সকলোকে কেৱল নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে জাকৰ পৰা লেখৰ ত্ৰিশ হাজাৰ ভেড়া আৰু ছাগলী পোৱালি দিলে৷ আৰু তাৰ বাহিৰে তিনি হাজাৰ ভতৰা দিলে; এই সকলোকে ৰজাৰ সম্পত্তিৰ পৰা দিয়া হ’ল।
וירם יאשיהו לבני העם צאן כבשים ובני עזים הכל לפסחים לכל הנמצא למספר שלשים אלף ובקר שלשת אלפים אלה מרכוש המלך׃
8 আৰু তেওঁৰ প্ৰধান লোকসকলে ইচ্ছা মনেৰে লোকসকলক, পুৰোহিতসকলক আৰু লেবীয়াসকলক উৎসৰ্গ কৰিবৰ অৰ্থে পশু দান কৰিলে, বিশেষকৈ হিল্কিয়া, জখৰিয়া আৰু যিহীয়েল, ঈশ্বৰৰ গৃহৰ এই অধ্যক্ষ কেইজনে পুৰোহিতসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে দুই হাজাৰ ছশ ভেড়া ও ছাগলী পোৱালি আৰু তিনিশ ষাঁড় দিলে।
ושריו לנדבה לעם לכהנים וללוים הרימו חלקיה וזכריהו ויחיאל נגידי בית האלהים לכהנים נתנו לפסחים אלפים ושש מאות ובקר שלש מאות׃
9 আৰু লেবীয়াসকলৰ অধ্যক্ষ কননিয়া আৰু তেওঁৰ দুজন ভায়েক চময়িয়া আৰু নথনেল আৰু হচবিয়া, যিয়ীয়েল অাৰু যোজাবদ, তেওঁলোকে লেবীয়াসকলক নিস্তাৰ-পৰ্ব্বৰ বলিদানৰ অৰ্থে পাঁচ হাজাৰ ভেড়া ও ছাগলী পোৱালি আৰু পাঁচশ ভতৰা দিলে।
וכונניהו ושמעיהו ונתנאל אחיו וחשביהו ויעיאל ויוזבד שרי הלוים הרימו ללוים לפסחים חמשת אלפים ובקר חמש מאות׃
10 ১০ এইদৰে সেৱকীয়া কাৰ্যৰ ঠিক ঠাক হোৱাত, ৰজাৰ আজ্ঞা অনুসাৰে পুৰোহিতসকল নিজ নিজ ঠাইত আৰু লেবীয়াসকল নিজ নিজ পাল অনুসাৰে থিয় হ’ল।
ותכון העבודה ויעמדו הכהנים על עמדם והלוים על מחלקותם כמצות המלך׃
11 ১১ পাছত নিস্তাৰ-পৰ্ব্বৰ আটাই বলি দিয়া হ’ল, পুৰোহিতসকলে তেওঁলোকৰ হাতৰ পৰা তেজ লৈ ছটিয়ালে আৰু লেবীয়াসকলে পশুবোৰৰ ছাল বখলিয়ালে।
וישחטו הפסח ויזרקו הכהנים מידם והלוים מפשיטים׃
12 ১২ মোচিৰ পুস্তকত লিখাৰ দৰে, যিহোৱাৰ উদ্দেশ্যে উৎসৰ্গ কৰিবৰ অৰ্থে তেওঁলোকে প্ৰজাসকলৰ পিতৃ-বংশবোৰৰ অংশ অনুসাৰে সকলোকে দিবৰ কাৰণে, দগ্ধ কৰিবলগীয়া ভাগ এৰুৱাই ল’লে আৰু ষাঁড়বোৰকো সেই একে দৰেই কৰিলে।
ויסירו העלה לתתם למפלגות לבית אבות לבני העם להקריב ליהוה ככתוב בספר משה וכן לבקר׃
13 ১৩ পাছত তেওঁলোকে বিধিমতে নিস্তাৰ-পৰ্ব্বৰ বলি খৰিকাত লগাই জুইত দিলে৷ কিন্তু পবিত্ৰীকৃত হিচাপে আন পশুৰ মাংস কেৰাহীত, টৌত আৰু জকাত সিজালে আৰু সকলো লোকক লৰালৰিকৈ বাঁটি দিলে।
ויבשלו הפסח באש כמשפט והקדשים בשלו בסירות ובדודים ובצלחות ויריצו לכל בני העם׃
14 ১৪ পাছত তেওঁলোকে তেওঁলোকৰ বাবে আৰু পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে; কিয়নো হাৰোণৰ সন্তান পুৰোহিতসকলে হোম-বলিৰ তেজাল অংশ পোৰোঁতে ৰাতিলৈকে লাগি থাকিব লগীয়া হৈছিল৷ এইদৰে লেবীয়াসকলে নিজৰ আৰু হাৰোণৰ সন্তান পুৰোহিতসকলৰ বাবে আয়োজন কৰিলে।
ואחר הכינו להם ולכהנים כי הכהנים בני אהרן בהעלות העולה והחלבים עד לילה והלוים הכינו להם ולכהנים בני אהרן׃
15 ১৫ আৰু দায়ুদ, আচফ, হেমন আৰু ৰজাৰ দৰ্শক যিদূথূনে আজ্ঞা কৰাৰ দৰে আচফৰ সন্তান গায়ক সকল নিজ নিজ ঠাইত আছিল আৰু দুৱৰীসকল প্ৰত্যেক দুৱাৰত আছিল; নিজ নিজ কাম এৰি যাবলৈ তেওঁলোকৰ প্ৰয়োজন নহ’ল, কিয়নো তেওঁলোকৰ লেবীয়া ভাইসকলে তেওঁলোকৰ বাবে আয়োজন কৰিছিল।
והמשררים בני אסף על מעמדם כמצות דויד ואסף והימן וידתון חוזה המלך והשערים לשער ושער אין להם לסור מעל עבדתם כי אחיהם הלוים הכינו להם׃
16 ১৬ এইদৰে ৰজা যোচিয়াৰ আজ্ঞা অনুসাৰে নিস্তাৰ-পৰ্ব্ব পালন কৰিবলৈ আৰু যিহোৱাৰ যজ্ঞবেদীৰ ওপৰত হোম ৰাখিবলৈ যিহোৱাৰ সকলো সেৱকীয়া কাম সেই দিনাই পৰিপাটিকৈ কৰা হ’ল।
ותכון כל עבודת יהוה ביום ההוא לעשות הפסח והעלות עלות על מזבח יהוה כמצות המלך יאשיהו׃
17 ১৭ এই কাৰণে উপস্থিত থকা ইস্ৰায়েলৰ সন্তান সকলে সেই সময়ত নিস্তাৰ-পৰ্ব্ব কৰিলে আৰু তাৰ পাছত সাত দিনলৈকে খমীৰ নিদিয়া পিঠাৰ উৎসৱ পালন কৰিলে।
ויעשו בני ישראל הנמצאים את הפסח בעת ההיא ואת חג המצות שבעת ימים׃
18 ১৮ চমূৱেল ভাববাদীৰ দিনৰে পৰা ইস্ৰায়েলত এনে ধৰণৰ নিস্তাৰ-পৰ্ব্ব কেতিয়াও পালন কৰা নাছিল; আনকি যোচিয়া, পুৰোহিসকল, লেবীয়াসকল, উপস্থিত হোৱা গোটেই যিহূদা আৰু ইস্ৰায়েলৰ লোকসকল আৰু যিৰূচালেম-নিবাসীসকলে যেনেকৈ নিস্তাৰ-পৰ্ব্ব পালন কৰিছিল, ইস্ৰায়েলৰ কোনো ৰজাই তেনেকৈ পালন কৰা নাছিল।
ולא נעשה פסח כמהו בישראל מימי שמואל הנביא וכל מלכי ישראל לא עשו כפסח אשר עשה יאשיהו והכהנים והלוים וכל יהודה וישראל הנמצא ויושבי ירושלם׃
19 ১৯ যোচিয়াৰ ৰাজত্বৰ অষ্টাদশ বছৰলৈকে এই নিস্তাৰ-পৰ্ব্ব পালন কৰা হ’ল।
בשמונה עשרה שנה למלכות יאשיהו נעשה הפסח הזה׃
20 ২০ এই সকলোৰে পাছত যোচিয়াই মন্দিৰৰ শৃংখলা আনি ঠিক কৰাত, মিচৰৰ ৰজা নখোৱে ফৰাৎ নদীৰ ওচৰত থকা কৰ্কমীচত যুদ্ধ কৰিবলৈ আহিল, আৰু যোচিয়াই তেওঁৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যাত্ৰা কৰিলে।
אחרי כל זאת אשר הכין יאשיהו את הבית עלה נכו מלך מצרים להלחם בכרכמיש על פרת ויצא לקראתו יאשיהו׃
21 ২১ কিন্তু নখোৱে তেওঁৰ দূত পঠিয়াই কৈ পঠিয়ালে, বোলে, “হে যিহূদাৰ ৰজা, তোমাৰ লগত মোৰ কি সম্পৰ্ক আছে? মই আজি তোমাৰ বিৰুদ্ধে অহা নাই; কিন্তু যি বংশৰ লগত মোৰ ৰণ হ’ব, তেওঁলোকৰ বিৰুদ্ধে আহিছোঁ৷ আৰু ঈশ্বৰে মোক ইয়াক বেগাই কৰিবলৈ আজ্ঞা দিলে, মোৰ লগত থকা ঈশ্বৰে তোমাক বিনষ্ট নকৰিবৰ বাবে, তেওঁলৈ হস্তক্ষেপ কৰাৰ পৰা তুমি ক্ষান্ত হোৱা।”
וישלח אליו מלאכים לאמר מה לי ולך מלך יהודה לא עליך אתה היום כי אל בית מלחמתי ואלהים אמר לבהלני חדל לך מאלהים אשר עמי ואל ישחיתך׃
22 ২২ তথাপি যোচিয়াই তেওঁৰ পৰা বিমুখ হ’বলৈ অমান্তি হ’ল৷ তেওঁৰ লগত যুদ্ধ কৰিবলৈ তেওঁ ছদ্মবেশ ধৰিলে৷ ঈশ্বৰৰ মুখৰ পৰা ওলোৱা যি বাক্য নখোৱে কৈছিল, সেই কথা তেওঁ নুশুনিলে; সেই কাৰণে তেওঁ মগিদ্দোৰ উপত্যকাত যুদ্ধ কৰিবলৈ গ’ল।
ולא הסב יאשיהו פניו ממנו כי להלחם בו התחפש ולא שמע אל דברי נכו מפי אלהים ויבא להלחם בבקעת מגדו׃
23 ২৩ তাতে ধনুৰ্দ্ধৰসকলে ৰজা যোচিয়ালৈ কাঁড় মাৰি আঘাত কৰিলে, তেতিয়া ৰজাই তেওঁৰ দাসবোৰক ক’লে, “মোক আঁতৰাই নিয়া; কিয়নো মই বেয়াকৈ আঘতপ্ৰাপ্ত হলোঁ।”
וירו הירים למלך יאשיהו ויאמר המלך לעבדיו העבירוני כי החליתי מאד׃
24 ২৪ তেতিয়া তেওঁৰ দাসবোৰে ৰথৰ পৰা তেওঁক উলিয়াই তেওঁৰ ওপৰেঞ্চি ৰথ এটাত তুলি দিলে৷ তেওঁলোকে তেওঁক যিৰূচালেমলৈ আনিলে, য’ত তেওঁৰ মৃত্যু হ’ল৷ তেওঁৰ ওপৰ-পিতৃসকলৰ মৈদামবোৰত তেওঁক মৈদাম দিয়া হ’ল। পাছত সমুদায় যিহূদা আৰু যিৰূচালেমে যোচিয়াৰ কাৰণে শোক কৰিলে।
ויעבירהו עבדיו מן המרכבה וירכיבהו על רכב המשנה אשר לו ויוליכהו ירושלם וימת ויקבר בקברות אבתיו וכל יהודה וירושלם מתאבלים על יאשיהו׃
25 ২৫ আৰু যিৰিমিয়াই যোচিয়াৰ বাবে বিলাপ কৰিলে; তাতে সকলো গায়ক আৰু গায়িকাই নিজ নিজ বিলাপত যোচিয়াৰ বিষয়ে গান কৰে, আজিলৈকে সেই গান চলি আছে৷ তেওঁলোকে তাকে ইস্ৰায়েলত দৈনন্দিন পালন কৰিবলগীয়া এক নিয়ম কৰিলে; আৰু চোৱা, সেয়ে বিলাপ-পুস্তকখনত লিখা আছে।
ויקונן ירמיהו על יאשיהו ויאמרו כל השרים והשרות בקינותיהם על יאשיהו עד היום ויתנום לחק על ישראל והנם כתובים על הקינות׃
26 ২৬ যোচিয়াৰ অৱশিষ্ট বৃত্তান্ত, যিহোৱাৰ ব্যৱস্থাত লিখামতে কৰা তেওঁৰ উত্তম কাৰ্যবোৰ
ויתר דברי יאשיהו וחסדיו ככתוב בתורת יהוה׃
27 ২৭ আৰু তেওঁৰ আদ্যোপান্ত বিৱৰণ ইস্ৰায়েলৰ আৰু যিহূদাৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
ודבריו הראשנים והאחרנים הנם כתובים על ספר מלכי ישראל ויהודה׃

< ২ বংশাবলি 35 >