< ২ বংশাবলি 28 >

1 আহজে ৰজা হৈ শাসন ভাৰ লওঁতে তেওঁৰ বয়স আছিল, বিশ বছৰ; তেওঁ যিৰূচালেমত ষোল্ল বছৰ ৰাজত্ব কৰিছিল। তেওঁৰ ওপৰ পিতৃ দায়ূদৰ দৰে, যিহোৱাৰ দৃষ্টিত যি ন্যায়, সেয়া তেওঁ নকৰিলে৷
Ve dvadcíti letech byl Achas, když počal kralovati, a šestnácte let kraloval v Jeruzalémě, a nečinil toho, což pravého bylo před očima Hospodinovýma, jako David otec jeho.
2 তাৰ পৰিৱর্তে তেওঁ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; আনকি তেওঁ বাল দেৱতাৰ প্ৰতিমাবোৰ কেচাঁ লো সাঁচত ঢালি সাজিছিল।
Ale chodil po cestách králů Izraelských, nýbrž nadělal také slitin modlářských.
3 তাৰ ওপৰি যিহোৱাই ইস্ৰায়েলৰ সন্তান সকলৰ আগৰ পৰা দূৰ কৰা জাতি সমূহৰ ঘিণলগা ৰীতিৰ দৰে, তেওঁ হিন্নোমৰ উপত্যকাত ধূপ জ্বলাইছিল আৰু তেওঁৰ নিজৰ সন্তান সকলক জুইত দগ্ধ কৰিছিল।
Přesto i sám kadíval v údolí Benhinnom, a pálil syny své ohněm podlé ohavností pohanů, kteréž vyhnal Hospodin před syny Izraelskými.
4 তেওঁ পবিত্ৰ ঠাইবোৰত, পৰ্ব্বতৰ ওপৰত আৰু প্ৰত্যেক কেঁচাপতীয়া গছৰ তলত বলিদান কৰিছিল আৰু ধূপ জ্বলাইছিল।
A obětoval i kadíval na výsostech a na pahrbcích, i pod každým stromem zeleným.
5 এই হেতুকে তেওঁৰ ঈশ্বৰ যিহোৱাই তেওঁক অৰামৰ ৰজাৰ হাতত শোধাই দিছিল৷ তাতে অৰামীয়াসকলে তেওঁক পৰাজয় কৰিলে আৰু তেওঁৰ অনেক লোকক বন্দী কৰি দম্মেচকলৈ লৈ গ’ল। আহজক ইস্ৰায়েলৰ ৰজাৰ হাততো সমৰ্পণ কৰা হ’ল, যিজনে মহা-সংহাৰেৰে তেওঁক পৰাজয় কৰিলে৷
Protož dal jej Hospodin Bůh jeho v ruku krále Syrského. Kteříž porazivše jej, zajali odtud množství veliké, a přivedli je do Damašku. Nad to i v ruku krále Izraelského dán jest, kterýž porazil jej porážkou velikou.
6 কিয়নো আহজৰ লোকসকল তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিলে, সেই বাবে ৰমলিয়াৰ পুত্ৰ পেকহে যিহূদাৰ এক লাখ বিশ হাজাৰ লোকক একে দিনাই বধ কৰিলে; তেওঁলোক সকলোৱেই বীৰপুৰুষ আছিল৷
Nebo pomordoval Pekach syn Romeliášův v Judstvu sto a dvadcet tisíců dne jednoho, vše mužů udatných, proto že opustili Hospodina Boha otců svých.
7 জিখ্ৰী নামেৰে এজন শক্তিশালী ইফ্ৰিমীয়া বীৰে ৰাজকোঁৱৰ মাচেয়াক, ঘৰগিৰী অজ্ৰীকামক আৰু ৰজাৰ প্ৰধান মন্ত্ৰী ইল্কানাক বধ কৰিলে।
Zabil také Zichri, rytíř Efraimský Maaseiáše syna králova, a Azrikama, správce domu jeho, a Elkána, druhého po králi.
8 তাতে ইস্ৰায়েলৰ সন্তান সকলে, তেওঁলোকৰ দুই লাখ লোকক তেওঁলোকৰ পত্নী আৰু তেওঁলোকৰ ল’ৰা ছোৱালীসকল বন্দী কৰি লৈ গ’ল৷ তেওঁলোকে অনেক বস্তু লুট কৰিলে, আৰু সেই লুটদ্ৰব্যবোৰ চমৰিয়ালৈ লৈ গ’ল।
Nadto zajali též synové Izraelští z bratří svých dvakrát sto tisíc žen, synů a dcer, ano i kořistí mnoho nabrali od nich, a vezli loupež do Samaří.
9 কিন্তু ওদেদ নামেৰে যিহোৱাৰ এজন ভাববাদী সেই ঠাইত আছিল৷ তেওঁ চমৰিয়ালৈ অহা সেই সৈন্যসামন্তৰ লগত সাক্ষাৎ কৰিবলৈ বাহিৰ ওলাই গ’ল৷ তেওঁ তেওঁলোকক ক’লে, “কিয়নো তোমালোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱা যিহূদালৈ ক্ৰুদ্ধ হ’ল, সেই কাৰণে তেওঁলোকক তোমালোকৰ হাতত সমৰ্পণ কৰিলে; তাতে তোমালোকে আকাশ ঢুকি পোৱা ক্ৰোধেৰে তেওঁলোকক বধ কৰিলা।
Byl pak tu prorok Hospodinův, jménem Oded, kterýž vyšed proti vojsku přicházejícímu do Samaří, řekl jim: Hle, rozhněvav se Hospodin Bůh otců vašich na Judské, vydal je v ruku vaši, a vy jste je pomordovali v prchlivosti, kteráž až k nebi dosáhla.
10 ১০ এতিয়া যিহূদাৰ আৰু যিৰূচালেমৰ লোকসকলক তোমালোকৰ বন্দী আৰু বেটী কৰি, বশত ৰাখিবলৈ মন কৰিছাহঁক৷ কিন্তু তোমালোকৰ ঈশ্বৰ যিহোৱাৰ বিৰুদ্ধে তোমালোকৰ নিজৰো জানো পাপবোৰ নাই?
A ještě Judské a Jeruzalémské myslíte sobě podrobiti za pacholky a děvky. Zdaliž i vy, i vy, jste bez hříchů proti Hospodinu Bohu vašemu?
11 ১১ এই হেতুকে এতিয়া মোৰ কথা শুনা: তোমালোকৰ ভাইসকলৰ মাজৰ পৰা বন্দী কৰি অনা লোকসকলক ঘূৰাই পঠিওৱা; কিয়নো যিহোৱাৰ প্ৰচণ্ড ক্ৰোধ তোমালোকৰ ওপৰতো আছে।”
A protož nyní poslechněte mne, a doveďte zase zajaté, kteréž jste zajali z bratří svých; nebo jinak hněv prchlivosti Hospodinovy bude proti vám.
12 ১২ তেতিয়া ইফ্ৰয়িমৰ সন্তান সকলৰ মাজৰ নির্দিষ্ট কিছুমান অধ্যক্ষ - যিহোহানৰ পুত্ৰ অজৰিয়া, মচিল্লেমোটৰ পুত্ৰ বেৰেখিয়া, চল্লূমৰ পুত্ৰ যিহিষ্কিয়া আৰু সদলয়ৰ পুত্ৰ অমাচাই যুদ্ধ যাত্ৰাৰ পৰা ঘূৰি অহা লোকসকলৰ বিৰুদ্ধে উঠিল;
Tedy povstali někteří z předních synů Efraimových: Azariáš syn Jochananův, Berechiáš syn Mesillemotův, Ezechiáš syn Sallumův, a Amaza syn Chadlaiův proti těm, kteříž se vracovali z té vojny.
13 ১৩ তেওঁলোকে তেওঁলোকক ক’লে, “তোমালোকে বন্দী কৰি অনা লোকসকলক এই ঠাইলৈ নানিবা, কিয়নো আমাৰ পাপ আৰু দোষবোৰ বঢ়াবৰ অৰ্থে তোমালোকে যিহোৱাৰ গুৰিত আমাক পুনৰ দোষী কৰিবলৈ মন কৰিছাহঁক; কাৰণ আমাৰ দোষ অধিক আৰু ইস্ৰায়েলৰ ওপৰত প্ৰচণ্ড ক্ৰোধ আছে।”
A řekli jim: Nepřivedete sem těch zajatých; nebo vinu proti Hospodinu myslíte na nás uvesti, přivětšujíce hříchů našich a provinění našich. Veliký tě zajisté hřích náš a prchlivost hněvu proti Izraelovi.
14 ১৪ তেতিয়া অস্ত্ৰধাৰী লোকসকলে বন্দী কৰি অনা সেই লোকসকলক আৰু লুটদ্ৰব্যবোৰ অধ্যক্ষসকলৰ আৰু সকলো সমাজৰ আগত এৰি থৈ গ’ল।
Takž nechali vojáci těch zajatých i kořistí svých před knížaty a vším shromážděním.
15 ১৫ পাছত অধ্যক্ষসকলৰ দ্ৱাৰাই যিসকলক নাম ধৰি নিযুক্ত কৰা হৈছিল, সেই লোকসকল উঠি আহিল। তেওঁলোকে বন্দী কৰি অনা লোকসকলক লৈ আহিল আৰু সেই লুটদ্ৰব্যৰ বস্তুবোৰ ল’লে, পাছত উদঙে থকা লোকসকলক তেওঁলোকে কাপোৰ পিন্ধালে৷ তেওঁলোকৰ গাত কাপোৰ আৰু ভৰিত পাদুকা দিলে৷ তেওঁলোকক ভোজন পান কৰালে৷ তেওঁলোকৰ আঘাত পোৱা ঘা-বোৰত তেল লগালে আৰু তেওঁলোকৰ মাজৰ অতিশয় দুর্বল লোকসকলক গাধবোৰৰ ওপৰত তুলি দিলে৷ পাছত সেই লোকসকলক যিৰীহো নগৰত থকা তেওঁলোকৰ পৰিয়ালবোৰৰ ওচৰলৈ তেওঁলোকে লৈ গ’ল৷ এই ঠাইক খেজুৰৰ নগৰ বুলি কোৱা হয়৷ তাৰ পাছত তেওঁলোক চমৰিয়ালৈ ঘূৰি আহিল।
A přičinivše se muži někteří ze jména znamenaní, vzali ty zajaté, a všecky, kteřížkoli z nich nebyli odění, přiodíli je z těch kořistí. A když je zobláčeli a zobouvali, nakrmili i napojili, ano i pomazali, a zprovodili na oslích, každého nemocného z nich, a dovedli ho do Jericha města palmového k bratřím jejich, potom navrátili se do Samaří.
16 ১৬ সেই সময়ত ৰজা আহজে সাহায্য অনুৰোধ কৰি অচুৰীয়া ৰজাসকলৰ ওচৰলৈ তেওঁৰ দূত পঠিয়ালে।
Toho času poslal král Achas k králům Assyrským, aby mu pomoc dali.
17 ১৭ কিয়নো ইদোমীয়াসকলে পুনৰ আহি যিহূদাক পৰাজয় কৰি অনেক লোকক বন্দী কৰি লৈ গৈছিল।
Nebo ještě přitáhli i Idumejští, a zbili některé z Judských, a jiné zajali.
18 ১৮ পলেষ্টীয়াসকলেও নিম্ন ভূমিৰ আৰু যিহূদাৰ দক্ষিণ অঞ্চলৰ নগৰবোৰ আক্ৰমণ কৰিছিল৷ তেওঁলোকে বৈৎচেমচ, অয়ালোন, গদেৰো, উপনগৰে সৈতে চোকো, উপনগৰে সৈতে তিম্না আৰু উপনগৰে সৈতে গিমজো অধীনত কৰি লৈছিল আৰু সেইবোৰ ঠাইত তেওঁলোকে বাস কৰিছিল।
Nadto i Filistinští učinili vpád do měst, na rovinách k straně polední Judstva, a vzali Betsemes a Aialon, a Gederot a Socho i vsi jeho, a Tamna i vsi jeho, a Gimzo i vsi jeho, a bydlili v nich.
19 ১৯ ইস্ৰায়েলৰ ৰজা আহজৰ কাৰণে যিহোৱাই যিহূদাক নত কৰিলে; কিয়নো তেওঁ যিহূদাত কুআচৰণ আৰু যিহোৱাৰ বিৰুদ্ধে অতিশয় অপৰাধ কৰিছিল।
Tak zajisté ponižoval Hospodin Judy pro Achasa krále Izraelského, proto že odvrátil Judu, aby naprosto převráceně činil proti Hospodinu.
20 ২০ পাছত অচুৰৰ তিলগৎ-পিলনেচৰ ৰজা তেওঁৰ ওচৰলৈ আহি তেওঁক বলৱান নকৰি তেওঁক কষ্টহে দিলে।
A tak přitáhl k němu Tiglatfalazar král Assyrský, a více ho ssužoval, nežli mu pomáhal.
21 ২১ কিয়নো অচুৰৰ ৰজাক মূল্যৱান বস্তুবোৰ দিবলৈ আহজে যিহোৱাৰ গৃহৰ আৰু ৰাজ গৃহৰ পৰা আৰু অধ্যক্ষসকলৰ পৰা ধন সম্পত্তি লৈছিল৷ কিন্তু ইয়াৰ দ্বাৰাই তেওঁৰ একো উপকাৰ নহ’ল৷
A ačkoli Achas vzal z domu Hospodinova a domu královského, i od knížat, a dal králi Assyrskému, však nedal jemu pomoci.
22 ২২ ৰজা আহজে তেওঁৰ দুখৰ কালতো যিহোৱাৰ বিৰুদ্ধে অধিককৈ অপৰাধ কৰিছিল।
V který pak koli čas byl ssužován, tím větší převrácenost páchal proti Hospodinu. Takový byl král Achas.
23 ২৩ কিয়নো তেওঁ নিজকে পৰাজয় কৰা দম্মেচকীয় দেৱতাবোৰৰ উদ্দেশ্যে বলিদান কৰিছিল৷ তেওঁ কৈছিল, “অৰামীয়া ৰজাসকলৰ দেৱতাবোৰে অৰামীয়াসকলক সহায় কৰিলে; এই হেতুকে ময়ো তেওঁলোকৰ উদ্দেশ্যে বলিদান কৰিম; তেতিয়া তেওঁলোকে মোকো সহায় কৰিব।” কিন্তু সেইবোৰেই তেওঁৰ আৰু গোটেই ইস্ৰায়েলৰ সৰ্ব্বনাশৰ কাৰণ হ’ল।
Nebo obětoval bohům Damašským, kteříž ho porazili, a řekl: Poněvadž bohové králů Syrských pomáhají jim, těm obětovati budu, aby mně pomáhali. Ale oni byli ku pádu jemu, ano i všemu Izraeli.
24 ২৪ পাছত আহজে ঈশ্বৰৰ গৃহৰ পাত্ৰবোৰ গোটাই লৈছিল আৰু সেই সকলো পাত্ৰ কাটি ডোখৰ ডোখৰ কৰিছিল৷ তেওঁ যিহোৱাৰ গৃহৰ দুৱাৰবোৰ বন্ধ কৰিছিল আৰু যিৰূচালেমৰ প্ৰত্যেক চুকত নিজৰ কাৰণে যজ্ঞ-বেদী সাজিছিল।
Pročež shromáždiv Achas nádoby domu Božího, osekal je, a zamkl dvéře domu Hospodinova, a nadělal sobě oltářů při každém úhlu v Jeruzalémě.
25 ২৫ তেওঁ ইতৰ দেৱতাবোৰৰ উদ্দেশ্যে ধূপ জ্বলাবৰ কাৰণে যিহূদাৰ প্ৰত্যেক নগৰত পবিত্ৰ ঠাইবোৰ সাজি তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ক্ৰোধিত হ’বলৈ এইদৰে উত্তেজিত কৰিছিল৷
Ano i v každém městě Judském zdělal výsosti, aby kadil bohům cizím, a tak popouzel k hněvu Hospodina Boha otců svých.
26 ২৬ এতিয়া তেওঁ কৰা সকলো কৰ্ম আৰু তেওঁৰ চৰিত্ৰৰ বৃত্তান্ত প্ৰথমৰে পৰা শেষলৈকে সকলো কথা যিহূদাৰ আৰু ইস্ৰায়েলৰ ৰজাসকলৰ ইতিহাস-পুস্তকখনত লিখা আছে।
O jiných pak věcech jeho, a o všech cestách jeho, prvních i posledních zapsáno jest v knize králů Judských a Izraelských.
27 ২৭ আহজ তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হোৱাৰ পাছত লোকসকলে তেওঁক ইস্ৰায়েলৰ ৰজাসকলৰ মৈদামনীত মৈদাম নিদিলে, কিন্তু যিৰূচালেম নগৰৰ মাজত মৈদাম দিলে৷ তাৰ পাছত তেওঁৰ পুত্ৰ হিষ্কিয়া তেওঁৰ পদত ৰজা হ’ল।
I usnul Achas s otci svými, a pochovali jej v městě Jeruzalémě; nebo nevložili ho do hrobů králů Izraelských. I kraloval Ezechiáš syn jeho místo něho.

< ২ বংশাবলি 28 >