< ২ বংশাবলি 21 >

1 পাছত যিহোচাফটে তেওঁৰ পূর্ব-পুৰুষসকলৰ সৈতে নিদ্ৰিত হোৱাত দায়ূদৰ নগৰত তেওঁৰ পূর্ব-পুৰুষসকলৰ লগতে তেওঁক মৈদাম দিয়া হ’ল; তাতে তেওঁৰ পুত্ৰ যিহোৰাম তেওঁৰ পদত ৰজা হ’ল।
ヨシヤパテその先祖等とともに寝りてダビデの邑にその先祖等とともに葬られその子ヨラムこれに代て王となる
2 অজৰিয়া, যিহীয়েল, জখৰিয়া, অজৰিয়া, মীখায়েল আৰু চফটিয়া নামেৰে যিহোচাফটৰ পুত্ৰ যিহোৰামৰ কেইবাজনো ভায়েক আছিল৷ তেওঁলোক আটাইকেইজনেই ইস্ৰায়েলৰ ৰজা যিহোচাফটৰ পুত্ৰ আছিল।
ヨシヤパテの子たるその兄弟はアザリヤ、ヱヒエル、ゼカリヤ、アザリヤ、ミカエルおよびシバテヤ是みなイスラエルの王ヨシヤパテの子なり
3 তেওঁলোকৰ পিতৃয়ে প্ৰতিজনকে অধিক সম্পত্তি, অৰ্থাৎ ৰূপ, সোণ, বহুমূল্য বস্তু আৰু যিহূদা দেশত থকা সুসজ্জিত গড়েৰে আবৃত নগৰবোৰ দান কৰিছিল; কিন্তু যিহোৰাম তেওঁৰ জেষ্ঠ্য পুত্ৰ হোৱাৰ বাবে তেওঁক তেওঁৰ ৰাজসিংহাসন দিলে।
その父彼らに金銀寶物の賜物を多く與へまたユダの守衛の邑々を與へけるが國はヨラムに與へたりヨラム長子なりければなり
4 যেতিয়া যিহোৰামে নিজৰ পিতৃৰ সিংহাসনত ৰাজত্ৱ কৰি নিজকে বলৱান ৰজাৰূপে প্ৰতিষ্ঠা কৰি ল’লে, তেতিয়া তেওঁ নিজৰ আটাইকেইজন ভাইক আৰু ইস্ৰায়েলৰ কেইবাজনো অধ্যক্ষক তৰোৱালেৰে বধ কৰিছিল।
ヨラムその父の位に登りて力つよくなりければその兄弟等をことごとく劍にかけて殺し又イスラエルの牧伯等數人を殺せり
5 যিহোৰামে ৰাজত্ৱ আৰম্ভন কৰাৰ সময়ত তেওঁৰ বয়স বত্ৰিশ বছৰ আছিল আৰু তেওঁ যিৰূচালেমত আঠ বছৰলৈ ৰাজত্ব কৰিছিল।
ヨラムは三十二歳の時位に即ヱルサレムにて八年の間世を治めたり
6 তেওঁ আহাবৰ বংশৰ নিচিনাকৈ ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিছিল; কিয়নো তেওঁ আহাবৰ জীয়েকক তেওঁৰ পত্নীৰূপে লৈছিল; আৰু তেওঁ যিহোৱাৰ দৃষ্টিত কেৱল কু-আচৰণ কৰিছিল।
彼はアハブの家のなせるごとくイスラエルの王等の道にあゆめりアハブの女を妻となしたればなり斯かれヱホバの目に惡と觀たまふ事をなせしかども
7 তথাপিও দায়ূদৰ লগত যিহোৱাই কৰা নিয়ম-চুক্তিৰ কাৰণে যিহোৱাই দায়ূদৰ বংশক বিনষ্ট নকৰিলে; তেওঁক আৰু তেওঁৰ সন্তান সকলক চিৰকাললৈকে এক জীৱন দিম বুলি তেওঁ প্ৰতিজ্ঞা কৰিছিল৷
ヱホバ曩にダビデに契約をなし且彼とその子孫とに永遠に光明を與へんと言たまひし故によりてダビデの家を滅ぼすことを欲み給はざりき
8 তেওঁৰ ৰাজত্বৰ সময়ত ইদোমীয়া লোকসকলে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি নিজৰ ওপৰত এজন ৰজা পাতি লৈছিল।
ヨラムの世にエドム人叛きてユダの手に服せず自ら王を立たれば
9 তেতিয়া যিহোৰামে তেওঁৰ সেনাপতিসকলৰ সৈতে সকলো ৰথ লগত লৈ যাত্ৰা কৰিলে৷ তাতে তেওঁ ৰাতিয়েই উঠি তেওঁক আৰু তেওঁৰ ৰথৰ সেনাপতিসকলক বেৰি ধৰা ইদোমীয়াসকলক প্ৰহাৰ কৰিলে।
ヨラム其牧伯等および一切の戰車をしたがへて渉りゆき夜の中に起いでて自己を圍めるエドム人を撃ちその戰車の長等を撃り
10 ১০ এইদৰে ইদোমীয়াসকল আজিলৈকে যিহূদাৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি সদায় বিদ্ৰোহ কৰি থাকিল৷ সেই একে সময়তে লিব্‌নায়ো তেওঁৰ অধীনত থাকিবলৈ অস্বীকাৰ কৰি বিদ্ৰোহ আচৰণ কৰিলে, কিয়নো যিহোৰামে তেওঁৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাক ত্যাগ কৰিছিল।
エドム人は斯叛きてユダの手に服せずなりしが今日まで然り此時にあたりてリブナもまた叛きてユダの手に服せずなりぬ是はヨラムその先祖の神ヱホバを棄たるに因てなり
11 ১১ আনকি যিহোৰামে যিহূদাৰ পৰ্বতসমূহত পবিত্ৰ ঠাইবোৰ স্থাপন কৰিলে; তেওঁ যিৰূচালেম নিবাসীসকলক ব্যভিচাৰ কৰালে৷ এইদৰে তেওঁ যিহূদাক অপথে নিলে।
彼またユダの山々に崇邱を作りてヱルサレムの民に姦淫をおこなはせユダを惑はせり
12 ১২ পাছত যিহোৰামলৈ এলিয়া ভাববাদীৰ পৰা এখন পত্ৰ আহিল৷ তাত এইদৰে কৈছিল, “তোমাৰ ওপৰ পিতৃ দায়ূদৰ ঈশ্বৰ যিহোৱাই এই কথা কৈছে: তুমি তোমাৰ পিতৃ যিহোচাফটৰ পথত বা যিহূদাৰ আচা ৰজাৰ পথত নচলিলা,
時に預言者エリヤの書ヨラムの許に達せり其言に云く汝の先祖ダビデの神ヱホバかく言たまふ汝はその父ヨシヤパテの道にあゆまずまたユダの王アサの道にあゆまずして
13 ১৩ কিন্তু ইস্ৰায়েলৰ ৰজাসকলৰ পথত চলিলা আৰু আহাবৰ বংশই কৰা নিচিনাকৈ যিহূদাক আৰু যিৰূচালেমৰ নিবাসীসকলক ব্যভিচাৰীৰ দৰে আচৰণ কৰিবলৈ দিলা - আৰু তোমাতকৈ উত্তম তোমাৰ পিতৃ-বংশৰ যি ভাইসকল, তেওঁলোককো তৰোৱালেৰে বধ কৰিলা -
イスラエルの王等の道にあゆみユダの人とヱルサレムの民をしてアハブの家の姦淫をなせるごとくに姦淫を行はしめまた汝の父の家の者にて汝に愈れるところの汝の兄弟等を殺せり
14 ১৪ চোৱা, এই কাৰণে যিহোৱাই তোমাৰ প্ৰজা, তোমাৰ সন্তান সকলক, তোমাৰ পত্নীসকলক আৰু তোমাৰ সকলো সম্পত্তি এটা ভয়ংকৰ মহামাৰীৰে আঘাত কৰিব৷
故にヱホバ大なる災禍をもて汝の民汝の子女汝の妻等および汝の一切の所有を撃たまふべし
15 ১৫ তুমি নিজেও নাড়ীৰ ৰোগত দিনে দিনে অতিশয় বেদনা পাবা; শেষত সেই ৰোগতে তোমাৰ নাড়ী-ভুৰু ওলাই পৰিব।”
汝はまた臓腑の疾を得て大病になりその疾日々に重りて臓腑つひに墜んと
16 ১৬ যিহোৱাই যিহোৰামৰ অহিতে পলেষ্টীয়া আৰু কুচীয়াৰ ওচৰত থকা আৰবীয়া লোকসকলৰ মন উচটাই পেলালে৷
即ちヱホバ、ヨラムを攻させんとてエテオピアに近きところのペリシテ人とアラビヤ人の心を振起したまひければ
17 ১৭ তাতে তেওঁলোকে যিহূদাৰ বিৰুদ্ধে আহি গড় ভংগ কৰি, ৰাজ-গৃহত পোৱা সকলো সম্পত্তিবোৰ লৈ গ’ল৷ আনকি তেওঁলোকে তেওঁৰ পুত্ৰসকল আৰু লগতে তেওঁৰ পত্নীসকলকো লৈ গ’ল৷ তাতে তেওঁৰ কনিষ্ঠ পুত্ৰ যিহোৱাহজৰ বাহিৰে তেওঁৰ এটাও পুত্ৰ অৱশিষ্ট নাথাকিল।
彼らユダに攻のぼりて之を侵し王の家に在ところの貨財を盡く奪ひ取りまたヨウムの子等と妻等をも携へ去れり是をもてその末子ヱホアハズの外には一人も遺れる者なかりき
18 ১৮ এই সকলো ঘটনাৰ পাছত, সুস্থ কৰিব নোৱাৰা নাড়ীৰ ৰোগেৰে যিহোৱাই তেওঁক আঘাত কৰিলে।
此もろもろの事の後ヱホバ彼を撃て臓腑に愈ざる疾を生ぜしめたまひければ
19 ১৯ তাতে কালক্ৰমে দুবছৰৰ পাছত তেওঁৰ নাড়ী-ভুৰু সেই ৰোগত ওলাই পৰিল আৰু তেওঁৰ অতিশয় যাতনাৰে মৃত্যু হ’ল৷। তেওঁৰ পূর্ব-পুৰুষসকলৰ কাৰণে যেনেকৈ সুগন্ধি বস্তু জ্বলাইছিল, তেনেকৈ তেওঁৰ প্ৰজাসকলে তেওঁৰ কাৰণে নকৰিলে।
月日を送り二年を經るにおよびてその臓腑疾のために墜ち重き病苦によりて死ねり民かれの先祖のために焚物をなせし如く彼のためには焚物をなさざりき
20 ২০ তেওঁ বত্ৰিশ বছৰ বয়সত ৰাজত্ৱ আৰম্ভ কৰিছিল; তেওঁ যিৰূচালেমত আঠ বছৰ ৰাজত্ব কৰিছিল; তেওঁৰ মৃত্যু হোৱাত কাৰো মনত দুখ নালাগিল৷ লোকসকলে তেওঁক দায়ূদৰ নগৰত মৈদাম দিলে, কিন্তু ৰজাসকলৰ ৰাজকীয় মৈদামৰ ঠাইত নিদিলে।
彼は三十二歳の時位に即き八年の間ヱルサレムにて世を治めて終に薨去れり之を惜む者なかりき人衆これをダビデの邑に葬れり但し王等の墓にはあらず

< ২ বংশাবলি 21 >