< ২ বংশাবলি 19 >

1 তাৰ পাছত যিহূদাৰ ৰজা যিহোচাফটে শান্তিৰে যিৰূচালেমৰ নিজৰ ঘৰলৈ ঘূৰি আহিল৷
و یهوشافاط پادشاه یهودا به خانه خودبه اورشلیم به سلامتی برگشت.۱
2 তেতিয়া হনানীৰ পুত্ৰ যেহূ দৰ্শকে তেওঁৰ লগত সাক্ষাত কৰিবলৈ গ’ল আৰু ৰজা যিহোচাফটক ক’লে, “দুৰ্জনক সহায় কৰা আৰু যিহোৱাক ঘিণ কৰোঁতা সকলক প্ৰেম কৰা জানো তোমাৰ উচিত? এই কাৰণে তোমাৰ ওপৰত যিহোৱাৰ ক্ৰোধ আহিছে।
و ییهوابن حنانی رایی برای ملاقات وی بیرون آمده، به یهوشافاط پادشاه گفت: «آیا شریران را می‌بایست اعانت نمایی و دشمنان خداوند را دوست داری؟ پس از این جهت غضب از جانب خداوند بر توآمده است.۲
3 তথাপি তুমি দেশৰ পৰা আচেৰা মুৰ্ত্তিবোৰ উচ্ছন্ন কৰাত আৰু ঈশ্বৰক বিচাৰিবলৈ তোমাৰ মন থিৰ কৰাত তোমাৰ কিছু সদ্ভাৱ পোৱা গ’ল।”
لیکن در تو اعمال نیکو یافت شده است چونکه اشیره‌ها را از زمین دور کرده، و دل خود را به طلب خدا تصمیم نموده‌ای.»۳
4 তাৰ পাছত যিহোচাফটে যিৰূচালেমত বসতি কৰিলে; আৰু তেওঁ পুনৰাই ওলায় বেৰ-চেবাৰ পৰা ইফ্ৰয়িম পৰ্বতীয়া অঞ্চললৈকে লোকসকলৰ মাজত ফুৰি, তেওঁলোকৰ পূর্ব-পুৰুষসকলৰ ঈশ্বৰ যিহোৱাৰ ফালে তেওঁলোকক ঘূৰাই আনিলে।
و چون یهوشافاط در اورشلیم ساکن شد، باردیگر به میان قوم از بئرشبع تا کوهستان افرایم بیرون رفته، ایشان را به سوی یهوه خدای پدران ایشان برگردانید.۴
5 আৰু দেশৰ ভিতৰত গড়েৰে আবৃত যিহূদাৰ আটাইবোৰ নগৰৰ ভিতৰত প্ৰত্যেক নগৰত তেওঁ এজন এজনকৈ বিচাৰকৰ্ত্তা নিযুক্ত কৰিলে৷
و داوران در ولایت یعنی درتمام شهرهای حصاردار یهودا شهر به شهر قرارداد.۵
6 তেওঁ বিচাৰকৰ্ত্তাসকলক ক’লে, “তোমালোকে যি কৰিবা সেই বিষয়ে সাৱধানে কৰিবা; কিয়নো তোমালোকে লোকসকলৰ কাৰণে নহয় কিন্তু যিহোৱাৰ কাৰণেহে বিচাৰ কৰিবা; বিচাৰত তেওঁ তোমালোকৰ সহায়কাৰী হ’ব।
و به داوران گفت: «باحذر باشید که به چه طور رفتار می‌نمایید زیرا که برای انسان داوری نمی نمایید بلکه برای خداوند، و او در حکم نمودن با شما خواهد بود.۶
7 এতেকে এতিয়া তোমালোকে যিহোৱালৈ ভয় ৰাখিবা; তোমালোকে সাৱধান হৈ কাৰ্য কৰা কিয়নো আমাৰ ঈশ্বৰ যিহোৱাৰ গুৰিত অন্যায়, কি মুখ চোৱা, কি ভেটি খোৱা নহয়।”
و حال خوف خداوندبر شما باشد و این را با احتیاط به عمل آورید زیراکه با یهوه خدای ما بی‌انصافی و طرفداری ورشوه خواری نیست.»۷
8 ইয়াৰ উপৰিও, যিহোচাফটে যিৰূচালেমত যিহোৱা-সমন্ধীয় বিচাৰৰ অৰ্থে আৰু বিবাদ ভাঙিবৰ অৰ্থে লেবীয়াসকলৰ, পুৰোহিতসকলৰ আৰু ইস্ৰায়েলৰ ফৈদৰ মুখিয়াল কেইজনমানক নিযুক্ত কৰিলে। তেখেতসকল যিৰূচালেমত বাস কৰিলে৷
و در اورشلیم نیز یهوشافاط بعضی از لاویان و کاهنان را و بعضی از روسای آبای اسرائیل را به جهت داوری خداوند و مرافعه‌ها قرار داد پس به اورشلیم برگشتند.۸
9 তেওঁ তেখেতসকলক এই আজ্ঞা দিলে, বোলে, “তোমালোকে যিহোৱালৈ ভয় ৰাখি বিশ্বাসীৰূপে সিদ্ধ মনেৰে এইদৰে কাৰ্য কৰিবা:
و ایشان را امر فرموده، گفت: «شما بدینطور با امانت و دل کامل در ترس خداوند رفتار نمایید.۹
10 ১০ ৰক্তপাতৰ বিষয়ে বা ব্যৱস্থা ও আজ্ঞাৰ বা বিধি ও শাসন-প্ৰণালীৰ বিষয়ে যি কোনো গোচৰ, নিজ নিজ নগৰত বাস কৰা তোমালোকৰ ভাইসকলৰ পৰা তোমালোকৰ গুৰিত উপস্থিত হ’ব, সেই বিষয়ে তোমালোকে সেই লোকসকলক উপদেশ দিবা যাতে তেওঁলোকে যিহোৱাৰ বিৰুদ্ধে দোষী নহ’ব আৰু তোমালোকৰ ওপৰত আৰু তোমালোকৰ ভাইসকলৰ ওপৰত তাৰ কাৰণে যিহোৱাৰ ক্ৰোধ নাথাকিব; যদি তোমালোকে ইয়াকে কৰা তেতিয়া তোমালোক দোষী নহ’বা।
و در هر دعوی‌ای که ازبرادران شما که ساکن شهرهای خود می‌باشند، میان خون و خون و میان شرایع و اوامر و فرایض و احکام پیش شما آید، ایشان را انذار نمایید تانزد خداوند مجرم نشوند، مبادا غضب بر شما و بربرادران شما بیاید. اگر به این طور رفتار نمایید، مجرم نخواهید شد.۱۰
11 ১১ চোৱা, যিহোৱাৰ সকলো বিচাৰত প্ৰধান পুৰোহিত অমৰীয়া আৰু ৰজাৰ আটাই বিচাৰত যিহূদা-বংশীয় অধ্যক্ষ ইশ্মায়েলৰ পুত্ৰ জবাদিয়াক তোমালোকৰ ওপৰত নিযুক্ত কৰা হৈছে৷ লেবীয়াসকলো তোমালোকৰ আগত শাসনকৰ্ত্তা হৈ থাকিব। তোমালোকে সাহসেৰে কাৰ্য কৰা আৰু যেন যিহোৱা সাধু লোকসকলৰ সংগী হওঁক।”
و اینک امریا، رئیس کهنه، برای همه امور خداوند و زبدیا ابن اسمعئیل که رئیس خاندان یهودا می‌باشد، برای همه امور پادشاه بر سر شما هستند و لاویان همراه شما در خدمت مشغولند. پس به دلیری عمل نمایید و خداوند با نیکان باشد.»۱۱

< ২ বংশাবলি 19 >