< ২ বংশাবলি 18 >

1 সেই সময়ত যিহোচাফটে অধিক ধন আৰু সন্মান লাভ কৰিলে; আৰু তেওঁ আহাবৰ লগত মিতিৰ পাতিলে।
Tinha pois Josaphat riquezas e gloria em abundancia: e aparentou-se com Achab.
2 কেইবছৰ মানৰ পাছত তেওঁ চমৰিয়ালৈ আহাবৰ ওচৰলৈ নামি গ’ল৷ আহাবে তেওঁৰ আৰু তেওঁৰ লগৰ লোকসকলৰ বাবে অনেক ভেড়া, ছাগলী আৰু গৰু মাৰিলে৷ আনকি আহাবে তেওঁৰ লগত ৰামোৎ-গিলিয়দ আটক কৰিবলৈ তেওঁক ৰাজী কৰালে।
E ao cabo d'alguns annos desceu elle para Achab a Samaria; e Achab matou ovelhas e bois em abundancia, para elle e para o povo que vinha com elle: e o persuadiu a subir com elle a Ramoth-gilead.
3 ইস্ৰায়েলৰ আহাব ৰজাই যিহূদাৰ ৰজা যিহোচাফটক ক’লে, “আপুনি ৰামোৎ-গিলিয়দলৈ মোৰ লগত যাব নে?” তাতে যিহোচাফতে উত্তৰ দি ক’লে, “আপুনি যেনে ময়ো তেনে আৰু মোৰ প্ৰজা যেনে আপোনাৰ প্ৰজাও তেনে; সেই যুদ্ধত আমি আপোনাৰ লগত উপস্থিত থাকিম।”
Porque Achab, rei d'Israel, disse a Josaphat rei de Judah: Irás tu commigo a Ramoth-gilead? e elle lhe disse: Como tu és, serei eu; e o meu povo, como o teu povo; seremos comtigo n'esta guerra.
4 যিহোচাফটে ইস্ৰায়েল ৰজাৰ আগত পুনৰ ক’লে, “মই বিনয় কৰোঁ, যিহোৱাৰ বাক্য কি, সেই বিষয়ে তেওঁক সোধক৷”
Disse mais Josaphat ao rei d'Israel: Consulta hoje, peço-te, a palavra do Senhor.
5 তেতিয়া ইস্ৰায়েলৰ ৰজাই ভাববাদীসকলক অৰ্থাৎ চাৰিশ লোকক গোটাই তেওঁলোকক সুধিলে, “আমি ৰামোৎ-গিলিয়দলৈ যুদ্ধ কৰিবলৈ যাম নে, নে মই ক্ষান্ত হৈ থাকিম?” তাতে তেওঁলোকে ক’লে, “যাওঁক, কিয়নো ঈশ্বৰে মহাৰাজৰ হাতত তাক সমৰ্পণ কৰিব।”
Então o rei d'Israel ajuntou os prophetas, quatrocentos homens, e disse-lhes: Iremos á guerra contra Ramoth-gilead, ou deixal-o-hei? E elles disseram: Sobe; porque Deus a dará na mão do rei
6 কিন্তু যিহোচাফটে ক’লে, “আমি উপদেশ বিচৰা অর্থে যিহোৱাৰ এনে কোনো ভাববাদী ইয়াত আছে নে?”
Disse porém Josaphat: Não ha ainda aqui propheta algum do Senhor, para que o consultemos?
7 তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “আমি যাৰ দ্বাৰাই যিহোৱাক সুধিব পাৰোঁ, এনে এজন লোক আছে; কিন্তু মই তেওঁক ঘিণ কৰোঁ কিয়নো তেওঁ মোৰ বিষয়ে কেতিয়াও মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰে, সদায় কেৱল অমঙ্গলহে প্ৰচাৰ কৰে; তেওঁ যিম্লাৰ পুত্ৰ মীখায়া।” তেতিয়া যিহোচাফতে ক’লে, “মহাৰাজে যেন তেনে কথা নকওঁক।”
Então o rei d'Israel disse a Josaphat: Ainda ha um homem por quem podemos consultar ao Senhor; porém eu o aborreço; porque nunca prophetiza de mim bem, senão sempre mal; este é Micha, filho de Imla. E disse Josaphat: Não falle o rei assim
8 তেতিয়া ইস্ৰায়েলৰ ৰজাই তেওঁৰ এজন নপুংসকক আজ্ঞা দি ক’লে, “যিম্লাৰ পুত্ৰ মীখায়াক বেগাই আনাগৈ।”
Então chamou o rei d'Israel um eunucho, e disse: Traze aqui depressa a Micha filho de Imla.
9 সেই সময়ত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ যিহোচাফট ৰজাই নিজ নিজ ৰাজবস্ত্ৰ পিন্ধি, চমৰিয়াৰ প্ৰবেশ স্থানৰ ওচৰৰ এখন মুকলি ঠাইত নিজ নিজ সিংহাসনত বহি আছিল আৰু আটাই ভাববাদীসকলে তেওঁলোকৰ আগত ভাববাণী প্ৰচাৰ কৰি আছিল।
E o rei d'Israel, e Josaphat rei de Judah estavam assentados cada um no seu throno, vestidos de vestiduras, e estavam assentados na praça á entrada da porta de Samaria, e todos os prophetas prophetizavam na sua presença.
10 ১০ কনানাৰ পুত্ৰ চিদিকিয়াই নিজৰ বাবে লোহাৰ শিং এযোৰ সাজি লৈ ক’লে, “যিহোৱাই এইদৰে কৈছে: ইয়াৰ দ্বাৰাই আপুনি অৰামীয়াসকলক সংহাৰ নকৰালৈকে খুচি থাকিব।”
E Zedekias, filho de Canana, fez para si uns cornos de ferro, e disse: Assim diz o Senhor: Com estes escornearás aos syros, até de todo os consumires.
11 ১১ তাতে আন সকলো ভাববাদীসকলেও সেই দৰে ভাববাণী প্ৰচাৰ কৰি ক’লে, “আপুনি ৰামোৎ-গিলিয়দ আক্ৰমণ কৰক, তাতে আপুনি জয়ী হ’ব কিয়নো যিহোৱাই তাক মহাৰাজৰ হাতত শোধাই দিলে।”
E todos os prophetas prophetizavam o mesmo, dizendo: Sobe a Ramoth-gilead, e prosperarás; porque o Senhor a dará na mão do rei.
12 ১২ পাছত যি দূতজনে মীখায়াক মাতিবলৈ গৈছিল তেওঁ তেওঁক ক’লে, “চাওঁক, ভাববাদীসকলে একে মুখেৰে ৰজাৰ আগত মঙ্গলৰ কথা কৈছে, মই বিনয় কৰোঁ, আপোনাৰ বাক্যও তেওঁলোকৰ এজনৰ বাক্যৰ নিচিনা হওঁক; আপুনিও যেন মঙ্গলৰ বাক্য কয়৷”।
E o mensageiro, que foi chamar a Micha, lhe fallou, dizendo: Eis-que as palavras dos prophetas, a uma bocca, são boas para com o rei: seja pois tambem a tua palavra como a d'um d'elles, e falla o que é bom.
13 ১৩ তেতিয়া মীখায়াই ক’লে, “যিহোৱাৰ জীৱনৰ শপত, মোৰ ঈশ্বৰে মোক যি ক’ব, মই সেয়ে হে ক’ম।”
Porém Micha disse: Vive o Senhor, que o que meu Deus me disser, isso fallarei.
14 ১৪ যেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহিল তেতিয়া ৰজাই তেওঁক সুধিলে, “হে মীখায়া, আমি যুদ্ধ কৰিবলৈ ৰামোৎ-গিলিয়দলৈ যাম নে? নে মই ক্ষান্ত হ’ম?” তাতে তেওঁ ক’লে, “যাওঁক, আৰু আপোনালোক জয়ী হওঁক! তেওঁলোকক আপোনালোকৰ হাতত সমৰ্পণ কৰা হ’ব।”
Vindo pois ao rei, o rei lhe disse: Micha, iremos a Ramoth-gilead á guerra, ou deixal-o-hei? E elle disse: Subi, e prosperareis; e serão dados na vossa mão.
15 ১৫ তেতিয়া ৰজাই তেওঁক ক’লে, “তুমি যিহোৱাৰ নামেৰে মোক কেৱল সত্য বাক্য ক’বলৈ, মই তোমাক কিমানবাৰ শপত খুৱাম?”
E o rei lhe disse: Até quantas vezes te conjurarei, para que me não falles senão a verdade no nome do Senhor?
16 ১৬ তেতিয়া তেওঁ ক’লে, “মই গোটেই ইস্ৰায়েলক ৰখীয়া নোহোৱা মেৰৰ জাকৰ নিচিনাকৈ পৰ্বতবোৰৰ ওপৰত ছিন্ন-ভিন্ন হৈ থকা দেখিলোঁ আৰু যিহোৱাই ক’লে, ‘তেওঁলোকৰ গৰাকী নাই৷ প্ৰতি জনে নিজ নিজ ঘৰলৈ শান্তিৰে ঘূৰি যাওঁক’।”
Então disse elle: Vi a todo o Israel disperso pelos montes, como ovelhas que não teem pastor: e disse o Senhor: Estes não teem senhor; torne cada um em paz para sua casa.
17 ১৭ তেতিয়া ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “তেওঁ মোৰ বিষয়ে মঙ্গলৰ ভাববাণী প্ৰচাৰ নকৰি কেৱল অমঙ্গল হে প্ৰচাৰ কৰিব, সেই বিষয়ে জানো মই পূৰ্বেই আপোনাৰ আগত কোৱা নাই?”
Então o rei d'Israel disse a Josaphat: Não te disse eu, que este não prophetizaria de mim bem, porém mal
18 ১৮ তাতে মীখায়াই ক’লে, “বাৰু, তোমালোক সকলোৱে যিহোৱাৰ বাক্য শুনা: মই যিহোৱাক নিজ সিংহাসনত বহি থকা দেখিলোঁ আৰু তেওঁৰ সোঁফালে আৰু বাওঁফালে স্বৰ্গৰ সকলো বাহিনী থিয় হৈ আছিল।
Disse mais: Pois ouvi a palavra do Senhor: Vi ao Senhor assentado no seu throno, e a todo o exercito celestial em pé á sua mão direita, e á sua esquerda.
19 ১৯ তেতিয়া যিহোৱাই ক’লে, ‘ইস্ৰায়েলৰ আহাব ৰজা গৈ ৰামোৎ-গিলিয়দত পতিত হ’বৰ কাৰণে কোনে তেওঁক প্ৰলোভিত কৰিব?’ তেতিয়া কোনোৱে এক ভাবে আৰু আন কোনোৱে আন ভাবে উত্তৰ দিলে।
E disse o Senhor: Quem persuadirá a Achab rei d'Israel, a que suba, e caia em Ramoth-gilead? disse mais: Um diz d'esta maneira, e outro diz d'outra.
20 ২০ তেতিয়া এক আত্মাই আগলৈ ওলাই আহি যিহোৱাৰ সাক্ষাতে থিয় হৈ ক’লে, ‘মইয়ে তেওঁক প্ৰলোভিত কৰিম।’ তাতে যিহোৱাই ক’লে, ‘কেনেকৈ?’
Então saiu um espirito e se apresentou diante do Senhor, e disse: Eu o persuadirei. E o Senhor lhe disse: Com que?
21 ২১ তেওঁ ক’লে, ‘মই গৈ তেওঁৰ আটাই ভাববাদীসকলৰ মুখত মিছা কওঁতা আত্মা হম।’ তেতিয়া যিহোৱাই ক’লে, ‘হয়, তুমি তেওঁক প্ৰলোভিত কৰিবা আৰু কৃতকাৰ্য্যও হ’বা; এতিয়া ওলাই গৈ সেই দৰে কৰা।’
E elle disse: Eu sairei, e serei um espirito de mentira na bocca de todos os seus prophetas. E disse o Senhor: Tu o persuadirás, e tambem prevalecerás; sae, e faze-o assim.
22 ২২ এই হেতুকে, চোৱা, যিহোৱাই তোমাৰ এই সকলো ভাববাদীসলৰ মুখত মিছা কওঁতা এক আত্মা দিলে আৰু যিহোৱাই তোমাৰ বিষয়ে অমঙ্গলৰ কথা ক’লে।
Agora pois, eis que o Senhor enviou um espirito de mentira na bocca d'estes teus prophetas: e o Senhor fallou o mal a teu respeito.
23 ২৩ তেতিয়া কনানাৰ পুত্ৰ চিদিকিয়াই মীখায়াৰ ওচৰলৈ আহি তেওঁৰ গালত চৰ মাৰি ক’লে, “তোমাৰ লগত কথা ক’বৰ কাৰণে যিহোৱাৰ আত্মা মোৰ পৰা কোন পথেদি গ’ল?”
Então Zedekias, filho de Canana, se chegou, e feriu a Micha no queixo; e disse: Porque caminho passou de mim o Espirito do Senhor para fallar a ti?
24 ২৪ তাতে মীখায়াই ক’লে, “চোৱা, যি দিনা তুমি লুকাবৰ কাৰণে ভিতৰ কোঠালিলৈ সোমাই যাবা, সেই দিনাই সেই বিষয়ে জানিবা।”
E disse Micha: Eis que o verás n'aquelle dia, quando andares de camara em camara, para te esconderes.
25 ২৫ পাছত ইস্ৰায়েলৰ ৰজাই তেওঁৰ কিছুমান দাসক আজ্ঞা কৰিলে বোলে, “মীখায়াক ধৰি নগৰৰ অধ্যক্ষ অমোনৰ আৰু মোৰ পুত্ৰ ৰাজকোঁৱৰ যোৱাচৰ ওচৰলৈ লৈ যোৱা৷
Então disse o rei d'Israel; Tomae a Micha, e tornae a leval-o a Amon, o governador da cidade, e a Joás filho do rei.
26 ২৬ আৰু ক’বা, ‘ৰজাই এইদৰে কৈছে, এই জন ব্যক্তিক বন্দীশালত বন্ধ কৰি থ’বা আৰু মই নিৰাপদে ঘূৰি নহালৈকে তেওঁক খাবৰ বাবে সামান্য অন্ন আৰু সামান্য জল দিবা’৷”
E direis: Assim diz o rei: Mettei este homem na casa do carcere; e sustentae-o com pão de angustia, e com agua d'angustia, até que eu volte em paz.
27 ২৭ মীখায়াই ক’লে, “তুমি যদি নিৰাপদে ঘূৰি আহা, তেনেহ’লে যিহোৱাই মোৰ দ্ৱাৰাই এই বাক্য কোৱা নাই।” তেওঁ পুনৰ ক’লে, “এই বিষয়ে সকলোৱে শুনা।”
E disse Micha: Se é que tornares em paz, o Senhor não tem fallado por mim. Disse mais: Ouvi, povos todos!
28 ২৮ তাৰ পাছত ইস্ৰায়েলৰ ৰজা আহাব আৰু যিহূদাৰ ৰজা যিহোচাফটে ৰামোৎ-গিলিয়দৰ বিৰুদ্ধে উঠিল।
Subiram pois o rei d'Israel e Josaphat rei de Judah, a Ramoth-gilead.
29 ২৯ ইস্ৰায়েলৰ ৰজাই যিহোচাফটক ক’লে, “মই অন্য বেশ ধৰি যুদ্ধত যাম কিন্তু আপুনি হ’লে আপোনাৰ ৰাজ বস্ত্ৰ পিন্ধি থাকক।” তেতিয়া ইস্ৰায়েলৰ ৰজাই অন্য বেশ ধৰিলে আৰু তেওঁলোক যুদ্ধ কৰিবলৈ গ’ল।
E disse o rei d'Israel a Josaphat: Disfarçando-me eu, então entrarei na peleja; tu porém veste as tuas vestiduras. Disfarçou-se pois o rei d'Israel, e entraram na peleja.
30 ৩০ কিন্তু অৰামৰ ৰজাই তেওঁৰ ৰথৰ অধ্যক্ষসকলক এই আজ্ঞা দিছিল বোলে, তোমালোকে ইস্ৰায়েলৰ ৰজাৰ সৰু কি বৰ আন কাৰোঁ লগত যুদ্ধ নকৰিবা। কেৱল ইস্ৰায়েলৰ ৰজাক হে আটক কৰিবা৷
Deu ordem porém o rei da Syria aos capitães dos carros que tinha, dizendo: Não pelejareis nem contra pequeno, nem contra grande: senão só contra o rei d'Israel.
31 ৩১ এই হেতুকে ৰথৰ অধ্যক্ষসকলে যিহোচাফটক দেখি, “এৱেই ইস্ৰায়েলৰ ৰজা”, এই বুলি, তেওঁৰ লগত যুদ্ধ কৰিবলৈ এফলীয়া হৈ গ’ল; তাতে যিহোচাফটে আটাহ পাৰিবলৈ ধৰিলে। তাতে যিহোৱাই তেওঁক সহায় কৰিলে আৰু তেওঁৰ ওচৰৰ পৰা আঁতৰ হৈ যাবলৈ তেওঁলোকৰ মনত প্ৰবৃত্তি জন্মালে।
Succedeu pois que, vendo os capitães dos carros a Josaphat, disseram: Este é o rei d'Israel, e o cercaram para pelejarem; porém Josaphat clamou, e o Senhor o ajudou. E Deus os desviou d'elle.
32 ৩২ তেতিয়া ৰথৰ অধ্যক্ষসকলে তেওঁক ইস্ৰায়েলৰ ৰজা নহয় বুলি জানি, তেওঁৰ পাছত খেদি যাবলৈ এৰিলে।
Porque succedeu que, vendo os capitães dos carros, que não era o rei d'Israel, tornaram de seguil-o.
33 ৩৩ কিন্তু কোনো এজন লোকে তেওঁৰ ধনুৰ জোঁৰ টানি দৈবক্ৰমে ইস্ৰায়েলৰ ৰজাৰ কৱচ আৰু উদৰ-ৰক্ষাৰ জোৰতে কাড় মাৰিলে; তেতিয়া তেওঁ সাৰথিক ক’লে, “তোমাৰ হাত ঘূৰোৱা আৰু মোক এই সৈন্যৰ মাজৰ পৰা উলিয়াই লৈ যোৱা; কিয়নো মই বৰকৈ আহত হ’লো।
Então um homem armou o arco na sua simplicidade, e feriu o rei d'Israel entre as junturas e a couraça: então disse ao carreteiro: Vira a tua mão, e tira-me do exercito, porque estou mui ferido.
34 ৩৪ সেই দিনা বৰ যুদ্ধ হ’ল আৰু গধূলি নহোৱালৈকে অৰামীয়াসকলৰ আগত ইস্ৰায়েলৰ ৰজাক ৰথত থিয়কৈ ৰখাই হ’ল; আৰু প্ৰায় সূৰ্য মাৰ যোৱা সময়ত তেওঁৰ মৃত্যু হ’ল।
E aquelle dia cresceu a peleja, mas o rei d'Israel susteve-se em pé no carro defronte dos syros até á tarde; e morreu ao tempo do pôr do sol

< ২ বংশাবলি 18 >