< ২ বংশাবলি 12 >

1 যেতিয়া ৰহবিয়ামৰ ৰাজ্য প্ৰতিস্থিত আৰু তেওঁ শক্তিশালী হ’ল, তেতিয়া তেওঁ আৰু তেওঁৰে সৈতে গোটেই ইস্ৰায়েলে যিহোৱাৰ বিধি ত্যাগ কৰিলে।
ויהי כהכין מלכות רחבעם וכחזקתו עזב את תורת יהוה וכל ישראל עמו׃
2 তেতিয়া এই ঘটনা ঘটিছিল, সেয়া আছিল ৰজা ৰহবিয়ামৰ ৰাজত্ৱৰ পঞ্চম বছৰ; মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰোদ্ধ কৰিলে৷ কাৰণ তেওঁলোকে যিহোৱাৰ প্ৰতি অবিশ্ৱাসী আছিল৷
ויהי בשנה החמישית למלך רחבעם עלה שישק מלך מצרים על ירושלם כי מעלו ביהוה׃
3 তেওঁ বাৰশ ৰথ আৰু ষাঠী হাজাৰ অশ্বাৰোহী লগত লৈ আহিছিল৷ তেওঁৰ লগত মিচৰৰ পৰা লুবীয়া, চুক্কীয়া আৰু কুচীয়া লোকসকল অসংখ্যৰূপে আহিছিল।
באלף ומאתים רכב ובששים אלף פרשים ואין מספר לעם אשר באו עמו ממצרים לובים סכיים וכושים׃
4 তেওঁ গড়েৰে আবৃত থকা যিহূদাৰ নগৰবোৰ আটক কৰি যিৰূচালেমলৈ আহিছিল।
וילכד את ערי המצרות אשר ליהודה ויבא עד ירושלם׃
5 সেই সময়ত চময়িয়া ভাববাদীয়ে ৰহবিয়ামৰ ওচৰলৈ আৰু চীচকৰ ভয়ত যিৰূচালেমত গোট খোৱা যিহূদাৰ অধ্যক্ষসকলৰ ওচৰলৈ আহিল আৰু তেওঁলোকক ক’লে, “যিহোৱাই এই কথা কৈছে: ‘তোমালোকে মোক ত্যাগ কৰিলা, এই কাৰণে ময়ো তোমালোকক ত্যাগ কৰি চীচকৰ হাতত দিলোঁ’৷”
ושמעיה הנביא בא אל רחבעם ושרי יהודה אשר נאספו אל ירושלם מפני שישק ויאמר להם כה אמר יהוה אתם עזבתם אתי ואף אני עזבתי אתכם ביד שישק׃
6 তেতিয়া ইস্ৰায়েলৰ ৰাজকুমাৰ আৰু ৰজাই নিজকে নম্ৰ কৰি ক’লে, “যিহোৱা ন্যায়বান।”
ויכנעו שרי ישראל והמלך ויאמרו צדיק יהוה׃
7 তেতিয়া যিহোৱাই তেওঁলোকক নম্ৰ হোৱা দেখি চময়িয়াৰ ওচৰলৈ যিহোৱাৰ এই বাক্য আহিল, বোলে, “তেওঁলোক নম্ৰ হ’ল৷ মই তেওঁলোকক বিনষ্ট নকৰোঁ; কিন্তু অলপ সময়ৰ কাৰণেহে তেওঁলোকক উদ্ধাৰ কৰিম আৰু চীচকৰ হাতৰ দ্বাৰাই যিৰূচালেমৰ ওপৰত মোৰ ক্ৰোধ ঢলা নাযাব।
ובראות יהוה כי נכנעו היה דבר יהוה אל שמעיה לאמר נכנעו לא אשחיתם ונתתי להם כמעט לפליטה ולא תתך חמתי בירושלם ביד שישק׃
8 তথাপি তেওঁলোকে তেওঁৰ দাস হ’ব, যাতে তেওঁলোকে বুজি পায় মোক সেৱা কৰিলে কি হয় আৰু অন্য দেশীয় শাসনকর্তাক সেৱা কৰিলে কি হয়৷”
כי יהיו לו לעבדים וידעו עבודתי ועבודת ממלכות הארצות׃
9 পাছত মিচৰৰ ৰজা চীচকে যিৰূচালেমৰ বিৰুদ্ধে আহিল আৰু যিহোৱাৰ গৃহৰ লগতে ৰাজ গৃহত সাঁচি থোৱা বস্তুবোৰ লৈ গ’ল৷ তেওঁ সকলোকে নিলে আৰু চলোমনে সজোৱা সোণৰ ঢালবোৰো লৈ গ’ল।
ויעל שישק מלך מצרים על ירושלם ויקח את אצרות בית יהוה ואת אצרות בית המלך את הכל לקח ויקח את מגני הזהב אשר עשה שלמה׃
10 ১০ তেতিয়া ৰজা ৰহবিয়ামে সেইবোৰৰ সলনি পিতলৰ ঢাল সাজিলে আৰু ৰাজ গৃহৰ দুৱাৰ ৰখীয়া প্ৰহৰীবোৰৰ অধ্যক্ষসকলৰ হাতত শোধাই দিলে।
ויעש המלך רחבעם תחתיהם מגני נחשת והפקיד על יד שרי הרצים השמרים פתח בית המלך׃
11 ১১ এইদৰে ৰজা যেতিয়া যিহোৱাৰ গৃহলৈ আহে, তেতিয়া প্ৰহৰীবোৰে সেই ঢালবোৰ উলিয়াই আনে; পাছত পুনৰ প্ৰহৰীৰ কোঁঠাত সেইবোৰ থৈ দিয়ে৷
ויהי מדי בוא המלך בית יהוה באו הרצים ונשאום והשבום אל תא הרצים׃
12 ১২ ৰহবিয়াম নম্ৰ হোৱাৰ পাছত যিহোৱাৰ ক্ৰোধ ক্ষান্ত হ’ল৷ তেওঁ ৰহবিয়ামক সম্পূৰ্ণৰূপে বিনষ্ট নকৰিলে; আনহাতে যিহূদাৰ মাজতো লোকৰ সদ্ভাৱ আছিল।
ובהכנעו שב ממנו אף יהוה ולא להשחית לכלה וגם ביהודה היה דברים טובים׃
13 ১৩ ক্রমশঃ ৰজা ৰহবিয়ামে যিৰূচালেমত তেওঁৰ ৰাজপদ শক্তিশালী কৰি, ৰাজত্ব কৰিবলৈ ধৰিলে। যেতিয়া ৰহবিয়ামৰ বয়স একচল্লিশ বছৰ আছিল, তেতিয়া ৰাজত্ব কৰিবলৈ লৈছিল। তেওঁ যিৰূচালেমত সোঁতৰ বছৰ ৰাজত্ব কৰিছিল। যিহোৱাই নিজ নাম স্থাপন কৰিবৰ বাবে ইস্ৰায়েলৰ সকলো ফৈদৰ মাজৰ পৰা তেওঁক মনোনীত কৰিছিল। তেওঁৰ মাকৰ নাম নয়মা আছিল, তেওঁ অম্মোনীয়া আছিল।
ויתחזק המלך רחבעם בירושלם וימלך כי בן ארבעים ואחת שנה רחבעם במלכו ושבע עשרה שנה מלך בירושלם העיר אשר בחר יהוה לשום את שמו שם מכל שבטי ישראל ושם אמו נעמה העמנית׃
14 ১৪ কিন্তু তেওঁ কু-আচৰণ কৰিছিল, কিয়নো তেওঁ যিহোৱাক বিচাৰ কৰিবলৈ নিজৰ মন স্থিৰ কৰা নাছিল।
ויעש הרע כי לא הכין לבו לדרוש את יהוה׃
15 ১৫ ৰহবিয়ামে যি যি কৰিছিল, সেই সকলো বিষয় প্ৰথমৰ পৰা শেষলৈকে চময়িয়া ভাববাদী আৰু ইদ্দো দৰ্শকৰ ইতিহাস পুস্তক দুখনত বংশাৱলীসহ সবিশেষ লিখা আছে। ৰহবিয়াম আৰু যাৰবিয়ামৰ মাজত সদায় যুদ্ধ লাগি আছিল।
ודברי רחבעם הראשנים והאחרונים הלא הם כתובים בדברי שמעיה הנביא ועדו החזה להתיחש ומלחמות רחבעם וירבעם כל הימים׃
16 ১৬ পাছত ৰহবিয়ামে তেওঁৰ পূর্ব-পুৰুষসকলৰ লগত নিদ্ৰিত হ’ল আৰু দায়ূদৰ নগৰত তেওঁক মৈদাম দিয়া হ’ল; তেতিয়া তেওঁৰ পুত্ৰ অবিয়া তেওঁৰ পদত ৰজা হ’ল।
וישכב רחבעם עם אבתיו ויקבר בעיר דויד וימלך אביה בנו תחתיו׃

< ২ বংশাবলি 12 >