< ২ বংশাবলি 11 >

1 ৰহবিয়ামে যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া ৰহবিয়ামে ৰাজ্য পুনৰাই নিজৰ অধীনলৈ আনিবৰ বাবে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰিবৰ বাবে যিহূদা আৰু বিন্যামীন গোষ্ঠীৰ পৰা এক লাখ আশী হাজাৰ মনোনীত সৈনিক গোটালে।
А кад дође Ровоам у Јерусалим, сазва дом Јудин и Венијаминов, сто и осамдесет хиљада одабраних војника, да зарате на Израиља да поврате царство Ровоаму.
2 কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল, বোলে,
Али дође реч Господња Семаји, човеку Божјем, говорећи:
3 “তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক আৰু যিহূদা ও বিন্যামীনত থকা গোটেই ইস্ৰায়েলক কোৱা,
Кажи Ровоаму сину Соломуновом, цару Јудином и свим синовима Израиљевим од Јуде и Венијамина, и реци:
4 ‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ ভাইসকলৰ বিৰুদ্ধে যুদ্ধ নকৰিবা৷ প্ৰতিজনে নিজ নিজ ঘৰলৈ ঘূৰি যাব লাগিব কিয়নো মোৰ দ্বাৰাইহে এই কথা হৈছে’৷” তেতিয়া তেওঁলোকে যিহোৱাৰ বাক্যলৈ কাণ দিলে আৰু যাৰবিয়ামৰ বিৰুদ্ধে যুদ্ধ কৰিবলৈ যোৱাৰ পৰা উভতি গ’ল।
Овако вели Господ: Не идите и не бијте се с браћом својом, вратите се свак к својој кући, јер сам ја наредио да тако буде. И они послушаше реч Господњу и вратише се и не идоше на Јеровоама.
5 ৰহবিয়ামে যিৰূচালেমত বাস কৰি দেশ ৰক্ষাৰ অৰ্থে যিহূদাত নানা নগৰ সাজিলে।
И Ровоам седе у Јерусалиму, и сазида тврде градове у земљи Јудиној;
6 তেওঁ বৈৎলেহেম, এটম, তকোৱা,
Сазида Витлејем и Итам и Текују,
7 বৈৎ-চুৰ, চোকো, অদুল্লম,
И Вет-Сур и Сохот и Одолам,
8 গাত, মাৰেচা, জীফ,
И Гат и Марису и Зиф,
9 অদোৰয়িম, লাখীচ, অজেকা,
И Адораим и Ахис и Азику,
10 ১০ চৰা, অয়ালোন, হিব্ৰোণ আদি যিহূদাত আৰু বিন্যামীনত থকা এইবোৰ নগৰ গড়েৰে আবৃত কৰি সুসজ্জিত কৰিলে।
И Сарају и Ејалон и Хеврон који је у земљи Јудиној и Венијаминовој тврди градови.
11 ১১ তেওঁ এই আটাইবোৰ দুৰ্গ সুসজ্জিত কৰি, সেই বোৰৰ মাজত সেনাপতিসকলক ৰাখিলে আৰু খোৱা বস্তু, তেল আৰু দ্ৰাক্ষাৰসৰ ভঁৰাল পাতিলে।
А кад утврди те градове, намести у њима заповеднике, и стаје за жито и за уље и за вино,
12 ১২ তেওঁ প্ৰত্যেক নগৰত ঢাল আৰু বৰচা ৰাখিলে আৰু নগৰবোৰ অতি সুসজ্জিত কৰিলে। যিহূদা আৰু বিন্যামীন তেওঁৰ অধীনত আছিল।
И у сваком граду штитова и копаља, и утврди их јако. Тако његов беше Јуда и Венијамин.
13 ১৩ গোটেই ইস্ৰায়েলৰ মাজত যি যি পুৰোহিত আৰু লেবীয়াসকল আছিল, তেওঁলোকে তেওঁলোকৰ সকলো অঞ্চলৰ পৰা তেওঁৰ ওচৰলৈ আহিল।
И свештеници и Левити, који беху по свему Израиљу, сабраше се к њему из свих крајева својих.
14 ১৪ কিয়নো লেবীয়াসকলে নিজ নিজ চৰণীয়া ঠাই আৰু নিজ নিজ উত্তৰাধীকাৰ এৰি যিহূদা আৰু যিৰূচালেমলৈ আহিল কিয়নো যাৰবিয়াম আৰু তেওঁৰ পুত্ৰসকলে তেওঁলোকক যিহোৱাৰ উদ্দেশ্যে পুৰোহিতৰ কৰ্ম কৰিবলৈ নিদি তেওঁলোকক খেদি দিছিল৷
Јер оставише Левити подграђа своја и достојања своја, и отидоше у јудејску и у Јерусалим, јер их отера Јеровоам и синови његови да не врше службе свештеничке Господу.
15 ১৫ যাৰবিয়ামে তেওঁৰ নিজৰ কাৰণে নিজে সজা দামুৰি আৰু ছাগলীৰ প্ৰতিমা আৰু তাৰ বাবে পুৰোহিতসকলক পবিত্ৰ ঠাইবোৰৰ কাৰণে নিযুক্ত কৰিছিল।
И постави себи свештенике за висине и за ђаволе и за теоце, које начини.
16 ১৬ ইস্ৰায়েলৰ সকলো ফৈদৰ লোকসকলৰ মাজত, যিসকলৰ ঈশ্বৰ যিহোৱাক বিচাৰিবৰ মন আছিল, তেওঁলোকে লেবীয়াসকলৰ অনুগামী হৈ তেওঁলোকৰ ওপৰ পিতৃসকলৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবলৈ যিৰূচালেমলৈ আহিল।
А за њима из свих племена Израиљевих који управише срце своје да траже Господа Бога Израиљевог, дођоше у Јерусалим да принесу жртву Господу Богу отаца својих.
17 ১৭ এইদৰে তেওঁলোকে তিনি বছৰলৈকে যিহূদাৰ ৰাজ্য শক্তিশালী কৰিলে আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামক সবল কৰিলে - কিয়নো তিনি বছৰলৈকে তেওঁলোকে দায়ুদ আৰু চলোমনৰ পথত চলিছিল।
И тако утврдише царство Јудино, и укрепише Ровоама сина Соломуновог за три године, јер за те три године хођаху путем Давидовим и Соломуновим.
18 ১৮ ৰহবিয়ামে দায়ূদৰ পুত্ৰ যিৰিমোতৰ জীয়েক মহলতক বিয়া কৰিলে। যিচয়ৰ পুত্ৰ ইলীয়াবৰ জীয়েক অবিহয়িল তাইৰ মাক আছিল।
А Ровоам се ожени Маелетом, кћерју Јеримота сина Давидовог и Авихаилом, кћерју Есијава сина Јесејевог,
19 ১৯ সেই মহিলা মহলতে যিয়ুচ, চমৰিয়া আৰু জহম, এইকেইজন পুত্ৰ তেওঁলৈ প্ৰসৱ কৰিলে।
Која му роди синове: Јеуса и Самарију и Зама.
20 ২০ মহলতৰ পাছত তেওঁ অবচালোমৰ জীয়েক মাখাক বিয়া কৰিলে; এই মহিলা মাথাই তেওঁলৈ অবিয়া, অত্তয়, জীজা আৰু চলোমীতক প্ৰসৱ কৰিলে।
А после ње ожени се Махом кћерју Авесаломовом, која му роди Авију и Атаја и Зиву и Селомита.
21 ২১ ৰহবিয়ামে তেওঁৰ সকলো পত্নী আৰু উপপত্নীৰ মাজত অবচালোমৰ জীয়েক মাখাক সকলোতকৈ ভাল পাইছিল কিয়নো তেওঁৰ ওঠৰ গৰাকী পত্নী আৰু ষাঠী গৰাকী উপপত্নী গ্ৰহণ কৰিছিল; আৰু আঠাইশজন পুতেক আৰু ষাঠিজন জীয়েকৰ পিতৃ হৈছিল৷
А љубљаше Ровоам Маху кћер Авесаломову већма од свих жена својих и иноча својих; јер имаше осамнаест жена и шездесет иноча, и роди двадесет и осам синова и шездесет кћери.
22 ২২ পাছত ৰহবিয়ামে মাখাৰ পুত্ৰ অবিয়াক প্ৰধান অৰ্থাৎ নিজৰ ভাইসকলৰ মাজত অধ্যক্ষ পাতিলে; কিয়নো তেওঁক ৰজা পাতিবলৈ তেওঁ মন কৰিছিল।
И Ровоам постави Авију, сина Машиног, поглаваром и кнезом над браћом његовом, јер га хтеде поставити царем.
23 ২৩ ৰহবিয়ামে জ্ঞানেৰে ৰাজত্ৱ কৰিলে; যিহূদা আৰু বিন্যামীন দেশৰ সকলোফালে, তেওঁৰ সকলো পুত্ৰসকলক, গড়েৰে আবৃত থকা প্ৰত্যেক নগৰত বেলেগ বেলেগকৈ নিযুক্ত কৰিলে; আৰু তেওঁলোকক অধিক খোৱা বস্তু দিলে আৰু তেওঁলোকৰ বাবে অনেক পত্নী বিচাৰি দিলে৷
И мудро радећи растури све синове своје по свим крајевима Јудиним и Венијаминовим, по свим тврдим градовима, и даде им хране изобила, и доведе им много жена.

< ২ বংশাবলি 11 >