< ১ তীমথিয় 5 >

1 বৃদ্ধ সকলৰ প্রতি কটুবাক্য ব্যৱহাৰ নকৰিবা, কিন্তু তেওঁলোকক পিতৃৰ নিচিনাকৈ, ডেকা সকলক ভাইৰ নিচিনাকৈ উৎসাহিত কৰিবা৷
πρεσβυτερω μη επιπληξησ αλλα παρακαλει ωσ πατερα νεωτερουσ ωσ αδελφουσ
2 বৃদ্ধা মহিলা সকলক মাতৃৰ নিচিনাকৈ আৰু যুৱতী সকলক সম্পূর্ণ শুদ্ধতাৰে ভনীৰ নিচিনাকৈ বিনয় কৰিবা।
πρεσβυτερασ ωσ μητερασ νεωτερασ ωσ αδελφασ εν παση αγνεια
3 যি সকল প্ৰকৃত বিধৱা, সঁচাই অকলশৰীয়া সেই সকলক সমাদৰ কৰিবা।
χηρασ τιμα τασ οντωσ χηρασ
4 কিন্তু যদি কোনো বিধৱাৰ সন্তান বা নাতি-নাতিনী থাকে, তেনেহলে তেওঁলোকে প্ৰথমে নিজৰ ঘৰৰ লোক সকলৰ প্রতি শ্রদ্ধা-ভক্তি দেখুৱাবলৈ আৰু নিজ পিতৃ-মাতৃৰ প্ৰতি উপকাৰ কৰিবলৈ শিকক, কিয়নো এয়ে ঈশ্বৰৰ দৃষ্টিত গ্ৰহণীয়।
ει δε τισ χηρα τεκνα η εκγονα εχει μανθανετωσαν πρωτον τον ιδιον οικον ευσεβειν και αμοιβασ αποδιδοναι τοισ προγονοισ τουτο γαρ εστιν αποδεκτον ενωπιον του θεου
5 কিন্তু যি গৰাকী প্ৰকৃত বিধৱা আৰু অকলশৰীয়া, তেওঁ ঈশ্বৰত কৰা বিশ্ৱাস সুনিশ্চিত ৰাখি, ৰাতিয়ে-দিনে নিবেদন আৰু প্ৰাৰ্থনাত আসক্ত থাকক।
η δε οντωσ χηρα και μεμονωμενη ηλπικεν επι τον θεον και προσμενει ταισ δεησεσιν και ταισ προσευχαισ νυκτοσ και ημερασ
6 কিন্তু যি গৰাকী ইন্দ্ৰিয় সুখত মগ্ন থাকে, তেওঁ জীয়াই থাকিও মৰা।
η δε σπαταλωσα ζωσα τεθνηκεν
7 এইবোৰৰ বিষয়ে তুমি আদেশ দিবা, যাতে তেওঁলোক নিৰ্দোষী হয়।
και ταυτα παραγγελλε ινα ανεπιληπτοι ωσιν
8 কিন্তু কোনোৱে যদি আপোন লোকৰ, বিশেষকৈ নিজৰ ঘৰৰ পৰিয়ালৰ বাবে চিন্তা নকৰে, তেনেহলে তেওঁ বিশ্বাস অস্বীকাৰ কৰিলে আৰু এজন অবিশ্বাসী লোকতকৈয়ো অধম হ’ল।
ει δε τισ των ιδιων και μαλιστα των οικειων ου προνοει την πιστιν ηρνηται και εστιν απιστου χειρων
9 এগৰাকী বিধৱা বুলি এনে মহিলা সকলৰ নাম তালিকাভুক্ত হওক: যি গৰাকীৰ বয়স ষাঠিতকৈ কম নহয় আৰু তেওঁ এজন স্বামীৰ ভার্যা আছিল।
χηρα καταλεγεσθω μη ελαττον ετων εξηκοντα γεγονυια ενοσ ανδροσ γυνη
10 ১০ তেওঁৰ এনেবোৰ সৎকামৰ কাৰণে সুনাম থকা উচিত; অৰ্থাৎ যদি তেওঁ সন্তানবোৰক লালন-পালন কৰি থাকে, আলহী সুধি থাকে, পবিত্ৰ লোক সকলৰ ভৰি ধুৱাই থাকে, ক্লেশ পোৱাবোৰৰ উপকাৰ কৰে, আৰু সকলো সৎ কৰ্মৰ অনুগামী হৈ থাকে, এই সকলো সৎকৰ্মৰ বাবে সেই জনীয়ে সুখ্যাতি পোৱা উচিত৷
εν εργοισ καλοισ μαρτυρουμενη ει ετεκνοτροφησεν ει εξενοδοχησεν ει αγιων ποδασ ενιψεν ει θλιβομενοισ επηρκεσεν ει παντι εργω αγαθω επηκολουθησεν
11 ১১ কিন্তু যুৱতী বিধৱা সকলক গ্ৰহণ নকৰিবা, কিয়নো তেওঁলোকে ইন্দ্রিয়-সুখাভিলাষিনী হৈ খ্রীষ্টৰ বিৰুদ্ধে গৈ বিয়া হবলৈ ইচ্ছা কৰিব।
νεωτερασ δε χηρασ παραιτου οταν γαρ καταστρηνιασωσιν του χριστου γαμειν θελουσιν
12 ১২ এইদৰে তেওঁলোকে পূৰ্বৰ শপত প্রত্যাহাৰ কৰাৰ কাৰণে পাপত আৱদ্ধ হয়।
εχουσαι κριμα οτι την πρωτην πιστιν ηθετησαν
13 ১৩ ইয়াৰ উপৰি তেওঁলোকে ঘৰে ঘৰে ঘূৰি ফুৰি অকর্মন্য হৈ পৰে আৰু মাত্ৰ অকৰ্মন্যই নহয়, পৰচৰ্চা আৰু লোকৰ কামত হস্তক্ষেপ কৰি, অনৰ্থক কথাবোৰ কবলৈ শিকে, এইবোৰ তেওঁলোকে কৰা উচিত নহয়।
αμα δε και αργαι μανθανουσιν περιερχομεναι τασ οικιασ ου μονον δε αργαι αλλα και φλυαροι και περιεργοι λαλουσαι τα μη δεοντα
14 ১৪ এতেকে মোৰ আজ্ঞা এই যে, যুৱতী বিধৱা সকলে তিৰস্কাৰৰ অর্থে বিপক্ষক কোনো সুযোগ নিদিবৰ বাবে তেওঁলোকে পুণৰ বিয়া কৰাওক, সন্তানৰ মাক হওক, আৰু ঘৰ-সংসাৰ কৰক।
βουλομαι ουν νεωτερασ γαμειν τεκνογονειν οικοδεσποτειν μηδεμιαν αφορμην διδοναι τω αντικειμενω λοιδοριασ χαριν
15 ১৫ কিয়নো ইতিমধ্যে কোনো কোনোৱে এনেদৰে চয়তানৰ পাছত বিপথে গ’ল।
ηδη γαρ τινεσ εξετραπησαν οπισω του σατανα
16 ১৬ যদি কোনো বিশ্বাসী মহিলাৰ মাজত বিধৱা সকল থাকে, তেনেহলে মণ্ডলীক ভাৰগ্রস্ত নকৰি তেৱেঁই সেই সকলৰ উপকাৰ কৰক যাতে মণ্ডলীয়ে স্বৰূপ বিধৱা সকলক সাহায্য কৰিব পাৰে।
ει τισ πιστοσ η πιστη εχει χηρασ επαρκειτω αυταισ και μη βαρεισθω η εκκλησια ινα ταισ οντωσ χηραισ επαρκεση
17 ১৭ যি যি পৰিচাৰক সকলে উত্তমৰূপে পৰিচালনা কৰে, বিশেষকৈ যি সকলে বাক্য আৰু শিক্ষাত পৰিশ্ৰম কৰে, তেওঁলোক দুগুণ সমাদৰৰ যোগ্য-পাত্ৰ বুলি গণিত হওক।
οι καλωσ προεστωτεσ πρεσβυτεροι διπλησ τιμησ αξιουσθωσαν μαλιστα οι κοπιωντεσ εν λογω και διδασκαλια
18 ১৮ কিয়নো ধৰ্মশাস্ত্ৰত কৈছে “মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিবা” আৰু “বনুৱা নিজ বেচৰ যোগ্য।”
λεγει γαρ η γραφη βουν αλοωντα ου φιμωσεισ και αξιοσ ο εργατησ του μισθου αυτου
19 ১৯ পৰিচাৰক সকলৰ বিৰুদ্ধে অহা অপবাদ দুই তিনি জন সাক্ষী নহলে গ্ৰহন নকৰিবা।
κατα πρεσβυτερου κατηγοριαν μη παραδεχου εκτοσ ει μη επι δυο η τριων μαρτυρων
20 ২০ আনবোৰে যেন ভয় কৰে, এই কাৰণে পাপী সকলক সকলোৰে আগত তিৰস্কাৰ কৰিবা।
τουσ αμαρτανοντασ ενωπιον παντων ελεγχε ινα και οι λοιποι φοβον εχωσιν
21 ২১ ঈশ্বৰ, খ্ৰীষ্ট যীচু আৰু মনোনীত দূত সকলৰ সাক্ষাতে মই তোমাক এইবোৰ বিধান মানি চলিবলৈ দৃঢ় আজ্ঞা দিছোঁ৷ কিন্তু সম্পূর্ণ সত্য নজনাকৈ তুমি কোনো বিচাৰ নকৰিবা আৰু পক্ষপাতেৰে একো নকৰিবা।।
διαμαρτυρομαι ενωπιον του θεου και κυριου ιησου χριστου και των εκλεκτων αγγελων ινα ταυτα φυλαξησ χωρισ προκριματοσ μηδεν ποιων κατα προσκλησιν
22 ২২ কাৰো ওপৰত হঠাতে হাত নিদিবা আৰু অন্য লোকৰ পাপৰ অংশীদাৰ নহ’বা৷ নিজকে নিৰ্দোষী কৰি ৰাখিবা।
χειρασ ταχεωσ μηδενι επιτιθει μηδε κοινωνει αμαρτιαισ αλλοτριαισ σεαυτον αγνον τηρει
23 ২৩ তুমি কেৱল পানী নাখাবা, কিন্তু তোমাৰ পেটৰ কাৰণে আৰু সঘনাই হৈ থকা অসুখৰ কাৰণে অলপ দ্ৰাক্ষাৰস পান কৰিবা।
μηκετι υδροποτει αλλ οινω ολιγω χρω δια τον στομαχον σου και τασ πυκνασ σου ασθενειασ
24 ২৪ কোনো কোনো মানুহৰ পাপ সুস্পষ্ট আৰু বিচাৰ-পথত অগ্ৰগামী হয় আৰু কোনো কোনো লোকৰ পাপ পাছত স্পষ্ট হয়৷
τινων ανθρωπων αι αμαρτιαι προδηλοι εισιν προαγουσαι εισ κρισιν τισιν δε και επακολουθουσιν
25 ২৫ ঠিক সেইদৰে মানুহৰ সৎ কর্মবোৰো সহজে প্রকাশ পায়। যদিও সেইবোৰৰ কিছুমান স্পষ্ট ৰূপত দেখা পোৱা নাযায়, তথাপি সেইবোৰক চিৰদিনৰ বাবে গুপ্ত কৰি ৰাখিব নোৱাৰি।
ωσαυτωσ και τα καλα εργα προδηλα εστιν και τα αλλωσ εχοντα κρυβηναι ου δυνανται

< ১ তীমথিয় 5 >