< ১ তীমথিয় 4 >

1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
Nísinsin yìí, èmi ń tẹnumọ́ ọ́ pé ní ìgbà ìkẹyìn àwọn mìíràn yóò kúrò nínú ìgbàgbọ́, wọn yóò máa fiyèsí àwọn ẹ̀mí tí ń tannijẹ, àti ẹ̀kọ́ àwọn ẹ̀mí èṣù.
2 কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
Nípa àgàbàgebè àwọn tí ń ṣèké, àwọn tí ọkàn tìkára wọn dàbí èyí tí a fi irin gbígbóná jó.
3 এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
Àwọn tí ń dánilẹ́kun láti gbéyàwó tiwọn si ń pàṣẹ láti ka èèwọ̀ oúnjẹ ti Ọlọ́run ti dá fún ìtẹ́wọ́gbà pẹ̀lú ọpẹ́ àwọn onígbàgbọ́ àti àwọn ti ó mọ òtítọ́.
4 কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
Nítorí gbogbo ohun ti Ọlọ́run dá ni ó dára, kò sí ọkàn tí ó yẹ kí a kọ̀, bí a bá fi ọpẹ́ gbà á.
5 যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
Nítorí tí a fi ọ̀rọ̀ Ọlọ́run àti àdúrà yà sí mímọ́.
6 এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
Bí ìwọ bá ń rán àwọn ará létí nǹkan wọ̀nyí, ìwọ ó jẹ́ ìránṣẹ́ rere ti Kristi Jesu, tí a fi ọ̀rọ̀ ìgbàgbọ́ àti ẹ̀kọ́ rere bọ́, èyí ti ìwọ ti ń tẹ̀lé.
7 কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
Ṣùgbọ́n kọ ọ̀rọ̀ asán àti ìtàn àwọn àgbà obìnrin, sì máa tọ́ ara rẹ sí ìwà-bí-Ọlọ́run.
8 কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
Nítorí ṣíṣe eré-ìdárayá ni èrè fún ohun díẹ̀, ṣùgbọ́n ìwà-bí-Ọlọ́run ni èrè fún ohun gbogbo, ó ní ìlérí ti ìgbé ayé ìsinsin yìí àti ti èyí tí ń bọ̀.
9 এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
Òtítọ́ ni ọ̀rọ̀ náà, ó sì yẹ fún ìtẹ́wọ́gbà gbogbo.
10 ১০ কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ।
Nítorí fún èyí ni àwa ń ṣe làálàá tí a sì ń jìjàkadì, nítorí àwa ní ìrètí nínú Ọlọ́run alààyè, ẹni tí í ṣe Olùgbàlà gbogbo ènìyàn, pẹ̀lúpẹ̀lú ti àwọn ti ó gbàgbọ́.
11 ১১ তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা।
Nǹkan wọ̀nyí ni kí ó máa paláṣẹ kí ó máa kọ́ni.
12 ১২ তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
Má ṣe jẹ́ kí ẹnikẹ́ni gan ìgbà èwe rẹ; ṣùgbọ́n kì ìwọ jẹ́ àpẹẹrẹ fún àwọn tí ó gbàgbọ́, nínú ọ̀rọ̀, nínú ìwà híhù, nínú ìfẹ́, nínú ẹ̀mí, nínú ìgbàgbọ́, nínú ìwà mímọ́.
13 ১৩ মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা।
Títí èmi ó fi dé, máa fiyèsí kíkàwé àti ìgbaniníyànjú àti ìkọ́ni.
14 ১৪ যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
Má ṣe àìnání ẹ̀bùn tí ń bẹ lára rẹ, èyí tí a fi fún ọ nípa ìsọtẹ́lẹ̀ pẹ̀lú ìgbọ́wọ́lé àwọn alàgbà.
15 ১৫ এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব।
Máa fiyèsí nǹkan wọ̀nyí; fi ara rẹ fún wọn pátápátá; kí ìlọsíwájú rẹ lè hàn gbangba fún gbogbo ènìyàn.
16 ১৬ তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।
Máa ṣe ìtọ́jú ará rẹ àti ẹ̀kọ́ rẹ; máa dúró láìyẹsẹ̀ nínú nǹkan wọ̀nyí; nítorí ní ṣíṣe èyí, ìwọ ó gba ara rẹ àti tí àwọn ti ń gbọ́ ọ̀rọ̀ rẹ là.

< ১ তীমথিয় 4 >