< ১ তীমথিয় 4 >

1 পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
το δε πνευμα ρητως λεγει οτι εν υστεροις καιροις αποστησονται τινες της πιστεως προσεχοντες πνευμασιν πλανοις και διδασκαλιαις δαιμονιων
2 কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
εν υποκρισει ψευδολογων κεκαυτηριασμενων την ιδιαν συνειδησιν
3 এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
κωλυοντων γαμειν απεχεσθαι βρωματων α ο θεος εκτισεν εις μεταληψιν μετα ευχαριστιας τοις πιστοις και επεγνωκοσιν την αληθειαν
4 কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
οτι παν κτισμα θεου καλον και ουδεν αποβλητον μετα ευχαριστιας λαμβανομενον
5 যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
αγιαζεται γαρ δια λογου θεου και εντευξεως
6 এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
ταυτα υποτιθεμενος τοις αδελφοις καλος εση διακονος ιησου χριστου εντρεφομενος τοις λογοις της πιστεως και της καλης διδασκαλιας η παρηκολουθηκας
7 কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
τους δε βεβηλους και γραωδεις μυθους παραιτου γυμναζε δε σεαυτον προς ευσεβειαν
8 কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
η γαρ σωματικη γυμνασια προς ολιγον εστιν ωφελιμος η δε ευσεβεια προς παντα ωφελιμος εστιν επαγγελιαν εχουσα ζωης της νυν και της μελλουσης
9 এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
πιστος ο λογος και πασης αποδοχης αξιος
10 ১০ কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ।
εις τουτο γαρ και κοπιωμεν και ονειδιζομεθα οτι ηλπικαμεν επι θεω ζωντι ος εστιν σωτηρ παντων ανθρωπων μαλιστα πιστων
11 ১১ তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা।
παραγγελλε ταυτα και διδασκε
12 ১২ তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
μηδεις σου της νεοτητος καταφρονειτω αλλα τυπος γινου των πιστων εν λογω εν αναστροφη εν αγαπη εν πνευματι εν πιστει εν αγνεια
13 ১৩ মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা।
εως ερχομαι προσεχε τη αναγνωσει τη παρακλησει τη διδασκαλια
14 ১৪ যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
μη αμελει του εν σοι χαρισματος ο εδοθη σοι δια προφητειας μετα επιθεσεως των χειρων του πρεσβυτεριου
15 ১৫ এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব।
ταυτα μελετα εν τουτοις ισθι ινα σου η προκοπη φανερα η εν πασιν
16 ১৬ তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।
επεχε σεαυτω και τη διδασκαλια επιμενε αυτοις τουτο γαρ ποιων και σεαυτον σωσεις και τους ακουοντας σου

< ১ তীমথিয় 4 >