< ১ তীমথিয় 4 >
1 ১ পবিত্ৰ আত্মাই স্পষ্টকৈ কৈছে যে, আহিবলগীয়া দিনত কিছুমান মানুহ বিশ্বাসৰ পৰা আতৰি গৈ ভ্ৰান্তিজনক আত্মাত আৰু ভূতবোৰৰ শিক্ষাত তেওঁলোকে মনযোগ দিব,
Der Geist sagt aber ausdrücklich, daß in künftigen Zeiten etliche vom Glauben abfallen werden, die sich halten an trügerische Geister und Lehren der Dämonen,
2 ২ কপট অাচৰণেৰে মিছা কথা কোৱা সকলৰ দ্বাৰাই এইবোৰ শিক্ষা দিয়া হব৷ এনে লোক সকলে নিজৰ বিবেকৰ বিৰুদ্ধে তপত লোৰ দাগ দি নিজক অসাৰ কৰে৷
auf das Vorspiegeln von Lügenrednern, die das Brandmal im Gewissen haben,
3 ৩ এনে মিছলীয়াবোৰে বিয়া কৰাবলৈ নিষেধ কৰে আৰু কিছুমান খাদ্যও খাবলৈ নিষেধ কৰে, কিন্তু যি খাদ্য ঈশ্বৰে স্ৰজন কৰিছে; সেই খাদ্য যি সকলে সত্যক জানি বিশ্বাস কৰিলে, তেওঁলোকে ঈশ্বৰক ধন্যবাদ দি গ্ৰহণ কৰিব পাৰে৷
die da verbieten zu heiraten, und Speisen zu genießen, die doch Gott geschaffen hat zum Genuß mit Danksagung, für die Gläubigen, welche die Wahrheit erkannt haben.
4 ৪ কিয়নো ঈশ্বৰৰ সৃষ্ট সকলো বস্তুৱেই উত্তম আৰু ধন্যবাদেৰে সৈতে গ্ৰহণ কৰিলে, একোৱেই অগ্ৰাহ্য নহয়,
Denn alles Geschöpf Gottes ist gut und nichts verwerflich, was mit Danksagung empfangen wird;
5 ৫ যিহেতু ঈশ্বৰৰ বাক্য আৰু প্ৰাৰ্থনাৰ দ্বাৰাই সকলোকে পবিত্ৰ কৰা হয়।
denn es wird geheiligt durch Wort Gottes und Gebet.
6 ৬ এই সকলো কথা ভাই সকলক মনত পেলাই দিলে, তুমি খ্ৰীষ্ট যীচুৰ এজন উত্তম পৰিচাৰক হবা৷ কাৰণ বিশ্বাসৰ বাক্য আৰু উত্তম শিক্ষাৰ অনুকাৰী হৈ তুমি প্ৰতিপালিত হৈছা৷
Wenn du das den Brüdern vorstellst, wirst du ein rechter Gehilfe Christus Jesus' sein, dich nährend an den Worten des Glaubens und der rechten Lehre, der du dich angeschlossen hast.
7 ৭ কিন্তু নিন্দাযুক্ত, অপবিত্ৰ আৰু বুঢ়ী মানুহৰ অনৰ্থক গল্প-কথাত মন নিদি, ভক্তিত নিপুণ হবলৈ অভ্যাস কৰিবা।
Die verwerflichen Altweiberfabeln aber weise ab. Dagegen übe dich für die Gottseligkeit.
8 ৮ কিয়নো শৰীৰচর্চ্চাই কেৱল অলপহে উপকাৰ কৰে, কিন্তু ভক্তি সকলো বিষয়ত লাভজনক, কাৰণ সেয়ে বৰ্ত্তমান আৰু ভবিষ্যত জীৱনৰ আয়ুস লাভৰ নিশ্চয়তা প্রদান কৰে।
Die Leibliche Uebung ist wenig nütze; die Gottseligkeit aber ist zu allen Dingen nütze, da sie die Verheißung des jetzigen und des zukünftigen Lebens hat.
9 ৯ এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহন কৰিব পৰা, সম্পূর্ণ উপযোগী।
Bewährt ist das Wort und aller Annahme wert;
10 ১০ কিয়নো এই আশয়েৰেই আমি পৰিশ্ৰম কৰোঁ আৰু প্ৰাণপণে কষ্ট কৰোঁ৷ কাৰণ যি জন সকলো লোকৰ, বিশেষকৈ বিশ্বাসী সকলৰ ত্ৰাণকর্তা, সেই জীৱনময় ঈশ্বৰৰ ওপৰত আমি ভাৰসা কৰোঁ।
denn dafür mühen wir uns und kämpfen wir, daß wir unsere Hoffnung gesetzt haben auf den lebendigen Gott, der da ist ein Heiland aller Menschen, zumeist der Gläubigen.
11 ১১ তুমি এইবোৰ কথা আজ্ঞা দিয়া আৰু শিকোৱা।
Das sollst du befehlen und lehren.
12 ১২ তোমাৰ অলপ বয়সক হেয়জ্ঞান কৰিবলৈ কাকো নিদিবা; কিন্তু তুমি বাক্যত, আচাৰ-ব্যৱহাৰত, প্ৰেমত, বিশ্বাসত আৰু শুদ্ধতাত, বিশ্বাস কৰা লোক সকলৰ আৰ্হি হোৱা।
Niemand soll deine Jugend gering achten, vielmehr sei du ein Vorbild der Gläubigen, im Wort, im Wandel, in Liebe, im Glauben, in Keuschheit.
13 ১৩ মই নোযোৱালৈকে তুমি পঢ়াত, উদগণি দিয়াত আৰু শিক্ষা দিয়াত মনোযোগ দি থাকিবা।
Bis ich komme, fahre fort mit dem Vorlesen, Ermahnen, Lehren.
14 ১৪ যি বৰ তোমাক দিয়া হৈছে, সেই বৰ অৱহেলা নকৰিবা; পৰিচাৰক সকলে যি সময়ত তোমাৰ ওপৰত হাত দিছিল, সেই সময়ত সেই বৰ ভাৱবাণীৰ দ্বাৰাই তোমাৰ ওপৰত অর্পিত হৈছিল।
Achte die Gabe in dir nicht geringe, die dir gegeben ward durch Weissagung mit Handauflegung des Presbyteriums.
15 ১৫ এই বিষয়বোৰত মনোযোগ দি কার্য কৰা আৰু সেইদৰে চলা, তেতিয়াই সকলো লোকৰ আগত তোমাৰ বিশ্বাসৰ বৃদ্ধি আৰু বিশ্বাসৰ ভেটি প্রকাশ পাব।
Darum sorge, darin lebe, auf daß du vor aller Augen leuchtende Fortschritte machest.
16 ১৬ তুমি নিজৰ জীৱন আৰু শিক্ষা দিয়া বিষয়ত সাৱধান হোৱা আৰু এই দায়িত্ববোৰ পালন কৰিবা। ইয়াকে কৰিলে তুমি নিজকে আৰু তোমাৰ কথা শুনা লোক সকলকো পৰিত্ৰাণ কৰাব পাৰিবা।
Achte auf dich und die Lehre, laß nicht davon: thust du das, so wirst du dich retten, und die welche dich hören.