< ১ তীমথিয় 1 >

1 মই পৌল, খ্ৰীষ্ট যীচুৰ এজন পাঁচনি৷ আমাৰ ত্ৰাণকৰ্তা ঈশ্বৰ আৰু আশাভুমি খ্ৰীষ্ট যীচুৰ আজ্ঞা অনুসাৰে নিযুক্ত৷
Mimi Paulo, mtume wa Yesu Kristo kwa amri ya Mungu Mwokozi wetu na Yesu Kristo tumaini letu,
2 বিশ্বাসী হিচাবে মোৰ এজন প্ৰকৃত পুত্ৰ তীমথিয়ৰ সমীপলৈ, পিতৃ ঈশ্বৰ আৰু আমাৰ প্ৰভু খ্ৰীষ্ট যীচুৰ পৰা অনুগ্ৰহ, দয়া আৰু শান্তি হওক।
nakuandikia Timotheo mwanangu halisi katika imani. Nakutakia neema, huruma na amani kutoka kwa Mungu Baba yetu na Kristo Yesu Bwana wetu.
3 মাকিদনিয়ালৈ যোৱাৰ সময়ত মই তোমাক যি কৈছিলোঁ, এতিয়াও সেই বিষয়ে কওঁ তুমি ইফিচতে থাকা, তাতে কিছুমান লোকক পুণৰ ভুল শিক্ষা নিদিবলৈ আদেশ দিব পাৰিবা ৷
Napenda ukae huko Efeso, kama nilivyokuomba nilipokuwa ninakwenda Makedonia. Wako watu fulani huko wanaofundisha mafundisho ya uongo. Wakomeshe watu hao.
4 কাৰণ তেওঁলোকে বাধাৰহে সৃষ্টি কৰে৷ গল্প-কথা আৰু অন্তহীন বংশ তালিকাত মনোযোগ নিদিবা৷ এইবোৰে অযথা তর্ক-বিতর্কৰ সৃষ্টি কৰে আৰু ঈশ্ৱৰৰ কামত সহায় নকৰে৷ ঈশ্ৱৰৰ কাম বিশ্বাসৰ দ্ৱাৰা হয়৷
Waambie waachane na zile hadithi tupu na orodha ndefu za mababu, ambazo huleta tu ubishi, wala haviwajengi watu katika mpango ujulikanao kwa imani.
5 এই আদেশৰ উদ্দেশ্য হৈছে প্ৰেম; যি প্ৰেম নিৰ্মল চিত্ত, সৎ বিবেক আৰু অকপট বিশ্বাসৰ পৰা হয়৷
Shabaha ya amri hii ni kuhimiza mapendo yatokayo katika moyo safi, dhamiri njema, na imani ya kweli.
6 এইবোৰৰ পৰা কোনো কোনো এফলীয়া হৈ অনৰ্থক কথাৰ বাবে বিপথে গ’ল৷
Watu wengine wamepotoka na kugeukia majadiliano yasiyo na maana.
7 তেওঁলোকে বিধানৰ অধ্যাপক হবলৈ ইচ্ছা কৰে, কিন্তু তেওঁলোকে নিজৰ কথা নিজেই নুবুজে বা যি বিষয়ে জোৰ দি কয়, সেই সম্বন্ধেও নাজানে৷
Wanapenda kuwa walimu wa Sheria, lakini hawaelewi maneno yao wenyewe au mambo wanayosisitiza.
8 কিন্তু বিধান যে কোনো লোকে আইনসংগত ভাৱে ব্যৱহাৰ কৰিলে উত্তম হয়, ইয়াক আমি জানো;
Twajua kwamba Sheria ni njema, kama ikitumiwa ipasavyo.
9 তথাপি, বিধান ধাৰ্মিক লোকৰ নহয়, কিন্তু সেয়া দিয়া হৈছিল, সেই লোক সকলৰ কাৰণে, যি সকল বিধানহীন আৰু বিদ্ৰোহী, ভক্তিহীন আৰু পাপী, অপবিত্ৰ আৰু অধার্মিক, যি সকল পিতৃবধী, মাতৃবধী, নৰবধী,
Lakini tunapaswa kukumbuka kwamba sheria haziwekwi kwa ajili ya watu wema, bali kwa ajili ya wahalifu na wasiotii, wasiomcha Mungu na wenye dhambi, watu wasio na dini na wa kidunia. Watu wanaowaua baba na mama zao, au wauaji wowote wale;
10 ১০ ব্যভিচাৰী, সমকামী, দাস বিক্ৰীৰ সৰবৰাহকাৰী, মিছলীয়া, মিছা সাক্ষী আৰু যি সকলে সত্য শিক্ষাৰ বিপৰীতে আন কিবা কাম কৰা, মিছা শপতকাৰী,
sheria imewekwa kwa ajili ya waasherati, wafiraji, wanaowaiba watu, waongo, na wanaoapa uongo au wanaofanya chochote ambacho ni kinyume cha mafundisho ya kweli.
11 ১১ পৰমধন্য ঈশ্বৰৰ গৌৰৱময় শুভবাৰ্তা অনুসাৰে সেই শিক্ষাৰ ভাৰ তেওঁ মোৰ ওপৰত দিলে৷
Mafundisho hayo hupatikana katika Habari Njema ambayo mimi nimekabidhiwa niihubiri, Habari Njema ya Mungu mtukufu na mwenye heri.
12 ১২ যিজনাই মোক শক্তি দিলে আৰু মোক বিশ্বাসী জ্ঞান কৰি পৰিচৰ্যা পদত নিযুক্ত কৰিলে, সেই প্ৰভু খ্ৰীষ্ট যীচুক মই ধন্যবাদ জনাওঁ৷
Namshukuru Bwana wetu Yesu Kristo aliyenipa nguvu kwa ajili ya kazi yangu. Namshukuru kwa kuniona mimi kuwa ni mwaminifu, akaniteua nimtumikie,
13 ১৩ যদিও আগেয়ে মই খ্ৰীষ্টৰ নিন্দক আছিলোঁ, অত্যাচাৰী আৰু হিংস্ৰ আছিলোঁ, তথাপি তেওঁ মোক দয়া কৰিলে কাৰণ মই নুবুজি অবিশ্বাসী হৈ সেইবোৰ কৰিছিলোঁ৷
ingawa pale awali mimi nilimtukana na kumtesa na kumdhulumu. Lakini Mungu alinionea huruma, kwa sababu sikuwa na imani bado, na hivyo sikujua nilichokuwa ninafanya.
14 ১৪ কিন্তু আমাৰ প্ৰভুৰ অনুগ্ৰহ, খ্ৰীষ্ট যীচুত বিশ্বাস আৰু প্ৰেমৰ সৈতে মোক বাহুল্যৰূপে দিয়া হ’ল৷
Lakini Bwana wetu alinijalia neema yake kwa wingi, akanipa imani na upendo katika kuungana na Kristo Yesu.
15 ১৫ পাপী লোকৰ পৰিত্ৰাণ কৰিবৰ কাৰণে খ্ৰীষ্ট যীচু যে জগতলৈ আহিল, এই কথা বিশ্বাসযোগ্য আৰু সকলোৱে গ্ৰহণ কৰিবৰ যোগ্য৷ আৰু এই পাপী লোকৰ মাজত ময়েই প্ৰধান।
Usemi huu ni wa kuaminika, na tena unafaa kukubaliwa kabisa: Kristo Yesu alikuja ulimwenguni kuwaokoa wenye dhambi. Nami ni mkosefu zaidi kuliko hao wote,
16 ১৬ এই কাৰণেই মোক প্ৰথমে দয়া কৰা হ’ল যাতে প্ৰধান পাপী যি মই, মোৰ যোগেদি যেন যীচু খ্ৰীষ্টই তেওঁৰ অসীম সহনশীলতা দেখুৱাব পাৰে আৰু অনন্ত জীৱন পাবলৈ যি সকলে তেওঁৰ ওপৰত বিশ্বাস কৰিব, সেই সকলৰ বাবে মোক এক দৃষ্টান্ত স্ৱৰূপে ৰাখিলে৷ (aiōnios g166)
lakini Mungu alinionea huruma, ili Kristo aonyeshe uvumilivu wake wote kwangu mimi, kama mfano kwa wale wote ambao baadaye watamwamini na kupokea uzima wa milele. (aiōnios g166)
17 ১৭ এতিয়া অনন্ত কালৰ ৰজালৈ, অাৰু চিৰস্থায়ী, অদৃশ্য একমাত্ৰ ঈশ্বৰলৈ মৰ্যদা আৰু গৌৰৱ চিৰকাল হওক। আমেন। (aiōn g165)
Kwake yeye aliye Mfalme wa milele na asiyekufa, yeye aliye Mungu pekee—kwake viwe heshima na utukufu milele na milele! Amina. (aiōn g165)
18 ১৮ মই তোমাক এই আদেশ দিওঁ, হে মোৰ পুত্ৰ তীমথিয়; মই তোমাৰ সম্বন্ধে জনোৱা ভাৱবাণীৰ দৰে, তুমি তাতে একমত হৈ সেই অনুসাৰে যেন উত্তম যুজঁত প্ৰাণপণ কৰা৷
Mwanangu Timotheo, nakukabidhi amri hii kufuatana na maneno ya unabii yaliyosemwa zamani juu yako. Yatumie maneno hayo yawe silaha yako katika kupigana vita vizuri,
19 ১৯ আৰু তুমি যেন বিশ্ৱাস আৰু উত্তম বিবেক ৰক্ষা কৰি চলা৷ কোনো কোনো লোকে সেই বিশ্ৱাস আৰু উত্তম বিবেক ত্যাগ কৰাত, তেওঁলোকৰ বিশ্বাসৰূপ নৌকা ভগ্ন হ’ল।
na ushike imani yako na dhamiri njema. Watu wengine hawakusikiliza dhamiri zao na hivyo wakaiharibu imani yao.
20 ২০ তেওঁলোকৰ ভিতৰত হুমিনায় আৰু আলেকজেন্দাৰ নামৰ দুজনো আছে৷ এওঁলোকে যেন নিন্দা কৰিবলৈ পুণৰ নিশিকে, তাৰ বাবে মই এওঁলোকক চয়তানৰ হাতত সমর্পণ কৰি দিলোঁ৷
Miongoni mwao ni Humenayo na Aleksanda ambao nimewakabidhi kwa Shetani, ili wafundishwe wasimtukane Mungu.

< ১ তীমথিয় 1 >