< ১ থিচলনীকীয়া 5 >

1 হে ভাইসকল, এতিয়া সেই কাল বা সেই সময়ৰ কথা মই আপোনালোকলৈ একো লিখাৰ প্রয়োজন নাই;
О временах же и сроках нет нужды писать к вам, братия,
2 কিয়নো আপোনালোকে নিজেই ভালদৰে জানে যে, ৰাতি যেনেকৈ চোৰ আহে, প্ৰভুৰ দিনটোও তেনেকৈয়ে আহিব।
ибо сами вы достоверно знаете, что день Господень так придет, как тать ночью.
3 যেতিয়া লোক সকলে “শান্তি আৰু নিৰাপত্তা” ৰ কথা কব, তেতিয়া হঠাতে হোৱা গর্ভৱতীৰ প্ৰসৱ বেদনাৰ নিচিনাকৈ, তেওঁলোকলৈ বিনাশ আহিব আৰু তেওঁলোক কোনোমতেই সাৰিব নোৱাৰিব।
Ибо, когда будут говорить: “мир и безопасность”, тогда внезапно постигнет их пагуба, подобно как мука родами постигает имеющую во чреве, и не избегнут.
4 কিন্তু হে ভাই সকল, চোৰৰ আহিব পৰাকৈ সেইদিন আপোনালোকৰ ওচৰত উপস্থিত হবলৈ, এতিয়া আপোনালোক পুনৰ আন্ধাৰত থকা নাই;
Но вы, братия, не во тьме, чтобы день застал вас, как тать.
5 কিয়নো আপোনালোক সকলোৱেই পোহৰ আৰু দিনৰ সন্তান। আমি ৰাতি বা আন্ধাৰৰ লোক নহওঁ।
Ибо все вы - сыны света и сыны дня: мы - не сыны ночи, ни тьмы.
6 এই হেতুকে আহক, আমি আন লোকবোৰৰ নিচিনাকৈ টোপনিয়াই নাথাকি, পৰ দি আৰু সংযত হৈ থাকোহঁক।
Итак, не будем спать, как и прочие, но будем бодрствовать и трезвиться.
7 কিয়নো যি সকলে টোপনিয়াই, তেওঁলোকে ৰাতিহে টোপনিয়ায়; যি সকল মদ্যপায়ী, তেওঁলোক ৰাতিহে মাতাল হয়।
Ибо спящие спят ночью, и упивающиеся упиваются ночью.
8 কিন্তু আমি হলে দিনৰ সন্তান হোৱাত, আহক আমি সংযমী হওঁ; বিশ্বাস আৰু প্ৰেমৰ বুকুবৰি পিন্ধি, মূৰত পৰিত্রাণৰ আশাৰূপ নিশ্চয়তাৰ টকয়া পিন্ধোহঁক।
Мы же, будучи сынами дня, да трезвимся, облекшись в броню веры и любви и в шлем надежды спасения,
9 কিয়নো আমি ক্ৰোধৰ পাত্ৰ হবলৈ নহয়, আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই পৰিত্রাণ লাভ কৰিবলৈহে ঈশ্বৰে আমাক মনোনীত কৰিলে;
потому что Бог определил нас не на гнев, но к получению спасения через Господа нашего Иисуса Христа,
10 ১০ আমি জীয়াই থাকো বা নিদ্ৰিত অৱস্থাতেই থাকো, আমি যেন তেওঁৰ লগতেই জীৱিত থাকিব পাৰোঁ, এই কাৰণে যীচুৱে আমাৰ কাৰণে প্রাণ দিলে।
умершего за нас, чтобы мы бодрствуем ли, или спим, жили вместе с Ним.
11 ১১ এতেকে আপোনালোকে এতিয়া যেনেকৈ আছে, তেনেকৈয়ে পৰস্পৰে সান্ত্বনা দি থাকক আৰু এজনে আন জনক গঢ় দি তোলক।
Посему увещевайте друг друга и назидайте один другого, как вы и делаете.
12 ১২ ভাই সকল, আমি বিনয় কৰোঁ, যি লোক সকলে আপোনালোকৰ মাজত পৰিশ্ৰম কৰে আৰু প্ৰভুত আপোনালোকৰ ওপৰত পৰিচালনাত আছে, আৰু আপোনালোকক উপদেশ দিয়ে, সেই লোক সকলক আপোনালোকে সন্মান কৰক।
Просим же вас, братия, уважать трудящихся у вас, и предстоятелей ваших в Господе, и вразумляющих вас,
13 ১৩ আমি পুণৰ কওঁ, আপোনালোকে তেওঁলোকৰ কার্যৰ কাৰণে প্রেমৰ মনোভাৱেৰে অতিশয়ৰূপে তেওঁলোকক সন্মান কৰক আৰু পৰস্পৰৰ মাজত শান্তি বজায় ৰাখক।
и почитать их преимущественно с любовью за дело их; будьте в мире между собою.
14 ১৪ ভাই সকল, আমি আপোনালোকক এই উপদেশ দিওঁ, অনিয়মত হৈ চলা লোকক আপোনালোকে সাৱধান কৰক; নিৰুৎসাহী লোকক উৎসাহ দিয়ক, দুর্বল লোকৰ সাৰথি হওক আৰু সকলোৰে প্রতি সহিষ্ণু হওক।
Умоляем также вас, братия, вразумляйте бесчинных, утешайте малодушных, поддерживайте слабых, будьте долготерпеливы ко всем.
15 ১৫ সাৱধান, কোনেও যেন অপকাৰৰ সলনি কাৰো অপকাৰ নকৰে। কিন্তু পৰস্পৰৰ আৰু সকলোৰে কাৰণে যি উত্তম, তেনে কৰ্ম কৰিবলৈ যেন চেষ্টা কৰে।
Смотрите, чтобы кто кому не воздавал злом за зло; но всегда ищите добра и друг другу и всем.
16 ১৬ সকলো সময়তে আনন্দত থাকক।
Всегда радуйтесь.
17 ১৭ নিৰন্তৰে প্ৰাৰ্থনাকৰি থাকক।
Непрестанно молитесь.
18 ১৮ সকলো বিষয়তে ঈশ্বৰক ধন্যবাদ দিয়ক; কিয়নো আপোনালোকৰ প্ৰতি খ্ৰীষ্ট যীচুত ঈশ্বৰৰ এই ইচ্ছা।
За все благодарите: ибо такова о вас воля Божия во Христе Иисусе.
19 ১৯ পবিত্ৰ আত্মাক নুনুমাব।
Духа не угашайте.
20 ২০ ভাৱবাণী হেয়জ্ঞান নকৰিব।
Пророчества не уничижайте.
21 ২১ সকলো বিষয় বিবেচনা কৰি যি বিষয় ভাল, তাকে ধৰি ৰাখক।
Все испытывайте, хорошего держитесь.
22 ২২ সকলো প্ৰকাৰৰ মন্দৰ পৰা পৃথকে থাকক।
Удерживайтесь от всякого рода зла.
23 ২৩ শান্তিদাতা ঈশ্বৰে আপোনালোকক সম্পূর্ণৰূপে পবিত্ৰ কৰক; আৰু আপোনালোকৰ আত্মা, প্ৰাণ, আৰু শৰীৰ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ আগমণৰ দিন পর্যন্ত নির্দোষীৰূপে সম্পূর্ণকৈ ৰক্ষিত হওক।
Сам же Бог мира да освятит вас во всей полноте, и ваш дух, и душа, и тело во всей целости да сохранится без порока в пришествие Господа нашего Иисуса Христа.
24 ২৪ যি জনে আপোনালোকক আমন্ত্ৰণ কৰিছে, তেৱেঁই সেয়া কৰিব, কাৰণ তেওঁ বিশ্বাসী।
Верен Призывающий вас, Который и сотворит сие.
25 ২৫ ভাই সকল, আমাৰ কাৰণেও প্ৰাৰ্থনা কৰিব।
Братия! молитесь о нас.
26 ২৬ সকলো ভাইকে পবিত্ৰ চুমাৰে শুভেচ্ছা জনাব।
Приветствуйте всех братьев лобзанием святым.
27 ২৭ মই আপোনালোকক প্ৰভুৰ যোগেদি এই অনুৰোধ কৰোঁ যে, এই পত্ৰ যেন সকলো ভাইৰ আগত পাঠ কৰি শুনোৱা হয়।
Заклинаю вас Господом прочитать сие послание всем святым братиям.
28 ২৮ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ অনুগ্ৰহ আপোনালোক সকলোৰে লগত থাকক।
Благодать Господа нашего Иисуса Христа с вами. Аминь.

< ১ থিচলনীকীয়া 5 >