< ১ থিচলনীকীয়া 3 >

1 গতিকে আমি যেতিয়া ধৈর্য ধৰিব নোৱাৰিলোঁ, তেতিয়া আথিনী নগৰত অকলে থাকিবলৈকে মনস্থ কৰিলোঁ।
Wherefore being able to contain no longer, we were content to be left alone at Athens,
2 সেয়েহে, আপোনালোকক বিশ্বাসত দৃঢ় কৰিবলৈ আৰু আশ্বাস দিবলৈ আমি খ্ৰীষ্টৰ শুভবার্তাত ঈশ্বৰৰ পৰিচাৰক আমাৰ যি ভাই তীমথিয়, তেওঁক আপোনালোকৰ ওচৰলৈ পঠাইছিলোঁ,
and sent Timothy our brother, and a minister of God, and our fellow-labourer in the gospel of Christ, to establish and exhort you concerning your faith;
3 যাতে এনেবোৰ ক্লেশৰ মাজত আপোনালোক কোনোৱে হতাশ নহয়। কাৰণ আপোনালোকে জানে যে ক্লেশৰ কাৰণেই আমি নিযুক্ত হৈছোঁ।
that no one might be shaken by these afflictions: for ye yourselves know that we are appointed hereunto.
4 সেই বিষয়ে আমি আপোনালোকৰ লগত থাকোতেই ক্লেশ যে আমাৰ ওপৰত আহিব সেই কথা আগেয়ে কৈছিলোঁ। পাছত সেইদৰে ঘটিল, সেই বিষয়ে আপোনালোকে জানে।
For when we were with you, we told you before that we should be afflicted, as it came to pass, and ye know.
5 সেই বিষয়ে ময়ো পুনৰ সহিব নোৱাৰি, আপোনালোকৰ বিশ্বাসৰ স্হিতি জানিবৰ কাৰণে তেওঁক পঠিয়াইছিলোঁ। আমাৰ ভয় হৈছিল, হয়তো চয়তানে আপোনালোকক পৰীক্ষাত পেলালে আৰু আমাৰ সকলো পৰিশ্ৰম ব্যৰ্থ হ’ল।
For this cause being able to wait no longer, I sent to know the state of your faith, least the tempter should have tempted you, and our labor have been in vain.
6 কিন্তু তীমথিয়ই আপোনালোকৰ ওচৰৰ পৰা ঘূৰি আহি আপোনালোকৰ বিশ্বাস আৰু ভালপোৱাৰ শুভ সংবাদ আমাক দিলেহি; তেওঁ জনালে যে, আপোনালোকে আমাক স্নেহভাৱেৰে সকলো সময়তে সোঁৱৰণ কৰি আছে৷ আমাক দেখা পাবলৈ যেনেকৈ আপোনালোকে ইচ্ছা কৰে, তেনেকৈ আমিও আপোনালোকক চাবৰ কাৰণে অতিশয় হাবিয়াহ কৰি আছোঁ।
But now Timothy being come back to us from you, and having brought us good tidings concerning your faith and love, and that ye have always a good remembrance of us, greatly desiring to see us, as we indeed do to see you;
7 এই কাৰণে, হে ভাইসকল, আপোনালোকৰ বিশ্বাসৰ যোগেদি আমাৰ সকলো দুখ ক্লেশতো আমি উৎসাহ পাওঁ।
by this we were comforted in you, my brethren, under all our affliction and distress, because of your faith:
8 কিয়নো আপোনালোক প্ৰভুত দৃঢ় থকাৰ বাবে আমি এতিয়া সঁচাকৈ জীয়াই আছোঁ।
for now we are revived, since you are stedfast in the Lord.
9 আপোনালোকৰ কাৰণে ঈশ্বৰৰ সাক্ষাতে আমি যি আনন্দেৰে আনন্দিত হৈছোঁ, তাৰ প্ৰতিদান স্বৰূপে কেনেকৈ যে আপোনালোকৰ কাৰণে ঈশ্বৰক ধন্যবাদ দিব পাৰিম, আমি নাজানো!
For what thanks can we render to God concerning you, for all the joy wherewith we rejoice on your account before our God,
10 ১০ আপোনালোকৰ মুখ আমি যেন দেখা পাওঁ আৰু আপোনালোকৰ বিশ্বাসত যি অভাৱ আছে, সেয়া যেন পূৰণ কৰিব পাৰোঁ, এই বাবে দিনে-ৰাতিয়ে আমি প্ৰাৰ্থনা কৰি আছোঁ৷
night and day most ardently praying, that we may see your face, and perfect whatever is wanting in your faith?
11 ১১ পিতৃ ঈশ্বৰ আৰু প্ৰভু যীচুৱে আপোনালোকৰ ওচৰলৈ যোৱাৰ পথ সুগম কৰি দিয়ক।
And may God himself even our Father, and our Lord Jesus Christ direct our way to you:
12 ১২ আপোনালোকলৈ আমাৰ প্ৰেম যেনে, তেনেকৈ ইজনে সিজনলৈ আৰু সকলো লোকলৈ প্ৰভুৱে আপোনালোকৰ প্ৰেম বঢ়াই উপচাই দিয়ক।
and the Lord make you to increase and abound in love to one another, and to all men, as we do towards you:
13 ১৩ ঈশ্বৰে আপোনালোকৰ হৃদয় দৃঢ় কৰিব। আমাৰ প্ৰভু যীচু যেতিয়া তেওঁৰ সকলো পবিত্ৰ লোকে সৈতে আহিব, তেতিয়া তেওঁৰ সেই আগমণৰ কালত আমাৰ পিতৃ ঈশ্বৰৰ আগত আপোনালোক যেন পবিত্ৰতাৰে নির্দোষী হৈ থিয় হ’ব পাৰিব, তাৰ বাবেই আমি প্ৰাৰ্থনা কৰি আছোঁ।
that your hearts may be established unblameable in holiness, before God even our Father, at the coming of our Lord Jesus Christ, with all his saints.

< ১ থিচলনীকীয়া 3 >