< ১ সামুয়েল 6 >

1 যিহোৱাৰ নিয়ম-চন্দুক পলেষ্টীয়াসকলৰ দেশত সাত মাহলৈকে আছিল।
ヱホバの櫃七月のあひだペリシテ人の國にあり
2 পলেষ্টীয়াসকলে পুৰোহিত আৰু মঙ্গল চোৱা সকলক মাতি আনি ক’লে, “আমি যিহোৱাৰ নিয়ম-চন্দুকৰ বিষয়ে কি কৰিম? কওকচোন, আমি ইয়াক নিজৰ দেশলৈ কেনেকৈ পঠাম?”
ペリシテ人祭司と卜筮師をよびていひけるは我らヱホバの櫃をいかがせんや如何にして之をもとの所にかへすべきか我らにつげよ
3 তেওঁলোকে ক’লে, “তোমালোকে বিনা উপহাৰেৰে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক নপঠাবা, কিন্তু যি কোনো উপায়ে দোষাৰ্থক উপহাৰ তেওঁৰ তালৈ পঠাই দিয়া, তেতিয়াহে তোমালোক সুস্থ হ’বা, আৰু তেওঁৰ হাত তোমালোকৰ পৰা কিয় দূৰ হোৱা নাই, তেতিয়াহে তোমালোকে বুজিবা।”
答へけるはイスラエルの神の櫃をかへすときはこれを空しくかへすなかれ必らず彼に過祭をなすべし然なさば汝ら愈ことをえ且彼の手の汝らをはなれざる故を知にいたらん
4 তেওঁলোকে সুধিলে, “অামি তেওঁলৈ কি দোষাৰ্থক উপহাৰ পঠাম?” তেওঁলোকে উত্তৰ দি ক’লে, “তোমালোকে পাঁচটা সোণৰ বিহ ফোঁহোৰা আকৃতিৰে সজা আৰু সোণৰ পাঁচোটা নিগনি দি পঠোৱা; পাঁচ নম্বৰটো পলেষ্টীয়াসকলৰ পাঁচ জন অধিপতিক বুজায়৷ কাৰণ, তোমালোক আৰু তোমালোকৰ অধিপতিসকল সেই একেই মহামাৰীত আক্ৰান্ত।
人々いひけるは如何なる過祭を彼になすべきや答へけるはペリシテ人の諸君主の數にしたがひて五の金の腫物と五の金の鼠をつくれ是は汝ら皆と汝らの諸伯におよべる災は一なるによる
5 এই হেতুকে তোমালোকে তোমালোকৰ বিহ ফোঁহোৰাৰ আৰু দেশ বিনষ্ট কৰা নিগনি আকৃতিৰে মুৰ্ত্তি নিৰ্ম্মাণ কৰা, আৰু ইস্ৰায়েলৰ ঈশ্বৰক গৌৰৱান্বিত কৰা৷ তেওঁ তোমালোকৰ পৰা আৰু তোমালোকৰ দেৱতাবোৰৰ পৰা আৰু তোমালোকৰ দেশৰ পৰাও হয়তো নিজৰ ক্ৰোধ তেওঁ দূৰ কৰিব।
汝らの腫物の像および地をあらす鼠の像をつくりイスラエルの神に榮光を皈すべし庶幾はその手を汝等およびなんぢらの神と汝等の地にくはふることを軽くせん
6 মিচৰীয়া লোক আৰু ফৰৌণ ৰজাই যেনেকৈ তেওঁলোকৰ মন কঠিন কৰিছিল তেনেকৈ তোমালোকে কিয় মন কঠিন কৰিবা? তেওঁলোকৰ মাজত যেতিয়া তেওঁ অদ্ভুত কাৰ্য কৰিছিল, তেতিয়া জানো তেওঁলোকক এৰি দিয়া নাছিল? তাৰ পাছত তেওঁলোক গুছি গ’ল৷
汝らなんぞエジプト人とパロの其心を頑にせしごとくおのれの心をかたくなにするや神かれらの中に數度其力をしめせしのち彼ら民をゆかしめ民つひにさりしにあらずや
7 এই হেতুকে এতিয়া কাঠ লৈ এখন নতুন ৰথ সাজা আৰু কান্ধত যুৱলি নোলোৱা দুজনী খীৰঁতী গাই গৰু আনি ৰথত লগোৱা আৰু সিহঁতৰ পোৱালি সিহঁতৰ পৰা আঁতৰাই ঘৰলৈ লৈ যাবা।
されば今あたらしき車一輛をつくり乳牛のいまだ軛をつけざるもの二頭をとり其牛を車に繋ぎ其犢をはなして家につれゆき
8 তাৰ পাছত যিহোৱাৰ নিয়ম-চন্দুক সেই ৰথৰ ওপৰত তুলি দিবা; আৰু যি সোণৰ বস্তুবোৰ দোষাৰ্থক উপহাৰৰ অৰ্থে প্ৰস্তুত কৰিছিলা, সেইবোৰ এটা বাকচত ভৰাই নিয়ম-চন্দুকৰ কাষত থৈ পঠিয়াই দিবা আৰু সেই নিয়ম-চন্দুকক নিজ বাটে যাব দিবা।
ヱホバの櫃をとりて之を其車に載せ汝らが過祭として彼になす金の製作物を檟にをさめて其傍におき之をおくりて去らしめ
9 তাৰ পাছত লক্ষ্য কৰিবা, সেই ৰথ যদি নিজে বৈৎচেমচ নগৰলৈ যায়, তেতিয়া যিহোৱাই যে এনে মহামাৰী ঘটালে সেই বিষয়ে বুজিবা; আৰু যদি নাযায়, তেন্তে আমাক প্ৰহাৰ কৰা জন তেওঁ নহয় বুলি আমি জানিম; কিন্তু ইয়াৰ পৰিৱৰ্ত্তে ঘটনাক্ৰমেহে আমালৈ এই সকলো ঘটিল।”
しかして見よ若し其境のみちよりベテシメシにのぼらばこの大なる災を我らになせるものは彼なり若ししかせずば我等をうちしは彼の手にあらずしてそのことの偶然なりしをしるべし
10 ১০ তাৰ পাছত লোকসকলে তেওঁলোকক যি দৰে কৈছিল, সেইদৰেই কৰিলে; খীৰঁতী গাই গৰু আনি ৰথত লগালে, আৰু সিহঁতৰ পোৱালি দুটাক ঘৰত বান্ধি হ’ল।
人々つひに斯なし二つの乳牛をとりて之を車につなぎその犢を室にとぢこめ
11 ১১ পাছত সিহঁতে যিহোৱাৰ নিয়ম-চন্দুক, সোণৰ নিগনি আৰু বিহ ফোঁহোৰাৰ আকৃতিৰে সজা বস্তুবোৰ বাকচত ভৰাই ৰথৰ ওপৰত তুলি দিলে।
ヱホバの櫃および金の鼠と其腫物の像ををさめたる檟を車に載す
12 ১২ তাৰ পাছত সেই গৰু দুজনীয়ে বৈৎচেমচৰ দিশে হেম্বেলিয়াই হেম্বেলিয়াই গ’ল; সিহঁতে সোঁ-হাতে কি বাওঁ-হাতে নুঘূৰিলে; আৰু পলেষ্টীয়াসলকৰ অধিপতিসকলে বৈৎচেমচৰ সীমালৈকে সিহঁতৰ পাছে পাছে গ’ল।
牝牛直にあゆみてベテシメシの路をゆき鳴つつ大路をすすみゆきて右左にまがらずペリシテ人の君主ベテシメシの境まで其うしろにしたがひゆけり
13 ১৩ সেই সময়ত বৈৎচেমচ নিবাসীসকলে উপত্যকাত ঘেহুঁধান দাই থাকোঁতে, ওপৰলৈ মুৰ-দাঙি চাই নিয়ম-চন্দুকটো দেখি তেওঁলোকে আনন্দ কৰিলে।
時にベテシメシ人谷に麥を刈り居たりしが目をあげて其櫃をみ之を見るをよろこべり
14 ১৪ ৰথখন বৈৎচেমচ নিবাসী যিহোচূৱাৰ পথাৰ পালে আৰু যি ঠাইত ডাঙৰ শিল এটা আছিল, সেই ঠাইতে ৰ’লহি৷ তাৰ পাছত তেওঁলোকে ৰথৰ কাঠ ফালি, গৰু দুজনীক হোমৰ অৰ্থে যিহোৱাৰ উদ্দেশ্য উৎসৰ্গ কৰিলে।
車ベテシメシ人ヨシユアの田にいりて其處にとどまる此に大なる石あり人々車の木を劈り其牝牛を燔祭としてヱホバにささげたり
15 ১৫ লেবীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক আৰু তাৰ লগত সোণৰ বস্তু থকা বাকচটো নমালে আৰু সেই ডাঙৰ শিলটোৰ ওপৰত ৰাখিলে। বৈৎচেমচৰ লোকসকলে সেইদিনাই যিহোৱাৰ উদ্দেশ্যে হোমবলি আৰু মঙ্গলাৰ্থক বলি উৎসৰ্গ কৰিলে।
レビの人ヱホバの櫃とこれとともなる檟の金の製作物ををさめたる者をとりおろし之を其大石のうへにおくしかしてベテシメシ人此日ヱホバに燔祭をそなへ犠牲をささげたり
16 ১৬ পলেষ্টীয়াসকলৰ পাঁচজন অধিপতিয়ে এই সকলো দেখিলে আৰু সেই দিনাই ইক্ৰোণলৈ উভটি গ’ল।
ペリシテ人の五人の君主これを見て同じ日にエクロンにかへれり
17 ১৭ যিহোৱাৰ উদ্দেশ্যে পলেষ্টীয়াসকলে দোষাৰ্থক উপহাৰ ৰূপে পঠোৱা বিহ ফোঁহোৰাৰ আকৃতিৰে সজা সোণৰ বস্তুবোৰ, অচ্‌দোদৰ অৰ্থে এটা, গাজাৰ অৰ্থে এটা, অস্কিলোনৰ অৰ্থে এটা, গাতৰ অৰ্থে এটা আৰু ইক্ৰোণৰ অৰ্থে এটা আছিল৷
さてペリシテ人が過祭としてヱホバにたせし金の腫物はこれなり即ちアシドドのために一ガザのために一アシケロンのために一ガテのために一エクロンのために一なりき
18 ১৮ আৰু গড়েৰে আবৃত হোৱা নগৰ হওক বা গাওঁ হওক, পাঁচজন অধিপতিৰ অধীনত পলেষ্টীয়াসকলৰ যিমান নগৰ আছিল, সিমান সোণৰ নিগনি আছিল; এই কথা যিহোৱাৰ চন্দুক যিহৰ ওপৰত ৰখা হৈছিল, সেই মহা-শিল ইয়াৰ সাক্ষী হৈ ৰ’ল; বৈৎচেমচীয়া যিহোচূৱাৰ পথাৰত সেই শিল আজিলৈকে আছে।
また金の鼠は城邑と郷里をいはず凡て五人の君主に屬するペリシテ人の邑の數にしたがひて造れりヱホバの櫃をおろせし大石今日にいたるまでベテシメシ人ヨシユアの田にあり
19 ১৯ তেওঁ বৈৎচেমচৰ লোকসকলৰ মাজৰ কিছুমানক আঘাত কৰিলে; কাৰণ তেওঁলোকে যিহোৱাৰ নিয়ম-চন্দুকলৈ চাইছিল; সেয়ে তেওঁ সত্তৰজন মানুহক বধ কৰিছিল৷ যিহোৱাই কৰা মহা-প্ৰহাৰ দেখি তেওঁলোকে বিলাপ কৰিলে।
ベテシメシの人々ヱホバの櫃をうかがひしによりヱホバこれをうちたまふ即ち民の中七十人をうてりヱホバ民をうちて大にこれをころしたまひしかば民なきさけべり
20 ২০ বৈৎচেমচৰ লোকসকলে ক’লে, “এই পবিত্ৰ ঈশ্বৰ যিহোৱাৰ সন্মুখত কোনে থিয় হ’ব পাৰিব? আৰু তেওঁ আমাৰ পৰা কাৰ ওচৰলৈ যাব?”
ベテシメシ人いひけるは誰かこの聖き神たるヱホバのまへに立つことをえんヱホバ我らをはなれて何人のところにのぼりゆきたまふべきや
21 ২১ তেওঁলোকে কিৰিয়ৎ-যিয়াৰীম-নিবাসী লোকসকললৈ দূত পঠাই ক’লে, “পলেষ্টীয়াসকলে যিহোৱাৰ নিয়ম-চন্দুক ওভোটাই আনিলে; তোমালোকে নামি আহি এই নিয়ম-চন্দুক তোমালোকৰ ওচৰলৈ লৈ যোৱা।
かくて使者をキリアテヤリムの人に遣はしていひけるはペリシテ人ヱホバの櫃をかへしたれば汝らくだりて之を汝らの所に携へのぼるべし

< ১ সামুয়েল 6 >