< ১ সামুয়েল 5 >

1 পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি এবেন-এজৰৰ পৰা অচ্‌দোদলৈ নিলে।
Filistinští pak vzali truhlu Boží, a zanesli ji z Eben-Ezer do Azotu.
2 তাৰ পাছত পলেষ্টীয়াসকলে ঈশ্বৰৰ নিয়ম-চন্দুক দাগোনৰ মন্দিৰলৈ নিলে আৰু দাগোনৰ মূৰ্তিৰ কাষত ৰাখিলে।
Vzali tedy Filistinští truhlu Boží, a vnesli ji do domu modly Dágon, a postavili ji vedlé Dágona.
3 পাছদিনা অচ্‌দোদৰ লোকসকলে ৰাতিপুৱাতে উঠি দেখিলে যে, যিহোৱাৰ নিয়ম-চন্দুকৰ আগত দাগোনৰ মূৰ্তিটো তললৈ মুখ কৰি মাটিত পৰি আছে; সেয়ে তেওঁলোকে দাগোনৰ মূৰ্তিক তুলি পুনৰ নিজ ঠাইত ৰাখিলে।
A když Azotští na zejtří ráno vstali, aj, Dágon povalený ležel tváří svou na zemi před truhlou Hospodinovou. I vzali Dágona a postavili jej na místo jeho.
4 তাৰ পাছদিনাও তেওঁলোকে পুৱাতে উঠি দেখিলে যে, যিহোৱাৰ চন্দুকৰ সন্মুখত দাগোন মাটিত উবুৰি হৈ পৰি আছে, আৰু দাগোনৰ মুৰটো আৰু হাত দুখন কটাহৈ দুৱাৰ দলিত পৰি আছে; কেৱল তাৰ গাডোখৰ মাথোন অৱশিষ্ট থাকিল।
A když opět ráno nazejtří vstali, aj, Dágon, jakž upadl, ležel tváří svou na zemi před truhlou Hospodinovou; hlava pak Dágonova a obě dlaně rukou jeho odražené byly na prahu, jen ho špalek zůstal.
5 সেই কাৰণে দাগোনৰ পুৰোহিত আদি কৰি যিমান লোক দাগোনৰ মন্দিৰত সোমায়, তেওঁলোকৰ মাজৰ কোনেও অচ্‌দোদত থকা দাগোনৰ দুৱাৰ ডলিত আজি পৰ্য্যন্ত ভৰি নিদিয়ে।
Protož kněží Dágonovi a všickni, kteříž vcházejí do domu Dágonova, nešlapají na prah Dágonův v Azotu až do tohoto dne.
6 অচ্‌দোদীয়া লোক সকলৰ ওপৰত যিহোৱাৰ হাত ভাৰযুক্ত আছিল, আৰু তেওঁ তেওঁলোকক ধংস কৰিলে, আৰু অচদোদৰ সীমালৈকে অনেক লোকক বিহ ফোঁহোৰাৰে আঘাত কৰিলে।
Tedy ztížena jest ruka Hospodinova nad Azotskými, a pohubila je, (nebo ranila je neduhy na zadku), Azot i končiny jeho.
7 অচ্‌দোদীয়া সকলে তাকে দেখি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আমাৰ ওচৰত থাকিব নোৱাৰে; কিয়নো আমাৰ ওপৰত আৰু আমাৰ দেৱতা দাগোনৰো ওপৰত তেওঁৰ হাত ক্লেশদায়ক হৈছে।”
Vidouce pak muži Azotští, co se děje, řekli: Nechť nezůstává truhla Boha Izraelského u nás, nebo těžká jest ruka jeho proti nám, a proti Dágonovi bohu našemu.
8 এই হেতুকে তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক নিজৰ ওচৰলৈ মাতি ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুকৰ বিষয়ে আমি কি কৰিম?” তেওঁলোকে ক’লে, “ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক গাতলৈ নিয়া হওঁক।” তেতিয়া তেওঁলোকে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক সেই ঠাইলৈ লৈ গ’ল।
I obeslali a shromáždili všecka knížata Filistinská k sobě, a řekli: Co učiníme s truhlou Boha Izraelského? Odpověděli: Nechť jest doprovozena do Gát truhla Boha Izraelského. I zprovodili tam truhlu Boha Izraelského.
9 কিন্তু এইদৰে লৈ যোৱাৰ পাছত যিহোৱাৰ হাত নগৰ খনৰ বিৰুদ্ধে অতিশয় ত্ৰাসযুক্ত হ’ল; তেওঁ নগৰখনৰ বৰ কি সৰু সকলোকে আঘাত কৰাত, তেওঁলোকৰ গাত বিহ ফোঁহোৰা ওলাল।
Stalo se pak, když ji vyprovázeli, že ruka Hospodinova přikročila k městu trápením velikým velmi, a ranila muže města od malého až do velikého, a nametalo se jim v tajných místech plno vředů.
10 ১০ সেয়ে, তেওঁলোকে যিহোৱাৰ চন্দুক ইক্ৰোণলৈ পঠালে। কিন্তু যিহোৱাৰ চন্দুক ইক্ৰোণলৈ অহাৰ পাছত, ইক্ৰোণীয়া সকলে চিঞৰি ক’লে, “আমাৰ মানুহবোৰক বধ কৰিবৰ বাবে তেওঁলোকে আমাৰ ওচৰলৈ ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক আনিলে।”
Z té příčiny poslali truhlu Boží do Akaron. A když přišla truhla Boží do Akaron, zkřikli Akaronští, řkouce: Zprovodili k nám truhlu Boha Izraelského, aby nás pomořili i náš lid.
11 ১১ তাকে দেখি তেওঁলোকে মানুহ পঠাই পলেষ্টীয়াসকলৰ সকলো অধিপতিক গোট খুৱাই ক’লে, “আমাৰ লোকসকলক যেন বধ নকৰে, তাৰ বাবে ইস্ৰায়েলৰ ঈশ্বৰৰ নিয়ম-চন্দুক ইয়াৰ পৰা পঠাই দিয়ক; নিজৰ ঠাইলৈ ইয়াক ঘূৰাই পঠাওঁক।” কিয়নো নগৰৰ সকলো ফালে মহামাৰীৰ ভয়ত লোকসকল ব্যাকুল হৈছিল; কাৰণ ঈশ্বৰৰ শাস্তি দিয়া হাত তেওঁলোকৰ বিৰুদ্ধে উঠিছিল।
Protož poslavše, shromáždili všecka knížata Filistinská, a řekli: Odešlete truhlu Boha Izraelského, ať se navrátí na místo své, a nezmoří nás i lidu našeho. Nebo bylo trápení smrtelné po všem tom městě, a velmi těžká byla ruka Boží tam.
12 ১২ যি লোকসকৰ মৃত্যু হোৱা নাছিল, তেওঁলোক বিহ ফোঁহোৰাৰে পীড়িত হৈছিল; যাৰ ফলত নগৰৰ লোকসকলৰ আৰ্তনাদ আকাশলৈকে উঠিল।
Muži pak, kteříž nezemřeli, raněni byli neduhy na zadku, tak že křik města vstupoval až k nebi.

< ১ সামুয়েল 5 >