< ১ সামুয়েল 4 >

1 সেই সময়ত ইস্ৰায়েলে যুদ্ধৰ অৰ্থে পলেষ্টীয়াসকলৰ বিৰুদ্ধে ওলাই গৈ এবেন-এজৰৰ ওচৰত ছাউনি পাতিলে, আৰু পলেষ্টীয়াসকলে অফেকত ছাউনি পাতিলে।
以色列人出去與非利士人打仗,安營在以便以謝;非利士人安營在亞弗。
2 পাছত পলেষ্টীয়াসকলে ইস্ৰায়েলৰ বিৰুদ্ধে যুদ্ধ কৰোঁতে পলেষ্টীয়াসকলৰ হাতত ইস্ৰায়েলসকল পৰাস্ত হ’ল; আৰু সেই যুদ্ধ-ক্ষেত্ৰত ইস্ৰায়েলৰ সৈন্য সমূহৰ প্ৰায় চাৰি হাজাৰ লোকক তেওঁলোকে বধ কৰিলে।
非利士人向以色列人擺陣。兩軍交戰的時候,以色列人敗在非利士人面前;非利士人在戰場上殺了他們的軍兵約有四千人。
3 পাছত লোকসলক ছাউনিলৈ ঘূৰি আহোতে, ইস্ৰায়েলৰ বৃদ্ধলোক সকলে ক’লে, “যিহোৱাই পলেষ্টীয়াসকলৰ হাতত আজি আমাক কিয় পৰাস্ত হবলৈ এৰি দিলে? এতিয়া ব’লা, চীলোৰ পৰা আমি যিহোৱাৰ সাক্ষ্য নিয়ম-চন্দুক আনোগৈ, তেতিয়া সেই নিয়ম-চন্দুক আমাৰ লগত থকিলে, সেয়াই শত্ৰুৰ শক্তিৰ পৰা আমাক ৰক্ষা কৰিব।”
百姓回到營裏,以色列的長老說:「耶和華今日為何使我們敗在非利士人面前呢?我們不如將耶和華的約櫃從示羅抬到我們這裏來,好在我們中間救我們脫離敵人的手。」
4 সেয়েহে লোকসকলে চীলোলৈ মানুহ পঠিয়াই, কৰূব দুটাৰ মাজত বসতি কৰা বাহিনীসকলৰ যিহোৱাৰ নিয়ম-চন্দুক অনালে। সেই সময়ত এলীৰ দুজন পুত্ৰ হফনী আৰু পীনহচ সেই ঠাইত যিহোৱাৰ নিয়ম-চন্দুকৰ লগত আছিল।
於是百姓打發人到示羅,從那裏將坐在二基路伯上萬軍之耶和華的約櫃抬來。以利的兩個兒子何弗尼、非尼哈與上帝的約櫃同來。
5 যিহোৱাৰ নিয়ম-চন্দুক ছাউনিলৈ অনাৰ পাছত, ইস্ৰায়েলৰ সকলো লোকে এনেদৰে মহাধ্বনি কৰিলে যে, পৃথিৱীও কঁপিবলৈ ধৰিলে।
耶和華的約櫃到了營中,以色列眾人就大聲歡呼,地便震動。
6 পলেষ্টীয়াসকলে সেই মহাধ্বনিৰ শব্দ শুনি ক’লে, “ইব্ৰীয়াসকলৰ ছাউনিত এনে মহাধ্বনি কিয় হৈছে?” এইদৰে যিহোৱাৰ নিয়ম-চন্দুক ইস্ৰায়েলৰ ছাউনিলৈ অনা হ’ল বুলি তেওঁলোকে উপলব্ধি কৰিলে৷
非利士人聽見歡呼的聲音,就說:「在希伯來人營裏大聲歡呼,是甚麼緣故呢?」隨後就知道耶和華的約櫃到了營中。
7 তেতিয়া পলেষ্টীয়াসকলৰ ভয় লাগিল আৰু তেওঁলোকে ক’লে, “ছাউনিলৈ নিশ্চয় ঈশ্বৰ আহিল৷” তেওঁলোকে পুনৰ ক’লে, “আমাৰ এতিয়া সন্তাপ হ’ব; কিয়নো ইয়াৰ পূৰ্বতে কেতিয়াও এনেকুৱা হোৱা নাই।
非利士人就懼怕起來,說:「有神到了他們營中」;又說:「我們有禍了!向來不曾有這樣的事。
8 আমাৰ এতিয়া সন্তাপ হ’ব; সেই পৰাক্ৰমী ঈশ্বৰৰ শক্তিৰ পৰা আমাক কোনে ৰক্ষা কৰিব? এইজনেই সেই ঈশ্বৰ, যিজনে অৰণ্যৰ মাজত বিভিন্ন প্ৰকাৰ উপদ্ৰৱেৰে মিচৰীয়াসকলক আঘাত কৰিছিল।
我們有禍了!誰能救我們脫離這些大能之神的手呢?從前在曠野用各樣災殃擊打埃及人的,就是這些神。
9 হে পলেষ্টীয়াসকল, ইব্ৰীয়াসকল যেনেকৈ তোমালোকৰ অধীনত আছিল, তেনেকৈ তোমালোক তেওঁলোকৰ অধীনত যেন নহোৱা, সেইবাবে তোমালোক বলৱান হোৱা আৰু পুৰুষত্ব দেখুউৱা; পুৰুষত্ব দেখুৱাই যুদ্ধ কৰা।”
非利士人哪,你們要剛強,要作大丈夫,免得作希伯來人的奴僕,如同他們作你們的奴僕一樣。你們要作大丈夫,與他們爭戰。」
10 ১০ তাৰ পাছত পলেষ্টীয়াসকলে যুদ্ধ কৰোঁতে, ইস্ৰায়েলৰ লোকসকল পৰাজিত হৈ প্ৰতিজন নিজ নিজ তম্বুলৈ পলাল; তাতে এনে মহা-সংহাৰ হ’ল যে, ইস্ৰায়েলৰ মাজত ত্ৰিশহাজাৰ পদাতিক লোকৰ মৃত্যু হ’ল।
非利士人和以色列人打仗,以色列人敗了,各向各家奔逃,被殺的人甚多,以色列的步兵仆倒了三萬。
11 ১১ আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত পৰিল, আৰু এলীৰ দুজন পুতেক হফনী আৰু পীনহচক বধ কৰা হ’ল।
上帝的約櫃被擄去,以利的兩個兒子何弗尼、非尼哈也都被殺了。
12 ১২ এজন বিন্যামীনীয়া মানুহে সৈন্যৰ মাজৰ পৰা দৌৰি গৈ, একে দিনাই চীলোহ পালে; তাৰ কাপোৰ ফটা আছিল আৰু মুৰত মাটি লাগি আছিল।
當日,有一個便雅憫人從陣上逃跑,衣服撕裂,頭蒙灰塵,來到示羅。
13 ১৩ সি অহা সময়ত বাটৰ কাষত এলীয়ে নিজৰ আসনত বহি বাট চাই আছিল; কিয়নো যিহোৱাৰ নিয়ম-চন্দুকৰ বাবে তেওঁৰ মন ব্যকুল হৈ আছিল। তাৰ পাছত সেই মানুহজনে নগৰত সোমাই সকলো সম্বাদ দিয়াত নগৰৰ সকলো লোকে চিঞৰিব ধৰিলে।
到了的時候,以利正在道旁坐在自己的位上觀望,為上帝的約櫃心裏擔憂。那人進城報信,合城的人就都呼喊起來。
14 ১৪ এলীয়ে সেই চিঞৰৰ শব্দ শুনি সুধিলে, “এই কোলাহলৰ কাৰণ কি?” তেতিয়া সেই মানুহজনে বেগাই আহি এলীক সকলো বিষয় জনালে।
以利聽見呼喊的聲音就問說:「這喧嚷是甚麼緣故呢?」那人急忙來報信給以利。
15 ১৫ সেই সময়ত এলী আঠান্নব্বৈ বছৰ বয়সীয়া বৃদ্ধ আছিল; আৰু তেওঁ দৃষ্টিহীন হোৱাত, একো দেখা নপালে।
那時以利九十八歲了,眼目發直,不能看見。
16 ১৬ মানুহ জনে এলীক ক’লে, “মই আজি সৈন্য সমূহৰ ওচৰৰ পৰা পলাই আহিলোঁ।” তেতিয়া এলীয়ে সুধিলে, “বোপা, তাত কি হৈ আছে?”
那人對以利說:「我是從陣上來的,今日我從陣上逃回。」以利說:「我兒,事情怎樣?」
17 ১৭ বাতৰি লৈ অহা মানুহজনে উত্তৰ দি ক’লে, “পলেষ্টীয়াসকলৰ সন্মুখৰ পৰা ইস্ৰায়েলীসকল পলাইছে আৰু আমাৰ লোকসকল পৰাজিত হ’ল৷ আপোনাৰ দুজন পুত্ৰ হফনী আৰু পীনহচৰো মৃত্যু হ’ল, আৰু ঈশ্বৰৰ নিয়ম-চন্দুক শত্ৰুৱে লৈ গ’ল।”
報信的回答說:「以色列人在非利士人面前逃跑,民中被殺的甚多!你的兩個兒子何弗尼、非尼哈也都死了,並且上帝的約櫃被擄去。」
18 ১৮ সেই মানুহজনে ঈশ্বৰৰ নিয়ম-চন্দুকৰ নাম লোৱাৰ লগে লগে এলী দুৱাৰৰ কাষত বহি থকা আসনৰ পৰা লুটিখাই পৰিল আৰু ডিঙি ভাঙি যোৱাত তেওঁৰ মৃত্যু হ’ল; কিয়নো তেওঁ বৃদ্ধ আৰু ভাৰযুক্ত পুৰুষ আছিল। তেওঁ চল্লিশ বছৰলৈকে ইস্ৰায়েলৰ বিচাৰ কৰিছিল।
他一提上帝的約櫃,以利就從他的位上往後跌倒,在門旁折斷頸項而死;因為他年紀老邁,身體沉重。以利作以色列的士師四十年。
19 ১৯ সেই সময়ত তেওঁৰ পো-বোৱাৰী পীনহচৰ ভাৰ্যা গৰ্ভৱতী আছিল, তেওঁৰ সন্তান প্ৰসৱৰ সময় হৈছিল৷ যিহোৱাৰ নিয়ম-চন্দুক শত্ৰুৰ হাতত যোৱা আৰু নিজৰ শহুৰ ও স্ৱামীৰ মৃত্যুৰ সম্বাদ শুনাৰ লগে লগে তেওঁৰ প্ৰসৱ বেদনা অস্থিৰ হৈ তেওঁ আঠুকাঢ়ি সন্তান প্ৰসৱ কৰিলে।
以利的兒婦、非尼哈的妻懷孕將到產期,她聽見上帝的約櫃被擄去,公公和丈夫都死了,就猛然疼痛,曲身生產;
20 ২০ তেওঁৰ প্ৰসৱ বেদনা দেখি, তেওঁৰ কাষত থিয় হৈ থকা মহিলাসকলে ক’লে, “ভয় নকৰিবা; তুমি এটি পুত্ৰ জন্ম দিলা।” কিন্তু তেওঁ মুখেৰে একো উত্তৰ নিদিলে আৰু তেওঁলোকে কোৱা কথালৈ মন নিদিলে।
將要死的時候,旁邊站着的婦人們對她說:「不要怕!你生了男孩子了。」她卻不回答,也不放在心上。
21 ২১ তেওঁ সন্তানটিৰ নাম ঈখাবোদ ৰাখিলে আৰু ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল।” তেওঁৰ শহুৰ আৰু স্ৱামীৰ বাবেই ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে৷
她給孩子起名叫以迦博,說:「榮耀離開以色列了!」這是因上帝的約櫃被擄去,又因她公公和丈夫都死了。
22 ২২ তেওঁ পুনৰ ক’লে, “ইস্ৰায়েলৰ পৰা প্ৰতাপ দূৰ কৰা হ’ল; কিয়নো ঈশ্বৰৰ নিয়ম-চন্দুক আটক কৰি নিলে।”
她又說:「榮耀離開以色列,因為上帝的約櫃被擄去了。」

< ১ সামুয়েল 4 >