< ১ সামুয়েল 30 >

1 তৃতীয় দিনা দায়ুদ আৰু তেওঁৰ লোকসকল চিক্লগ আহি পালে; তাতে তেওঁলোকে দেখিলে যে, অমালেকীয়াসকলে আহি চিক্লগ আৰু নেগেভত উপদ্ৰৱ কৰিছে, আৰু চিক্লগত সোমাই আক্ৰমণ কৰি, জুইৰে পুৰিছে;
Davudla adamları üçüncü gün Ziqlaqa çatdılar. Elə bu zaman Amaleqlilər Negevə və Ziqlaqa hücum edərək Ziqlaq şəhərinə od vurub yandırmışdılar.
2 আৰু তাৰ ভিতৰত থকা তিৰোতা আদি সৰু বৰ সকলোকে বন্দী কৰি লৈ গৈছে। সিহঁতে কাকো বধ নকৰিলে, কিন্তু সকলোকে লগত লৈ নিজৰ বাটেৰে তেওঁলোক গ’ল।
Orada olan qadınlardan isə heç kimi öldürməmişdilər, böyükdən kiçiyə qədər hamısını əsir edib öz yolları ilə geri qayıtmışdılar.
3 যেতিয়া দায়ুদ আৰু তেওঁৰ লোকসকল সেই নগৰলৈ আহিল, তেতিয়া নগৰখন জুইৰে পুৰি পেলোৱা হৈছে আৰু তাত থকা মহিলা, সন্তান আৰু জীয়ৰীবোৰক বন্দী কৰি লৈ গৈছে।
Davud adamları ilə şəhərə gəlib gördü ki, şəhər yandırılıb və onların arvadları, oğul və qızları əsir aparılıb.
4 তেতিয়া দায়ুদ আৰু তেওঁৰ লগৰ লোকসকলে বৰ মাতেৰে এনেদৰে কান্দিলে যে, শেষত কান্দিবলৈকো তেওঁলোকৰ শক্তি নোহোৱা হ’ল।
Buna görə Davud yanına yığılan camaatla birgə taqətdən düşənə qədər hönkürüb ağladı.
5 তেওঁলোকে দায়ূদৰ দুই ভাৰ্যা, যিজ্ৰিয়েলীয়া অহীনোৱম আৰু কৰ্মিলীয়া মৃত নাবলৰ তিৰোতা অবিগলকো বন্দী কৰি নিছিল।
Əsir aparılanlar arasında Davudun iki arvadı, İzreelli Axinoamla Karmelli Navalın dul arvadı Aviqail də var idi.
6 তেতিয়া দায়ুদ মহাসঙ্কটত পৰিল; কিয়নো প্ৰতিজনৰ লোকৰ মন নিজৰ নিজৰ পুতেক-জীয়েকসকলৰ কাৰণে বেজাৰত আছিল, সেয়ে লোকসকলে দায়ূদক শিল দলিয়াই মাৰিবৰ বাবে আলোচনা কৰিবলৈ ধৰিলে। কিন্তু দায়ূদে তেওঁৰ ঈশ্বৰ যিহোৱাত নিজক সবল কৰিলে।
Davudun ürəyi çox sıxılırdı, çünki xalq «onu daşlayaq» deyirdi. Ona görə ki camaatın hər birinin oğul və qızından ötrü canı yanırdı. Lakin Davud Allahı Rəbdən qüvvət aldı.
7 পাছত দায়ূদে অহীমেলকৰ পুত্ৰ অবিয়াথৰ পুৰোহিতক ক’লে, “এতিয়া অনুগ্ৰহ কৰি এতিয়া মোৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহা।” তাতে অবিয়াথৰে দায়ূদৰ ওচৰলৈ এফোদ বস্ত্রখন লৈ আহিলে।
O, Aximelekin oğlu kahin Evyatara dedi: «Rica edirəm, efodu mənim üçün buraya gətir». Evyatar da efodu Davudun yanına gətirdi.
8 তেতিয়া যিহোৱাৰ পৰা নিৰ্দেশনা পাবৰ বাবে দায়ূদে প্ৰাৰ্থনা কৰি সুধিলে, “মই যদি তেওঁলোকক ধৰিবৰ বাবে খেদি যাওঁ, তেনেহলে তেওঁলোকক লগ পাম নে? তাতে যিহোৱাই তেওঁক ক’লে, “তেওঁলোকৰ পাছে পাছে খেদি যোৱা, তাতে অৱশ্যে তেওঁলোকক লগ পাবা, আৰু নিশ্চয়ে তেওঁলোকৰ পৰা সকলোকে উদ্ধাৰো কৰিব পাৰিবা।”
Davud Rəbbə müraciət edərək dedi: «Bu basqınçıların arxasınca düşsəm, onlara çatarammı?» Rəbb ona dedi: «Ardlarınca düş, mütləq onlara çatacaqsan və mütləq əsirləri qurtaracaqsan».
9 তেতিয়া দায়ুদ আৰু তেওঁৰ লগত ছশ লোক ওলাই গ’ল, তেওঁলোকে গৈ বিচোৰ জুৰি পালে; তাতে তেওঁলোকৰ কিছুমান লোক পাছ পৰি গ’ল।
Davud yanında olan altı yüz nəfərlə gedib Besor vadisinə çatdı. Yorulub dala qalanlar isə vadidə qaldılar.
10 ১০ কিন্তু দায়ুদ আৰু তেওঁৰ সঙ্গী চাৰি শ লোকে শত্ৰুবোৰৰ পাছত খেদি গ’ল; তাতে পাছ পৰি যোৱা দুশ লোক থাকি গ’ল, তেওঁলোক অতি ক্লান্ত হোৱা বাবে বিচোৰ জুৰি পাৰ হ’ব পৰা নাছিল।
Lakin Davud dörd yüz nəfərlə basqınçıların ardınca qaçmaqda davam etdi, çünki iki yüz nəfər adam yorularaq Besor vadisini keçə bilməmişdi.
11 ১১ তাতে তেওঁলোকে পথাৰত এজন মিচৰীয়া লোকক বিচাৰি পালে আৰু লোকজনক দায়ূদৰ ওচৰলৈ লৈ আহিল। তেওঁলোকে লোকজনক খাবলৈ খোৱা বস্তু আৰু পানী দিলে, তাতে লোকজনে সেইবোৰ খালে।
Çöldə bir Misirli tapdılar və onu Davudun yanına gətirdilər. Ona çörək yedirib, su içirtdilər.
12 ১২ বিশেষকৈ তেওঁলোকে তেওঁক এটা ডিমৰুৰ পিঠা আৰু দুথোপা শুকান দ্ৰাক্ষাগুটি খাবলৈ দিলে, সেইবোৰ খোৱাৰ পাছত তেওঁ পুনৰ শক্তি পালে; কিয়নো তেওঁ তিনি দিন-ৰাতি একো খোৱা নাছিল।
Sonra bir dilim basılmış əncir lavaşanası ilə iki salxım quru üzüm verdilər. O da yeyib özünə gəldi, çünki üç gün-üç gecə çörək yeməmiş və su içməmişdi.
13 ১৩ পাছত দায়ূদে তাক সুধিলে, “তই কাৰ মানুহ? আৰু ক’ৰ পৰা আহিলি?” সি ক’লে, “মই অমালেকীয়াৰ এজন বন্দী মিচৰীয়া ডেকা মানুহ; আজি তিনি দিন হ’ল, মই নৰিয়াত পৰা বাবে মোৰ গৰাকীয়ে মোক এৰি গ’ল।
Davud ona dedi: «Sən kimin qulusan? Haradansan?» O dedi: «Bir Amaleqlinin qulu, Misirli bir gəncəm. Üç gün əvvəl xəstələndim, ona görə ağam məni atdı.
14 ১৪ আমি কৰেথীয়াসকলৰ নেগেভ অঞ্চলত উপদ্ৰৱ চলাইছলোঁ; যিহূদাৰ অধিকাৰত থকা আৰু কালেবৰ অধিকাৰত নেভেগ অঞ্চলত আক্ৰমণ কৰিছিলোঁ। আমি চিক্লগ জ্ৱলাই দিছিলোঁ।”
Biz Keretlilərin cənubuna, Yəhuda torpağına və Kalevin cənubuna basqın etdik, Ziqlaqa od vurub yandırdıq».
15 ১৫ পাছত দায়ূদে তাক সুধিলে, “তই সেই দলৰ ওচৰলৈ মোক নমাই লৈ যাব পাৰিবি নে?” তাতে সি ক’লে, “আপুনি মোক বধ নকৰোঁ বুলি আৰু মোৰ গৰাকীৰ হাততো শোধাই নিদিওঁ বুলি যদি ঈশ্বৰৰ নামেৰে শপত খাই, তেন্তে মই সেই দলৰ ওচৰলৈ আপোনাক নমাই লৈ যাম।”
Davud ona dedi: «Məni bu basqınçıların yanına apararsanmı?» Həmin adam dedi: «Məni öldürməyəcəyinə və ağama təslim etməyəcəyinə Allah haqqı üçün and iç, mən də səni basqınçıların yanına aparım».
16 ১৬ পাছত সেই মিচৰীয়াজনে দায়ূদক নমাই লৈ গ’ল; সেই সময়ত তেওঁলোকে গোটেই দেশত উৎসৱ পাতি ভোজন পান কৰি আছিল।
O, Davudu basqınçıların yanına endirdi. Bu zaman basqınçılar hər yana yayılmışdılar. Onlar Filişt və Yəhuda diyarından böyük talan malı götürmüş və bundan ötrü yeyib-içərək şənlik edirdilər.
17 ১৭ তেতিয়া দায়ূদে তেওঁলোকক আক্ৰমণ কৰিলে; সন্ধিয়াৰ পৰা পাছদিনালৈকে তেওঁলোকৰ লগত যুদ্ধ কৰি তেওঁলোকক হত্যা কৰিলে। তাত চাৰি শ লোক উটত উঠি পলাই গ’ল, তেওঁলোকৰ বাহিৰে সকলো লোক নিহত হ’ল।
Davud gün batandan ertəsi günün axşamınadək onları qırdı. Dəvələrə minib qaçan dörd yüz nəfər gəncdən başqa heç kim canını qurtara bilmədi.
18 ১৮ অমালেকীয়াসকলে যিবোৰ লৈ গৈছিল, সেই সকলো দায়ূদে উভতাই পালে আৰু নিজৰ দুজনী ভাৰ্যাকো তেওঁ উভতাই পালে।
O, Amaleqlilərin götürüb apardığı hər bir şeyi və iki arvadını geri qaytardı.
19 ১৯ তেওঁ সৰু বা ডাঙৰ, একোৱেই নেহেৰুৱালে, পুতেক-জীয়েক আদি কৰি লুটদ্ৰব্যৰ সকলোখিনি উভতাই পালে। তেওঁলোকে যিবোৰ লুট কৰি নিছিল, সেই সকলোখিনিয়ে দায়ূদে উভতাই আনিলে।
Böyükləri, kiçikləri, bütün oğul və qızları, talan edərək ələ keçirdikləri bütün şeyləri Davud geri qaytardı və onlardan heç nə əskik olmadı.
20 ২০ আৰু দায়ূদে সিহঁতৰ সকলো গৰু আৰু মেৰ-ছাগৰ জাকবোৰ নিজৰ কাৰণে ল’লে, আৰু লোকসকলে সেই পশুবোৰ উদ্ধাৰ কৰি অনা আন পশুৰ জাকৰ আগে আগে খেদি নি ক’লে, “এইবোৰ দায়ূদে লুট কৰি অনা বস্তু।”
Davud qoyunlarla öküzləri də geri qaytardı. Onları o biri heyvanların qarşısından sürüb «bu, Davudun talan malıdır» deyirdilər.
21 ২১ পাছত তেওঁলোক ক্লান্ত হৈ পৰা বাবে দায়ূদৰ লগত যাব নোৱৰা যি দুশ লোকক তেওঁলোকে বিচোৰ জুৰিৰ পাৰত এৰি থৈ গৈছিল, সেই লোকসকলৰ ওচৰ আহি পালে। তাতে সেই লোকসকলে দায়ুদ আৰু লগতে তেওঁৰ লগত অহা আটাই লোকক আগবঢ়াই নিবলৈ ওলাল; তেতিয়া দায়ূদে তেওঁলোকক মঙ্গলবাদ কৰিলে।
Davud yorulub ardınca gələ bilməyən və Besor vadisində qalan iki yüz nəfərin yanına gəldi. Onlar Davudu və yanındakı adamları qarşılamağa çıxdılar. Davud oraya yaxınlaşanda xalqa salam verdi.
22 ২২ কিন্তু দায়ূদৰ লগত যোৱা লোকসকলৰ মাজৰ দুৰ্জন আৰু অধম প্রকৃতিৰ কিছুমানে লোকে ক’লে, “সিহঁত আমাৰ লগত যোৱা নাই; গতিকে উভতাই অনা লুটদ্ৰব্যৰ একোকে সিহঁতক নিদিওঁ; কেৱল আমি সিহঁতৰ প্ৰতিজনক নিজ নিজ তিৰোতা আৰু ল’ৰা-ছোৱালীহে দিম, সিহঁত ইয়াকে লৈ আতৰি যাওক।”
Davudla birlikdə gedən adamlar arasında olan bütün pis və yaramaz adamlar belə dedilər: «Onlar bizimlə birlikdə getmədikləri üçün biz də qurtardığımız talan malından onlara heç nə verməyəcəyik. Ancaq hər adama öz arvad-uşaqlarını verəcəyik. Qoy onları götürüb buradan getsinlər».
23 ২৩ তেতিয়া দায়ূদে ক’লে, “হে ভাইসকল, এনে ধৰণৰ কাৰ্য কৰা উচিত নহয়। যিহোৱাই আমাক যি দিলে, সেয়া এবাৰ ভাবি চোৱা। তেওঁ আমাৰ বিৰুদ্ধে অহা সৈন্যসকল আমাৰ হাতত শোধাই দিলে।
Amma Davud onlara belə dedi: «Xeyr, qardaşlarım! Rəbbin bizə verdiyi şeylərlə belə etməyəcəksiniz. Bizi qoruyan Rəbdir və üstümüzə gələn basqınçıları O bizə təslim etdi.
24 ২৪ কোনে নো এই বিষয়ে তোমালোকৰ কথা শুনিব? কিয়নো যুদ্ধলৈ যোৱা লোকে যেনে ভাগ পাব, বস্তুৰ ওচৰত থকা লোকেও তেনে ভাগ পাব; দুয়ো সমান ভাগ পাব।”
Sizin bu sözünüzü kim dinləyər? Çünki döyüşə gedənin payı nə qədərdirsə, yüklərin yanında qalanın da payı o qədər olacaq, bərabər bölünəcək».
25 ২৫ সেইদিনৰে পৰা এই কথা ইস্ৰায়েলৰ কাৰণে বিধি আৰু শাসন-প্ৰণালী হ’ল; এয়ে আজিলৈকে চলি আছে।
Davud bütün İsrail üçün o gündən bu günə qədər davam edən bir qanun və hökm yaratdı.
26 ২৬ পাছত দায়ুদ যেতিয়া চিক্লগলৈ আহিল, তেতিয়া তেওঁ নিজ বন্ধু যিহূদাৰ বৃদ্ধ লোকসকলৰ ওচৰলৈ গ’ল। তাতে তেওঁ লুটি অনা বস্তুৰ কিছু অংশ তেওঁলোকলৈ পঠিয়াই দি ক’লে, “চোৱা, যিহোৱাৰ শত্ৰুবোৰৰ পৰা লুটি অনা বস্তুৰ মাজৰ পৰা এয়ে তোমালোকৰ কাৰণে পঠোৱা উপহাৰ।”
Davud Ziqlaqa gəldi və «budur, sizin üçün Rəbbin düşmənlərindən alınan talandan bir hədiyyə» deyərək dostları olan Yəhuda ağsaqqallarına,
27 ২৭ বৈৎএল, দক্ষিণ অঞ্চলৰ ৰামোৎ, যত্তীৰ,
Bet-Eldə, Negevdəki Ramotda və Yattirdə,
28 ২৮ অৰোয়েৰ, চিফমোৎ, ইষ্টমোৱা,
Aroerdə, Sifmotda, Eştemoada,
29 ২৯ ৰাখল, যিৰহমেলীয়া, কেনীয়াসকলৰ নগৰবোৰ,
Rakalda, Yeraxmeellilərin və Qenlilərin şəhərlərində,
30 ৩০ হৰ্মা, কোৰ-আচন, অথাক,
Xormada, Bor-Aşanda, Atakda,
31 ৩১ আৰু হিব্ৰোণ আদি যি যি ঠাইত দায়ুদ আৰু তেওঁৰ লোকসকল থকিছিল, সেই সকলো ঠাইৰ যুদ্ধাৰুসকলৰ ওচৰলৈ তেওঁ এইবোৰ পঠিয়াই দিলে।
Xevronda olanlara və adamları ilə gəzdiyi yerlərin hamısında yaşayanlara talan malından göndərdi.

< ১ সামুয়েল 30 >