< ১ সামুয়েল 3 >

1 চমূৱেলে এলীৰ তত্ত্বাৱধানত যিহোৱাৰ পৰিচৰ্যা কৰি আছিল। সেই সময়ত যিহোৱাৰ বাক্য দুৰ্ল্লভ আছিল; আৰু সঘনাই যিহোৱাৰ দৰ্শন পোৱা সম্ভৱ নাছিল।
わらべサムエルは、エリの前で、主に仕えていた。そのころ、主の言葉はまれで、黙示も常ではなかった。
2 সেই সময়ত এলীৰ চকু দুৰ্ব্বল হোৱাত, তেওঁ ভালদৰে মনিব নোৱাৰিছিল; সেয়ে তেওঁ নিজৰ বিচনাত শুই থাকিছিল।
さてエリは、しだいに目がかすんで、見ることができなくなり、そのとき自分のへやで寝ていた。
3 ঈশ্বৰৰ নিয়ম-চন্দুক থকা যিহোৱাৰ মন্দিৰত ঈশ্বৰীয় প্ৰদীপ নুমুউৱাৰ পূৰ্বতে চমূৱেলে শুব লৈছিল৷
神のともしびはまだ消えず、サムエルが神の箱のある主の神殿に寝ていた時、
4 সেই সময়তে যিহোৱাই চমূৱেলক মাতিলে; তাতে তেওঁ উত্তৰ দি ক’লে, “মই ইয়াতে আছোঁ।”
主は「サムエルよ、サムエルよ」と呼ばれた。彼は「はい、ここにおります」と言って、
5 মাত শুনাৰ লগে লগে, তেওঁ এলীৰ ওচৰলৈ দৌৰি গৈ ক’লে, “আপুনি মোক মাতিছিল, সেয়ে মই ইয়াতে আছোঁ।” তেতিয়া তেওঁ ক’লে, “মই মতা নাই; তুমি শুই থাকা গৈ;” তেতিয়া তেওঁ গৈ শুই থাকিল।
エリの所へ走っていって言った、「あなたがお呼びになりました。わたしは、ここにおります」。しかしエリは言った、「わたしは呼ばない。帰って寝なさい」。彼は行って寝た。
6 পাছত যিহোৱাই পুনৰায় মাতিলে, “হে চমূৱেল;” তেতিয়া চমূৱেলে উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; আপুনি মোক কিয় মাতিছিল? তেওঁ ক’লে, “বোপা, মই মাতা নাই; তুমি শুই থাকা গৈ।”
主はまたかさねて「サムエルよ、サムエルよ」と呼ばれた。サムエルは起きてエリのもとへ行って言った、「あなたがお呼びになりました。わたしは、ここにおります」。エリは言った、「子よ、わたしは呼ばない。もう一度寝なさい」。
7 সেই সময়লৈকে যিহোৱাৰ মাত শুনাৰ অভিজ্ঞতা চমূৱেলৰ নাছিল, আৰু তেওঁৰ ওচৰত যিহোৱাৰ বাক্যও প্ৰকাশিত হোৱা নাছিল।
サムエルはまだ主を知らず、主の言葉がまだ彼に現されなかった。
8 পাছত যিহোৱাই তৃতীয়বাৰ চমূৱেলক মাতিলে। তেতিয়া তেওঁ উঠি এলীৰ ওচৰলৈ গৈ ক’লে, “মই উপস্থিত আছোঁ; কাৰণ আপুনি মোক মাতিছে।”
主はまた三度目にサムエルを呼ばれたので、サムエルは起きてエリのもとへ行って言った、「あなたがお呼びになりました。わたしは、ここにおります」。その時、エリは主がわらべを呼ばれたのであることを悟った。
9 তেতিয়া যিহোৱাই যে তেওঁক মাতিছে, এই কথা এলীয়ে বুজি পালে আৰু চমূৱেলক ক’লে, “তুমি গৈ শুই থাকা; যদি তেওঁ তোমাক মাতে, তেন্তে ক’বা, ‘হে যিহোৱা, কওক, কিয়নো আপোনাৰ দাসে শুনিছে’।” তাৰ পাছত চমূৱেল গৈ নিজ ঠাইত শুই থাকিল।
そしてエリはサムエルに言った、「行って寝なさい。もしあなたを呼ばれたら、『しもべは聞きます。主よ、お話しください』と言いなさい」。サムエルは行って自分の所で寝た。
10 ১০ পুনৰ যিহোৱাই আগৰ দৰে আহি থিয় হৈ তেওঁক মাতিলে, “চমূৱেল, চমূৱেল।” তেতিয়া চমূৱেলে উত্তৰ দি ক’লে, “কওক, আপোনাৰ দাসে শুনি আছে।”
主はきて立ち、前のように、「サムエルよ、サムエルよ」と呼ばれたので、サムエルは言った、「しもべは聞きます。お話しください」。
11 ১১ তেতিয়া যিহোৱাই চমূৱেলক ক’লে, “চোৱা, মই ইস্ৰায়েলৰ মাজত এনে এক কৰ্ম কৰিম; সেই বিষয়ে যি জনে শুনিব, সেই সকলোৰে নোম শিয়ৰি উঠিব।
その時、主はサムエルに言われた、「見よ、わたしはイスラエルのうちに一つの事をする。それを聞く者はみな、耳が二つとも鳴るであろう。
12 ১২ মই এলী আৰু তেওঁৰ বংশৰ বিষয়ে যি যি কৈছিলোঁ, সেই সকলোকে প্ৰথমৰ পৰা শেষলৈকে সিদ্ধ কৰিম।
その日には、わたしが、かつてエリの家について話したことを、はじめから終りまでことごとく、エリに行うであろう。
13 ১৩ কাৰণ মই তেওঁক ক’লোঁ, ‘তেওঁ যিবোৰ অপৰাধৰ কথা জানিছিল, তাৰ বাবে মই সদাকাললৈকে তেওঁৰ বংশক দণ্ড দিম, কাৰণ তেওঁৰ সন্তানসকলে নিজকে অভিশপ্ত কৰা সত্বেও তেওঁলোকক বাধা দিয়া নাই’।
わたしはエリに、彼が知っている悪事のゆえに、その家を永久に罰することを告げる。その子らが神をけがしているのに、彼がそれをとめなかったからである。
14 ১৪ সেই কাৰণে, এলীৰ বংশলৈ মই শপত খালোঁ যে, এলীৰ বংশই যি অপৰাধ কৰিলে, তাক বলিদান কি নৈবেদ্যৰ দ্বাৰাই কেতিয়াও মোচন কৰা নহ’ব।”
それゆえ、わたしはエリの家に誓う。エリの家の悪は、犠牲や供え物をもってしても、永久にあがなわれないであろう」。
15 ১৫ তাৰ পাছত চমূৱেলে ৰাতিপুৱালৈকে শুই থাকিল, আৰু পুৱা উঠি যিহোৱাৰ গৃহৰ দুৱাৰবোৰ মেলি দিলে, কিন্তু এলীৰ আগত সেই দৰ্শনৰ কথা জনাবলৈ ভয় কৰিলে।
サムエルは朝まで寝て、主の宮の戸をあけたが、サムエルはその幻のことをエリに語るのを恐れた。
16 ১৬ এলীয়ে চমূৱেলক মাতি ক’লে, “মোৰ বোপা চমূৱেল।” তেতিয়া চমূৱেলে ক’লে, “মই ইয়াতে আছোঁ।”
しかしエリはサムエルを呼んで言った、「わが子サムエルよ」。サムエルは言った、「はい、ここにおります」。
17 ১৭ তেতিয়া এলীয়ে সুধিলে, “যিহোৱাই তোমাক কি ক’লে? মই বিনয় কৰোঁ, তুমি মোৰ পৰা একো নুলুকুৱাবা; ঈশ্বৰে তোমাক যি কথা ক’লে, তাৰ কোনো কথা যদি মোৰ পৰা গোপনে ৰাখা, তেন্তে তেওঁ তোমাক অধিক দণ্ড দিব।”
エリは言った、「何事をお告げになったのか。隠さず話してください。もしお告げになったことを一つでも隠して、わたしに言わないならば、どうぞ神があなたを罰し、さらに重く罰せられるように」。
18 ১৮ তেতিয়া চমূৱেলে তেওঁৰ আগত সকলো কথা ক’লে, তেওঁৰ পৰা কোনো এটা কথাও গোপনে নাৰাখিলে। সেয়ে এলীয়ে ক’লে, “তেওঁ যিহোৱা; তেওঁৰ দৃষ্টিত যি ভাল, তাকেই কৰক।”
そこでサムエルは、その事をことごとく話して、何も彼に隠さなかった。エリは言った、「それは主である。どうぞ主が、良いと思うことを行われるように」。
19 ১৯ চমূৱেল ডাঙৰ হৈ অহাৰ পাছত, যিহোৱা তেওঁৰ সঙ্গী হ’ল, আৰু যিহোৱাৰ ভৱিষ্যত বাণী এটাও বিফলে যাব নিদিলে।
サムエルは育っていった。主が彼と共におられて、その言葉を一つも地に落ちないようにされたので、
20 ২০ তাতে চমূৱেল যে যিহোৱাৰ ভাববাদী হ’বৰ অৰ্থে বিশ্বাসৰ পাত্ৰ হৈছে, সেই বিষয়ে দানৰ পৰা বেৰ-চেবালৈকে গোটেই ইস্ৰায়েলে জানিলে।
ダンからベエルシバまで、イスラエルのすべての人は、サムエルが主の預言者と定められたことを知った。
21 ২১ যিহোৱাই পুনৰ তেওঁক চীলোত দৰ্শন দিলে; কিয়নো যিহোৱাই চীলোত চমূৱেলৰ আগত বাক্যৰ দ্বাৰাই নিজকে প্ৰকাশ কৰিছিল। আৰু গোটেই ইস্ৰায়েলৰ ওচৰলৈ চমূৱেলৰ বাক্য আহিছিল।
主はふたたびシロで現れられた。すなわち主はシロで、主の言葉によって、サムエルに自らを現された。こうしてサムエルの言葉は、あまねくイスラエルの人々に及んだ。

< ১ সামুয়েল 3 >