< ১ সামুয়েল 20 >

1 তাৰ পাছত দায়ূদে ৰামাৰ নায়োতৰ পৰা পলাই যোনাথনৰ ওচৰলৈ আহি ক’লে, “মই নো কি কৰিলোঁ? মোৰ অপৰাধ কি? আপোনাৰ পিতৃৰ আগত মই কি পাপ কৰিলোঁ, তেওঁ যে মোৰ প্ৰাণ লবলৈ চেষ্টা কৰিছে?”
А Давид побеже из Најота у Рами, и дође и рече Јонатану: Шта сам учинио? Каква је кривица моја? И шта сам згрешио оцу твом, те тражи душу моју?
2 যোনাথনে দায়ূদক ক’লে, “ইয়াৰ পৰা আঁতৰি থাকক, আপোনাৰ মৃত্যু নহয়। মোৰ পিতৃয়ে ডাঙৰ কি সৰু কোনো কাম মোক নোকোৱাকৈ নকৰে। মোৰ পিতৃয়ে এই কথা মোৰ পৰা কিয় গোপনে ৰাখিব? সেয়ে নহয়।”
А он му рече: Сачувај Боже! Нећеш ти погинути. Ево отац мој не чини ништа, ни велико ни мало, а да мени не каже; а како би то тајио од мене отац мој? Неће то бити.
3 তথাপিও দায়ূদে শপত খাই ক’লে, “মই তোমাৰ দৃষ্টিত যে অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তাক তোমাৰ পিতৃয়ে ভালকৈ জানে; তেওঁ কৈছে, ‘যোনাথনক এই কথা জানিবলৈ নিদিবা, জানিলে সি অসন্তোষ পাব’। কিন্তু যিহোৱাৰ জীৱনৰ আৰু তোমাৰ জীৱনৰ শপত, মোৰ আৰু মৃত্যুৰ মাজত নিশ্চয়ে এখোজহে অন্তৰ আছে।”
А Давид заклињући се опет рече: Отац твој зна добро да сам нашао љубав у тебе, па вели: Не треба да дозна за ово Јонатан, да се не ожалости. Али тако жив био Господ и тако жива била душа твоја, само је један корак између мене и смрти.
4 তেতিয়া যোনাথনে দায়ূদক ক’লে, “আপুনি যি ক’ব বিচাৰে কওক, মই আপোনাৰ কাৰণে তাকেই কৰিম।”
А Јонатан рече Давиду: Шта жели душа твоја? Ја ћу ти учинити.
5 দায়ূদে যোনাথনক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতেই ময়েই ৰজাৰ লগত ভোজনত বহিব লাগিব। কিন্তু তুমি মোক যাবলৈ দিয়া, মই তৃতীয় দিনৰ গধূলিলৈকে পথাৰত লুকাই থাকিম।
И Давид рече Јонатану: Ево сутра је младина, кад треба с царем да једем, пусти ме дакле да се сакријем у пољу до треће вечери.
6 যদি তোমাৰ পিতৃয়ে মই নথকাটো মন কৰে, তেন্তে তুমি ক’বা, ‘দায়ূদে নিজ নগৰ বৈৎলেহেমলৈ সোনকালে যাবৰ কাৰণে মোৰ আগত বৰ আগ্ৰহেৰে অনুমতি বিচাৰিলে; কাৰণ সেই ঠাইত গোটেই বংশৰ কাৰণে এটা বছৰেকীয়া যজ্ঞ হৈ আছে।’
Ако запита за ме отац твој, ти реци: Врло ми се молио Давид да отрчи у Витлејем град свој, јер је онде годишња жртва свега рода његовог.
7 তেওঁ যদি কয়, ‘ঠিকেই আছে’, তেতিয়া তোমাৰ দাসৰ মঙ্গল হ’ব। কিন্তু যদি তেওঁৰ খং উঠে, তেন্তে জানিবা যে, তেওঁ অমঙ্গলৰ কথা চিন্তা কৰিছে।
Ако каже: Добро, биће миран слуга твој; ако ли се разгневи, знај да је зло наумио.
8 এই হেতুকে তুমি তোমাৰ দাসলৈ অনুগ্ৰহ কৰিবা; কাৰণ তুমি তোমাৰ এই দাসক তোমাৰে সৈতে যিহোৱাৰ চুক্তিলৈ আনিছা। তথাপি যদি মোৰ কোনো অপৰাধ থাকে, তেন্তে তুমি নিজে মোক বধ কৰা; তেনেহলে কিয় মোক তোমাৰ পিতৃৰ ওচৰলৈ নিব খুজিছা?”
Учини, дакле, милост слузи свом, кад си веру Господњу ухватио са слугом својим; ако је каква кривица на мени, убиј ме сам, јер зашто би ме водио к оцу свом?
9 যোনাথনে ক’লে, “এনে ভয় আপোনাৰ পৰা দূৰ হওক! কাৰণ মোৰ পিতৃয়ে আপোনালৈ অমঙ্গল ঘটাবলৈ স্থিৰ কৰা কথা যদি মই কেনেবাকৈ জানিব পাৰোঁ, তেন্তে মই জানো আপোনাক কৈ নিদিম?”
А Јонатан му рече: Боже сачувај; јер да дознам да је отац мој наумио зло да те задеси, зар ти не бих јавио?
10 ১০ তেতিয়া দায়ুদে যোনাথনক ক’লে, “তোমাৰ পিতৃয়ে তোমাক কটু উত্তৰ দিলে, তাক কোনে মোক ক’ব?”
А Давид рече Јонатану: Ко ће ми јавити ако ти отац одговори шта је зло?
11 ১১ যোনাথনে দায়ুদক ক’লে, “আহক, আমি পথাৰলৈ ওলাই যাওঁহঁক।” সেয়ে দুয়ো পথাৰলৈ ওলাই গ’ল।
А Јонатан рече Давиду: Ходи да изађемо у поље. И изиђоше обојица у поље.
12 ১২ যোনাথনে দায়ুদক ক’ল, “মই ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাক সাক্ষী কৰি কৈছোঁ যে, কাইলৈ বা পৰহিলৈ প্ৰায় এই সময়ত মোৰ পিতৃৰ মন চাম; তাতে আপোনালৈ অনুগ্ৰহ থকাৰ প্ৰমাণ পালে, মই তেতিয়াই মানুহ পঠিয়াই আপোনাক সেই বিষয়ে নজনাম নে?
И Јонатан рече Давиду: Господе Боже Израиљев! Кад искушам оца свог сутра у ово доба или прекосутра, и буде добро по Давида, ако не пошаљем к теби и не јавим ти,
13 ১৩ যদি আপোনাৰ অমঙ্গল কৰিবলৈ মোৰ পিতৃ মন থাকে, আৰু মই সেই বিষয়ে আপোনাক নজনাও, তেনেহলে যিহোৱাই যোনাথনক অমুক আৰু তাতকৈ অধিক দণ্ড দিয়ক; তেনেকুৱা হ’লে, আপোনাক বিদায় দিম; তাতে আপুনি কুশলে যাব; আৰু যিহোৱা মোৰ পিতৃৰ লগত থকাৰ দৰে আপোনাৰ লগতো থাকক।
Нека Господ учини тако Јонатану и тако нека дода. Ако ли отац мој буде наумио да ти учини зло, ја ћу ти јавити, и оправићу те, и отићи ћеш с миром; и Господ нека буде с тобом као што је био с оцем мојим.
14 ১৪ মই নমৰিবৰ কাৰণে আপুনি যে কেৱল মই জীয়াই থকা কালত যিহোৱাৰ অনুগ্ৰহ মোৰ বাবে দেখুৱাব এনে নহয়;
А и ти, докле сам жив, чинићеш мени милост Господњу да не погинем;
15 ১৫ কিন্তু মোৰ বংশলৈকো দয়া কৰিবলৈ কেতিয়াও ক্ৰুতি নকৰিব, আনকি যেতিয়া যিহোৱাই দায়ুদৰ শত্ৰুবোৰৰ প্ৰতিজনক পৃথিবীৰ পৰা উচ্ছন্ন কৰিব, তেতিয়াও নকৰিবা।”
И нећеш ускратити милости своје дому мом довека, ни онда кад Господ истреби све непријатеље Давидове са земље.
16 ১৬ এইদৰে যোনাথনে দায়ূদৰ পৰিয়ালৰ সৈতে এটা চুক্তি কৰিলে আৰু তেওঁ ক’লে, যিহোৱাই দায়ুদক শত্ৰুবোৰৰ হাতৰ পৰা ৰক্ষা কৰক।
Тако Јонатан учини веру с домом Давидовим говорећи: Господ нека тражи из руку непријатеља Давидових.
17 ১৭ এইদৰে যোনাথনে দায়ুদৰ ওচৰত পুনৰ প্রতিজ্ঞা কৰিলে, কাৰণ তেওঁ তেওঁক প্ৰেম কৰিছিল; তেওঁ নিজ প্ৰাণৰ দৰে দায়ূদক প্ৰেম কৰিছিল।
И још закле Јонатан Давида љубављу својом к њему, јер га љубљаше као своју душу
18 ১৮ সেয়ে যোনাথনে দায়ুদক ক’লে, “কাইলৈ ন-জোন ওলাব; তাতে আপোনাৰ অনুপস্থিতি অনুভৱ হ’ব, কাৰণ আপোনাৰ আসন খালী হৈ থাকিব।
Потом рече му Јонатан: Сутра је младина, и питаће се за те, јер ће твоје место бити празно.
19 ১৯ আপুনি পৰহিলৈ অতি বেগাই নামি আহিব, আৰু আগেয়ে যি ঠাইত আহি লুকাই আছিল, সেই ঠাইলৈ আহি এজল নামৰ শিলটোৰ ওচৰত লুকাই থাকিব।
А ти чекај до трећег дана, па онда отиди брзо и дођи на место где си се био сакрио кад се ово радило, и седи код камена Езила.
20 ২০ তাতে মই লক্ষ্য কৰি মৰাৰ দৰে তিনিটা কাঁড় মাৰিম।
А ја ћу бацити три стреле украј тог камена, као да гађам белегу.
21 ২১ আৰু মই এজন ডেকা ল’ৰাক সেই ঠাইলৈ পঠিয়াম আৰু তেওঁক ক’ম, ‘যোৱা আৰু কাঁড়বোৰ বিচাৰা’। যদি মই সেই ডেকা ল’ৰাক কওঁ, কাঁড় কেইডাল এইফালে আছে, তাৰ পৰা তুলি আনা’; তেনেহলে আপুনি আহিব। কিয়নো কোনো ভয় নাই, যিহোৱাৰ জীৱনৰ শপত তোমাৰ মঙ্গলহে হ’ব।
И ево послаћу момка говорећи му: Иди, нађи стреле. Ако кажем момку: Ето стреле су за тобом овамо ближе, дигни их; тада дођи, добро је по те, и неће ти бити ништа, тако жив био Господ!
22 ২২ কিন্তু মই যদি ডেকা ল’ৰাটোক কওঁ, ‘চোৱা, কাঁড়বোৰ তোৰ সিফালে আছে’, তেতিয়া আপুনি নিজৰ পথত গুচি যাব; কাৰণ যিহোৱাই আপোনাক বিদায় দিছে।
Ако ли овако кажем момку: Ето стреле су пред тобом, тамо даље; онда иди, јер те Господ шаље.
23 ২৩ আপোনাৰ আৰু মোৰ মাজত হোৱা চুক্তি আৰু মই কোৱা কথাবোৰ মনত ৰাখিব; যিহোৱা আপোনাৰ আৰু মোৰ মাজত চিৰদিন সাক্ষী হৈ আছে।”
А за ове речи што рекосмо ја и ти, ево, Господ је сведок између мене и тебе довека.
24 ২৪ তাৰ পাছত দায়ূদে গৈ পথাৰত লুকাই থাকিল; পাছত যেতিয়া ন-জোন ওলাল, তেতিয়া ৰজাই আহি ভোজনত বহিল।
Потом се Давид сакри у пољу; и дође младина, и цар седе за сто да једе.
25 ২৫ তাতে ৰজাই সচৰাচৰ বহাৰ দৰে দেৱালৰ ওচৰত থকা আসনত গৈ বহিল। পাছত যোনাথন উঠি থিয় হ’ল আৰু অবনেৰ চৌলৰ কাষতে বহিল, কিন্তু দায়ুদৰ আসন খালী হৈ থাকিল।
А кад цар седе на своје место, по обичају на место код зида, Јонатан уста, а Авенир седе до Саула, а место Давидово беше празно.
26 ২৬ সেইদিনা চৌলে একোকে নক’লে; কাৰণ তেওঁ ভাবিলে, “দায়ূদৰ কিবা হয়তো হৈছে। সি শুচি নহয়, সঁচাকৈ সি শুচি নহয়।”
И Саул не рече ништа онај дан, јер мишљаше, догодило му се штагод, те није чист, зацело није чист.
27 ২৭ ন-জোনৰ পাছদিনা অৰ্থাৎ মাহৰ দ্বিতীয় দিনাও দায়ুদৰ আসন শূণ্য হৈ থকাত চৌলে নিজৰ পুত্ৰ যোনাথনক সুধিলে, “যিচয়ৰ পুতেক কালি আৰু আজিও ভোজলৈ কিয় অহা নাই?”
А сутрадан, други дан месеца, опет беше празно место Давидово, а Саул рече Јонатану сину свом: Зашто син Јесејев не дође на обед ни јуче ни данас?
28 ২৮ তেতিয়া যোনাথনে উত্তৰ দি চৌলক ক’লে, “দায়ুদে বৈৎলেহেমলৈ যাবৰ কাৰণে বৰ আগ্ৰহেৰে মোৰ পৰা অনুমতি বিচাৰিলে;
А Јонатан одговори Саулу: Врло ме је молио Давид да отиде до Витлејема,
29 ২৯ আৰু মোক ক’লে, ‘মই মিনতি কৰিছোঁ, মোক যাবলৈ দিয়া; কিয়নো নগৰত আমাৰ গোষ্ঠীৰ এক যজ্ঞ হ’ব, আৰু মোৰ ককায়ে মোক তাত উপস্থিত হ’বলৈ আজ্ঞা কৰিছে; এই হেতুকে মই যদি তোমাৰ দৃষ্টিত অনুগ্ৰহপ্ৰাপ্ত হৈছোঁ, তেন্তে বিনয় কৰোঁ, মোক যাবলৈ দিয়া; মই গৈ মোৰ ভাইসকলক চাই আহোঁ’। এই কাৰণে তেওঁ মহাৰাজৰ মেজলৈ আহিব পৰা নাই’।”
Рекавши: Пусти ме, јер породица наша има жртву у граду, и сам ми је брат заповедио; ако сам, дакле, нашао милост пред тобом, да отидем и видим браћу своју. Зато није дошао на царев обед.
30 ৩০ তেতিয়া যোনাথনলৈ চৌলৰ ক্ৰোধ জ্বলি উঠিল আৰু তেওঁ যোনাথনক ক’লে, “হেৰ’ বিপথগামীনী আৰু বিদ্ৰোহীনী তিৰোতাৰ পুতেক, তই তোৰ লাজ, আৰু তোৰ মাৰক বিবস্ত্ৰ কৰাৰ লাজ প্ৰকাশ কৰিবলৈ যে যিচয়ৰ পুতেকক মনোনীত কৰিলি, তাক জানো মই নাজানো?
Тада се разгневи Саул на Јонатана, те му рече: Неваљали и непослушни сине! Зар ја не знам да си изабрао сина Јесејевог себи на срамоту и на срамоту својој неваљалој мајци?
31 ৩১ কিন্তু যিচয়ৰ পুতেক যেতিয়ালৈকে পৃথিবীত জীয়াই থাকিব, তেতিয়ালৈকে তই থিৰে থাকিব নোৱাৰিবি, আৰু তোৰ ৰজাও থিৰে নাথাকিব; এই হেতুকে এতিয়া মানুহ পঠাই তাক মোৰ আগলৈ আন; কিয়নো সি মৰিবই লাগিব”;
Јер, докле је жив син Јесејев на земљи, нећеш се утврдити ни ти ни царство твоје; зато пошљи сада и доведи га к мени, јер је заслужио смрт.
32 ৩২ তাতে যোনাথনে উত্তৰ দি নিজৰ বাপেক চৌলক ক’লে, “তেওঁ কিয় মৰিব? তেওঁনো কি কৰিলে?
А Јонатан одговори Саулу оцу свом и рече му: Зашто да се погуби? Шта је учинио?
33 ৩৩ তেতিয়া চৌলে যোনাথনক মাৰিবৰ বাবে যাঠি মাৰি পঠালে। তেতিয়া যোনাথনে বুজিলে যে, তেওঁৰ পিতৃ চৌলে সচাঁকৈয়ে দায়ূদক বধ কৰিবলৈ চল বিচাৰি আছে।
Тада се Саул баци копљем на њ да га убије. Тада виде Јонатан да је отац његов наумио убити Давида.
34 ৩৪ তাতে যোনাথন অতিশয় ক্ৰুদ্ধ হৈ উঠিল আৰু ভোজনৰ মেজৰ পৰা উঠি গ’ল। এইদৰে তেওঁ মাহৰ দ্বিতীয় দিনাও একো ভোজন নকৰিলে। দায়ুদৰ কাৰণে তেওঁ বেজাৰ পালে, কিয়নো তেওঁৰ পিতৃয়ে তেওঁক অপমান কৰিছিল।
И уста Јонатан од стола његовог, и ништа не једе други дан по младини; јер се забрину за Давида, што га отац осрамоти.
35 ৩৫ পাছদিনা ৰাতিপুৱা দায়ুদেৰে সৈতে নিৰূপণ কৰা পথাৰলৈ যোনাথনে ওলাই গ’ল আৰু তেওঁৰ লগত এজন ডেকা ল’ৰা আছিল।
А кад би ујутру, изађе Јонатан у поље у време како беше уговорио с Давидом, и с њим једно момче.
36 ৩৬ তেওঁ সেই ডেকা ল’ৰাক ক’লে, “দৌৰ আৰু মই মাৰি পঠোৱা কাঁড়বোৰ বিচাৰি আন।” তাতে ল’ৰাটিয়ে দৌৰ মাৰোতে তেওঁ তাৰ সিফালে পৰাকৈ কাঁড়বোৰ মাৰিলে।
И рече момку свом: Трчи да ми нађеш стреле које ћу пустити. И момче отрча, а он пусти стрелу преко њега.
37 ৩৭ তাতে ডেকা ল’ৰা জনে গৈ যোনাথনে মাৰি পঠোৱা কাঁড়বোৰৰ ওচৰ পোৱাত, তেওঁ তাক ক’লে, ‘তোৰ সিফালে জনো কাঁড়বোৰ নাই’?
А кад дође момак до места куда беше застрелио Јонатан, викну Јонатан за момком говорећи: Није ли стрела даље напред?
38 ৩৮ পাছত যোনাথনে ল’ৰাজনক মাতি ক’লে, “বেগাই দৌৰি আহ। তাত ৰৈ নাথাকিবি।” তেতিয়া সেই ল’ৰাজনে কাঁড়বোৰ বুটলি আনি যোনাথানৰ ওচৰলৈ আহিল।
Још викну Јонатан за момком: Брже, не стој. И момак Јонатанов покупи стреле, и врати се господару свом.
39 ৩৯ কিন্তু ল’ৰাজনে একো বুজি নাপালে; মাত্ৰ দায়ূদেহে এই বিষয় বুজি পালে।
Али момак не знаше ништа, само Јонатан и Давид знаху шта је.
40 ৪০ পাছত যোনাথনে নিজৰ ধনু-কাঁড়বোৰ ল’ৰা জনৰ হাতত দিলে আৰু ক’লে, “যোৱা, এইবোৰ লৈ নগৰলৈ যোৱা।”
И Јонатан даде оружје своје момку који беше с њим, и рече му: Иди, однеси у град.
41 ৪১ তাৰ পাছত ডেকা ল’ৰা জন যোৱাৰ লগে লগে দায়ূদে দক্ষিণ দিশৰ পৰা ওলাই আহিল আৰু তললৈ মুখ কৰি পৰি তিনিবাৰ প্ৰণিপাত কৰিলে। তাতে তেওঁলোক পৰস্পৰে চুমা খালে আৰু কান্দিলে; তাতে দায়ুদৰ সৈতে অধিক ক্ৰন্দন হ’ল।
И кад момак отиде, Давид уста с јужне стране и паде ничице на земљу, и поклони се три пута, и пољубише се, и плакаше обојица, а Давид особито.
42 ৪২ পাছত যোনাথনে দায়ুদক ক’লে, “আপুনি কুশলে যাওক; কিয়নো আমি দুয়ো যিহোৱাৰ নামেৰে এই শপত খালো যে, যিহোৱা আপোনাৰ আৰু মোৰ মাজত থকাৰ দৰে আপোনাৰ বংশ আৰু মোৰ বংশৰ মাজতো সদাকাল থাকিব।” পাছত তেওঁ উঠি গুচি গ’ল, আৰু যোনাথন নগৰলৈ উভতি গ’ল।
И рече Јонатан Давиду: Иди с миром, као што смо се заклели обојица именом Господњим рекавши: Господ да је сведок између мене и тебе и између мог семена и твог семена довека. И тако Давид уставши отиде, а Јонатан се врати у град.

< ১ সামুয়েল 20 >