< ১ সামুয়েল 2 >

1 হান্নাই প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “মোৰ মনে যিহোৱাত আনন্দ কৰিছে; মোৰ শক্তি যিহোৱাত মোৰ গৰ্ব্ব হৈছে; শত্ৰুবোৰৰ আগত মই দৃঢ়তাৰে কথা ক’ব পৰা হৈছোঁ কাৰণ মই আপোনাৰ পৰিত্ৰাণত উল্লাসিত হৈছোঁ।
And Hannah prayed, and said, My heart exulteth in Jehovah, my horn is lifted up in Jehovah; my mouth is opened wide over mine enemies; for I rejoice in thy salvation.
2 যিহোৱাৰ দৰে আন কোনো পবিত্ৰ নাই, কিয়নো আপোনাৰ বাহিৰে আন কোনো নাই; আমাৰ যিহোৱাৰ সদৃশ কোনো শিলা নাই।
There is none holy as Jehovah, for there is none beside thee, neither is there any rock like our God.
3 তোমালোকে অহঙ্কাৰেৰে পুনৰ কথা নক’বা, তোমালোকৰ মুখৰ পৰা দৰ্পৰ কথা নোলাওক৷ কিয়নো যিহোৱা সৰ্ব্বজ্ঞানী ঈশ্বৰ হয়, তেওঁৰ দ্বাৰাই কাৰ্যবোৰ তৰ্জুত জোখা হয়।
Do not multiply your words of pride, let not vain-glory come out of your mouth; For Jehovah is a God of knowledge, and by him actions are weighed.
4 বীৰসকলৰ ধনু ভঙা হ’ল, উজুটি খোৱা সকলক বলৰূপ টঙালিৰে বন্ধা হ’ল।
The bow of the mighty is broken, and they that stumbled are girded with strength.
5 তৃপ্ত হোৱাসকলে আহাৰৰ ববে কাম কৰিব লগা হ’ল, ভোকত থকা সকলৰ খাদ্যৰ অভাৱ নহ’ল৷ সন্তানহীনাই সাতোটা সন্তান প্ৰসৱ কৰিলে, অধিক সন্তান থকা জনী নিশকতীয়া হৈ গ’ল৷
They that were full have hired themselves out for bread; and the hungry are [so] no more: Even the barren beareth seven, and she that hath many children is waxed feeble.
6 যিহোৱাই মৃত্যু আৰু জীৱন দান কৰে, তেওঁ চিয়োললৈ নমায় আৰু পুনৰায় তোলে৷ (Sheol h7585)
Jehovah killeth, and maketh alive; he bringeth down to Sheol, and bringeth up. (Sheol h7585)
7 যিহোৱাই দৰিদ্ৰও কৰে আৰু ধনীও কৰে, তেওঁ নম্ৰও কৰে আৰু ক্ষমতাও দান কৰে৷
Jehovah maketh poor, and maketh rich, he bringeth low, also he lifteth up:
8 তেওঁ নিঃকিন অৱস্থাৰ পৰা দৰিদ্ৰক উন্নত কৰে, তেওঁ গোবৰৰ দ’মৰ পৰা দৰিদ্র জনক উঠায়৷ তেওঁলোকক প্ৰতাপী জনৰ সৈতে বহিবলৈ যোগ্য কৰে, উত্তৰাধিকাৰী সূত্ৰে সন্মানীয় স্থান প্ৰদান কৰে৷ কিয়নো পৃথিৱীৰ স্তম্ভবোৰ যিহোৱাৰেই, তেওঁ তাৰ ওপৰত জগতখন স্থাপন কৰিলে।
He raiseth up the poor out of the dust; from the dung-hill he lifteth up the needy, To set [him] among nobles; and he maketh them inherit a throne of glory; For the pillars of the earth are Jehovah's, and he hath set the world upon them.
9 তেওঁৰ বিশ্বস্ত লোকসকলৰ খোজ তেওঁ ৰক্ষা কৰিব, কিন্তু দুষ্টবোৰক আন্ধাৰত গুপুতে ৰাখিব৷ আৰু কোনো মানুহে নিজ বলেৰে জিকিব নোৱাৰিব।
He keepeth the feet of his saints, but the wicked are silenced in darkness; for by strength shall no man prevail.
10 ১০ যিহোৱাৰ সৈতে প্ৰতিবাদ কৰা সকলক খণ্ড খণ্ড কৰা হ’ব, তেওঁ স্বৰ্গৰ পৰা সিহঁতৰ বিৰুদ্ধে বজ্ৰধ্ৱনি কৰিব। যিহোৱাই পৃথিৱীৰ অন্তলৈকে বিচাৰ কৰিব, তেৱেঁই তেওঁৰ ৰজাক শক্তি দিব, আৰু নিজ অভিষিক্ত জনক উচ্চস্থানলৈ নিব।”
They that strive with Jehovah shall be broken to pieces; in the heavens will he thunder upon them. Jehovah will judge the ends of the earth; and he will give strength unto his king, and exalt the horn of his anointed.
11 ১১ তাৰ পাছত ইলকানা নিজৰ ঘৰ ৰামালৈ গ’ল৷ কিন্তু তেওঁৰ সন্তান চমূৱেলে এলী পুৰোহিতৰ সাক্ষাতে যিহোৱাৰ পৰিচৰ্যা কৰিবলৈ ধৰিলে।
And Elkanah went to Ramah to his house. And the boy ministered to Jehovah in the presence of Eli the priest.
12 ১২ এলীৰ পুতেক দুজন অসৎ আছিল, তেওঁলোকে যিহোৱাক ভয় নকৰিছিল।
Now the sons of Eli were sons of Belial; they knew not Jehovah.
13 ১৩ এইদৰে পুৰোহিতসকলে লোকসকলৰ লগত ব্যৱহাৰ কৰিছিল, কোনো মানুহে যেতিয়া বলিদান কৰে, তেতিয়া মঙহ সিজাওঁতে, পুৰোহিতৰ দাসে এডাল ত্ৰিশূল হাতত লৈ আহে;
And the priests' custom with the people was, when any man sacrificed a sacrifice, the priest's servant came, when the flesh was cooked, with a flesh-hook of three prongs in his hand;
14 ১৪ আৰু লোহাৰ পাত্ৰত, বা কেৰাহীত, বা কেটলিত, খোঁচ মাৰি দিয়ে, তাতে সেই ত্ৰিশূলত যিবোৰ মঙহ লাগি আহে, সেই সকলোকে পুৰোহিতে সেই ত্ৰিশূল ডালেৰে সৈতে লৈ যায়। ইস্ৰায়েলৰ যিমান লোক চীলোলৈ আহে, সেই সকলো লোকৰ ওচৰতে তেওঁলোকে এইদৰে ব্যৱহাৰ কৰে।
and he struck it into the pan, or kettle, or cauldron, or pot; the priest took of it all that the flesh-hook brought up. So they did in Shiloh to all the Israelites that came there.
15 ১৫ তাৰ পৰিবৰ্তে তেল পোৰাৰ পূৰ্বে, পুৰোহিতৰ দাস আহি বলিদান দিয়া জনক কয়, “পুৰোহিতৰ কাৰণে পুৰিবলৈ মঙহ দিয়া, কিয়নো তেওঁ তোমাৰ পৰা সিজোৱা মঙহ নলয়, কিন্তু কেঁচা মঙহহে ল’ব।”
Even before they burned the fat, the priest's servant came, and said to the man that sacrificed, Give flesh to roast for the priest, and he will not accept sodden flesh of thee, but raw.
16 ১৬ কিন্তু মানুহজনে যদি তেওঁক কয়, “প্ৰথমে তেলখিনি পোৰা হওক, তাৰ পাছত আপোনাৰ যিমান ইচ্ছা সিমানখিনিয়ে ল’ব”, তেতিয়া তেওঁ কয়, “নহয় এতিয়াই মোক দে, নিদিলে, বলেৰে লম।”
If the man said to him, They will immediately burn the fat entire, then take as thy soul desires; he would say [to him], No, but thou shalt give [it] now; and if not, I will take [it] by force.
17 ১৭ সেয়েহে যিহোৱাৰ দৃ্‌ষ্টিত সেই ডেকাসকলৰ পাপ অতিশয় বৃদ্ধি হ’ল, কিয়নো সেই ডেকাসকলে যিহোৱাৰ নৈবেদ্য হেয়জ্ঞান কৰিছিল।
And the sin of the young men was very great before Jehovah, for men despised the offering of Jehovah.
18 ১৮ সেই সময়ত চমূৱেলে শণ সূতাৰ এফোদ বস্ত্ৰ পিন্ধি যিহোৱাৰ পৰিচৰ্যা কৰি আছিল;
And Samuel ministered before Jehovah, a boy girded with a linen ephod.
19 ১৯ তাৰ ওপৰিও তেওঁৰ মাকে তেওঁৰ কাৰণে সৰু পোছাক যুগুত কৰি তেওঁৰ স্বামীৰ লগত বছেৰেকীয়া বলিদান উৎসৰ্গ কৰিবলৈ অহাৰ সময়ত প্ৰতি বছৰে তেওঁক দিছিল।
And his mother made him a little coat, and brought it to him from year to year, when she came up with her husband to sacrifice the yearly sacrifice.
20 ২০ এলীয়ে ইলকানাক আৰু তেওঁৰ ভাৰ্যাকো আশীৰ্ব্বাদ কৰি ক’লে, “যিহোৱাৰ অনুগ্ৰহত পোৱা সন্তানটিক যিহোৱালৈ উৎসৰ্গ কৰাৰ বাবে এই সন্তানৰ সলনি যিহোৱাই তোমাক এই ভাৰ্যাৰ পৰা পুনৰ সন্তান দিয়ক।” তাৰ পাছত তেওঁলোকে নিজৰ ঘৰলৈ উভতি গ’ল।
And Eli blessed Elkanah and his wife, and said, Jehovah give thee seed of this woman for the loan which is lent to Jehovah. And they went to their own home.
21 ২১ যিহোৱাই পুনৰ হান্নালৈ কৃপা কৰাৰ পাছত তেওঁ গৰ্ভৱতী হৈ কালক্ৰমে তিনিজন ল’ৰা আৰু দুজনী ছোৱালী প্ৰসৱ কৰিলে। ইতিমধ্যে চমূৱেল যিহোৱাৰ সাক্ষাতে বৃদ্ধি হ’ল।
So Jehovah visited Hannah, and she conceived, and bore three sons and two daughters. And the boy Samuel grew before Jehovah.
22 ২২ সেই সময়ত এলী অতিশয় বৃদ্ধ আছিল। তেওঁ গোটেই ইস্ৰায়েললৈ কৰা তেওঁৰ পুতেকহঁতৰ কু-ব্যৱহাৰৰ কথা শুনিলে আৰু তম্বুৰ দুৱাৰমুখত পৰিচৰ্যা কৰা মহিলাবোৰৰ লগত শয়ন কৰাৰ কথাও শুনা পালে।
And Eli was very old, and heard all that his sons were doing to all Israel, and that they lay with the women that served at the entrance of the tent of meeting.
23 ২৩ তেতিয়া তেওঁ সিহঁতক ক’লে, “তোমালোকে এনে কৰ্ম কিয় কৰিছাহঁক? কিয়নো আটাই মানুহৰ মুখে মুখে মই তোমালোকৰ কুকৰ্মৰ কথা শুনিছোঁ।
And he said to them, Why do ye such things? for I hear of your evil deeds from all this people.
24 ২৪ হে মোৰ বোপাহঁত, তোমালোকে শুনা তোমালোকে এনে কৰ্ম নকৰিবা; কিয়নো মই যি কথা শুনিছোঁ, সেয়ে ভাল নহয়। তোমালোকে যিহোৱাৰ লোকসকলক আজ্ঞা লঙ্ঘন কৰাইছাহঁক।
No, my sons, for it is no good report that I hear: ye make Jehovah's people transgress.
25 ২৫ কোনো এজন মানুহে যদি মানুহৰ অহিতে দোষ কৰে, তেন্তে ঈশ্বৰে তাৰ বিচাৰ কৰিব; কিন্তু কোনোৱে যদি যিহোৱাৰ বিৰুদ্ধে পাপ কৰে, তেন্তে তেওঁৰ পক্ষে কোনে অনুৰোধ কৰিব?” তথাপি তেওঁলোকে নিজ পিতৃৰ কথালৈ মন নিদিলে; কিয়নো যিহোৱাই সিহঁতক মৃত্যুদণ্ড দিবলৈ ইচ্ছা কৰিলে।
If one man sin against another, God will judge him; but if a man sin against Jehovah, who shall intreat for him? But they hearkened not to the voice of their father, for Jehovah was minded to slay them.
26 ২৬ কিন্তু চমূৱেল ক্ৰমে ক্ৰমে বাঢ়ি গ’ল; যিহোৱাৰ আৰু মানুহৰ দৃষ্টিত তেওঁ অনুগ্ৰহ প্ৰাপ্ত হ’ল।
And the boy Samuel grew on, and was in favour both with Jehovah and also with men.
27 ২৭ তাৰ পাছত ঈশ্বৰৰ এজন ব্যক্তিয়ে এলীৰ ওচৰলৈ আহি তেওঁক ক’লে, “যিহোৱাই এই বাৰ্তা দিছে, যি সময়ত তোমাৰ পিতৃ মিচৰত ফৰৌণৰ বংশৰ অধীনত আছিল, সেই সময়ত মই তেওঁলোকক দৰ্শন দিয়া নাছিলোঁ নে?
And there came a man of God to Eli and said to him, Thus saith Jehovah: Did I plainly reveal myself to the house of thy father when they were in Egypt, in Pharaoh's house,
28 ২৮ তাৰ উপৰিও মোৰ পুৰোহিত হ’বলৈ, মোৰ যজ্ঞ বেদীৰ প্ৰস্থান কৰিবলৈ, ধূপ জ্বলাবলৈ আৰু মোৰ সাক্ষাতে এফোদ বস্ত্ৰ পিন্ধিবলৈ, ইস্ৰায়েলৰ আটাই ফৈদৰ পৰা মই তেওঁক মনোনীত কৰা নাই নে? আৰু ইস্ৰায়েলৰ সন্তান সকলৰ অগ্নিকৃত উপহাৰ তোমাৰ পিতৃবংশক দিয়া নাই নে?
and choose him out of all the tribes of Israel, to be my priest, to offer upon mine altar, to burn incense, to wear the ephod before me? and I gave unto the house of thy father all the offerings by fire of the children of Israel.
29 ২৯ সেয়েহে মই মোৰ নিবাসৰ ঠাইত আজ্ঞা কৰা মোৰ বলি আৰু নৈবেদ্যৰ ওপৰত তোমালোকে কিয় অৱজ্ঞা কৰিছা? আৰু মোৰ প্ৰজা ইস্ৰায়েলৰ লোকসকলৰ সকলো উপহাৰৰ আগ ভাগৰ দ্বাৰাই তোমালোক হৃষ্টপুষ্ট হোৱা, সেই বাবে তুমি মোতকৈ, নিজ সন্তান সকলক কিয় অধিক আদৰ কৰিছা?
Wherefore do ye trample upon my sacrifice and upon mine oblation which I have commanded [in my] habitation? And thou honourest thy sons above me, to make yourselves fat with the primest of all the oblations of Israel my people.
30 ৩০ সেই কাৰণে ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাই কৈছে, ‘তোমাৰ বংশই আৰু তোমাৰ পিতৃৰ বংশই মোৰ সাক্ষাতে সদায় থাকিব’; কিন্তু এতিয়া যিহোৱাই কৈছে, সেয়ে মোৰ পৰা দূৰ হওঁক; কিয়নো মোক মৰ্যদা কৰোঁতা সকলক মই মৰ্যদা কৰিম, কিন্তু মোক তুচ্ছ কৰোঁতা সকলক হেয়জ্ঞান কৰা হ’ব।
Wherefore Jehovah the God of Israel saith, I said indeed, Thy house and the house of thy father should walk before me for ever. But now Jehovah saith, Be it far from me; for them that honour me I will honour, and they that despise me shall be lightly esteemed.
31 ৩১ চোৱা, মই যি সময়ত তোমাৰ শক্তি আৰু তোমাৰ পিতৃবংশৰ শক্তি নোহোৱা কৰিম, তেতিয়া তোমাৰ বংশত এজনো বৃদ্ধলোক নাথাকিব, এনে সময় আহিছে।
Behold, days come, that I will cut off thine arm, and the arm of thy father's house, that there shall not be an old man in thy house.
32 ৩২ মই যি ঠাইত বাস কৰোঁ, তুমি সেই ঠাইত অমঙ্গল দেখিবা৷ কিন্তু ঈশ্বৰে ইস্ৰায়েলক দিয়া মঙ্গলৰ অৰ্থে তোমাৰ বংশত কেতিয়াও কোনো বৃদ্ধ নহ’ব।
And thou shalt see an oppressor [in my] habitation, amidst all the good that shall be done to Israel; and there shall not be an old man in thy house for ever.
33 ৩৩ আৰু মই মোৰ যজ্ঞ-বেদীৰ পৰা তোমাৰ বংশৰ কেৱল এজনক দূৰ নকৰিম, সি তোমাৰ চকু দুৰ্ব্বল কৰিবলৈ আৰু তোমাৰ মনত বেজাৰ জন্মাবলৈহে থাকিব আৰু তোমাৰ বংশত জন্ম গ্ৰহণ কৰা সকলো লোকৰ যৌৱন অৱস্থাতে মৃত্যু হ’ব।
And the man of thine [whom] I shall not cut off from mine altar, shall be to cause thine eyes to fail and to grieve thy soul; and all the increase of thy house shall die in their vigour.
34 ৩৪ ইয়াৰ চিন স্বৰূপে তোমাৰ দুজন পুত্ৰ হফনী আৰু পীনহচলৈ এইদৰে ঘটিব, সেয়ে সিহঁত দুয়োৰে একে দিনাই মৃত্যু হ’ব।
And this shall be the sign to thee, which shall come upon thy two sons, upon Hophni and Phinehas: in one day they shall die, both of them.
35 ৩৫ আৰু মই নিজৰ কাৰণে এজন বিশ্বাসী পুৰোহিত প্ৰস্তুত কৰিম; তেওঁ মই ভবাৰ দৰে আৰু মোৰ ইচ্ছাৰ দৰে কাৰ্য কৰিব; আৰু মই তেওঁৰ কাৰণে এক চিৰস্থায়ী গৃহ স্থাপন কৰিম; তেওঁ সদায় মোৰ অভিষিক্ত ৰজাৰ সন্মুখত অহা-যোৱা কৰিব।
And I will raise up for myself a faithful priest, [who] shall do according to what is in my heart and in my mind; and I will build him a sure house; and he shall walk before mine anointed continually.
36 ৩৬ আৰু তোমাৰ বংশৰ মাজৰ অৱশিষ্ট থকা প্ৰতিজনে আহি এডোখৰ ৰূপ আৰু এটা পিঠাৰ কাৰণে তেওঁৰ আগত প্ৰণিপাত কৰি ক’ব, বিনয় কৰোঁ, মই যেন এডোখৰ পিঠা খাবলৈ পাওঁ, সেই বাবে, অনুগ্ৰহ কৰি কোনো পুৰোহিত পদৰ বাবে মোক নিযুক্তি দিয়ক৷”
And it shall come to pass [that] every one that is left of thy house shall come to crouch to him for a small piece of silver and for a cake of bread, and shall say, Put me, I pray thee, into one of the priestly offices, that I may eat a morsel of bread.

< ১ সামুয়েল 2 >