< ১ সামুয়েল 18 >

1 দায়ূদে যেতিয়া চৌলৰ লগত কথা পাতি শেষ কৰিলে, তেতিয়া যোনাথনৰ প্ৰাণ দায়ূদৰ প্ৰাণৰ লগত সংযুক্ত হ’ল, আৰু যোনাথনে নিজ প্ৰাণৰ দৰে তেওঁক প্ৰেম কৰিবলৈ ধৰিলে।
و واقع شد که چون از سخن‌گفتن باشاول فارغ شد، دل یوناتان بر دل داودچسبید، و یوناتان او را مثل جان خویش دوست داشت.۱
2 চৌলে সেইদিনা তেওঁক নিজৰ কামৰ বাবে ল’লে, আৰু তেওঁক নিজ পিতৃৰ ঘৰলৈ ঘূৰি যাব নিদিলে।
و در آن روز شاول وی را گرفته، نگذاشت که به خانه پدرش برگردد.۲
3 তেতিয়া যোনাথন আৰু দায়ূদে তেওঁলোকৰ মাজত বন্ধুত্বৰ প্ৰতিশ্ৰুতি কৰিলে, কাৰণ যোনাথনে তেওঁক নিজৰ প্ৰাণৰ দৰে প্ৰেম কৰিছিল।
و یوناتان باداود عهد بست چونکه او را مثل جان خوددوست داشته بود.۳
4 যোনাথনে নিজৰ পিন্ধি থকা ৰাজবস্ত্ৰ সোলোকাই দায়ূদক দিয়াৰ লগতে অস্ত্ৰ-শস্ত্ৰ, যেনে তৰোৱাল, ধনু আৰু টঙালিও দিলে।
و یوناتان ردایی را که دربرش بود، بیرون کرده، آن را به داود داد و رخت خود حتی شمشیر و کمان و کمربند خویش رانیز.۴
5 চৌলে দায়ূদক য’লৈকে যাবলৈ কয়, তালৈকে তেওঁ যায়, আৰু তেওঁ জয়ী হয়। চৌলে যুদ্ধাৰু সকলৰ ওপৰত তেওঁক প্ৰতিষ্ঠিত কৰিলে। এই কথাই সকলো লোকৰ দৃষ্টিত আনকি চৌলৰ দাসবোৰৰ দৃষ্টিতো আনন্দদায়ক হ’ল।
و داود به هر جایی که شاول او را می‌فرستادبیرون می‌رفت، و عاقلانه حرکت می‌کرد و شاول او را بر مردان جنگی خود گماشت، و به نظرتمامی قوم و به نظر خادمان شاول نیز مقبول افتاد.۵
6 পলেষ্টীয়াসকলক পৰাজিত কৰি যেতিয়া তেওঁলোক ঘূৰি আহিল, তেতিয়া ইস্ৰায়েলৰ সকলো নগৰৰ মহিলাসকলে চৌলক ল’গ ধৰিবলৈ খঞ্জৰী আদি বাদ্যযন্ত্ৰ লৈ গীত গাই নাচি-বাগি ওলাই আহিল।
و واقع شد هنگامی که داود از کشتن فلسطینی برمی گشت چون ایشان می‌آمدند که زنان از جمیع شهرهای اسرائیل با دفها و شادی وبا آلات موسیقی سرود و رقص‌کنان به استقبال شاول پادشاه بیرون آمدند.۶
7 মহিলাসকলে এটাৰ পাছত আনটো গান আনন্দ কৰি গাবলৈ ধৰিলে, “চৌলে বধিলে হাজাৰ হাজাৰ লোকক, দায়ূদে বধিলে অযুত অযুত লোকক।”
و زنان لهو و لعب کرده، به یکدیگر می‌سراییدند و می‌گفتند: «شاول هزاران خود را و داود ده هزاران خود را کشته است.»۷
8 তাতে চৌলৰ অতিশয় খং উঠিল, আৰু এই গানে তেওঁক অসন্তুষ্ট কৰি তুলিলে। তেওঁ ক’লে, “তেওঁলোকে দায়ূদে দহ হাজাৰক জয় কৰিলে বুলি বাখ্যা কৰিছে, কিন্তু তেওঁলোকে মোক মাত্ৰ এক হাজাৰক জয় কৰা বুলি বাখ্যা কৰিছে। ৰাজত্বৰ বাহিৰে তেওঁ কি পাবলৈ বাকী থাকিল?”
و شاول بسیار غضبناک شد، و این سخن در نظرش ناپسند آمده، گفت: «به داود ده هزاران دادند و به من هزاران دادند، پس غیر از سلطنت برایش چه باقی است.»۸
9 সেই দিনৰ পৰা চৌলে দায়ূদক সন্দেহৰ চকুৰে চাবলৈ ধৰিলে।
و از آن روز به بعد شاول بر داود به چشم بد می‌نگریست.۹
10 ১০ তাৰ পাছদিনা ঈশ্বৰৰ পৰা অহা এটা অনিষ্টকাৰক আত্মা চৌলৰ ওপৰত স্থিতি হ’ল, আৰু তেওঁ বলীয়াৰ দৰে ঘৰৰ ভিতৰত বকিবলৈ ধৰিলে। সেয়ে দায়ূদে আন দিনা বজোৱাৰ দৰে সেইদিনাও বাদ্য বজালে। চৌলৰ হাতত যাঠি আছিল।
و در فردای آن روز روح بد از جانب خدا برشاول آمده، در میان خانه شوریده احوال گردید. و داود مثل هر روز به‌دست خود می‌نواخت ومزراقی در دست شاول بود.۱۰
11 ১১ চৌলে সেই যাঠি ডাল দলিয়ালে কাৰণ তেওঁ ভাবিছিল, “মই দায়ূদক বেৰত শালিম।” কিন্তু দায়ুদ চৌলৰ পৰা দুবাৰ এইদৰে ৰক্ষা পালে।
و شاول مزراق راانداخته، گفت: داود را تا به دیوار خواهم زد، اماداود دو مرتبه از حضورش خویشتن را به کنارکشید.۱۱
12 ১২ চৌলে দায়ূদলৈ ভয় কৰিলে, কাৰণ যিহোৱা তেওঁৰ লগত আছিল, কিন্তু চৌলৰ লগত নাছিল।
و شاول از داود می‌ترسید زیرا خداوند با اوبود و از شاول دور شده.۱۲
13 ১৩ সেয়ে চৌলে নিজৰ ওচৰৰ পৰা তেওঁক দূৰ কৰিলে আৰু তেওঁক সহস্ৰপতি পাতিলে। এইদৰে লোকসকলৰ আগলৈ দায়ুদ ওলাই গ’ল।
پس شاول وی را ازنزد خود دور کرد و او را سردار هزاره خود نصب نمود، و به حضور قوم خروج و دخول می‌کرد.۱۳
14 ১৪ আৰু দায়ূদে নিজৰ সকলো দিশত উন্নতি কৰিলে কাৰণ যিহোৱা তেওঁৰ লগত আছিল।
و داود در همه رفتار خود عاقلانه حرکت می‌نمود، و خداوند با وی می‌بود.۱۴
15 ১৫ চৌলে যেতিয়া দেখিলে যে দায়ূদৰ উন্নতি হৈছে, তেতিয়া তেওঁ ত্ৰাসযুক্ত হ’ল।
و چون شاول دید که او بسیار عاقلانه حرکت می‌کند به‌سبب او هراسان می‌بود.۱۵
16 ১৬ কিন্তু সকলো ইস্ৰায়েল আৰু যিহূদাই দায়ূদক ভাল পালে, কাৰণ তেওঁ তেওঁলোকৰ আগলৈ ওলাই আহিল।
اما تمامی اسرائیل ویهودا داود را دوست می‌داشتند، زیرا که به حضور ایشان خروج و دخول می‌کرد.۱۶
17 ১৭ চৌলে দায়ূদক ক’লে, “এয়া মোৰ ডাঙৰ ছোৱালী মেৰব। তোমাৰ ভাৰ্যা হবলৈ মই তাইক দিম। তুমি কেৱল মোৰ পক্ষে সাহিয়াল হোৱা আৰু যিহোৱাৰ বাবে যুদ্ধ কৰা।” কাৰণ চৌলে চিন্তা কৰিলে, “মোৰ হাত তেওঁৰ অহিতে নহওক, কিন্তু পলেষ্টীয়াসকলৰ হাত তেওঁৰ বিৰুদ্ধে হওক।”
و شاول به داود گفت: «اینک دختر بزرگ خود میرب را به تو به زنی می‌دهم. فقط برایم شجاع باش و در جنگهای خداوند بکوش، زیراشاول می‌گفت: «دست من بر او دراز نشود بلکه دست فلسطینیان.»۱۷
18 ১৮ দায়ূদে চৌলক ক’লে, “মই কোন, আৰু মোৰ জীৱন কি বা ইস্ৰায়েলৰ মাজত মোৰ পিতৃ-বংশ বা কি যে, মই মহাৰাজৰ জোঁৱাই হ’ব লাগে?”
و داود به شاول گفت: من کیستم و جان من و خاندان پدرم در اسرائیل چیست تا داماد پادشاه بشوم.»۱۸
19 ১৯ কিন্তু চৌলৰ ছোৱালী মেৰবক বিয়া দিয়াৰ সময়ত তাইক মহোলাতীয়া অদ্ৰীয়েলেৰে সৈতে বিয়া দিয়া হ’ল।
و در وقتی که میرب دختر شاول می‌بایست به داود داده شود اوبه عدریئیل محولاتی به زنی داده شد.۱۹
20 ২০ তাৰ পাছত চৌলৰ জীয়েক মীখলে দায়ূদক প্ৰেম কৰিলে। তেতিয়া লোকসকলে সেই কথা চৌলক জনালে আৰু তেওঁ সন্তোষ পালে।
و میکال، دختر شاول، داود را دوست می‌داشت، و چون شاول را خبر دادند این امر وی را پسند آمد.۲۰
21 ২১ চৌলে চিন্তা কৰিলে, “মই তাইক তেওঁলৈ দিম, যাতে তাই তেওঁৰ ফান্দস্বৰূপ হয়, আৰু পলেষ্টীয়াসকলৰ হাতো যেন তেওঁৰ বিৰুদ্ধে হয়।” সেয়ে চৌলে দ্বিতীয়বাৰৰ কাৰণে দায়ূদক ক’লে, “তুমি মোৰ জোঁৱাই হবা।”
و شاول گفت: «او را به وی می‌دهم تا برایش دام شود و دست فلسطینیان براو دراز شود.» پس شاول به داود بار دوم گفت: «امروز داماد من خواهی شد.»۲۱
22 ২২ আৰু চৌলে তেওঁৰ দাসবোৰক আজ্ঞা দিলে, “গোপনে দায়ূদৰ লগত কথা পাতি এই কথা কোৱা, ‘চাওক, ৰজা আপোনাত সন্তুষ্ট হৈছে, আৰু তেওঁৰ সকলো দাসে আপোনাক ভালপায়। এই হেতুকে আপুনি ৰজাৰ জোঁৱাই হওক’।”
و شاول خادمان خود را فرمود که در خفا با داود متکلم شده، بگویید: «اینک پادشاه از تو راضی است وخادمانش تو را دوست می‌دارند؛ پس الان دامادپادشاه بشو.»۲۲
23 ২৩ সেয়ে চৌলৰ দাসবোৰে এইসকলো কথা দায়ূদৰ আগত ক’লে, আৰু দায়ূদে ক’লে, “ৰজাৰ জোঁৱাই হোৱা সাধাৰণ কথা বুলি তোমালোকে ভাবিছা নে মই দুখীয়া আৰু সামান্যভাৱে সন্মানীয় মানুহ?”
پس خادمان شاول این سخنان را به سمع داود رسانیدند و داود گفت: «آیا در نظر شما دامادپادشاه شدن آسان است؟ و حال آنکه من مردمسکین و حقیرم.»۲۳
24 ২৪ পাছত চৌলৰ দাস সকলে দায়ূদে কোৱা কথাখিনি তেওঁক ক’লে।
و خادمان شاول او را خبرداده، گفتند که داود به این طور سخن گفته است.۲۴
25 ২৫ তেতিয়া চৌলে ক’লে, “তোমালোকে দায়ূদক এইদৰে কোৱা, ‘ৰজাই একো যৌতুক নিবিচাৰে, কেৱল ৰজাৰ শত্ৰুবোৰৰ প্ৰতিকাৰ সাধিবৰ কাৰণ পলেষ্টীয়াসকলৰ এশ লিঙ্গাগ্ৰ-চৰ্ম্ম বিচাৰিছে’।” এইদৰে চৌলে দায়ূদক ফিলিষ্টীয়াসকলৰ হাতেৰে বধ কৰিবলৈ চিন্তা কৰিলে।
و شاول گفت: «به داود چنین بگویید که پادشاه مهر نمی خواهد جز صد قلفه فلسطینیان تا ازدشمنان پادشاه انتقام کشیده شود.» و شاول فکرکرد که داود را به‌دست فلسطینیان به قتل رساند.۲۵
26 ২৬ যেতিয়া তেওঁৰ দাসবোৰে দায়ূদক এই কথা ক’লে, তেতিয়া দায়ুদ ৰজাৰ জোঁৱাই হ’বলৈ আনন্দিত হ’ল।
پس خادمانش داود را از این امر خبر دادندو این سخن به نظر داود پسند آمد که داماد پادشاه بشود، و روزهای معین هنوز تمام نشده بود.۲۶
27 ২৭ সেই সময় উকলি যোৱাৰ পূৰ্বে, দায়ূদে লোকসকলৰ সৈতে গ’ল, আৰু পলেষ্টীয়াসকলৰ দুশ জনক বধ কৰিলে। ৰজাৰ জোঁৱাই হ’বৰ কাৰণে তেওঁ সম্পূৰ্ণ দুশ জনৰ লিঙ্গাগ্ৰ-চৰ্ম্ম আনি ৰজাক দিলে। তাতে চৌলে তেওঁৰ লগত নিজ জীয়েক মীখলক বিয়া দিলে।
پس داود برخاسته، با مردان خود رفت ودویست نفر از فلسطینیان را کشته، داود قلفه های ایشان را آورد و آنها را تمام نزد پادشاه گذاشتند، تا داماد پادشاه بشود. و شاول دختر خود میکال رابه وی به زنی داد.۲۷
28 ২৮ চৌলে দেখিলে আৰু বুজিলে যে, যিহোৱা দায়ূদৰ লগত আছিল আৰু তেওঁৰ ছোৱালী মীখলে তেওঁক প্ৰেম কৰিছিল।
و شاول دید و فهمید که خداوند با داود است. و میکال دختر شاول او رادوست می‌داشت.۲۸
29 ২৯ পাছত চৌলে দায়ূদলৈ অধিক বেছি ভয় কৰিবলৈ ধৰিলে। এইদৰে চৌল সদায় দায়ূদৰ শত্ৰু হৈ থাকিল।
و شاول از داود باز بیشترترسید، و شاول همه اوقات دشمن داود بود.۲۹
30 ৩০ তাৰ পাছত পলেষ্টীয়াসকলৰ ৰাজকুমাৰসকল যুদ্ধৰ বাবে ওলাই আহিল। কিন্তু যিমানেই তেওঁলোক ওলাই আহিল, সিমানেই দায়ূদে চৌলৰ দাসবোৰতকৈও অধিকক জয় কৰিলে। সেয়ে তেওঁৰ নাম অতিশয় সন্মানীয় বুলি গণ্য হ’বলৈ ধৰিলে।
و بعد از آن سرداران فلسطینیان بیرون آمدند، و هر دفعه که بیرون می‌آمدند داود از جمیع خادمان شاول زیاده عاقلانه حرکت می‌کرد، و از این جهت اسمش بسیار شهرت یافت.۳۰

< ১ সামুয়েল 18 >