< ১ সামুয়েল 15 >

1 চমূৱেলে চৌলক ক’লে, “যিহোৱাই নিজ প্ৰজা ইস্ৰায়েলৰ ওপৰত ৰজা হ’বৰ অৰ্থে তোমাক অভিষেক কৰিবলৈ মোক পঠাইছিল; এই হেতুকে এতিয়া তুমি যিহোৱাৰ বাক্য শুনা।
А Самуило рече Саулу: Господ ме је послао да те помажем за цара над народом Његовим, над Израиљем; слушај дакле речи Господње.
2 বাহিনীসকলৰ যিহোৱাই এই কথা কৈছে, ইস্ৰায়েলসকল, মিচৰৰ পৰা ওলাই অহা সময়ত অমালেকে বাটৰ মাজত তেওঁলোকক কি দৰে বাধা দিছিল, তালৈ মই লক্ষ্য কৰিলোঁ।
Овако вели Господ над војскама: Опоменух се шта је учинио Амалик Израиљу, како му се опро на путу кад је ишао из Мисира.
3 সেয়ে যোৱা, অমালেকক প্ৰহাৰ কৰা আৰু তেওঁলোকৰ যি সকলো আছিল তাক নষ্ট কৰা, তেওঁলোকলৈ দয়া নকৰিবা; কিন্তু পুৰুষ আৰু নাৰী, শিশু আৰু পিয়াহ খোৱা কেঁচুৱা, গৰু, মেৰ, ছাগলী, উট আৰু গাধ সকলোকে বধ কৰিবা।”
Зато иди и побиј Амалика, и затри као проклето све што год има; не жали га, него побиј и људе и жене и децу и шта је на сиси и волове и овце и камиле и магарце.
4 চৌলে লোকসকলক মাতি আনিলে আৰু টলায়ীমত তেওঁলোকক গণনা কৰিলে; তাতে দুই লাখ পদাতিক আৰু যিহূদাৰ দহ হাজাৰ লোক হ’ল।
Тада Саул сазва народ, и изброја их у Телаиму, и беше их двеста хиљада пешака и десет хиљада људи од Јуде.
5 তাৰ পাছত চৌল অমালেকৰ নগৰলৈ গৈ উপত্যকাত অপেক্ষা কৰি থাকিল।
И дође Саул до града амаличког, и намести заседу у потоку.
6 তেতিয়া চৌলে কেনীয়াসকলক ক’লে, “তোমালোক অমালেকীয়াসকলৰ মাজৰ পৰা ওলাই আঁতৰি যোৱা, তেতিয়া তেওঁলোকৰ লগত তোমালোককো বিনষ্ট নকৰিম। কাৰণ মিচৰৰ পৰা ইস্ৰায়েলৰ সন্তান সকল ওলাই অহা সময়ত তোমালোকে তেওঁলোকলৈ দয়া কৰিছিলা।” সেয়ে কেনীয়া সকল অমালেকৰ মাজৰ পৰা ওলাই গ’ল।
И рече Саул Кенејима: Идите, одвојите се, уклоните се од Амалика, да вас не би потро с њима; јер сте ви учинили милост свим синовима Израиљевим кад су ишли из Мисира. И отидоше Кенеји од Амалика.
7 তাৰ পাছত চৌলে হবীলাৰ পৰা মিচৰৰ পূবফালে থকা চূৰলৈকে অমালেকীয়া সকলক আক্ৰমণ কৰিলে।
И Саул поби Амалике од Авиле до Сура, који је према Мисиру.
8 তেওঁ অমালেকীয়া সকলৰ ৰজা অগাগক জীৱিত অৱস্থাতে ধৰিলে, আৰু আন লোক সকলক তৰোৱালৰ ধাৰেৰে ধ্বংস কৰিলে।
И ухвати Агага цара амаличког живог, а сав народ његов поби оштрим мачем.
9 কিন্তু চৌল আৰু লোকসকলে অগাগক আৰু উত্তম উত্তম মেৰ, ছাগলী, গৰু, হৃষ্টপুষ্ট দামুৰি আৰু মেৰ পোৱালিবোৰ আৰু আটাই উত্তম বস্তুবোৰ ধ্বংস নকৰিলে, কিন্তু যিবোৰ ঘিণলগা আৰু মূল্যহীন সেইবোৰক সম্পূৰ্ণ ভাৱে ধংস কৰিলে।
И Саул и народ његов поштеде Агага и најбоље овце и најбоље волове и угојену стоку и јагањце и све што беше добро, и не хтеше побити; него шта беше зло и без цене, оно побише.
10 ১০ তাৰ পাছত চমূৱেললৈ যিহোৱাৰ বাক্য আহিল,
Зато дође реч Господња к Самуилу говорећи:
11 ১১ “চৌলক যে মই ৰজা পাতিলোঁ তাৰ বাবে মই দুখিত; কিয়নো তেওঁ মোৰ পৰা বিমুখ হ’ল আৰু মোৰ আজ্ঞাবোৰ পালন নকৰিলে।” তেতিয়া চমূৱেলৰ খং উঠিল, তেওঁ গোটেই ৰাতি যিহোৱাৰ আগত ক্ৰন্দন কৰিলে।
Кајем се што сам Саула поставио царем, јер је одступио од мене, и није извршио моје речи. И расрди се Самуило врло, и викаше ка Господу сву ноћ.
12 ১২ চমূৱেল ৰাতিপুৱাতে উঠি চৌলৰ লগত সাক্ষাৎ কৰিবলৈ গ’ল। কিন্তু চমূৱেলক এই কথা কোৱা হ’ল, “চৌলে কৰ্মিললৈ আহি নিজৰ কাৰণে এটা জয়স্তম্ভ স্থাপন কৰিলে, আৰু তাৰ পৰা ঘূৰি গিলগললৈ গুচি গ’ল।”
И уставши рано Самуило пође пред Саула. И јавише Самуилу говорећи: Саул дође у Кармил, и ено подиже себи споменик, па се врати оданде и отиде даље и сиђе у Галгал.
13 ১৩ তাৰ পৰা চমূৱেল চৌলৰ ওচৰলৈ আহিল, চৌলে তেওঁক ক’লে, “আপুনি যিহোৱাৰ আশীৰ্ব্বাদ-প্ৰাপ্ত হওঁক; মই যিহোৱাৰ আজ্ঞা পালন কৰিলোঁ।”
Кад Самуило дође к Саулу, рече му Саул: Благословен да си Господу! Извршио сам реч Господњу.
14 ১৪ চমূৱেলে ক’লে, “তেন্তে মোৰ কাণত মেৰ আৰু ছাগলীৰ বেবেনি হৈছে কিয়? আৰু গৰুৰ হেম্বেলনি মই শুনিছোঁ, কিয়?”
А Самуило рече: Каква је то блека оваца у ушима мојим? И рика волова коју чујем?
15 ১৫ চৌলে ক’লে, “সেইবোৰ অমালেকীয়া সকলৰ পৰা অনা হৈছে; কিয়নো নিজ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ কাৰণে লোকসকলে উত্তম উত্তম মেৰ ও ছাগলী, আৰু উত্তম উত্তম গৰু ৰাখিলে; কিন্তু অৱশিষ্টবোৰ আমি ধ্বংস কৰিলোঁ।”
А Саул рече: Од Амалика догнаше их; јер народ поштеде најбоље овце и најбоље волове да принесе на жртву Господу Богу твом; остало пак побисмо као проклето.
16 ১৬ চমূৱেলে চৌলক ক’লে, “ৰ’বা, যোৱা ৰাতি যিহোৱাই মোক যি ক’লে, তাক মই তোমাক কওঁ।” চৌল তেওঁক ক’লে, “কওক!”
А Самуило рече Саулу: Стани да ти кажем шта ми је рекао Господ ноћас. Рече му: Говори.
17 ১৭ চমূৱেলে ক’লে, “যদিও তুমি নিজৰ দৃ্ষ্টিত সৰু আছিলা, তথাপি ইস্ৰায়েলৰ ফৈদ সকলৰ মাজত তোমাক মুখ্য কৰা নহ’ল নে?” আৰু যিহোৱাই তোমাক ইস্ৰায়েলৰ ওপৰত ৰজা অভিষেক কৰিলে।
Тада рече Самуило: Ниси ли био мали сам у својим очима, пак си постао глава племенима Израиљевим, и Господ те помаза за цара над Израиљем?
18 ১৮ যিহোৱাই তোমাক তোমাৰ পথত পঠাই দি ক’লে, যোৱা পাপী লোকসকলক সম্পূৰ্ণভাৱে ধংস কৰা, আৰু অমালেকীয়াসকল সম্পূৰ্ণ ভাৱে ধ্বংস নোহোৱালৈকে তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ কৰা।
И Господ те посла на овај пут и рече: Иди, побиј грешне Амалике, и војуј на њих докле их не истребите.
19 ১৯ তেনেহলে তুমি যিহোৱাৰ বাক্য কিয় পালন কৰা নাছিলা, কিন্তু তাৰ পৰিবৰ্তে কিয় লুট কৰা বস্তু জব্দ কৰি যিহোৱাৰ দৃষ্টিত কিয় পাপ কৰিলা?”
Зашто, дакле, не послуша глас Господњи, него се наклопи на плен, и учини зло пред Господом?
20 ২০ চৌলে চমূৱেলক ক’লে, “মই অৱশ্যে যিহোৱাৰ বাক্যলৈ পালন কৰিলোঁ। আৰু যিহোৱাই মোক যি বাটেদি পঠাইছিল, সেই বাটেদি গ’লো। অমালেকৰ ৰজা অগাগক মই বন্দী কৰিলোঁ, আৰু অমালেকীয়াসকলক সম্পূৰ্ণভাৱে ধ্বংস কৰিলোঁ।
А Саул одговори Самуилу: Та послушао сам глас Господњи, и ишао сам путем којим ме посла Господ, и довео сам Агага цара амаличког, а Амалике сам истребио.
21 ২১ কিন্তু লোকসকলে গিলগলত আপোনাৰ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিবৰ অৰ্থে সম্পূৰ্ণভাৱে ধংস কৰিবলগীয়া বস্তুৰ মাজৰ পৰা উত্তম যি ভাগ, যেনে মেৰ, ছাগলী, আৰু গৰু আনিলে।”
Него народ узе од плена овце и волове, најбоље између проклетих ствари, да принесе на жртву Господу Богу твом у Галгалу.
22 ২২ চমূৱেলে ক’লে, “যিহোৱাৰ বাক্য পালন কৰিলে যেনেকৈ তেওঁ সন্তুষ্ট হয়, তেনেকৈ হোম আৰু বলিদানত জানো তেওঁ সন্তুষ্ট হ’য়? বলিদানতকৈ আজ্ঞাপালন কৰা উত্তম, আৰু মেৰৰ তেলতকৈ বাক্য শুনা উত্তম।
Али Самуило рече: Зар су миле Господу жртве паљенице и приноси као кад се слуша глас Његов? Гле, послушност је боља од жртве и покорност од претилине овнујске.
23 ২৩ কিয়নো বিদ্ৰোহ আচৰণ কৰা, মঙ্গলচোৱা পাপৰ তুল্য; আৰু আঁকোৰগোঁজ হোৱা, পাপিষ্ঠ আৰু অসাধু কাৰ্যৰ দৰে, - কাৰণ তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, সেয়ে তেৱোঁ তোমাক ৰজা পদৰ পৰা অগ্ৰাহ্য কৰিলে।”
Јер је непослушност као грех од чарања, и непокорност као сујеверство и идолопоклонство. Одбацио си реч Господњу, зато је и Он тебе одбацио да не будеш више цар.
24 ২৪ তাৰ পাছত চৌলে চমূৱেলক ক’লে, “মই পাপ কৰিলোঁ; কিয়নো যিহোৱাৰ আজ্ঞা আৰু আপোনাৰ বাক্য লঙ্ঘন কৰিলোঁ; কাৰণ মই লোকসকলক ভয় কৰি তেওঁলোকৰ কথা শুনিলোঁ।
Тада рече Саул Самуилу: Згрешио сам што сам преступио заповест Господњу и твоје речи; јер побојах се народа и послушах глас његов.
25 ২৫ এতিয়া, মই বিনয় কৰোঁ, মোৰ পাপ ক্ষমা কৰক আৰু আপুনি মোৰ লগত ঘুৰি আহক যাতে মই যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
Него сада опрости ми грех мој, и врати се са мном да се поклоним Господу.
26 ২৬ চমূৱেলে চৌলক ক’লে, “মই তোমাৰ লগত ঘুৰি নাযাওঁ; কিয়নো তুমি যিহোৱাৰ বাক্য অগ্ৰাহ্য কৰিলা, আৰু যিহোৱায়ো তোমাক ইস্ৰায়েলৰ ওপৰত হোৱা ৰজাপদৰ পৰা অগ্ৰাহ্য কৰিলে।”
А Самуило рече Саулу: Нећу се вратити с тобом, јер си одбацио реч Господњу, и зато је тебе Господ одбацио да не будеш више цар над Израиљем.
27 ২৭ যেতিয়া চমূৱেলে যাবলৈ মুখ ঘূৰালে, তেতিয়া চৌলে তেওঁৰ কাপোৰৰ আগভাগ ধৰিলে, আৰু সেইয়া ফাতি এৰাই গ’ল।
И Самуило се окрете да иде, али га Саул ухвати за скут од плашта његовог, те се одадре.
28 ২৮ চমূৱেলে তেওঁক ক’লে, “যিহোৱাই আজি তোমাৰ পৰা ইস্ৰায়েলৰ ৰাজত্ব টানি ফালিলে, আৰু তোমাতকৈয়ো উত্তম তোমাৰ এজন চুবুৰীয়াক দিলে।
Тада му рече Самуило: Одадро је Господ царство Израиљево од тебе данас, и дао га ближњем твом, који је бољи од тебе.
29 ২৯ আৰু ইস্ৰায়েলৰ যিহোৱাই কেতিয়াও মিছা কথা নকয়, বা তেওঁ মন সলনি নকৰে; কাৰণ তেওঁ মানুহ নহয় যে তেওঁ মন সলনি কৰিব।”
И доиста Јунак Израиљев неће слагати, нити ће се раскајати; јер није човек да се каје.
30 ৩০ তেতিয়া চৌলে ক’লে, “মই পাপ কৰিলোঁ; তথাপি মই বিনয় কৰোঁ, বৃদ্ধ লোকসকলৰ আৰু ইস্ৰায়েলৰ আগত মোৰ মান ৰাখক। মোৰ লগত ঘুৰি আহক, তাতে মই যেন আপোনাৰ ঈশ্বৰ যিহোৱাৰ প্ৰশংসা কৰিব পাৰোঁ।”
А он рече: Згрешио сам; али ми сад учини част пред старешинама народа мог и пред Израиљем, и врати се са мном да се поклоним Господу Богу твом.
31 ৩১ সেয়ে চমূৱেলে চৌলৰ পাছত ঘুৰি গ’ল, আৰু চৌলে যিহোৱাৰ প্ৰশংসা কৰিলে।
И вративши се Самуило отиде за Саулом, и поклони се Саул Господу.
32 ৩২ তাৰ পাছত চমূৱেলে ক’লে, “অমালেকৰ ৰজা অগাগক মোৰ ওচৰলৈ আনা।” অগাগে আনন্দ মনেৰে তেওঁৰ ওচৰলৈ আহিল, আৰু ক’লে, “নিশ্চয় মৃত্যু যন্ত্ৰণা দূৰ হ’ল।”
Потом рече Самуило: Доведите ми Агага, цара амаличког. И дође к њему Агаг весео, јер говораше Агаг: Заиста, прошла је горчина смртна.
33 ৩৩ চমূৱেলে উত্তৰ দি ক’লে, “যিদৰে তোমাৰ তৰোৱালে অনেক মহিলাক সন্তানহীনা কৰিলে, সেইদৰে মহিলাসকলৰ মাজত তোমাৰ মাতৃও সন্তানহীনা হ’ব।” এইদৰে কৈ, চমূৱেলে গিলগলত যিহোৱাৰ সন্মুখত অগাগক ডোখৰ ডোখৰ কৰি কাটিলে।
Али Самуило рече: Како је твој мач учинио те су жене остале без деце, тако ће остати без деце твоја мајка међу женама. И исече Самуило Агага пред Господом у Галгалу.
34 ৩৪ তাৰ পাছত চমূৱেল ৰামালৈ গ’ল আৰু চৌল গিবিয়াত থকা নিজৰ ঘৰলৈ গ’ল।
Потом отиде Самуило у Раму, а Саул отиде кући својој у Гавају Саулову.
35 ৩৫ কিন্তু তেতিয়াৰে পৰা মৃত্যুলৈকে চমূৱেলে চৌলক পুনৰ দেখা নকৰিলে, কাৰণ চমূৱেলে চৌলৰ বাবে শোক কৰিলে। আৰু যিহোৱাই ইস্ৰায়েলৰ ওপৰত চৌলক যে ৰজা পাতিলে, তাৰ বাবে তেওঁ বেজাৰ কৰিলে।
И Самуило не виде више Саула до своје смрти, и плакаше Самуило за Саулом, што се Господ покаја што је поставио Саула царем над Израиљем.

< ১ সামুয়েল 15 >