< ১ পিতৰ 1 >

1 মই পিতৰ, যীচু খ্ৰীষ্টৰ মনোনীত পাঁচনি, যি সকল প্ৰবাসী লোক পন্ত, গালাতীয়া, কোপ্পাদকিয়া, এচিয়া আৰু বিথুনিয়া দেশত গোট গোট হৈ আছে, তেখেত সকলৰ সমীপলৈ৷
ಪನ್ತ-ಗಾಲಾತಿಯಾ-ಕಪ್ಪದಕಿಯಾ-ಆಶಿಯಾ-ಬಿಥುನಿಯಾದೇಶೇಷು ಪ್ರವಾಸಿನೋ ಯೇ ವಿಕೀರ್ಣಲೋಕಾಃ
2 এতিয়া পিতৃ ঈশ্ৱৰৰ পূৰ্বজ্ঞান অনুসাৰে যীচু খ্ৰীষ্টৰ আজ্ঞাধীন হ’বলৈ পবিত্ৰ আত্মাৰ দ্ৱাৰাই শুচি কৰা হ’ল আৰু তেওঁৰ তেজ ছটিয়াই দিয়া হ’ল৷ আপোনালোকলৈ অনুগ্ৰহ হওক আৰু আপোনালোকৰ শান্তি বৃদ্ধি হওক৷
ಪಿತುರೀಶ್ವರಸ್ಯ ಪೂರ್ವ್ವನಿರ್ಣಯಾದ್ ಆತ್ಮನಃ ಪಾವನೇನ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯಾಜ್ಞಾಗ್ರಹಣಾಯ ಶೋಣಿತಪ್ರೋಕ್ಷಣಾಯ ಚಾಭಿರುಚಿತಾಸ್ತಾನ್ ಪ್ರತಿ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯ ಪ್ರೇರಿತಃ ಪಿತರಃ ಪತ್ರಂ ಲಿಖತಿ| ಯುಷ್ಮಾನ್ ಪ್ರತಿ ಬಾಹುಲ್ಯೇನ ಶಾನ್ತಿರನುಗ್ರಹಶ್ಚ ಭೂಯಾಸ್ತಾಂ|
3 ঈশ্ৱৰ আৰু আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ পিতৃ ধন্য; তেওঁৰ প্ৰচুৰ দয়া অনুসাৰে মৃত লোকৰ মাজৰ পৰা যীচু খ্ৰীষ্টৰ পুনৰুত্থানৰ দ্বাৰাই জীৱনময় আশাৰ কাৰণে আৰু অক্ষয়, নিৰ্ম্মল আৰু অজৰ উত্তৰাধিকাৰৰ কাৰণে আমাক নতুন জন্ম দিলে;
ಅಸ್ಮಾಕಂ ಪ್ರಭೋ ರ್ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯ ತಾತ ಈಶ್ವರೋ ಧನ್ಯಃ, ಯತಃ ಸ ಸ್ವಕೀಯಬಹುಕೃಪಾತೋ ಮೃತಗಣಮಧ್ಯಾದ್ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯೋತ್ಥಾನೇನ ಜೀವನಪ್ರತ್ಯಾಶಾರ್ಥಮ್ ಅರ್ಥತೋ
4 সেই উত্তৰাধিকাৰ স্বৰ্গত আপোনালোকৰ কাৰণে সঞ্চিত আছে; ই চিৰস্থায়ী, কলঙ্কিত নহয়; শুদ্ধ৷
ಽಕ್ಷಯನಿಷ್ಕಲಙ್ಕಾಮ್ಲಾನಸಮ್ಪತ್ತಿಪ್ರಾಪ್ತ್ಯರ್ಥಮ್ ಅಸ್ಮಾನ್ ಪುನ ರ್ಜನಯಾಮಾಸ| ಸಾ ಸಮ್ಪತ್ತಿಃ ಸ್ವರ್ಗೇ ಽಸ್ಮಾಕಂ ಕೃತೇ ಸಞ್ಚಿತಾ ತಿಷ್ಠತಿ,
5 শেষৰ কালত প্ৰকাশিত হ’বলৈ যুগুত হোৱা পৰিত্রাণৰ কাৰণে, ঈশ্বৰৰ শক্তিত আপোনালোকো বিশ্বাসৰ দ্বাৰাই ৰক্ষিত হৈ আছে।
ಯೂಯಞ್ಚೇಶ್ವರಸ್ಯ ಶಕ್ತಿತಃ ಶೇಷಕಾಲೇ ಪ್ರಕಾಶ್ಯಪರಿತ್ರಾಣಾರ್ಥಂ ವಿಶ್ವಾಸೇನ ರಕ್ಷ್ಯಧ್ವೇ|
6 যদিও এতিয়া বিভিন্ন দুখ-কষ্টই আপোনালোকক শোকৰ অনুভৱ আনি দিছে, তথাপি এই কথা ভাবি আপোনালোকে অানন্দ কৰক৷
ತಸ್ಮಾದ್ ಯೂಯಂ ಯದ್ಯಪ್ಯಾನನ್ದೇನ ಪ್ರಫುಲ್ಲಾ ಭವಥ ತಥಾಪಿ ಸಾಮ್ಪ್ರತಂ ಪ್ರಯೋಜನಹೇತೋಃ ಕಿಯತ್ಕಾಲಪರ್ಯ್ಯನ್ತಂ ನಾನಾವಿಧಪರೀಕ್ಷಾಭಿಃ ಕ್ಲಿಶ್ಯಧ್ವೇ|
7 অাপোনালোকৰ এই বিশ্বাস পৰীক্ষাসিদ্ধ হ’ব লাগে, কিয়নো আপোনালোকৰ বিশ্ৱাস সোণতকৈও মূল্যবান। বিশ্ৱাসৰ পৰীক্ষাত যদি আপোনালোকৰ বিশ্বাস অটল দেখা যায়, তেনেহলে যীচু খ্ৰীষ্টৰ পুনৰাগমনৰ সময়ত অাপোনালোকে কিমান গৌৰৱ, প্ৰশংসা, মৰ্যদা পাব৷
ಯತೋ ವಹ್ನಿನಾ ಯಸ್ಯ ಪರೀಕ್ಷಾ ಭವತಿ ತಸ್ಮಾತ್ ನಶ್ವರಸುವರ್ಣಾದಪಿ ಬಹುಮೂಲ್ಯಂ ಯುಷ್ಮಾಕಂ ವಿಶ್ವಾಸರೂಪಂ ಯತ್ ಪರೀಕ್ಷಿತಂ ಸ್ವರ್ಣಂ ತೇನ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯಾಗಮನಸಮಯೇ ಪ್ರಶಂಸಾಯಾಃ ಸಮಾದರಸ್ಯ ಗೌರವಸ್ಯ ಚ ಯೋಗ್ಯತಾ ಪ್ರಾಪ್ತವ್ಯಾ|
8 তেওঁক আপোনালোকে দেখা নাই, কিন্তু আপোনালোকে তেওঁক প্ৰেম কৰিছে; এতিয়াও আপোনালোকে তেওঁক দেখা নাই কিন্তু আপোনালোকে তেওঁক বিশ্বাস কৰি আছে আৰু আপোনালোক অনির্বচনীয় উল্লাসত মহা আনন্দিত হৈ গৌৰৱময় হৈছে৷
ಯೂಯಂ ತಂ ಖ್ರೀಷ್ಟಮ್ ಅದೃಷ್ಟ್ವಾಪಿ ತಸ್ಮಿನ್ ಪ್ರೀಯಧ್ವೇ ಸಾಮ್ಪ್ರತಂ ತಂ ನ ಪಶ್ಯನ್ತೋಽಪಿ ತಸ್ಮಿನ್ ವಿಶ್ವಸನ್ತೋ ಽನಿರ್ವ್ವಚನೀಯೇನ ಪ್ರಭಾವಯುಕ್ತೇನ ಚಾನನ್ದೇನ ಪ್ರಫುಲ್ಲಾ ಭವಥ,
9 এতিয়া আপোনালোকৰ নিজৰ বিশ্বাসৰ ফল আপোনালোকে গ্ৰহণ কৰিছে, সেয়া আপোনালোকৰ আত্মাৰ পৰিত্রাণ৷
ಸ್ವವಿಶ್ವಾಸಸ್ಯ ಪರಿಣಾಮರೂಪಮ್ ಆತ್ಮನಾಂ ಪರಿತ್ರಾಣಂ ಲಭಧ್ವೇ ಚ|
10 ১০ যি ভাববাদী সকলে আপোনালোকৰ কাৰণে নিৰূপিত অনুগ্ৰহৰ বিষয়ে ভাববাণী কৰিছিল, তেখেত সকলে সেই পৰিত্রাণৰ বিষয়ে যত্নেৰে বিচাৰ আৰু অনুসন্ধান কৰিছিল৷
ಯುಷ್ಮಾಸು ಯೋ ಽನುಗ್ರಹೋ ವರ್ತ್ತತೇ ತದ್ವಿಷಯೇ ಯ ಈಶ್ವರೀಯವಾಕ್ಯಂ ಕಥಿತವನ್ತಸ್ತೇ ಭವಿಷ್ಯದ್ವಾದಿನಸ್ತಸ್ಯ ಪರಿತ್ರಾಣಸ್ಯಾನ್ವೇಷಣಮ್ ಅನುಸನ್ಧಾನಞ್ಚ ಕೃತವನ್ತಃ|
11 ১১ কেনেকুৱা ধৰণৰ পৰিত্ৰাণ আহিবলগীয়া আছিল, সেই বিষয়ে তেখেত সকলে অনুসন্ধান কৰি জানিব বিচাৰিছিল৷ এই বিষয়ে খ্ৰীষ্টৰ আত্মাই কোৱা সেই কাল বা সময়ৰ কথাও অনুসন্ধান কৰি জানিবলৈ বিচাৰিছিল৷ খ্ৰীষ্টৰ প্ৰতি ঘটিবলগীয়া দুখভোগ আৰু পাছত তেওঁলৈ আহিবলগীয়া মহিমাবোৰৰ বিষয়ে সেই আত্মাই তেখেত সকলক আগতীয়াকৈ কৈছিল৷
ವಿಶೇಷತಸ್ತೇಷಾಮನ್ತರ್ವ್ವಾಸೀ ಯಃ ಖ್ರೀಷ್ಟಸ್ಯಾತ್ಮಾ ಖ್ರೀಷ್ಟೇ ವರ್ತ್ತಿಷ್ಯಮಾಣಾನಿ ದುಃಖಾನಿ ತದನುಗಾಮಿಪ್ರಭಾವಞ್ಚ ಪೂರ್ವ್ವಂ ಪ್ರಾಕಾಶಯತ್ ತೇನ ಕಃ ಕೀದೃಶೋ ವಾ ಸಮಯೋ ನಿರದಿಶ್ಯತೈತಸ್ಯಾನುಸನ್ಧಾನಂ ಕೃತವನ್ತಃ|
12 ১২ এই ভাববাদী সকললৈ প্ৰকাশিত হ’ল যে, তেখেত সকলে নিজৰ কাৰণে নহয়, কিন্তু আপোনালোকৰ কাৰণে সেই সকলো বিষয়ৰ পৰিচৰ্যা কৰিছিল; সেই সকলো সম্বাদ, স্বৰ্গৰ পৰা পঠোৱা পবিত্ৰ আত্মাৰে যি সকলে আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিছিল, তেওঁলোকৰ দ্বাৰাই সম্প্ৰতি আপোনালোকক দিয়া হ’ল; এই বিষয়বোৰ স্বৰ্গৰ দূত সকলেও প্ৰকাশ হোৱাটো ইচ্ছা কৰে৷
ತತಸ್ತೈ ರ್ವಿಷಯೈಸ್ತೇ ಯನ್ನ ಸ್ವಾನ್ ಕಿನ್ತ್ವಸ್ಮಾನ್ ಉಪಕುರ್ವ್ವನ್ತ್ಯೇತತ್ ತೇಷಾಂ ನಿಕಟೇ ಪ್ರಾಕಾಶ್ಯತ| ಯಾಂಶ್ಚ ತಾನ್ ವಿಷಯಾನ್ ದಿವ್ಯದೂತಾ ಅಪ್ಯವನತಶಿರಸೋ ನಿರೀಕ್ಷಿತುಮ್ ಅಭಿಲಷನ್ತಿ ತೇ ವಿಷಯಾಃ ಸಾಮ್ಪ್ರತಂ ಸ್ವರ್ಗಾತ್ ಪ್ರೇಷಿತಸ್ಯ ಪವಿತ್ರಸ್ಯಾತ್ಮನಃ ಸಹಾಯ್ಯಾದ್ ಯುಷ್ಮತ್ಸಮೀಪೇ ಸುಸಂವಾದಪ್ರಚಾರಯಿತೃಭಿಃ ಪ್ರಾಕಾಶ್ಯನ್ತ|
13 ১৩ এতেকে মনৰ কঁকাল বান্ধক৷ আপোনাৰ চিন্তা শান্ত হওক৷ যীচু খ্ৰীষ্ট প্ৰকাশিত হোৱা কালত আপোনালোকলৈ যি অনুগ্ৰহ দিয়া হ’ব, সেই অনুগ্ৰহত সম্পূৰ্ণৰূপে ভাৰসা ৰাখক৷
ಅತಏವ ಯೂಯಂ ಮನಃಕಟಿಬನ್ಧನಂ ಕೃತ್ವಾ ಪ್ರಬುದ್ಧಾಃ ಸನ್ತೋ ಯೀಶುಖ್ರೀಷ್ಟಸ್ಯ ಪ್ರಕಾಶಸಮಯೇ ಯುಷ್ಮಾಸು ವರ್ತ್ತಿಷ್ಯಮಾನಸ್ಯಾನುಗ್ರಹಸ್ಯ ಸಮ್ಪೂರ್ಣಾಂ ಪ್ರತ್ಯಾಶಾಂ ಕುರುತ|
14 ১৪ আজ্ঞাধীন হোৱা সন্তান সকলৰ যেনে উপযুক্ত, তেনেকৈ আপোনালোক পুৰ্ব্বৰ অজ্ঞান অৱস্থাৰ অভিলাষৰ অনুৰূপ নহব৷
ಅಪರಂ ಪೂರ್ವ್ವೀಯಾಜ್ಞಾನತಾವಸ್ಥಾಯಾಃ ಕುತ್ಸಿತಾಭಿಲಾಷಾಣಾಂ ಯೋಗ್ಯಮ್ ಆಚಾರಂ ನ ಕುರ್ವ್ವನ್ತೋ ಯುಷ್ಮದಾಹ್ವಾನಕಾರೀ ಯಥಾ ಪವಿತ್ರೋ ಽಸ್ತಿ
15 ১৫ আপোনালোকক আমন্ত্ৰণ কৰা জন যেনে পবিত্ৰ, আপোনালোকো সকলো আচাৰ-ব্যৱহাৰত তেনে পবিত্ৰ হওক৷
ಯೂಯಮಪ್ಯಾಜ್ಞಾಗ್ರಾಹಿಸನ್ತಾನಾ ಇವ ಸರ್ವ್ವಸ್ಮಿನ್ ಆಚಾರೇ ತಾದೃಕ್ ಪವಿತ್ರಾ ಭವತ|
16 ১৬ কিয়নো লিখা আছে, ‘তোমালোক পবিত্ৰ হোৱা, কাৰণ মই পবিত্ৰ।’
ಯತೋ ಲಿಖಿತಮ್ ಆಸ್ತೇ, ಯೂಯಂ ಪವಿತ್ರಾಸ್ತಿಷ್ಠತ ಯಸ್ಮಾದಹಂ ಪವಿತ್ರಃ|
17 ১৭ আৰু যি জনে পক্ষপাত নকৰাকৈ প্ৰত্যেক জনৰ কৰ্ম অনুসাৰে সোধ-বিচাৰ কৰে, তেওঁক যদি পিতৃ বুলি মাতিছে, তেনেহলে আপোনালোকৰ জীৱন-যাপনৰ কাল ভক্তিৰে নিয়াব৷
ಅಪರಞ್ಚ ಯೋ ವಿನಾಪಕ್ಷಪಾತಮ್ ಏಕೈಕಮಾನುಷಸ್ಯ ಕರ್ಮ್ಮಾನುಸಾರಾದ್ ವಿಚಾರಂ ಕರೋತಿ ಸ ಯದಿ ಯುಷ್ಮಾಭಿಸ್ತಾತ ಆಖ್ಯಾಯತೇ ತರ್ಹಿ ಸ್ವಪ್ರವಾಸಸ್ಯ ಕಾಲೋ ಯುಷ್ಮಾಭಿ ರ್ಭೀತ್ಯಾ ಯಾಪ್ಯತಾಂ|
18 ১৮ আপোনালোকে জানে যে, আপোনালোকৰ পূৰ্বপুৰুষৰ পৰা চলি অহা অসাৰ আচাৰ-ব্যৱহাৰৰ পৰা, আপোনালোক সোণ, ৰূপ আদিৰ ক্ষয়ণীয় বস্তুৰ দ্বাৰাই যে মুক্ত হ’ল, এনে নহয়,
ಯೂಯಂ ನಿರರ್ಥಕಾತ್ ಪೈತೃಕಾಚಾರಾತ್ ಕ್ಷಯಣೀಯೈ ರೂಪ್ಯಸುವರ್ಣಾದಿಭಿ ರ್ಮುಕ್ತಿಂ ನ ಪ್ರಾಪ್ಯ
19 ১৯ কিন্তু নিৰ্দোষী আৰু নিষ্কলঙ্ক মেৰ-পোৱালি স্বৰূপ খ্ৰীষ্টৰ বহুমূল্য তেজৰ দ্বাৰাইহে মুক্ত হ’ল৷
ನಿಷ್ಕಲಙ್ಕನಿರ್ಮ್ಮಲಮೇಷಶಾವಕಸ್ಯೇವ ಖ್ರೀಷ್ಟಸ್ಯ ಬಹುಮೂಲ್ಯೇನ ರುಧಿರೇಣ ಮುಕ್ತಿಂ ಪ್ರಾಪ್ತವನ್ತ ಇತಿ ಜಾನೀಥ|
20 ২০ জগত স্থাপনৰ পুৰ্ব্বৰে পৰা তেওঁ মনোনীত আছিল, কিন্তু কালৰ শেষত, তেওঁ আপোনালোকৰ কাৰণে প্ৰকাশিত হ’ল;
ಸ ಜಗತೋ ಭಿತ್ತಿಮೂಲಸ್ಥಾಪನಾತ್ ಪೂರ್ವ್ವಂ ನಿಯುಕ್ತಃ ಕಿನ್ತು ಚರಮದಿನೇಷು ಯುಷ್ಮದರ್ಥಂ ಪ್ರಕಾಶಿತೋ ಽಭವತ್|
21 ২১ তেওঁৰ দ্বাৰাই আপোনালোক, মৃত লোকৰ মাজৰ পৰা তেওঁক তোলোঁতা আৰু গৌৰৱ দিওঁতা ঈশ্বৰৰ বিশ্বাসকাৰী লোক হ’ল; তাতে আপোনালোকৰ বিশ্বাস আৰু দৃঢ় আস্থা ঈশ্ৱৰত আছে।
ಯತಸ್ತೇನೈವ ಮೃತಗಣಾತ್ ತಸ್ಯೋತ್ಥಾಪಯಿತರಿ ತಸ್ಮೈ ಗೌರವದಾತರಿ ಚೇಶ್ವರೇ ವಿಶ್ವಸಿಥ ತಸ್ಮಾದ್ ಈಶ್ವರೇ ಯುಷ್ಮಾಕಂ ವಿಶ್ವಾಸಃ ಪ್ರತ್ಯಾಶಾ ಚಾಸ್ತೇ|
22 ২২ আপোনালোকে সত্যৰ আজ্ঞাধীনতাৰ দ্ৱাৰা অকপট ভাতৃপ্ৰেমৰ অৰ্থে নিজৰ আত্মা শুচি কৰিবলৈ, পৰস্পৰক হৃদয়েৰে আন্তৰিক প্ৰেম কৰক।
ಯೂಯಮ್ ಆತ್ಮನಾ ಸತ್ಯಮತಸ್ಯಾಜ್ಞಾಗ್ರಹಣದ್ವಾರಾ ನಿಷ್ಕಪಟಾಯ ಭ್ರಾತೃಪ್ರೇಮ್ನೇ ಪಾವಿತಮನಸೋ ಭೂತ್ವಾ ನಿರ್ಮ್ಮಲಾನ್ತಃಕರಣೈಃ ಪರಸ್ಪರಂ ಗಾಢಂ ಪ್ರೇಮ ಕುರುತ|
23 ২৩ কিয়নো আপোনালোক ক্ষয়ণীয় বীজৰ পৰা নহয়, অক্ষয় বীজৰ পৰা, ঈশ্বৰৰ জীৱনময় আৰু চিৰকাল স্থায়ী যি বাক্য, সেই বাক্যৰ দ্বাৰাই নতুন জন্ম পোৱা হৈছে। (aiōn g165)
ಯಸ್ಮಾದ್ ಯೂಯಂ ಕ್ಷಯಣೀಯವೀರ್ಯ್ಯಾತ್ ನಹಿ ಕಿನ್ತ್ವಕ್ಷಯಣೀಯವೀರ್ಯ್ಯಾದ್ ಈಶ್ವರಸ್ಯ ಜೀವನದಾಯಕೇನ ನಿತ್ಯಸ್ಥಾಯಿನಾ ವಾಕ್ಯೇನ ಪುನರ್ಜನ್ಮ ಗೃಹೀತವನ್ತಃ| (aiōn g165)
24 ২৪ কাৰণ মৰ্ত্ত্যমাত্ৰেই তৃণ সদৃশ আৰু তাৰ সকলো গৌৰৱ তৃণৰ ফুল সদৃশ। তৃণ শুকাই আৰু ফুলো সৰে;
ಸರ್ವ್ವಪ್ರಾಣೀ ತೃಣೈಸ್ತುಲ್ಯಸ್ತತ್ತೇಜಸ್ತೃಣಪುಷ್ಪವತ್| ತೃಣಾನಿ ಪರಿಶುಷ್ಯತಿ ಪುಷ್ಪಾಣಿ ನಿಪತನ್ತಿ ಚ|
25 ২৫ কিন্তু প্ৰভুৰ বাক্য চিৰকাল থাকে; যি বাক্য আপোনালোকৰ আগত প্ৰচাৰ কৰা হ’ল, এয়ে সেই শুভবাৰ্তাৰ বাক্য। (aiōn g165)
ಕಿನ್ತು ವಾಕ್ಯಂ ಪರೇಶಸ್ಯಾನನ್ತಕಾಲಂ ವಿತಿಷ್ಠತೇ| ತದೇವ ಚ ವಾಕ್ಯಂ ಸುಸಂವಾದೇನ ಯುಷ್ಮಾಕಮ್ ಅನ್ತಿಕೇ ಪ್ರಕಾಶಿತಂ| (aiōn g165)

< ১ পিতৰ 1 >