< ১ রাজাবলি 7 >

1 নিজৰ বাবে ৰাজগৃহ নির্মাণ কৰিবলৈ চলোমনৰ তেৰ বছৰ লাগিছিল।
Et Salomon mit 13 ans à bâtir sa propre maison, et il acheva toute sa maison.
2 তেওঁ লিবানোনৰ কাঠনিৰ পৰা অনা কাঠেৰে গৃহ সাজিছিল। সেই গৃহ দীঘে এশ হাত, বহলে পঞ্চাশ হাত আৰু উচ্চতাত ত্ৰিশ হাত আছিল৷ সেই গৃহ এৰচ কাঠৰ চতি লগোৱা চাৰি শাৰী এৰচ কাঠৰ চৌকাঠৰ ওপৰতে নিৰ্মাণ কৰিছিল।
Et il bâtit la maison de la forêt du Liban, longue de 100 coudées, et large de 50 coudées, et haute de 30 coudées, sur quatre rangs de colonnes de cèdre, et il y avait des poutres de cèdre sur les colonnes;
3 সেই গৃহৰ চালখন এৰচ কাঠেৰে সজা হৈছিল; আৰু চালখন ধৰি ৰাখিবলৈ শাৰীকৈ ৰখা পোন্ধৰ টা খুটাৰ ওপৰত পঞ্চল্লিশ টা চৌকাঠ আছিল;
et elle était couverte de cèdre en haut, par-dessus les chambres latérales, qui reposaient sur 45 colonnes, 15 par rang;
4 কাষৰ দেৱাল দুটাত তিনিযোৰকৈ খুঁটা আছিল আৰু সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
et il y avait trois rangées de [fenêtres à] linteaux saillants, un jour vis-à-vis d’un jour, trois fois.
5 খিড়িকিয়ে সৈতে সকলো দুৱাৰ আৰু চৌকাঠবোৰ চাৰিচুকীয়া আৰু তিনিযোৰকৈ সন্মুখা-সন্মুখি কৈ থকা খিড়িকি আছিল৷
Et toutes les entrées et les poteaux étaient carrés, avec une architrave, un jour répondant à un jour, trois fois.
6 তেওঁ স্তম্ভ থকা পঞ্চাশ হাত দীঘল আৰু ত্ৰিশ হাত বহল এক গৃহ আৰু আগত এখন বাৰাণ্ডাৰ সৈতে চালৰ ভাৰ ধৰি ৰখা কিছুমান স্তম্ভ আছিল।
Et il fit le portique à colonnes, long de 50 coudées, et large de 30 coudées, et un portique par-devant, et des colonnes et un perron devant elles.
7 আৰু যি গৃহত চলোমনে বিচাৰ কৰিব, নিজৰ এনে সিংহাসনৰ গৃহ অৰ্থাৎ এখন বিচাৰালয় সাজিছিল। সেই গৃহৰ এফালৰ পৰা আনফাললৈ গোটেই মজিয়া এৰচ কাঠেৰে ঢকা আছিল।
Et il fit le portique du trône, où il jugeait, le portique de jugement; et il était couvert de cèdre, de plancher à plancher.
8 সেই গৃহৰ পাছফালে থকা আন এখন চোতালত, নিজে বাস কৰাৰ বাবে যি গৃহ আছিল, সেই গৃহটোও একেদৰেই সজা হৈছিল। চলোমনে পত্নীৰূপে লোৱা ফৰৌণৰ জীয়েকৰ কাৰণেও সেই গৃহৰ দৰেই এটা গৃহ সাজিছিল।
Et sa maison, où il habitait, [avait] une autre cour au-dedans du portique; elle était en ouvrage du même genre. Et il fit, [sur] le même [plan] que ce portique, une maison pour la fille du Pharaon, que Salomon avait prise [pour femme].
9 এই গৃহবোৰ তেওঁ কৰতেৰে কটা সঠিক জোখৰ বহুমুলীয়া শিলেৰে অলংকৃত কৰি নিৰ্ম্মাণ কৰিছিল৷ এই শিলবোৰ গৃহৰ ভেটিৰ পৰা দেৱাললৈকে আৰু বাহিৰৰ বৰ চোতাল খনতো নানা পৰিমাণ অনুসাৰে ভিতৰে বাহিৰে ব্যৱহাৰ কৰা হৈছিল৷
Tous ces [bâtiments] étaient en pierres de prix, des pierres de taille selon les mesures, sciées à la scie, au-dedans et au-dehors, depuis les fondements jusqu’au chaperon, et depuis le dehors jusqu’à la grande cour.
10 ১০ গৃহৰ ভেটিতো আঠ হাত আৰু দহ হাত জোখৰ বহুমূলীয়া ডাঙৰ ডাঙৰ শিলেৰে সজা হৈছিল৷
Et les fondements étaient en pierres de prix, de grandes pierres, des pierres de dix coudées et des pierres de huit coudées.
11 ১১ তাৰ ওপৰত নানা পৰিমাণ অনুসাৰে সঠিক জোখৰ বহুমূলীয়া কটা-শিল আৰু এৰচ কাঠ আছিল।
Et au-dessus, il y avait des pierres de prix, des pierres de taille selon les mesures, et du cèdre.
12 ১২ ভিতৰৰ চোতালত থকা যিহোৱাৰ গৃহ আৰু সেই গৃহৰ বাৰাণ্ডাৰ দৰে বৰ চোতালৰ চাৰিওফালে তিনি শাৰী কটা-শিল আৰু এশাৰী এৰচ কাঠৰ চতি আছিল।
Et la grande cour avait, tout à l’entour, trois rangées de pierres de taille et une rangée de poutres de cèdre; et [de même] le parvis intérieur de la maison de l’Éternel et le portique de la maison.
13 ১৩ পাছত চলোমন ৰজাই মানুহ পঠিয়াই তূৰৰ পৰা হীৰমক অনালে।
Et le roi Salomon envoya, et prit de Tyr Hiram.
14 ১৪ হীৰম নপ্তালী ফৈদৰ এজনী বিধবাৰ পুত্ৰ আছিল; তেওঁৰ পিতৃ তূৰীয়াত পিতলৰ কাম কৰা এজন লোক আছিল৷ তেওঁ পিতলৰ সকলো ধৰণৰ কাৰ্য কৰিবলৈ জ্ঞান, বুদ্ধি আৰু কৌশলেৰে পৰিপূৰ্ণ হোৱা ব্যক্তি আছিল। তেওঁ চলোমন ৰজাৰ পিতলৰ কাম কৰিবলৈ তেওঁৰ ওচৰলৈ আহিছিল৷
Il était fils d’une femme veuve de la tribu de Nephthali, et son père était Tyrien, ouvrier en airain; et il était rempli de sagesse et d’intelligence, et de connaissance pour faire tous les ouvrages en airain; et il vint vers le roi Salomon, et fit tout son ouvrage.
15 ১৫ তেওঁ পিতলৰ দুটা স্তম্ভ নিৰ্ম্মাণ কৰিলে আৰু সেই স্তম্ভ দুটাৰ উচ্চতা আৰু পৰিধি ওঠৰ হাত আৰু বাৰ হাত আছিল৷
Et il forma les deux colonnes d’airain: une colonne avait 18 coudées de hauteur, et un fil de douze coudées faisait le tour de l’autre colonne.
16 ১৬ তেওঁ সেই দুয়োটা স্তম্ভৰ চূড়াত লগাবৰ কাৰণে চকচকিয়া পিতলৰ দুটা ৰাজস্তম্ভ সাজিছিল, আৰু এই ৰাজস্তম্ভ দুটা পাঁচ হাত ওখ আছিল৷
Et il fit deux chapiteaux d’airain fondu pour les mettre sur les sommets des colonnes; l’un des chapiteaux avait cinq coudées de hauteur, et l’autre chapiteau avait cinq coudées de hauteur.
17 ১৭ স্তম্ভৰ চূড়াত লগোৱা সেই ৰাজস্তম্ভৰ বাবে জালৰ দৰে আৰু শিকলিৰ দৰে পকোৱা মালা গঁথা হৈছিল, আৰু এনে মালা সাতো ডালেৰে প্ৰতিটো ৰাজস্তম্ভ সজোৱা হৈছিল।
Il y avait aux chapiteaux qui étaient sur le sommet des colonnes, des réseaux en ouvrage réticulé de torsades, en façon de chaînes, sept à un chapiteau, et sept à l’autre chapiteau.
18 ১৮ তাতে হীৰমে সেই স্তম্ভৰ চূড়াত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশাৰী ডালিম সজাইছিল৷
Il fit aussi des grenades, savoir deux rangées à l’entour, sur un réseau, pour couvrir les chapiteaux qui étaient sur le sommet des colonnes; et il en fit de même pour l’autre chapiteau.
19 ১৯ বাৰাণ্ডাৰ সেই স্তম্ভ দুটাৰ মূৰৰ অাকাৰ লিলি ফুলৰ দৰে আছিল৷ সেই ফুলৰ আকৃতি চাৰি হাত ওখ আছিল৷
Et les chapiteaux qui étaient sur le sommet des colonnes étaient d’un ouvrage de lis, [comme] dans le portique, de quatre coudées.
20 ২০ স্তম্ভৰ চূড়াৰ ওপৰত সজোৱা ৰাজস্তম্ভ দুটাৰ চাৰিওফালে দুশ টা নিৰ্মিত ডালিমৰ শাৰী আছিল।
Et les chapiteaux, sur les deux colonnes, en haut, joignaient le renflement qui était derrière le réseau; et il y avait 200 grenades, en rangées, autour de l’autre chapiteau.
21 ২১ পাছত তেওঁ সেই স্তম্ভ দুটা মন্দিৰৰ বাৰাণ্ডাত স্থাপন কৰিছিল৷ তেওঁ সোঁফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম যাখীন হ’ল আৰু বাঁওফালৰ স্তম্ভটো স্থাপন কৰি তাৰ নাম বোৱাজ ৰাখিলে।
Et il dressa les colonnes vers le portique du temple; et il dressa la colonne de droite, et appela son nom Jakin; et il dressa la colonne de gauche, et appela son nom Boaz.
22 ২২ এই স্তম্ভ দুটাৰ মূৰ লিলি ফুলৰ আকৃতিত সজোৱা আছিল৷ এই দৰে স্তম্ভৰ সজোৱা কাৰ্য সমাপ্ত হৈছিল।
Et sur le sommet des colonnes, il y avait un ouvrage de lis. Et l’ouvrage des colonnes fut achevé.
23 ২৩ পাছত হীৰমে সাঁচত ঢলা এটা ঘূৰণীয়া সমুদ্ৰ-পাত্ৰ নিৰ্ম্মাণ কৰিলে৷ সেই পাত্ৰটোৰ এখন কানৰ পৰা আন খনলৈ দহ হাত, তাৰ উচ্চতা পাঁচ হাত আৰু তাৰ পৰিধি ত্ৰিশ হাত আছিল৷
Et il fit la mer de fonte, de dix coudées d’un bord à l’autre bord, ronde tout autour, et haute de cinq coudées; et un cordon de 30 coudées l’entourait tout autour.
24 ২৪ সেই পাত্ৰটোৰ কাণৰ তলৰ চাৰিওফালে প্ৰত্যেক হাতৰ জোখৰ ভিতৰত দহোটা দহোটাকৈ কোমোৰাৰ আকৃতি আছিল আৰু পাত্ৰটো ঢলা সময়ত সেই কোমোৰাবোৰৰ আকৃতিবোৰ দুশাৰীকৈ সাঁচত ঢলা হৈছিল।
Et au-dessous du bord, tout à l’entour, il y avait des coloquintes qui l’environnaient, dix par coudée, entourant la mer tout autour, deux rangs de coloquintes, fondues d’une seule fonte avec elle.
25 ২৫ সেই সমুদ্ৰ-পাত্ৰটো বাৰটা ষাঁড়-গৰুৰ ওপৰত ৰখা আছিল৷ সেইবোৰৰ তিনিটাই উত্তৰলৈ, তিনিটাই পশ্চিমলৈ, তিনিটাই দক্ষিণলৈ আৰু তিনিটাই পূবলৈ মুখ কৰি আছিল৷ সেই সমুদ্ৰ-পাত্ৰটো সেইবোৰৰ ওপৰত স্থাপন কৰা হ’ল৷ সেই ষাঁড়-গৰুবোৰৰ পাছফাল ভিতৰফালে মুখ কৰি আছিল।
Elle était posée sur douze bœufs, trois tournés vers le nord, et trois tournés vers l’occident, et trois tournés vers le midi, et trois tournés vers le levant; et la mer était sur eux, par-dessus; et toute leur partie postérieure était en dedans.
26 ২৬ সেই সমুদ্ৰ-পাত্ৰ চাৰি আঙুল ডাঠ আৰু তাৰ কাণ বাটিৰ কাণৰ লিলি ফুলৰ দৰে সজা হৈছিল৷ সেই পাত্ৰত দুই হাজাৰ মোন পানী ধৰিছিল।
Et son épaisseur était d’une paume, et son bord était comme le travail du bord d’une coupe, en fleurs de lis; elle contenait 2 000 baths.
27 ২৭ হীৰমে পিতলৰ দহোটা আধাৰ নিৰ্মাণ কৰিলে; প্ৰত্যেক আধাৰ দীঘে চাৰি হাত, বহলে চাৰি হাত আৰু উচ্চতাত তিনি হাত।
Et il fit les dix bases d’airain; la longueur d’une base était de quatre coudées, et la largeur, de quatre coudées, et la hauteur, de trois coudées.
28 ২৮ সেই আধাৰবোৰ এইদৰে সজা হ’ল৷ সেইবোৰৰ মাজডোখৰ খাল পৰা আছিল আৰু সেই খাল পৰা ঠাই বাৰৰ মাজে মাজে আছিল,
Et voici quel était l’ouvrage de la base: elles avaient des panneaux, des panneaux entre les baguettes,
29 ২৯ সেই বাৰৰ মাজৰ খাল পৰা ঠাইত সিংহ, গৰু আৰু কৰূবৰ আকৃতিত সজোৱা আছিল৷ সেই সিংহ আৰু ষাঁড়-গৰুবোৰৰ ওপৰ আৰু তলৰ ভাগত টোকৰ মাৰা পিতলৰ মালাৰে সজোৱা আছিল৷
et, sur les panneaux qui étaient entre les baguettes, il y avait des lions, des bœufs, et des chérubins; et sur les baguettes, au-dessus, il y avait un socle; et, au-dessous des lions et des bœufs, il y avait des guirlandes en façon de festons.
30 ৩০ প্ৰত্যেক আধাৰত চাৰিটাকৈ পিতলৰ চকা আৰু পিতলৰ ধুৰা আছিল; তাৰ চাৰিটা খুৰাৰ তলত প্ৰক্ষালন-পাত্ৰ-ধৰা সুবিধা আছিল আৰু প্ৰত্যেকটোৰ দাঁতিত মালাৰ আকৃতিত সঁচা আছিল।
Et il y avait quatre roues d’airain à une base, et des essieux d’airain; et les quatre pieds avaient des épaules. Au-dessous de la cuve, il y avait des épaules jetées en fonte, vis-à-vis de chacune des guirlandes.
31 ৩১ তাৰ মুখ বৈঠকৰ আকৃতিৰ দৰে ঘূৰণীয়া আৰু ডেৰ হাত জোখৰ আৰু এহাত উচ্চতাৰ এখন কিৰীটিৰ মাজত ৰখা আছিল৷ তাৰ মুখৰ দাঁতিতোত খোদিত নক্সা কৰা আছিল আৰু তাৰ ফলকবোৰ বর্গৰূপে নাছিল কিন্তু ঘূৰণীয়া আছিল৷
Et son ouverture, au-dedans du chapiteau et au-dessus, était d’une coudée, et l’ouverture du chapiteau était ronde [comme] l’ouvrage du socle, d’une coudée et une demi-coudée; et sur son ouverture il y avait aussi des sculptures; et leurs panneaux étaient carrés, non pas ronds.
32 ৩২ চকা চাৰিটা সেই ফলকবোৰৰ তলত আৰু সেই চকাৰ ধুৰা আধাৰৰ লগত আছিল; প্ৰত্যেক চকা ডেৰ হাত ওখ আছিল।
Et les quatre roues étaient au-dessous des panneaux; et les supports des roues étaient dans la base; et la hauteur d’une roue était d’une coudée et une demi-coudée.
33 ৩৩ সেই চকাবোৰ ৰথৰ চকাৰ দৰে সজা হৈছিল৷ তাৰ ধুৰা, পুঠি, পাহি আৰু মাদলি সকলো ঢলা আছিল।
Et l’ouvrage des roues était comme l’ouvrage d’une roue de char: leurs supports, et leurs jantes, et leurs rayons, et leurs moyeux, tout était de fonte.
34 ৩৪ প্ৰত্যেক আধাৰৰ চাৰি চুকত চাৰিটা প্ৰক্ষালন-পাত্ৰ-ধৰা ব্যৱস্থা আছিল; সেই প্ৰক্ষালন-পাত্ৰ-ধৰাবোৰ আধাৰৰ লগত সাঁচত গঢ়া হৈছিল।
Et il y avait quatre épaules, aux quatre coins d’une base; les épaules sortaient de la base.
35 ৩৫ সেই আধাৰৰ মূৰত আধা হাত দ-কৈ এটা ঘূৰণীয়া সাঁফৰ আছিল আৰু আধাৰৰ ওপৰ-ভাগত থকা ধৰণী আৰু ফলকবোৰ তাত সংযুক্ত হৈ আছিল।
Et à la partie supérieure de la base, il y avait une élévation d’une demi-coudée, ronde, tout autour, et, sur la partie supérieure de la base, les supports et les panneaux, de la même [pièce].
36 ৩৬ ধৰণীৰ উপৰিভাগ আৰু ফলকবোৰৰ খালি ঠাইবোৰ ঢকাকৈ হীৰমে কৰূব, সিংহ আৰু খাজুৰ গছবোৰ কাটি সেইবোৰৰ চাৰিওফালে মালা গাঠি দিছিল৷
Et il grava sur les tables de ses supports et sur ses panneaux des chérubins, des lions, et des palmiers, selon le champ de chacune, et des guirlandes tout autour.
37 ৩৭ এইদৰে তেওঁ একে সাঁচতে একে জোখেৰে একে আকৃতিৰে পিতলৰ সেই দহ টা আধাৰ সাজিছিল।
Selon ce [modèle] il fit les dix bases: toutes d’une même fonte, d’une même mesure, d’une même forme.
38 ৩৮ পাছত হীৰমে পিতলৰ দহ টা প্ৰক্ষালন-পাত্ৰ সাজিছিল৷ প্ৰত্যেকটো পাত্ৰত চল্লিশ মোন কৈ পানী ধৰিছিল। প্ৰত্যেক পাত্ৰ চাৰি হাত জোখৰ আছিল৷ প্ৰত্যেকটো পাত্ৰ সেই দহ টা আধাৰৰ ওপৰত ৰখা হৈছিল৷
Et il fit dix cuves d’airain: une cuve contenait 40 baths; une cuve était de quatre coudées; chaque cuve était sur une base, pour les dix bases;
39 ৩৯ তেওঁ গৃহৰ দক্ষিণফালে পাঁচোটা আধাৰ আৰু উত্তৰফালে পাঁচোটা আধাৰ ৰাখিছিল৷ তেওঁ গৃহৰ পূৱদিশে দক্ষিণফালে সমুদ্ৰ-পাত্ৰটো স্থাপন কৰিছিল।
et il plaça les bases, cinq sur le côté droit de la maison, et cinq sur le côté gauche de la maison. Et il plaça la mer sur le côté droit de la maison, à l’orient, vers le midi.
40 ৪০ হীৰমে সেই প্ৰক্ষালন-পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰবোৰ নিৰ্মাণ কৰিছিল। এইদৰে হীৰমে ৰজা চলোমনৰ বাবে যিহোৱাৰ গৃহত সম্পূৰ্ণৰূপে নিৰ্মান কৰি উঠা কাৰ্যবোৰ হ’ল:
Et Hiram fit les cuves, et les pelles, et les bassins. Et Hiram acheva de faire tout l’ouvrage qu’il fit pour le roi Salomon, pour la maison de l’Éternel:
41 ৪১ সেই স্তম্ভ দুটা আৰু তাৰ মূৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা আৰু তাক ঢাকিবলৈ যি দুখন অলংকাৰপূর্ণ জালি কটা কাম কৰা হৈছিল৷
deux colonnes, et les deux globes des chapiteaux qui étaient sur le sommet des colonnes; et les deux réseaux pour couvrir les deux globes des chapiteaux qui étaient sur le sommet des colonnes;
42 ৪২ তেওঁ সেই দুযোৰ অলংকাৰপূর্ণ জালৰ কাৰণে সেই চাৰিশ ডালিম অৰ্থাৎ স্তম্ভ দুটাৰ ওপৰৰ মাথলাৰ ঘূৰণীয়া ভাগ দুটা ঢাকিবৰ অৰ্থে প্ৰত্যেক জালৰ কাৰণে দুশাৰী ডালিম
et les 400 grenades pour les deux réseaux, deux rangs de grenades à un réseau, pour couvrir les deux globes des chapiteaux qui étaient sur le sommet des colonnes;
43 ৪৩ আৰু দহ টা আধাৰ, আৰু দহ টা আধাৰৰ ওপৰত দহ টা প্ৰক্ষালন পাত্ৰ,
et les dix bases, et les dix cuves sur les bases;
44 ৪৪ সেই সমুদ্ৰ-পাত্ৰ, আৰু সেই সমুদ্ৰ-পাত্ৰৰ তলৰ বাৰটা ষাঁড়-গৰু,
et la mer unique, et les douze bœufs sous la mer;
45 ৪৫ ছাঁই পেলোৱা পাত্ৰ, ছাঁই উলিওৱা হেঁতা আৰু তেজ ছটিওৱা পাত্ৰ - হীৰমে এইবোৰ নিৰ্মান কৰিছিল ৰজা চলোমনৰ বাবে, যিহোৱাৰ গৃহৰ বাবে; তেওঁ এইবোৰ চক্‌চকিয়া পিতলেৰে নিৰ্মান কৰিছিল।
et les vases [à cendre], et les pelles, et les bassins. Et tous ces objets, que Hiram fit pour le roi Salomon, [pour la] maison de l’Éternel, étaient d’airain poli.
46 ৪৬ ৰজাই এইবোৰ যৰ্দ্দনৰ চুক্কোৎ আৰু চৰ্তনৰ মধ্যৱৰ্তী সমতল ভূমিত তৈয়াৰ কৰিবলৈ দিছিল, এইবোৰ আলতীয়া মাটিৰ সাঁচত ঢালি তৈয়াৰ কৰা হৈছিল।
Le roi les fit fondre dans la plaine du Jourdain, dans l’épaisseur du sol, entre Succoth et Tsarthan.
47 ৪৭ চলোমনে সেই পাত্ৰবোৰ অতি বেচি হোৱাৰ কাৰণে সেইবোৰৰ ওজন জোখ নকৰিলে, আৰু সেইবাবে সেই পিতলৰ ওজন জনা নগ’ল।
Et Salomon laissa tous les objets [sans les peser], à cause de leur très grand nombre; on ne rechercha pas le poids de l’airain.
48 ৪৮ চলোমনে যিহোৱাৰ গৃহৰ সকলো বস্তু সোণেৰে নিৰ্ম্মাণ কৰোঁৱাইছিল: সেইবোৰ হ’ল, সোণৰ বেদী আৰু দৰ্শন-পিঠা থবৰ কাৰণে সোণৰ মেজ৷
Et Salomon fit tous les objets qui étaient dans la maison de l’Éternel: l’autel d’or; et la table d’or, sur laquelle [on mettait] le pain de proposition;
49 ৪৯ অন্তঃস্থানৰ সন্মুখত সোঁফালে পাঁচোটা আৰু বাওঁফালে পাঁচোটা নিৰ্মল সোণৰ দীপাধাৰ আৰু ফুল, প্ৰদীপ আৰু শলাকানি-কটা এই সকলোবোৰ সোণেৰে নিৰ্মান কৰোঁৱাইছিল।
et les chandeliers, d’or pur, cinq à droite, et cinq à gauche, devant l’oracle; et les fleurs, et les lampes, et les pincettes, d’or;
50 ৫০ নিৰ্মল সোণৰ বাটি, কটাৰী, তেজ ছটিওৱা পাত্ৰ, পিয়লা, এঙাৰ-ধৰা, আৰু অন্তঃস্থানৰ অৰ্থাৎ মহা-পবিত্ৰ স্থানৰ দুৱাৰৰ কাৰণে আৰু মন্দিৰত প্ৰৱেশ কৰা দুৱাৰ এই আটাইবোৰকে সোণেৰে নির্মাণ কৰাইছিল।
et les écuelles, et les couteaux, et les bassins, et les coupes, et les brasiers, d’or pur; et les gonds, d’or, pour les portes de la maison intérieure, pour le lieu très saint, [et] pour les portes de la maison, pour le temple.
51 ৫১ এইদৰে যিহোৱাৰ গৃহৰ কাৰণে চলোমনে কৰা সকলো কাৰ্য সমাপ্ত হোৱাৰ পাছত চলোমনে তেওঁৰ পিতৃ দায়ূদে উৎসৰ্গ কৰি দিয়া ৰূপ, সোণ আৰু পাত্ৰ আদি আটাই বস্তু অনাই যিহোৱাৰ গৃহৰ ভঁৰালত থৈছিল।
Et tout l’ouvrage que le roi Salomon fit pour la maison de l’Éternel fut achevé. Et Salomon apporta les choses saintes de David, son père, l’argent, et l’or, et les ustensiles: il les mit dans les trésors de la maison de l’Éternel.

< ১ রাজাবলি 7 >