< ১ রাজাবলি 19 >

1 পাছত আহাবে, এলিয়াই কৰা সেই সকলো কাৰ্যৰ কথা আৰু বিশেষকৈ তৰোৱালৰ দ্বাৰাই আটাই বালৰ ভাববাদীসকলক বধ কৰা কথা ঈজেবলৰ আগত ক’লে।
καὶ ἀνήγγειλεν Αχααβ τῇ Ιεζαβελ γυναικὶ αὐτοῦ πάντα ἃ ἐποίησεν Ηλιου καὶ ὡς ἀπέκτεινεν τοὺς προφήτας ἐν ῥομφαίᾳ
2 তেতিয়া ঈজেবলে এলিয়াৰ ওচৰলৈ দূত পঠিয়াই এই কথা কো’ৱালে বোলে, “কাইলৈ এনে সময়ত যদি মই তোমাৰ প্ৰাণ তেওঁলোকৰ এজনৰ প্ৰাণৰ দৰে নকৰোঁ, তেন্তে দেৱতাবোৰে মোক অমুক আৰু তাতকৈয়ো অধিক দণ্ড দিয়ক।”
καὶ ἀπέστειλεν Ιεζαβελ πρὸς Ηλιου καὶ εἶπεν εἰ σὺ εἶ Ηλιου καὶ ἐγὼ Ιεζαβελ τάδε ποιήσαι μοι ὁ θεὸς καὶ τάδε προσθείη ὅτι ταύτην τὴν ὥραν αὔριον θήσομαι τὴν ψυχήν σου καθὼς ψυχὴν ἑνὸς ἐξ αὐτῶν
3 সেই বিষয়ে শুনি এলিয়াই উঠি নিজ প্ৰাণৰক্ষাৰ বাবে পলাই গ’ল আৰু যিহূদাৰ অধীনত থকা বেৰ-চেবালৈ আহি নিজৰ দাসক তাতেই এৰিলে।
καὶ ἐφοβήθη Ηλιου καὶ ἀνέστη καὶ ἀπῆλθεν κατὰ τὴν ψυχὴν ἑαυτοῦ καὶ ἔρχεται εἰς Βηρσαβεε τὴν Ιουδα καὶ ἀφῆκεν τὸ παιδάριον αὐτοῦ ἐκεῖ
4 কিন্তু তেওঁ নিজে এদিনৰ বাট মৰুপ্রান্তৰ মাজেদি গৈ এজোপা ৰোতম গছৰ তলত বহিল। তেওঁ নিজৰ বাবে মৃত্যু প্ৰাৰ্থনা কৰিলে আৰু ক’লে, “এয়ে যথেষ্ট, হে যিহোৱা, মোৰ প্ৰাণ লোৱা, কিয়নো মই নিজ পূৰ্বপুৰুষসকলতকৈ উত্তম নহওঁ।”
καὶ αὐτὸς ἐπορεύθη ἐν τῇ ἐρήμῳ ὁδὸν ἡμέρας καὶ ἦλθεν καὶ ἐκάθισεν ὑπὸ ραθμ ἓν καὶ ᾐτήσατο τὴν ψυχὴν αὐτοῦ ἀποθανεῖν καὶ εἶπεν ἱκανούσθω νῦν λαβὲ δὴ τὴν ψυχήν μου ἀπ’ ἐμοῦ κύριε ὅτι οὐ κρείσσων ἐγώ εἰμι ὑπὲρ τοὺς πατέρας μου
5 তাৰ পাছত তেওঁ এজোপা ৰোতম গছৰ তলত বাগৰ দি টোপনি গ’ল। হঠাৎ এজন দূতে তেওঁক চুই ক’লে, “উঠা আৰু ভোজন কৰা।”
καὶ ἐκοιμήθη καὶ ὕπνωσεν ἐκεῖ ὑπὸ φυτόν καὶ ἰδού τις ἥψατο αὐτοῦ καὶ εἶπεν αὐτῷ ἀνάστηθι καὶ φάγε
6 তেতিয়া এলিয়াই নিজ মুৰ-শিতানত, তপত শিলত সিজোৱা এটা পিঠা আৰু এটেকেলি পানী দেখিলে। তেতিয়া তেওঁ ভোজন কৰি পুনৰায় বাগৰ দিলে।
καὶ ἐπέβλεψεν Ηλιου καὶ ἰδοὺ πρὸς κεφαλῆς αὐτοῦ ἐγκρυφίας ὀλυρίτης καὶ καψάκης ὕδατος καὶ ἀνέστη καὶ ἔφαγεν καὶ ἔπιεν καὶ ἐπιστρέψας ἐκοιμήθη
7 পাছত যিহোৱাৰ দূতে দ্বিতীয়বাৰ তেওঁৰ ওচৰলৈ আহি তেওঁক ষ্পৰ্শ কৰি ক’লে, “উঠা আৰু ভোজন কৰা, কিয়নো এই যাত্ৰাৰ বাবে তোমাক অধিক শক্তিৰ প্রয়োজন।”
καὶ ἐπέστρεψεν ὁ ἄγγελος κυρίου ἐκ δευτέρου καὶ ἥψατο αὐτοῦ καὶ εἶπεν αὐτῷ ἀνάστα φάγε ὅτι πολλὴ ἀπὸ σοῦ ἡ ὁδός
8 তেতিয়া তেওঁ উঠি ভোজন-পান কৰিলে আৰু সেই আহাৰৰ শক্তিৰেই চল্লিশ দিন চল্লিশ ৰাতি যাত্ৰা কৰি যিহোৱাৰ পৰ্ব্বত হোৰেব পালে।
καὶ ἀνέστη καὶ ἔφαγεν καὶ ἔπιεν καὶ ἐπορεύθη ἐν τῇ ἰσχύι τῆς βρώσεως ἐκείνης τεσσαράκοντα ἡμέρας καὶ τεσσαράκοντα νύκτας ἕως ὄρους Χωρηβ
9 তেওঁ এটা গুহালৈ গৈ তাতে ৰাতিটো থাকিল। তেতিয়া তেওঁৰ ওচৰলৈ যিহোৱাৰ বাক্য আহিল আৰু তেওঁক ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
καὶ εἰσῆλθεν ἐκεῖ εἰς τὸ σπήλαιον καὶ κατέλυσεν ἐκεῖ καὶ ἰδοὺ ῥῆμα κυρίου πρὸς αὐτὸν καὶ εἶπεν τί σὺ ἐνταῦθα Ηλιου
10 ১০ তেতিয়া এলিয়াই উত্তৰ দিলে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে, ভাববাদীসকলক তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
καὶ εἶπεν Ηλιου ζηλῶν ἐζήλωκα τῷ κυρίῳ παντοκράτορι ὅτι ἐγκατέλιπόν σε οἱ υἱοὶ Ισραηλ τὰ θυσιαστήριά σου κατέσκαψαν καὶ τοὺς προφήτας σου ἀπέκτειναν ἐν ῥομφαίᾳ καὶ ὑπολέλειμμαι ἐγὼ μονώτατος καὶ ζητοῦσι τὴν ψυχήν μου λαβεῖν αὐτήν
11 ১১ যিহোৱাই ক’লে, “বাহিৰলৈ ওলাই যোৱা আৰু পৰ্ব্বতৰ ওপৰলৈ আহি মোৰ সন্মুখত থিয় হোৱা।” তেতিয়া সেই ঠায়েদি যিহোৱাই গমণ কৰিলে আৰু তাত যিহোৱাৰ আগে আগে অতিশয় প্ৰচণ্ড বায়ুৱে পৰ্ব্বতবোৰ আৰু শিলবোৰ ভাঙি পেলালে; কিন্তু সেই বায়ুত যিহোৱা নাছিল। বায়ুৰ পাছত ভুমিকম্প হ’ল, কিন্তু সেই ভুমিকম্পটো যিহোৱা নাছিল।
καὶ εἶπεν ἐξελεύσῃ αὔριον καὶ στήσῃ ἐνώπιον κυρίου ἐν τῷ ὄρει ἰδοὺ παρελεύσεται κύριος καὶ πνεῦμα μέγα κραταιὸν διαλῦον ὄρη καὶ συντρῖβον πέτρας ἐνώπιον κυρίου οὐκ ἐν τῷ πνεύματι κύριος καὶ μετὰ τὸ πνεῦμα συσσεισμός οὐκ ἐν τῷ συσσεισμῷ κύριος
12 ১২ ভুমিকম্পৰ পাছত অগ্নি হ’ল, কিন্তু সেই অগ্নিটো যিহোৱা নাছিল। অগ্নিৰ পাছত এটি মৃদু স্বৰ শুনা গ’ল।
καὶ μετὰ τὸν συσσεισμὸν πῦρ οὐκ ἐν τῷ πυρὶ κύριος καὶ μετὰ τὸ πῦρ φωνὴ αὔρας λεπτῆς κἀκεῖ κύριος
13 ১৩ সেই স্বৰ শুনা মাত্রকে এলিয়াই চাদৰেৰে মুখখন ঢাকি বাহিৰলৈ ওলাই আহিল, আৰু গুহাৰ সন্মুখত থিয় হ’ল। তেতিয়া তেওঁলৈ সেই মাত আহিল আৰু ক’লে, “হে এলিয়া, তুমি ইয়াত কি কৰিছা?”
καὶ ἐγένετο ὡς ἤκουσεν Ηλιου καὶ ἐπεκάλυψεν τὸ πρόσωπον αὐτοῦ ἐν τῇ μηλωτῇ ἑαυτοῦ καὶ ἐξῆλθεν καὶ ἔστη ὑπὸ τὸ σπήλαιον καὶ ἰδοὺ πρὸς αὐτὸν φωνὴ καὶ εἶπεν τί σὺ ἐνταῦθα Ηλιου
14 ১৪ এলিয়াই উত্তৰ দি ক’লে, “মই বাহিনীসকলৰ ঈশ্বৰ যিহোৱাৰ পক্ষে অতিশয় উদ্যোগী, কিয়নো ইস্ৰায়েলৰ সন্তান সকলে আপোনাৰ নিয়মটি ত্যাগ কৰিলে, আপোনাৰ যজ্ঞ-বেদীবোৰ ভাঙি পেলালে আৰু আপোনাৰ ভাববাদীসকলকো তৰোৱালৰ দ্বাৰাই বধ কৰিলে। কেৱল মইহে অৱশিষ্ট আছোঁ আৰু তেওঁলোকে মোৰো প্ৰাণ ল’বলৈ বিচাৰি আছে।”
καὶ εἶπεν Ηλιου ζηλῶν ἐζήλωκα τῷ κυρίῳ παντοκράτορι ὅτι ἐγκατέλιπον τὴν διαθήκην σου οἱ υἱοὶ Ισραηλ τὰ θυσιαστήριά σου καθεῖλαν καὶ τοὺς προφήτας σου ἀπέκτειναν ἐν ῥομφαίᾳ καὶ ὑπολέλειμμαι ἐγὼ μονώτατος καὶ ζητοῦσι τὴν ψυχήν μου λαβεῖν αὐτήν
15 ১৫ তেতিয়া যিহোৱাই তেওঁক ক’লে, “তুমি নিজ বাটে উলটি দম্মেচকৰ মৰুপ্ৰান্তলৈ যোৱা আৰু যেতিয়া তুমি তাত উপস্থিত হ’বা, তেতিয়া তুমি অৰামৰ ওপৰত ৰজা হ’বলৈ হজায়েলক অভিষেক কৰিবা;
καὶ εἶπεν κύριος πρὸς αὐτόν πορεύου ἀνάστρεφε εἰς τὴν ὁδόν σου καὶ ἥξεις εἰς τὴν ὁδὸν ἐρήμου Δαμασκοῦ καὶ χρίσεις τὸν Αζαηλ εἰς βασιλέα τῆς Συρίας
16 ১৬ আৰু ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ নিমচীৰ পুত্ৰ যেহূক অভিষেক কৰিবা, আৰু তোমাৰ পদত ভাববাদী হ’বলৈ আবেল-মহোলাত থকা চাফটৰ পুত্ৰ ইলীচাক অভিষেক কৰিবা।
καὶ τὸν Ιου υἱὸν Ναμεσσι χρίσεις εἰς βασιλέα ἐπὶ Ισραηλ καὶ τὸν Ελισαιε υἱὸν Σαφατ ἀπὸ Αβελμαουλα χρίσεις εἰς προφήτην ἀντὶ σοῦ
17 ১৭ সেই সময়ত এনে ঘটিব যে, যিজনে হজায়েলৰ তৰোৱালৰ পৰা পলাই যেহূৱে সেই জনক বধ কৰিব আৰু যি জন যেহুৰ তৰোৱালৰ পৰা পলাই সেই জনক ইলীচাই বধ কৰিব।
καὶ ἔσται τὸν σῳζόμενον ἐκ ῥομφαίας Αζαηλ θανατώσει Ιου καὶ τὸν σῳζόμενον ἐκ ῥομφαίας Ιου θανατώσει Ελισαιε
18 ১৮ কিন্তু ইস্ৰায়েলৰ মাজত মই নিজৰ বাবে সাত হাজাৰ লোক অৱশিষ্ট ৰাখিম, কিয়নো তেওঁলোকৰ কোনো এজনেই বালৰ সন্মুখত আঠুকঢ়া নাই, আৰু তেওঁলোকৰ কোনো এজনৰ মুখে তেওঁক চুমা খোৱা নাই।”
καὶ καταλείψεις ἐν Ισραηλ ἑπτὰ χιλιάδας ἀνδρῶν πάντα γόνατα ἃ οὐκ ὤκλασαν γόνυ τῷ Βααλ καὶ πᾶν στόμα ὃ οὐ προσεκύνησεν αὐτῷ
19 ১৯ তেতিয়া এলিয়াই সেই ঠাই এৰি গ’ল আৰু চাফটৰ পুত্ৰ ইলীচাক লগ পালে; সেই সময়ত তেওঁ হাল বাই আছিল; বাৰ হাল ষাঁড়-গৰু তেওঁৰ আগত আছিল; আৰু শেষৰ হালৰ লগত তেওঁ নিজে আছিল। তাতে এলিয়াই ইলীচাৰ ওচৰলৈ আগবাঢ়ি গ’ল আৰু নিজৰ গাৰ চাদৰখন তেওঁৰ গাৰ ওপৰত উৰাই দিলে।
καὶ ἀπῆλθεν ἐκεῖθεν καὶ εὑρίσκει τὸν Ελισαιε υἱὸν Σαφατ καὶ αὐτὸς ἠροτρία ἐν βουσίν δώδεκα ζεύγη βοῶν ἐνώπιον αὐτοῦ καὶ αὐτὸς ἐν τοῖς δώδεκα καὶ ἐπῆλθεν ἐπ’ αὐτὸν καὶ ἐπέρριψε τὴν μηλωτὴν αὐτοῦ ἐπ’ αὐτόν
20 ২০ তেতিয়া ইলীচাই ষাঁড়বোৰ এৰি, এলিয়াৰ পাছে পাছে লৰি গ’ল; ইলীচাই তেওঁক ক’লে, “বিনয় কৰোঁ মই মোৰ আই-বোপাইক চুমা খাই আহিবলৈ আপুনি মোক অনুমতি দিয়ক; তাৰ পাছত আপোনাৰ পাছে পাছে চলিম।” তেওঁ ইলীচাক ক’লে, “উলটি যোৱা, কিন্তু মই তোমালৈ যি কৰিলোঁ সেই বিষয়ে ভাবিবা?”
καὶ κατέλιπεν Ελισαιε τὰς βόας καὶ κατέδραμεν ὀπίσω Ηλιου καὶ εἶπεν καταφιλήσω τὸν πατέρα μου καὶ ἀκολουθήσω ὀπίσω σου καὶ εἶπεν Ηλιου ἀνάστρεφε ὅτι πεποίηκά σοι
21 ২১ তেতিয়া ইলীচাই তেওঁৰ ওচৰৰ পৰা উলটি গ’ল আৰু সেই হাল ষাঁড়বোৰ বধ কৰি, তাৰ নাঙল আৰু যুঁৱলিৰ কাঠেৰে তাৰ মঙহ তৈয়াৰ কৰিলে আৰু লোকসকলক দিলে; তাতে তেওঁলোকে সেয়ে ভোজন কৰিলে। তাৰ পাছত তেওঁ উঠি এলিয়াৰ অনুগামী হৈ তেওঁৰ পৰিচৰ্যা কৰিলে।
καὶ ἀνέστρεψεν ἐξόπισθεν αὐτοῦ καὶ ἔλαβεν τὰ ζεύγη τῶν βοῶν καὶ ἔθυσεν καὶ ἥψησεν αὐτὰ ἐν τοῖς σκεύεσι τῶν βοῶν καὶ ἔδωκεν τῷ λαῷ καὶ ἔφαγον καὶ ἀνέστη καὶ ἐπορεύθη ὀπίσω Ηλιου καὶ ἐλειτούργει αὐτῷ

< ১ রাজাবলি 19 >