< ১ রাজাবলি 12 >

1 পাছত ৰহবিয়াম চিখিমলৈ গ’ল, কিয়নো তেওঁক ৰজা পাতিবৰ কাৰণে সমুদায় ইস্ৰায়েল চিখিমলৈ আহিছিল।
レハベアムはシケムへ行った。すべてのイスラエルびとが彼を王にしようとシケムへ行ったからである。
2 তেতিয়া এনে ঘটিল যে নবাটৰ পুত্ৰ যাৰবিয়ামে সেই বাতৰি শুনিলে, কিয়নো তেওঁ সেই সময়ত মিচৰত আছিল; চলোমন ৰজাৰ ভয়ত তেওঁ তালৈ পলাই গৈ তাত বাস কৰি আছিল৷
ネバテの子ヤラベアムはソロモンを避けてエジプトにのがれ、なおそこにいたが、これを聞いてエジプトから帰ったので、
3 তেতিয়া লোকসকলে মানুহ পঠিয়াই ৰহবিয়ামক মাতি আনিলে৷ তেতিয়া যাৰবিয়াম আৰু ইস্ৰায়েলৰ গোটেই সমাজে আহি ৰহবিয়ামক এই কথা ক’লে,
人々は人をつかわして彼を招いた。そしてヤラベアムとイスラエルの会衆は皆レハベアムの所にきて言った、
4 “আপোনাৰ পিতৃয়ে আমাক কঠোৰ পৰিশ্ৰম কৰিবলৈ জোৰ কৰিছিল৷ তেওঁ যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাই আছে, সেই কার্যৰ ভাৰ যদি আপুনি কিছু লঘু কৰে; তেতিয়াহলে আমি আপোনাক সেৱা কৰি থাকিম।”
「父上はわれわれのくびきを重くされましたが、今父上のきびしい使役と、父上がわれわれに負わせられた重いくびきとを軽くしてください。そうすればわれわれはあなたに仕えます」。
5 তেতিয়া ৰহবিয়ামে তেওঁলোকক ক’লে, “তিনি দিনলৈ আতৰি থকা, তাৰ পাছত মোৰ ওচৰলৈ ঘূৰি আহা৷” তেতিয়া লোকসকল গুচি গ’ল।
レハベアムは彼らに言った、「去って、三日過ぎてから、またわたしのところにきなさい」。それで民は立ち去った。
6 পাছত ৰজা ৰহবিয়ামে তেওঁৰ পিতৃ চলোমন জীয়াই থকাৰ কালত যি বৃদ্ধ লোকসকল তেওঁৰ আগত থিয় হৈছিল, তেওঁলোকৰ লগত আলোচনা কৰি সুধিলে, “মই সেই লোকসকলক উত্তৰ দিবলৈ আপোনালোকে মোক কি পৰামৰ্শ দিব?”
レハベアム王は父ソロモンの存命中ソロモンに仕えた老人たちに相談して言った、「この民にどう返答すればよいと思いますか」。
7 তেতিয়া তেওঁলোকে তেওঁক ক’লে, “আপুনি যদি আজি সেই লোকসকলৰ দাস হৈ তেওঁলোকক সেৱা কৰে আৰু সুকথা কৈ তেওঁলোকক উত্তৰ দিয়ে, তেতিয়া তেওঁলোক চিৰকাললৈকে আপোনাৰ দাস হৈ থাকিব।”
彼らはレハベアムに言った、「もし、あなたが、きょう、この民のしもべとなって彼らに仕え、彼らに答えるとき、ねんごろに語られるならば、彼らは永久にあなたのしもべとなるでしょう」。
8 কিন্তু ৰহবিয়ামে বৃদ্ধ লোকসকলে দিয়া পৰামৰ্শ তেওঁ অৱজ্ঞা কৰিলে, আৰু তেওঁৰে সৈতে একে লগে ডাঙৰ দীঘল হোৱা যি ডেকাসকল তেওঁৰ সন্মুখত থিয় দি আছিল, তেওঁলোকৰ সৈতে তেওঁ আলোচনা কৰিলে।
しかし彼は老人たちが与えた勧めを捨てて、自分と一緒に大きくなって自分に仕えている若者たちに相談して、
9 তেওঁ তেওঁলোকক সুধিলে, “যি সকল লোকে, ‘আপোনাৰ পিতৃয়ে যি কঠোৰ পৰিশ্ৰম আমাৰ দ্ৱাৰাই কৰাইছে সেই কার্যৰ ভাৰ কিছু লঘু কৰক’, এইদৰে মোৰ আগত ক’লে, তেওঁলোকক উত্তৰ দিবলৈ তোমালোকে মোক কি পৰামৰ্শ দিয়া?”
彼らに言った、「この民がわたしにむかって『あなたの父がわれわれに負わせたくびきを軽くしてください』というのに、われわれはなんと返答すればよいと思いますか」。
10 ১০ তাতে তেওঁৰে সৈতে ডাঙৰ দীঘল হোৱা সেই ডেকাসকলে তেওঁক ক’লে, “আপোনাৰ পিতৃয়ে তেওঁলোকৰ ওপৰত কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল আৰু আপোনাক সেই ভাৰ কিছু লঘু কৰিবলৈ বুলি আপোনাৰ আগত কোৱা সেই লোকসকলক এই কথা ক’ব, ‘মোৰ কেঁঞা আঙুলিটো মোৰ পিতৃৰ ককালতকৈয়ো ডাঙৰ।
彼と一緒に大きくなった若者たちは彼に言った、「あなたにむかって『父上はわれわれのくびきを重くされましたが、あなたは、それをわれわれのために軽くしてください』と言うこの民に、こう言いなさい、『わたしの小指は父の腰よりも太い。
11 ১১ এই হেতুকে শুনা, মোৰ পিতৃয়ে তোমালোকৰ ওপৰত যি কঠোৰ পৰিশ্ৰম কার্যৰ ভাৰ দি গ’ল, মই সেই ভাৰ পুনৰ গধুৰ কৰিম৷ মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হ’লে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম’৷ এই বুলি তেওঁলোকক ক’ব।”
父はあなたがたに重いくびきを負わせたが、わたしはさらに、あなたがたのくびきを重くしよう。父はむちであなたがたを懲らしたが、わたしはさそりをもってあなたがたを懲らそう』と」。
12 ১২ পাছত “তৃতীয় দিনা মোৰ ওচৰলৈ আকৌ আহিবা”, ৰজাই কোৱা এই কথাৰ দৰেই যাৰবিয়াম আদি কৰি সকলো লোক তৃতীয় দিনা ৰহবিয়ামৰ ওচৰলৈ আহিল।
さてヤラベアムと民は皆、王が「三日目に再びわたしのところに来るように」と言ったとおりに、三日目にレハベアムのところにきた。
13 ১৩ তেতিয়া ৰজাই লোকসকলক টান শব্দৰ কথাৰে উত্তৰ দিলে আৰু তেওঁক বৃদ্ধলোক সকলে দিয়া পৰামৰ্শবোৰ তেওঁ অৱজ্ঞা কৰিলে৷
王は荒々しく民に答え、老人たちが与えた勧めを捨てて、
14 ১৪ সেই ডেকাসকলৰ পৰামৰ্শ অনুসাৰে তেওঁলোকক এই কথা ক’লে, “মোৰ পিতৃয়ে তোমালোকৰ ওপৰত গধুৰ যুৱলি দি গ’ল, কিন্তু মই তাক পুনৰ গধুৰ কৰিম। মোৰ পিতৃয়ে তোমালোকক চাবুকেৰে শাস্তি দিছিল, কিন্তু মই হলে তোমালোকক কেঁকোৰাবিছাৰে শাস্তি দিম৷”
若者たちの勧めに従い、彼らに告げて言った、「父はあなたがたのくびきを重くしたが、わたしはあなたがたのくびきを、さらに重くしよう。父はむちであなたがたを懲らしたが、わたしはさそりをもってあなたがたを懲らそう」。
15 ১৫ এইদৰে ৰজাই লোকসকলৰ কথালৈ কাণ নিদিলে, কিয়নো চীলোনীয়া অহীয়াৰ মুখেৰে নবাটৰ পুত্ৰ যাৰবিয়ামক যিহোৱাই কোৱা নিজ বাক্য সিদ্ধ কৰিবৰ অৰ্থে যিহোৱাৰ পৰা এই ঘটনা হ’ল।
このように王は民の言うことを聞きいれなかった。これはかつて主がシロびとアヒヤによって、ネバテの子ヤラベアムに言われた言葉を成就するために、主が仕向けられた事であった。
16 ১৬ যেতিয়া গোটেই ইস্ৰায়েলে দেখিলে যে ৰজাই তেওঁলোকৰ কথালৈ কাণ দিয়া নাই, তেতিয়া তেওঁলোকে ৰজাক উত্তৰ দি ক’লে, “দায়ুদত আমাৰ কি ভাগ আছে? যিচয়ৰ পুত্ৰত আমাৰ কোনো অধিকাৰ নাই! হে ইস্ৰায়েল নিজ নিজ তম্বুলৈ গুচি যোৱা! হে দায়ুদ এতিয়া তুমি নিজ বংশলৈ চোৱা।” তেতিয়া ইস্ৰায়েলে নিজ নিজ তম্বুলৈ গুচি গ’ল।
イスラエルの人々は皆、王が自分たちの言うことを聞きいれないのを見たので、民は王に答えて言った、「われわれはダビデのうちに何の分があろうか、エッサイの子のうちに嗣業がない。イスラエルよ、あなたがたの天幕へ帰れ。ダビデよ、今自分の家の事を見よ」。そしてイスラエルはその天幕へ去っていった。
17 ১৭ কিন্তু যিহূদাৰ নগৰ বোৰত বাস কৰা ইস্ৰায়েলৰ সন্তান সকলৰ ওপৰত ৰহবিয়ামেই ৰজা হৈ থাকিল।
しかしレハベアムはユダの町々に住んでいるイスラエルの人々を治めた。
18 ১৮ পাছত ৰজা ৰহবিয়ামে বন্দী-কাম কৰাবোৰৰ অধ্যক্ষ অদোৰামক পঠিয়াওতে, গোটেই ইস্ৰায়েলে তেওঁলৈ এনেকৈ শিল দলিয়ালে যে, তেওঁৰ তাতেই মৃত্যু হ’ল৷ আৰু ৰজা ৰহবিয়ামে যিৰূচালেমলৈ পলাই যাবৰ বাবে বেগা বেগীকৈ নিজৰ ৰথত উঠিল।
レハベアム王は徴募の監督であったアドラムをつかわしたが、イスラエルが皆、彼を石で撃ち殺したので、レハベアム王は急いで車に乗り、エルサレムへ逃げた。
19 ১৯ এইদৰে ইস্ৰায়েলে দায়ুদৰ বংশৰ বিৰুদ্ধে বিদ্ৰোহ আচৰণ কৰিলে আৰু আজিলৈকে সেই ভাৱেই আছে।
こうしてイスラエルはダビデの家にそむいて今日に至った。
20 ২০ গোটেই ইস্ৰায়েলে যাৰবিয়াম ঘূৰি অহা কথা শুনি, দূত পঠিয়াই তেওঁক সমাজৰ ওচৰলৈ মতাই আনি গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা পাতিলে৷ তাতে কেৱল যিহূদা ফৈদৰ বাহিৰে, আন কোনেও দায়ুদৰ বংশৰ পাছত চলোঁতা নহ’ল।
イスラエルは皆ヤラベアムの帰ってきたのを聞き、人をつかわして彼を集会に招き、イスラエルの全家の上に王とした。ユダの部族のほかはダビデの家に従う者がなかった。
21 ২১ ৰহবিয়াম যেতিয়া যিৰূচালেমলৈ আহিল, তেতিয়া যিহূদা আৰু বিন্যামীন ফৈদৰ লোকসকলক একগোট কৰিলে, তাতে এক লাখ আশী হাজাৰ যুদ্ধাৰু লোকক মনোনীত কৰিলে, যাতে ইস্ৰায়েলৰ বংশৰ বিৰুদ্ধে তেওঁলোকে যুদ্ধ কৰিব আৰু চলোমনৰ পুত্ৰ ৰহবিয়ামৰ অধীনলৈ ৰাজ্য পুনৰায় আনিব পাৰিব।
ソロモンの子レハベアムはエルサレムに来て、ユダの全家とベニヤミンの部族の者、すなわちえり抜きの軍人十八万を集め、国を取りもどすために、イスラエルの家と戦おうとしたが、
22 ২২ কিন্তু ঈশ্বৰৰ লোক চময়িয়াৰ ওচৰলৈ ঈশ্বৰৰ বাক্য আহিল, বোলে,
神の言葉が神の人シマヤに臨んだ、
23 ২৩ “তুমি যিহূদাৰ ৰজা চলোমনৰ পুত্ৰ ৰহবিয়ামক, যিহূদা আৰু বিন্যামীনৰ গোটেই বংশক আৰু আন লোকসকলক কোৱা বোলে,
「ソロモンの子であるユダの王レハベアム、およびユダとベニヤミンの全家、ならびにそのほかの民に言いなさい、
24 ২৪ ‘যিহোৱাই এই কথা কৈছে: তোমালোকে নিজ নিজ ভাই ইস্ৰায়েল সন্তান সকলক আক্ৰমণ আৰু তেওঁলোকৰ বিৰুদ্ধে যুদ্ধ নকৰিবা; প্ৰতিজন নিজ নিজ ঘৰলৈ ঘূৰি যোৱা, কিয়নো মোৰ দ্বাৰাইহে এই কাৰ্য হৈছে’।” তেতিয়া লোকসকলে যিহোৱাৰ সেই বাক্য শুনি, তেওঁৰ বাক্য অনুসাৰে নিজ নিজ বাটেদি ঘূৰি গুচি গ’ল।
『主はこう仰せられる。あなたがたは上っていってはならない。あなたがたの兄弟であるイスラエルの人々と戦ってはならない。おのおの家に帰りなさい。この事はわたしから出たのである』」。それで彼らは主の言葉をきき、主の言葉に従って帰っていった。
25 ২৫ পাছত যাৰবিয়ামে ইফ্ৰয়িম পৰ্বতীয়া অঞ্চলত চিখিম নগৰ সাজি তাৰ মাজতে বাস কৰিলে৷ তেওঁ তাৰ পৰা গৈ পনুৱেল নগৰো সাজিলে।
ヤラベアムはエフライムの山地にシケムを建てて、そこに住んだ。彼はまたそこから出てペヌエルを建てた。
26 ২৬ তেতিয়া যাৰবিয়ামে নিজৰ মনতে ভাবিলে, “এতিয়া দায়ূদৰ বংশলৈ ৰাজ্য পুনৰায় ঘূৰি আহিব৷
しかしヤラベアムはその心のうちに言った、「国は今ダビデの家にもどるであろう。
27 ২৭ এই লোকসকলে যদি যিৰূচালেমত থকা যিহোৱাৰ গৃহত বলি উৎসৰ্গ কৰিবলৈ যায়, তেতিয়া তেওঁলোকৰ প্ৰভু যিহূদাৰ ৰজা ৰহবিয়ামলৈ পুনৰায় এই লোকসকলৰ মন ঘূৰিব; তেতিয়া তেওঁলোকে মোক বধ কৰি পুনৰায় যিহূদাৰ ৰজা ৰহবিয়ামৰ ফলীয়া হ’ব।”
もしこの民がエルサレムにある主の宮に犠牲をささげるために上るならば、この民の心はユダの王である彼らの主君レハベアムに帰り、わたしを殺して、ユダの王レハベアムに帰るであろう」。
28 ২৮ এই কাৰণে ৰজাই পৰামর্শ লৈ সোণৰ দুটা দামুৰি নিৰ্মাণ কৰিলে; তেওঁ লোকসকলক ক’লে, “তোমালোক যিৰূচালেমলৈ অহা-যোৱা কৰা বৰ বহুল্য; এতেকে হে ইস্ৰায়েল, চোৱা, যি জনে মিচৰ দেশৰ পৰা তোমালোকক উলিয়াই আনিলে, তোমালোকৰ সেই ঈশ্বৰ এৱেঁই।”
そこで王は相談して、二つの金の子牛を造り、民に言った、「あなたがたはもはやエルサレムに上るには、およばない。イスラエルよ、あなたがたをエジプトの国から導き上ったあなたがたの神を見よ」。
29 ২৯ তেওঁ তাৰে এটা বৈৎএলত আৰু আনটো দানত স্থাপন কৰিলে।
そして彼は一つをベテルにすえ、一つをダンに置いた。
30 ৩০ এই কাৰ্য পাপৰ কাৰণ হ’ল, কিয়নো লোকসকলে সেই দুই প্ৰতিমাৰ আগত সেৱা কৰিবলৈ দানলৈকে বা আনটো ঠাইলৈ অহা-যোৱা কৰিবলৈ ধৰিলে।
この事は罪となった。民がベテルへ行って一つを礼拝し、ダンへ行って一つを礼拝したからである。
31 ৩১ যাৰবিয়ামে পবিত্ৰ ঠাইবোৰত মন্দিৰ সাজিলে; আৰু যিসকল লেবীৰ সন্তান নাছিল, সেই লোকসকলৰ মাজৰ পৰাও পুৰোহিত পাতিলে।
彼はまた高き所に家を造り、レビの子孫でない一般の民を祭司に任命した。
32 ৩২ পাছত যাৰবিয়ামে অষ্টম মাহৰ পঞ্চদশ দিনা, যিহূদাৰ উৎসৱৰ দৰে এক উৎসৱ পাতি যজ্ঞবেদীলৈ উঠি গ’ল৷ তেওঁ বৈৎএলত এই দৰে কৰিলে আৰু নিজে নিৰ্ম্মাণ কৰা দামুৰি দুটাৰ আগত বলি উৎসৰ্গ কৰিলে আৰু বৈৎএলত নিজে সজা পবিত্ৰ ঠাইবোৰত পুৰোহিতসকলক ৰাখিলে।
またヤラベアムはユダで行う祭と同じ祭を八月の十五日に定め、そして祭壇に上った。彼はベテルでそのように行い、彼が造った子牛に犠牲をささげた。また自分の造った高き所の祭司をベテルに立てた。
33 ৩৩ অষ্টম মাহত যৰবিয়ামে অৰ্থাৎ যি মাহ তেওঁ নিজ ইচ্ছামতে নিৰূপণ কৰিছিল, সেই অষ্টম মাহৰ পঞ্চদশ দিনা বৈৎএলত তেওঁ নিৰ্ম্মাণ কৰা যজ্ঞবেদীলৈ উঠি গৈছিল; তেওঁ ইস্ৰায়েলৰ সন্তান সকলৰ কাৰণে এক উৎসৱ নিৰূপণ কৰিছিল, আৰু ধূপ জ্বলাবৰ বাবে যজ্ঞবেদীলৈ উঠি গৈছিল।
こうして彼はベテルに造った祭壇に八月の十五日に上った。これは彼が自分で勝手に考えついた月であった。そして彼はイスラエルの人々のために祭を定め、祭壇に上って香をたいた。

< ১ রাজাবলি 12 >