< ১ রাজাবলি 1 >

1 পাছত ৰজা দায়ুদ বুঢ়া হৈ আহিল আৰু অতিশয় বৃদ্ধ হোৱাৰ বাবে তেওঁৰ গাত অনেক কাপোৰ দিলেও উম নোপোৱা হ’ল।
Král pak David sstaral se a sešel věkem, a ačkoli jej šaty přikrývali, však nemohl se zahřívati.
2 এই হেতুকে তেওঁৰ দাসবোৰে তেওঁক ক’লে, “আমাৰ প্ৰভু মহাৰাজৰ বাবে এজনী কুমাৰী যুৱতী বিচাৰি চোৱা যাওঁক। তেতিয়া তাই মহাৰাজৰ সন্মূখত থাকি ৰজাৰ আলপৈচান ধৰাৰ লগতে আমাৰ প্ৰভু মহাৰাজৰ গাত উম পাবলৈ তেওঁৰ বুকুত শয়ন কৰিব।”
I řekli jemu služebníci jeho: Nechť pohledají pánu našemu králi děvečky panny, kteráž by byla při králi a opatrovala jej, a aby spala v lůnu jeho, a zahřívala pána našeho krále.
3 সেয়েহে তেওঁলোকে ইস্ৰায়েলৰ গোটেই অঞ্চলত সুন্দৰী ছোৱালী বিচাৰিবলৈ ধৰিলে৷ তেতিয়া তেওঁলোকে চূনেমীয়া অবীচগক বিচাৰি পালে আৰু ৰজাৰ ওচৰলৈ তেওঁক লৈ আহিল৷
A protož hledajíce děvečky krásné ve všech končinách Izraelských, nalezli Abizag Sunamitskou, a přivedli ji k králi.
4 এই ছোৱালীজনী অতিশয় সুন্দৰী আছিল৷ তেওঁ ৰজাৰ আলপৈচান ধৰিলে আৰু শুশ্ৰূষা কৰিলে, কিন্তু তেওঁৰ সৈতে ৰজাই কোনো দৈহিক সম্পৰ্ক নাৰাখিলে।
Kterážto děvečka byla velmi krásná. I opatrovala krále a přisluhovala jemu, ale král jí nepoznal.
5 সেই কালত হগ্গীতৰ পুত্ৰ অদোনীয়াই নিজকে গৌৰৱ কৰি ক’লে, “ৰজা ময়েই হ’ম৷” এইবুলি নিজৰ আগে আগে যাবৰ বাবে পঞ্চাশ জন মানুহৰ লগতে ৰথ আৰু অশ্বাৰোহী সৈন্যবোৰ যুগুত কৰি ৰাখিলে।
Adoniáš pak syn Haggity pozdvihoval se, říkaje: Jáť budu kralovati. I najednal sobě vozů a jezdců, a padesáte mužů, kteříž by běhali před ním.
6 তেওঁৰ পিতৃয়ে কেতিয়াও তেওঁক কষ্ট দি এইদৰে কোৱা নাই, “তুমি কিয় এইবোৰ কৰিছা?” অদোনিয়া দেখিবলৈ বৰ সুন্দৰ আছিল, তেওঁ অৱচালোমৰ পাছত জন্মিছিল।
A nikdy ho nezarmoutil otec jeho, aby řekl: Proč jsi to učinil? Nebo byl i on velmi krásné postavy, kteréhož porodila po Absolonovi.
7 তেওঁ অবিয়াথৰ পুৰোহিত আৰু চৰূয়াৰ পুত্ৰ যোৱাবৰ লগত আলোচনা কৰিলে। তেতিয়া তেওঁলোকে অদোনীয়াক অনুসৰণ কৰিলে আৰু তেওঁক সহায় কৰিলে।
I mluvíval s Joábem synem Sarvie a s Abiatarem knězem, kteříž napomáhali Adoniášovi.
8 কিন্তু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া, নাথন ভাববাদী, চিমিয়ী, ৰেয়ী আৰু যি বীৰসকল দায়ূদৰ লগত আছিল, তেওঁলোকে অদোনিয়াক অনুসৰণ নকৰিলে।
Ale Sádoch kněz a Banaiáš syn Joiadův, též Nátan prorok a Simei i Rehi, a jiní přednější, kteréž měl David, nebyli s Adoniášem.
9 পাছত অদোনিয়াই অয়িন-ৰোগেলৰ কাষত থকা জোহেলৎ শিলৰ ওচৰত ভেড়া, ছাগলী, ষাঁড় আৰু হৃষ্টপুষ্ট গৰু পোৱালি বলিদান কৰিলে৷ আৰু নিজ ভাই ৰাজকোঁৱৰ সকলক আৰু ৰজাৰ দাস যিহূদাৰ আটাই লোকক নিমন্ত্ৰণ কৰিলে।
Tedy nabil Adoniáš ovcí a volů a krmného dobytka u kamene Zohelet, kterýž byl u studnice Rogel, a pozval všech bratří svých synů královských, i všech mužů Judských, služebníků králových.
10 ১০ কিন্তু নাথন ভাববাদীক, বনায়াক, বীৰসকলক আৰু নিজ ভায়েক চলোমনক নিমন্ত্ৰণ নকৰিলে।
Nátana však proroka a Banaiáše a jiných přednějších mužů, ani Šalomouna bratra svého nepozval.
11 ১১ তেতিয়া নাথনে চলোমনৰ মাক বৎচেবাক ক’লে, “আমাৰ প্ৰভু দায়ুদে নজনাকৈ হগ্গীতৰ পুতেক অদোনিয়া যে ৰজা হল, ইয়াক জানো তুমি শুনা নাই?
I mluvil Nátan k Betsabé matce Šalomounově, řka: Neslyšela-lis, že kraluje Adoniáš syn Haggity, a pán náš David nic neví o tom?
12 ১২ এই হেতুকে আহাঁ, তুমি নিজৰ আৰু তোমাৰ পুত্ৰ চলোমনৰ প্ৰাণ ৰক্ষা কৰিবলৈ, মই এতিয়া তোমাক পৰামৰ্শ দিওঁ৷
Protož nyní poď, prosím, a dámť radu, kterouž vysvobodíš život svůj, i život syna svého Šalomouna.
13 ১৩ দায়ুদ ৰজাৰ ওচৰলৈ যোৱা; আৰু তেওঁক কোৱাগৈ, যে, ‘হে মোৰ প্ৰভু মহাৰাজ, আপুনি জানো শপত খাই আপোনাৰ দাসীক জানো কোৱা নাছিল, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন অৱশ্যে ৰজা হ’ব আৰু তেৱেঁই মোৰ সিংহাসনত বহিব?’ তেনেহ’লে অদোনিয়াই কিয় ৰাজত্ব কৰি আছে?’
Jdiž, a vejda k králi Davidovi, rci jemu: Zdaliž jsi ty, pane můj králi, nepřisáhl služebnici své, řka: Šalomoun syn tvůj kralovati bude po mně, a onť seděti bude na stolici mé? Pročež tedy kraluje Adoniáš?
14 ১৪ আৰু চোৱা, সেই ঠাইত ৰজাৰ সৈতে তোমাৰ কথা শেষ নৌ হওঁতেই, মই তোমাৰ পাছত সোমাই গৈ তোমাৰ কথা নিশ্চিত কৰিম।”
A aj, když ty ještě tam mluviti budeš s králem, přijduť za tebou a doplním řeč tvou.
15 ১৫ পাছত সেই মতে, বৎচেবা ভিতৰ-কোঠালিত সোমাই ৰজাৰ ওচৰলৈ গ’ল৷ ৰজা অতিশয় বৃদ্ধ হোৱাত চূনেমীয়া অবিচগে ৰজাৰ শুশ্ৰূষা কৰি আছিল।
A tak vešla Betsabé k králi do pokoje. Král pak již byl velmi starý, a Abizag Sunamitská přisluhovala králi.
16 ১৬ তেতিয়া বৎচেবাই মূৰ দোঁৱাই ৰজাৰ আগত প্ৰণিপাত কৰিলে। তেতিয়া ৰজাই সুধিলে, “তোমাক কি লাগে?”
Tedy Betsabé naklonivši hlavy, poklonila se králi. Jížto řekl král: Což chceš?
17 ১৭ তাই তেওঁক ক’লে, “হে মোৰ প্ৰভু, ঈশ্বৰ যিহোৱাৰ নামেৰে শপত খাই আপোনাৰ বেটীৰ আগত কৈছিল যে, ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু মোৰ সিংহাসনৰ ওপৰত তেৱেঁই বহিব।’
I odpověděla jemu: Pane můj, ty jsi přisáhl skrze Hospodina Boha svého služebnici své, řka: Šalomoun syn tvůj kralovati bude po mně, a on seděti bude na stolici mé.
18 ১৮ কিন্তু এতিয়া, হে মোৰ প্ৰভু মহাৰাজ, চাওঁক, আপুনি নজনাকৈয়েই অদোনীয়া ৰজা হ’ল৷
A nyní, hle, Adoniáš kraluje, ty pak nyní, pane můj králi, nic nevíš o tom.
19 ১৯ অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰি সকলো ৰাজকোঁৱৰ সকলৰ লগতে অবিয়াথৰ পুৰোহিত আৰু প্ৰধান সেনাপতি যোৱাবক নিমন্ত্ৰণ কৰিলে, কিন্তু আপোনাৰ দাস চলোমনক নিমন্ত্ৰণ নকৰিলে।
Nebo nabiv volů a krmného dobytka a ovec množství, pozval všech synů královských, i Abiatara kněze a Joába hejtmana vojska, Šalomouna pak služebníka tvého nepozval.
20 ২০ হে মোৰ প্ৰভু মহাৰাজ, আপোনাৰ পাছত মোৰ প্ৰভু মহাৰাজৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপুনিয়ে তেওঁলোকক জনাওক; তেওঁলোকে আপোনাৰ পৰাই শুনিবলৈ বাট চাই আছে।
Ješto ty, pane můj králi, víš, že oči všeho Izraele na tebe jsou obráceny, abys jim oznámil, kdo by seděti měl na stolici pána mého krále po tobě.
21 ২১ আপুনি যদি ইয়াকে নকৰে, তেনেহলে মোৰ প্ৰভু মহাৰাজ ওপৰ-পিতৃসকলৰ লগত যেতিয়া ওপৰ-পিতৃসকলৰ সৈতে নিদ্ৰিত হ’ব, তেতিয়া মই আৰু মোৰ পুত্ৰ চলোমন অপৰাধী হিচাবে গণিত হ’ব।”
Sic jinak bude to, když usne pán můj král s otci svými, že já a syn můj Šalomoun budeme jako hříšníci.
22 ২২ এইদৰে তেওঁ ৰজাৰ লগত কথা হৈ থাকোঁতেই নাথন ভাববাদী ভিতৰলৈ সোমাই আহিল।
A aj, když ještě ona mluvila s králem, přišel Nátan prorok.
23 ২৩ তেতিয়া দাসবোৰে ৰজাক ক’লে, “চাওঁক, নাথন ভাববাদী আহিছে।” পাছত ভাববাদী নাথন ৰজাৰ সন্মূখলৈ গ’ল আৰু আঁঠুকাঢ়ি ৰজাৰ আগত প্ৰণিপাত কৰিলে।
I oznámili králi, řkouce: Aj, teď Nátan prorok. A tak všel před krále, a poklonil se jemu tváří svou až k zemi.
24 ২৪ নাথনে ক’লে, “হে মোৰ প্ৰভু মহাৰাজ, ‘মোৰ পাছত অদোনিয়া ৰজা হ’ব আৰু মোৰ সিংহাসনত সিয়েই বহিব, এনে বুলি আপুনি ক’লে নে কি?’
Zatím řekl Nátan: Pane můj králi, ty-lis pověděl: Adoniáš kralovati bude po mně, a on seděti bude na stolici mé?
25 ২৫ কিয়নো তেওঁ আজি নামি গৈছে আৰু অধিককৈ ষাঁড়, হৃষ্টপুষ্ট গৰু পোৱালি, মেৰ-ছাগ আৰু ছাগলী বলিদান কৰিছে। তেওঁ তালৈ সকলো ৰাজকোঁৱৰ, সেনাপতি আৰু অবিয়াথৰ পুৰোহিতকো নিমন্ত্রণ কৰিছে। আৰু চাওঁক, তেওঁলোকে তেওঁৰ আগত ভোজন পান কৰিছে আৰু কৈছে, ‘অদোনিয়া ৰজা চিৰজীৱি হওঁক!’
Nebo odšed dnes, nabil volů a krmného dobytka, i ovec množství, a sezval všecky syny královy a hejtmany vojska, i Abiatara kněze. A hle, oni jedí a pijí před ním, a praví: Živ buď král Adoniáš.
26 ২৬ কিন্তু আপোনাৰ দাস যি মই, মোক আৰু চাদোক পুৰোহিত, যিহোয়াদাৰ পুত্ৰ বনায়া আৰু আপোনাৰ দাস চলোমনক হ’লে তেওঁ নিমন্ত্ৰণ নকৰিলে।
Mne pak služebníka tvého, a Sádocha kněze, a Banaiáše syna Joiadova, a Šalomouna služebníka tvého nepozval.
27 ২৭ এই কাৰ্য মোৰ প্ৰভু মহাৰাজৰ আদেশত হ’ল নেকি? মোৰ প্ৰভু মহাৰাজৰ পিছত আপোনাৰ সিংহাসনত কোন বহিব, সেই বিষয়ে আপোনাৰ দাসবোৰক আপুনি জানো জনোৱা নাই?
Tak-liž jest ode pána mého krále nařízeno? Mně jsi zajisté neoznámil služebníku svému, kdo bude seděti na stolici pána mého krále po tobě?
28 ২৮ তেতিয়া ৰজা দায়ূদে উত্তৰ দি ক’লে, “বৎচেবাক মোৰ ওচৰলৈ মাতি আনা।” তেতিয়া তেওঁ ৰজাৰ ওচৰলৈ আহি ৰজাৰ আগত থিয় হ’ল৷
A odpovídaje král David, řekl: Zavolejte mi Betsabé. Kteráž všedši před krále, stála před ním.
29 ২৯ ৰজাই শপত কৰি ক’লে, “যিজন সৰ্ব্বশক্তিমান ঈশ্বৰে সকলো সঙ্কটৰ পৰা মোৰ প্ৰাণ মুক্ত কৰিলে, সেই জীৱন্ত যিহোৱাৰ শপত,
I přisáhl král, řka: Živť jest Hospodin, kterýž vysvobodil duši mou ze všelikých úzkostí,
30 ৩০ ‘মোৰ পাছত তোমাৰ পুত্ৰ চলোমন ৰজা হ’ব আৰু সিয়েই মোৰ পদত মোৰ সিংহাসনত বহিব,’ এই বুলি তোমাৰ আগত ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱাৰ নাম লৈ যি শপত কৰিছিলোঁ, আজিয়েই সেই দৰে কাৰ্য কৰিম।”
Že jakož jsem přisáhl tobě skrze Hospodina Boha Izraelského, řka, že syn tvůj Šalomoun kralovati bude po mně, a on seděti bude na stolici mé místo mně, takť učiním dnes.
31 ৩১ তেতিয়া বৎচেবাই আঁঠুকাঢ়ি মাটিত মুৰ লগাই ৰজাৰ সন্মূখত প্ৰণিপাত কৰিলে আৰু ক’লে, “মোৰ প্ৰভু ৰজা দায়ুদ চিৰজীৱি হওঁক।”
A naklonivši hlavy Betsabé tváří k zemi, poklonu učinila králi a řekla: Živ buď pán můj král David na věky.
32 ৩২ পাছত ৰজা দায়ুদ ক’লে, “চাদোক পুৰোহিতক, নাথন ভাববাদীক আৰু যিহোয়াদাৰ পুত্ৰ বনায়াক মোৰ ওচৰলৈ মাতি আনা৷” তেতিয়া তেওঁলোক ৰজাৰ ওচৰলৈ আহিল।
Řekl ještě král David: Zavolejte ke mně Sádocha kněze a Nátana proroka, a Banaiáše syna Joiadova. Kteřížto vešli před krále.
33 ৩৩ তাতে ৰজাই তেওঁলোকক ক’লে, “তোমালোকে নিজ প্ৰভুৰ দাসবোৰক লগত লৈ, মোৰ পুত্ৰ চলোমনক মোৰ নিজৰ খছৰত তুলি গীহোনলৈ লৈ যোৱা৷
I řekl jim král: Vezměte s sebou služebníky pána svého, a vsaďte Šalomouna syna mého na mezkyni mou, a veďte ji k Gihonu.
34 ৩৪ সেই ঠাইতে ইস্রায়েলৰ ওপৰত তেওঁক ৰজা অভিষেক কৰিবলৈ চাদোক পুৰোহিত আৰু ভাববাদী নাথনক কোৱা আৰু শিঙা বজাই তোমালোকে ক’বা, ‘ৰজা চলোমন চিৰজীৱি হওক!’
I pomaže ho tam Sádoch kněz a Nátan prorok za krále nad Izraelem, a troubiti budete troubou, a díte: Živ buď král Šalomoun.
35 ৩৫ পাছত তোমালোকে তেওঁৰ পাছে পাছে উঠি আহিবা; তেওঁ আহি মোৰ সিংহাসনত বহিব; কিয়নো মোৰ সলনি তেওঁ ৰজা হ’ব, ইস্ৰায়েল আৰু যিহূদাৰ ওপৰত অধ্যক্ষ হ’বলৈ মই তেওঁকেই নিযুক্ত কৰিলোঁ।”
Potom vstoupíte zase, jdouce za ním. Kterýž přijda, seděti bude na stolici mé, a on kralovati bude místo mne; nebť jsem jemu přikázal, aby byl vůdcí nad Izraelem i nad Judou.
36 ৩৬ তেতিয়া যিহোয়াদাৰ পুত্ৰ বনায়াই উত্তৰ দি ৰজাক ক’লে, “সেই দৰে হওক! মোৰ প্ৰভু মহাৰাজৰ ঈশ্বৰ যিহোৱায়ো সেইদৰে হওঁক বুলি কওঁক৷
A odpovídaje Banaiáš syn Joiadův králi, řekl: Amen. Způsobiž to Hospodin, Bůh pána mého krále.
37 ৩৭ যিহোৱা যেনেকৈ মোৰ প্ৰভু মহাৰাজৰ লগত আছিল, তেনেকৈ চলোমনৰ লগতো থাকক আৰু মোৰ প্ৰভু ৰজা দায়ূদৰ সিংহাসনতকৈ তেওঁৰ সিংহাসন মহৎ কৰক।”
A jakož byl Hospodin se pánem mým králem, tak budiž i s Šalomounem, a zvelebiž stolici jeho více, než stolici pána mého krále Davida.
38 ৩৮ পাছত চাদোক পুৰোহিত, নাথন ভাববাদী, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকল নামি গ’ল আৰু খছৰৰ ওপৰত চলোমনক উঠাই লৈ তেওঁলোক গীহোনলৈ গ’ল।
A tak šli dolů Sádoch kněz a Nátan prorok, a Banaiáš syn Joiadův, Cheretejští také i Peletejští, a vsadili Šalomouna na mezkyni krále Davida, a dovedli jej k Gihonu.
39 ৩৯ পাছত চাদোক পুৰোহিতে তেলেৰে ভৰা শিংটি তম্বুৰ পৰা লৈ আহিল আৰু চলোমনক ৰজা অভিষেক কৰিলে। তেতিয়া তেওঁলোকে শিঙা বজোৱাৰ পাছত সকলো লোকে ক’লে, “ৰজা চলোমন চিৰজীৱি হওক!”
Vzal také Sádoch kněz roh oleje z stánku, a pomazal Šalomouna. Potom troubili trubou, a řekl všecken lid: Živ buď král Šalomoun.
40 ৪০ তাৰ পাছত সকলো লোক তেওঁৰ পাছে পাছে উঠি আহিল আৰু লোক সকলে এনেদৰে বাঁহী বজালে আৰু মহা আনন্দ কৰিলে যে, তাৰ শব্দত পৃথিৱী কপিঁ উঠিল।
I vstoupil všecken lid za ním; kterýžto lid prozpěvoval s plésáním, a veselil se radostí velikou, tak až se všudy rozléhalo od zvuku jejich.
41 ৪১ তেতিয়া অদোনিয়া আৰু তেওঁৰ লগত নিমন্ত্ৰিত লোকসকলে ভোজন শেষ কৰা মাত্ৰে সেই শব্দ শুনিলে। আৰু যোৱাবে শিঙাৰ শব্দ শুনি ক’লে, “নগৰত ইমান কোলাহল কিয় হৈছে?”
Což slyše Adoniáš i všickni pozvaní, kteříž byli s ním, (byli pak již pojedli), slyše také i Joáb zvuk trouby, řekl: Jaký to zvuk v městě hlučících?
42 ৪২ তেওঁ এই কথা কৈ থাকোতেই, অবিয়াথৰ পুৰোহিতৰ পুত্ৰ যোনাথন আহি পালে৷ তেতিয়া অদোনিয়াই তেওঁক ক’লে, “সোমাই আহা; কিয়নো তুমি ভাল পুৰুষ আৰু শুভবাৰ্তা আনিছা।”
A když on ještě mluvil, aj, Jonata syn Abiatara kněze přišel, jemuž řekl Adoniáš: Přistup sem, nebo jsi muž udatný a dobré poselství neseš.
43 ৪৩ তেতিয়া যোনাথনে অদোনিয়াক উত্তৰ দি ক’লে, “সঁচাকৈ আমাৰ প্ৰভু ৰজা দায়ূদে চলোমনক ৰাজ-পদত নিযুক্ত কৰিলে৷
Tedy odpovídaje Jonata, řekl Adoniášovi: Právě jižtě pán náš král David ustanovil Šalomouna za krále.
44 ৪৪ আৰু ৰজাই চাদোক পুৰোহিতক, নাথন ভাববাদীক, যিহোয়াদাৰ পুত্ৰ বনায়া, কৰেথীয়া আৰু পেলেথীয়াসকলক তেওঁৰ লগত পঠালে৷ আৰু তেওঁলোকে তেওঁক ৰজাৰ খছৰত তুলিলে৷
Nebo poslal s ním král Sádocha kněze a Nátana proroka a Banaiáše syna Joiadova, ano i Cheretejské a Peletejské, a vsadili jej na mezkyni královskou.
45 ৪৫ আৰু চাদোক পুৰোহিত ও নাথন ভাববাদীয়ে তেওঁক গীহোনত ৰজা অভিষেক কৰিলে আৰু তেওঁলোকে তাৰ পৰা এনেদৰে আনন্দ কৰি কৰি উঠি আহিছে যে, তাৰে গোটেই নগৰ প্ৰতিধ্বনিত হৈ উঠিল। তোমালোকে যি শব্দ শুনিছিলা, সেয়ে সেই ধ্বনি।
I pomazali jej Sádoch kněz a Nátan prorok za krále u Gihonu, a vstupovali odtud s radostí, tak že hlučelo město. Toť jest zvuk ten, kterýž jste slyšeli.
46 ৪৬ আৰু চলোমন ৰাজসিংহাসনত বহিল।
Ano již i dosedl Šalomoun na stolici královskou.
47 ৪৭ তাৰ উপৰিও ৰজাৰ দাসবোৰে আহি আমাৰ প্ৰভু ৰজা দায়ূদক এই বুলি আশীৰ্ব্বাদ কৰিলে যে, ‘আপোনাৰ ঈশ্বৰে আপোনাৰ নামতকৈয়ো চলোমনৰ নাম মহান কৰক আৰু তেওঁৰ সিংহাসন আপোনাৰ সিংহাসনতকৈয়ো মহৎ কৰক৷’ তেতিয়া ৰজাই শয্যাতে প্ৰণিপাত কৰিলে।
Nýbrž i služebníci královští přišli, aby dobrořečili pánu našemu, králi Davidovi, řkouce: Učiniž slavné Bůh tvůj jméno Šalomounovo nad jméno tvé, a zvelebiž stolici jeho nad stolici tvou. I poklonil se král na ložci svém.
48 ৪৮ আৰু ৰজায়ো এই কথা ক’লে যে, ‘ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা ধন্য হওঁক; তেওঁ আজি মোৰ সিংহাসনৰ ওপৰত বহিবলৈ মোক এজন দিলে আৰু মোৰ চকুৱে তাক দেখিবলৈ পালে৷”
Ano i král takto řekl: Požehnaný Hospodin Bůh Izraelský, kterýž dal dnes sedícího na trůnu mém, a abych na to očima svýma hleděl.
49 ৪৯ তেতিয়া অদোনিয়াৰ লগত থকা নিমন্ত্রিত লোকসকলে ভয় পালে আৰু প্ৰতিজনে উঠি নিজ নিজ বাটে গুচি গ’ল।
I předěšeni jsou, a vstavše všickni ti pozvaní, kteříž byli při Adoniášovi, odešli jeden každý cestou svou.
50 ৫০ আৰু অদোনিয়াই চলোমনলৈ ভয় কৰি উঠি গৈ যজ্ঞবেদীৰ শিঙত ধৰিলেগৈ।
Adoniáš také boje se Šalomouna, vstav, odšel a chytil se rohů oltáře.
51 ৫১ পাছত চলোমনৰ আগত কোনোবাই এই কথা ক’লে, “চাওঁক, অদোনিয়াই চলোমন ৰজালৈ ভয় কৰিছে; কিয়নো চাওঁক, তেওঁ যজ্ঞবেদীৰ শিঙত ধৰি কৈছে, ‘ৰজা চলোমনে তেওঁৰ দাসক তৰোৱালেৰে বধ নকৰিবলৈ মোৰ আগত শপত কৰক।”
I pověděli Šalomounovi, řkouce: Aj, Adoniáš bojí se krále Šalomouna, a hle, drží se rohů oltáře a praví: Nechť mi přisáhne dnes král Šalomoun, že nezabije mne služebníka svého mečem.
52 ৫২ তাতে চলোমনে ক’লে, “তেওঁ যদি নিজকে ভাল পুৰুষ বুলি দেখুৱায়, তেনেহ’লে তেওঁৰ এডালি চুলিও মাটিত নপৰিব, কিন্তু দুষ্টতা পোৱা যায়, তেন্তে তেওঁৰ প্ৰাণ যাব৷”
I řekl Šalomoun: Bude-li muž statečný, nespadneť vlas s něho na zem; pakliť co zlého na něm nalezeno bude, umřeť.
53 ৫৩ এই বুলি ৰজা চলোমনে মানুহ পঠিয়াই তেওঁক যজ্ঞবেদীৰ ওপৰৰ পৰা নমাই আনিলে। তাতে তেওঁ আহি ৰজা চলোমনৰ আগত প্ৰণিপাত কৰিলে আৰু চলোমনে তেওঁক ক’লে, “তোমাৰ ঘৰলৈ যোৱা।”
Poslal tedy král Šalomoun, aby jej odvedli od oltáře. Kterýž přišed, poklonil se králi Šalomounovi. Jemuž řekl Šalomoun: Jdiž do domu svého.

< ১ রাজাবলি 1 >