< ১ যোহন 5 >

1 যীচু যে সেই অভিষিক্ত হয়, ইয়াক যিজনে বিশ্বাস কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা; আৰু যিজনে জন্ম দিওঁতা পিতৃক প্ৰেম কৰে, তেওঁ পিতৃৰ পৰা জন্ম পোৱা জনকো প্ৰেম কৰে।
Hver den, som tror, at Jesus er Kristus, er født af Gud; og hver den, som elsker Faderen, elsker ogsaa den, som er født af ham.
2 আমি যেতিয়া ঈশ্বৰক প্ৰেম কৰোঁ আৰু তেওঁৰ আজ্ঞা পালন কৰোঁ, তেতিয়া ঈশ্বৰৰ সন্তান সকলকো যে প্ৰেম কৰোঁ, ইয়াকে জানো।
Derpaa kende vi, at vi elske Guds Børn, naar vi elske Gud og gøre hans Bud.
3 কাৰণ ঈশ্বৰে দিয়া প্ৰেমৰ অভিপ্ৰায় এয়েই, আমি যেন তেওঁৰ আজ্ঞাবোৰ পালন কৰোঁ; আৰু তেওঁৰ আজ্ঞাবোৰ ব’বলৈ গধুৰ নহয়৷
Thi dette er Kærlighed til Gud, at vi holde hans Bud; og hans Bud ere ikke svære;
4 যিসকল ঈশ্বৰৰ পৰা জন্ম পোৱা, তেওঁলোকে জগতক জয় কৰে। আৰু জগতক জয় কৰা যি জয়, সেয়ে আমাৰ বিশ্বাস।
thi alt det, som er født af Gud, overvinder Verden; og dette er den Sejr, som har overvundet Verden, vor Tro.
5 যীচু যে ঈশ্বৰৰ পুত্ৰ হয়, ইয়াক যি জনে বিশ্বাস কৰে, তেওঁৰ বাহিৰে জগতক জয় কৰোঁতা কোন?
Hvem er den, som overvinder Verden, uden den, som tror, at Jesus er Guds Søn?
6 জল আৰু তেজেদি অহা জন তেৱেঁই; তেওঁ হ’ল যীচু খ্ৰীষ্ট; তেওঁ কেৱল জলেৰে নহয়, কিন্তু জল আৰু তেজ, এই উভয়েৰে আহিল। এই সাক্ষ্য আত্মা দিয়ে, কাৰণ আত্মা সত্য।
Han er den, som kom med Vand og Blod, Jesus Kristus; ikke med Vandet alene, men med Vandet og med Blodet; og det er Aanden, som vidner, thi Aanden er Sandheden.
7 আৰু সাক্ষ্য দিওঁতা তিনিটা;
Thi tre ere de, som vidne:
8 আত্মা, জল, আৰু তেজ, এই তিনিওৰো সাক্ষ্য এক।
Aanden og Vandet og Blodet; og disse tre forene sig til eet.
9 আমি যদি মানুহবোৰৰ সাক্ষ্য গ্ৰহন কৰোঁ, তেনেহলে ঈশ্বৰৰ সাক্ষ্য তাতকৈয়ো শ্ৰেষ্ঠ; কিয়নো এয়া ঈশ্বৰৰ সাক্ষ্য। তেওঁ নিজৰ পুত্ৰৰ বিষয়ে সাক্ষ্য দিলে।
Dersom vi tage imod Menneskenes Vidnesbyrd, da er Guds Vidnesbyrd større; thi dette er Guds Vidnesbyrd, at han har vidnet om sin Søn.
10 ১০ যিজনে ঈশ্বৰৰ পুত্ৰত বিশ্বাস কৰে, সেই সাক্ষ্য তেওঁৰ অন্তৰত থাকে; যিজনে ঈশ্বৰত বিশ্বাস নকৰে, তেওঁ ঈশ্বৰক মিছলীয়া পাতিলে; কিয়নো নিজৰ পুত্ৰৰ বিষয়ে ঈশ্ৱৰে যি সাক্ষ্য দিলে, সেই সাক্ষ্যত তেওঁ বিশ্বাস কৰা নাই।
Den, som tror paa Guds Søn, har Vidnesbyrdet i sig selv; den, som ikke tror Gud, har gjort ham til en Løgner, fordi han ikke har troet paa det Vidnesbyrd, som Gud har vidnet om sin Søn.
11 ১১ সেই সাক্ষ্য এই যে, ঈশ্বৰে আমাক অনন্ত জীৱন দিলে আৰু সেই জীৱন তেওঁৰ পুত্ৰত আছে। (aiōnios g166)
Og dette er Vidnesbyrdet, at Gud har givet os evigt Liv; og dette Liv er i hans Søn. (aiōnios g166)
12 ১২ যিজনে পুত্ৰক পালে, তেওঁৰ জীৱন আছে; যিজনে ঈশ্বৰৰ পুত্ৰক পোৱা নাই, তেওঁৰ জীৱন নাই।
Den, som har Sønnen, har Livet; den, som ikke har Guds Søn, har ikke Livet.
13 ১৩ ঈশ্বৰৰ পুত্ৰৰ নামত বিশ্বাস কৰা যি আপোনালোক, আপোনালোকৰ যে অনন্ত জীৱন আছে, সেই বিষয়ে আপোনালোকে জানিবৰ বাবে এইবোৰ কথা মই আপোনালোকলৈ লিখিলোঁ। (aiōnios g166)
Dette har jeg skrevet til eder, for at I skulle vide, at I have evigt Liv, I, som tro paa Guds Søns Navn. (aiōnios g166)
14 ১৪ এই বিষয়ত আমাৰ দৃঢ় আস্থা আছে যে, আমি যদি তেওঁৰ ইচ্ছা অনুসাৰে তেওঁৰ ওচৰত যি কোনো বিষয় বিচাৰো, তেনেহলে তেওঁ আমাৰ যাচনা শুনে;
Og dette er den Frimodighed, som vi have over for ham, at dersom vi bede om noget efter hans Villie, hører han os.
15 ১৫ আৰু আমি যদি সঁচাকৈ জানোঁ যে, আমাৰ যাচনাৰ বিষয় তেওঁ শুনে; তেনেহলে আমি জানিব লাগে যে, আমি তেওঁৰ ওচৰত যি যি বিচাৰিছোঁ, সেই সকলো পালোঁ৷
Og dersom vi vide, at han hører os, hvad vi end bede om, da vide vi, at vi have de Ting, om hvilke vi have bedet ham.
16 ১৬ কোনোৱে যদি নিজ ভাইক মৃত্যুজনক নোহোৱা পাপ কৰা দেখে, তেনেহলে তেওঁ প্ৰার্থনা কৰক আৰু ইয়াৰ যোগেদি ঈশ্বৰে মৃত্যুজনক নোহোৱা পাপ কৰা লোকক জীৱন দিব। মৃত্যুজনক পাপ আছেই; তাৰ বিষয়ে নিবেদন কৰিবলৈ মই নকওঁ।
Dersom nogen ser sin Broder begaa Synd, som ikke er til Døden, han bede, og han skal give ham Liv, dem nemlig, som ikke synde til Døden. Der er Synd til Døden; for den siger jeg ikke, at han skal bede.
17 ১৭ সকলো অধৰ্মই পাপ; কিন্তু মৃত্যুজনক নোহোৱা পাপো আছে।
Al Uretfærdighed er Synd; men der er Synd, som ikke er til Døden.
18 ১৮ আমি জানোঁ যে, ঈশ্বৰৰ পৰা জন্ম পোৱা জনে পাপ নকৰে; কিন্তু যিজনে ঈশ্ৱৰৰ পৰা জন্ম পালে, ঈশ্ৱৰে তেওঁক চয়তানৰ পৰা ধৰি ৰাখে; আৰু চয়তানে তেওঁক স্পৰ্শ কৰিব নোৱাৰে।
Vi vide, at hver den, som er født af Gud, synder ikke; men den, som er født af Gud, bevarer sig selv, og den onde rører ham ikke.
19 ১৯ আমি জানোঁ যে, আমি ঈশ্বৰৰ সন্তান হওঁ আৰু গোটেই জগত মিছাকৈয়ে চয়তানৰ অধীনত আছে৷
Vi vide, at vi ere af Gud, og hele Verden ligger i det onde.
20 ২০ আমি ইয়াকো জানোঁ যে, ঈশ্বৰৰ পুত্ৰ আহিল আৰু তেওঁ আমাক সেই জ্ঞান দিলে; ইয়াৰ দ্ৱাৰা আমি জানোঁ কোন সত্য। এতিয়া আমি সেই সত্য ঈশ্ৱৰত আছোঁ আৰু তেওঁৰ পুত্ৰ যীচু খ্ৰীষ্টতো আছোঁ৷ এয়ে সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। (aiōnios g166)
Men vi vide, at Guds Søn er kommen, og han har givet os Forstand til at kende den sande; og vi ere i den sande, i hans Søn Jesus Kristus. Denne er den sande Gud og evigt Liv. (aiōnios g166)
21 ২১ তেৱেঁই সত্য ঈশ্বৰ আৰু অনন্ত জীৱন। হে প্ৰিয় সন্তানসকল, মূৰ্তিবোৰৰ পৰা নিজক দূৰৈত ৰাখক৷
Mine Børn, vogter eder for Afguderne!

< ১ যোহন 5 >