< ১ যোহন 4 >

1 হে প্ৰিয়সকল, অাপোনালোকে সকলো আত্মাত বিশ্বাস নকৰিব; কিন্তু সেই আত্মা ঈশ্বৰৰ হয় নে নহয়, সেই বিষয়ে জানিবৰ বাবে আত্মাবোৰ পৰীক্ষা কৰি চাব; কাৰণ জগতত বহুত ভুৱা ভাববাদী ওলাল।
হে প্রিযতমাঃ, যূযং সর্ৱ্ৱেষ্ৱাত্মসু ন ৱিশ্ৱসিত কিন্তু তে ঈশ্ৱরাৎ জাতা ন ৱেত্যাত্মনঃ পরীক্ষধ্ৱং যতো বহৱো মৃষাভৱিষ্যদ্ৱাদিনো জগন্মধ্যম্ আগতৱন্তঃ|
2 অাপোনালোকে ঈশ্বৰৰ আত্মাক এনেদৰে জানিব পাৰিব, যীচু খ্ৰীষ্ট যে মাংসত আহিল, এই কথা যিবোৰ আত্মাই স্বীকাৰ কৰে, সেই আত্মা ঈশ্বৰৰ;
ঈশ্ৱরীযো য আত্মা স যুষ্মাভিরনেন পরিচীযতাং, যীশুঃ খ্রীষ্টো নরাৱতারো ভূৎৱাগত এতদ্ যেন কেনচিদ্ আত্মনা স্ৱীক্রিযতে স ঈশ্ৱরীযঃ|
3 আৰু যি আত্মাই যীচুক স্বীকাৰ নকৰে, সেইবোৰ ঈশ্বৰৰ নহয়; সেয়ে খ্ৰীষ্টৰ শত্ৰুৰ আত্মা৷ এই বিষয়ে আপোনালোকে শুনিছে, এইবোৰ ইতিমধ্যে জগতত এতিয়া উপস্থিত হৈ আছে।
কিন্তু যীশুঃ খ্রীষ্টো নরাৱতারো ভূৎৱাগত এতদ্ যেন কেনচিদ্ আত্মনা নাঙ্গীক্রিযতে স ঈশ্ৱরীযো নহি কিন্তু খ্রীষ্টারেরাত্মা, তেন চাগন্তৱ্যমিতি যুষ্মাভিঃ শ্রুতং, স চেদানীমপি জগতি ৱর্ত্ততে|
4 হে প্ৰিয় সন্তানসকল, অাপোনালোক হ’ল ঈশ্বৰৰ আৰু অাপোনালোকে সেই আত্মা বোৰৰ ওপৰত জয় কৰিলে; কিয়নো জগতত থকা জনতকৈ আপোনালোকত থকা জন মহান।
হে বালকাঃ, যূযম্ ঈশ্ৱরাৎ জাতাস্তান্ জিতৱন্তশ্চ যতঃ সংসারাধিষ্ঠানকারিণো ঽপি যুষ্মদধিষ্ঠানকারী মহান্|
5 এই আত্মাবোৰ জগতৰ; এই কাৰণে জগতৰ কথাহে কয় আৰু জগতৰ লোক সকলেও এইবোৰৰ কথা শুনে।
তে সংসারাৎ জাতাস্ততো হেতোঃ সংসারাদ্ ভাষন্তে সংসারশ্চ তেষাং ৱাক্যানি গৃহ্লাতি|
6 আমি হ’লে ঈশ্বৰৰ লোক; যিজনে ঈশ্বৰক জানে, তেওঁ আমাৰ কথা শুনে; যিজন ঈশ্বৰৰ নহয়, তেওঁ আমাৰ কথা নুশুনে৷ ইয়াৰ দ্বাৰাই আমি সত্যৰ আত্মা আৰু ভ্ৰান্তিৰ আত্মাক জানিব পাৰোঁ।
ৱযম্ ঈশ্ৱরাৎ জাতাঃ, ঈশ্ৱরং যো জানাতি সোঽস্মদ্ৱাক্যানি গৃহ্লাতি যশ্চেশ্ৱরাৎ জাতো নহি সোঽস্মদ্ৱাক্যানি ন গৃহ্লাতি; অনেন ৱযং সত্যাত্মানং ভ্রামকাত্মানঞ্চ পরিচিনুমঃ|
7 হে প্ৰিয় লোকসকল আহক, আমি পৰস্পৰে প্ৰেম কৰোঁহক; কিয়নো প্ৰেম ঈশ্বৰৰ পৰা হয়৷ যি কোনোৱে প্ৰেম কৰে, তেওঁ ঈশ্বৰৰ পৰা জন্ম পোৱা আৰু তেওঁ ঈশ্বৰক জানে।
হে প্রিযতমাঃ, ৱযং পরস্পরং প্রেম করৱাম, যতঃ প্রেম ঈশ্ৱরাৎ জাযতে, অপরং যঃ কশ্চিৎ প্রেম করোতি স ঈশ্ৱরাৎ জাত ঈশ্ৱরং ৱেত্তি চ|
8 যিজনে প্ৰেম নকৰে, তেওঁ ঈশ্বৰক নাজানে; কিয়নো ঈশ্বৰেই প্ৰেম।
যঃ প্রেম ন করোতি স ঈশ্ৱরং ন জানাতি যত ঈশ্ৱরঃ প্রেমস্ৱরূপঃ|
9 ঈশ্বৰৰ একমাত্ৰ পুত্ৰৰ দ্বাৰাই আমি জীৱন লাভ কৰিবলৈ ঈশ্বৰে যে, তেওঁক জগতলৈ পঠালে, ইয়াতে আমাৰ বাবে ঈশ্বৰৰ প্ৰেম প্ৰকাশিত হ’ল৷
অস্মাস্ৱীশ্ৱরস্য প্রেমৈতেন প্রাকাশত যৎ স্ৱপুত্রেণাস্মভ্যং জীৱনদানার্থম্ ঈশ্ৱরঃ স্ৱীযম্ অদ্ৱিতীযং পুত্রং জগন্মধ্যং প্রেষিতৱান্|
10 ১০ ঈশ্বৰক যে আমি প্ৰেম কৰিলোঁ, এনে নহয়; কিন্তু তেওঁহে আমাক প্ৰেম কৰিলে আৰু আমাৰ পাপৰ প্ৰায়শ্চিত্ত হ’বলৈ নিজ পুত্ৰক পঠাই দিলে, ইয়াতেই প্ৰেম আছে।
১০ৱযং যদ্ ঈশ্ৱরে প্রীতৱন্ত ইত্যত্র নহি কিন্তু স যদস্মাসু প্রীতৱান্ অস্মৎপাপানাং প্রাযশ্চির্ত্তার্থং স্ৱপুত্রং প্রেষিতৱাংশ্চেত্যত্র প্রেম সন্তিষ্ঠতে|
11 ১১ হে প্ৰিয়সকল, ঈশ্বৰে আমাক যদি এনে প্ৰেম কৰিলে, তেনেহলে আমিও পৰস্পৰে প্ৰেম কৰা উচিত।
১১হে প্রিযতমাঃ, অস্মাসু যদীশ্ৱরেণৈতাদৃশং প্রেম কৃতং তর্হি পরস্পরং প্রেম কর্ত্তুম্ অস্মাকমপ্যুচিতং|
12 ১২ ঈশ্বৰক কোনেও কেতিয়াও দেখা নাই; আমি যদি পৰস্পৰে প্ৰেম কৰোঁ, তেনেহলে ঈশ্বৰ আমাৰ লগত থাকে আৰু তেওঁৰ প্ৰেম আমাৰ মাজত সিদ্ধ হয়।
১২ঈশ্ৱরঃ কদাচ কেনাপি ন দৃষ্টঃ যদ্যস্মাভিঃ পরস্পরং প্রেম ক্রিযতে তর্হীশ্ৱরো ঽস্মন্মধ্যে তিষ্ঠতি তস্য প্রেম চাস্মাসু সেৎস্যতে|
13 ১৩ আমি জানোঁ যে, তেওঁ আমাৰ মাজত আছে; আৰু আমিও তেওঁৰ লগত আছোঁ৷ এই বিষয়ে আমি জানো, কাৰণ ঈশ্বৰে তেওঁৰ আত্মাক আমাৰ বাবে দান কৰিলে৷
১৩অস্মভ্যং তেন স্ৱকীযাত্মনোংঽশো দত্ত ইত্যনেন ৱযং যৎ তস্মিন্ তিষ্ঠামঃ স চ যদ্ অস্মাসু তিষ্ঠতীতি জানীমঃ|
14 ১৪ আমি দেখিছোঁ আৰু সাক্ষ্য দিছোঁ যে, পিতৃয়ে জগতৰ ত্ৰাণকৰ্তা হ’বলৈ তেওঁৰ পুত্ৰক পঠাই দিলে৷
১৪পিতা জগত্রাতারং পুত্রং প্রেষিতৱান্ এতদ্ ৱযং দৃষ্ট্ৱা প্রমাণযামঃ|
15 ১৫ যীচু যে ঈশ্বৰৰ পুত্ৰ; ইয়াক যিজনে স্বীকাৰ কৰে, ঈশ্বৰ তেওঁত থাকে আৰু তেৱোঁ ঈশ্বৰত থাকে।
১৫যীশুরীশ্ৱরস্য পুত্র এতদ্ যেনাঙ্গীক্রিযতে তস্মিন্ ঈশ্ৱরস্তিষ্ঠতি স চেশ্ৱরে তিষ্ঠতি|
16 ১৬ আমালৈ ঈশ্বৰৰ প্ৰেম আছে, এই কথা আমি জানোঁ আৰু বিশ্বাসো কৰোঁ। ঈশ্বৰ প্ৰেম আৰু যি জন প্ৰেমত থাকে, তেওঁ ঈশ্বৰত থাকে আৰু ঈশ্বৰো তেওঁত থাকে।
১৬অস্মাস্ৱীশ্ৱরস্য যৎ প্রেম ৱর্ত্ততে তদ্ ৱযং জ্ঞাতৱন্তস্তস্মিন্ ৱিশ্ৱাসিতৱন্তশ্চ| ঈশ্ৱরঃ প্রেমস্ৱরূপঃ প্রেম্নী যস্তিষ্ঠতি স ঈশ্ৱরে তিষ্ঠতি তস্মিংশ্চেশ্ৱরস্তিষ্ঠতি|
17 ১৭ এই প্ৰেমে আমাৰ ক্ষেত্ৰত এনেদৰে পূর্ণতা পালে যে, আমি সোধ-বিচাৰৰ দিনা আত্মবিশ্ৱাসীহৈ থিয় হব পাৰিম; কিয়নো তেওঁ যেনেকুৱা, আমিও এই জগতত তেনেকুৱাই আছোঁ।
১৭স যাদৃশো ঽস্তি ৱযমপ্যেতস্মিন্ জগতি তাদৃশা ভৱাম এতস্মাদ্ ৱিচারদিনে ঽস্মাভি র্যা প্রতিভা লভ্যতে সাস্মৎসম্বন্ধীযস্য প্রেম্নঃ সিদ্ধিঃ|
18 ১৮ প্ৰেমত ভয় নাই, কিন্তু সিদ্ধ প্ৰেমে ভয়ক দূৰ কৰে; কাৰণ ভয়ৰ সৈতে শাস্তি জড়িত থাকে৷ কিন্তু যি জনে ভয় কৰে, তেওঁ প্ৰেমত সিদ্ধতা লাভ কৰা নাই৷
১৮প্রেম্নি ভীতি র্ন ৱর্ত্ততে কিন্তু সিদ্ধং প্রেম ভীতিং নিরাকরোতি যতো ভীতিঃ সযাতনাস্তি ভীতো মানৱঃ প্রেম্নি সিদ্ধো ন জাতঃ|
19 ১৯ আমি প্ৰেম কৰোঁ, কাৰণ তেৱেঁই প্ৰথমে আমাক প্ৰেম কৰিলে৷
১৯অস্মাসু স প্রথমং প্রীতৱান্ ইতি কারণাদ্ ৱযং তস্মিন্ প্রীযামহে|
20 ২০ কোনোৱে যদি কয়, ‘মই ঈশ্বৰক প্ৰেম কৰোঁ’, কিন্তু তেওঁ যদি নিজ ভাইক ঘৃণা কৰে, তেনেহলে তেওঁ মিছলীয়া; কিয়নো ভাইক যদি তেওঁ দেখিও প্ৰেম কৰা নাই, তেনেহলে যি জনক দেখা নাই, এনে ঈশ্বৰক তেওঁ প্ৰেম কৰিব নোৱাৰে।
২০ঈশ্ৱরে ঽহং প্রীয ইত্যুক্ত্ৱা যঃ কশ্চিৎ স্ৱভ্রাতরং দ্ৱেষ্টি সো ঽনৃতৱাদী| স যং দৃষ্টৱান্ তস্মিন্ স্ৱভ্রাতরি যদি ন প্রীযতে তর্হি যম্ ঈশ্ৱরং ন দৃষ্টৱান্ কথং তস্মিন্ প্রেম কর্ত্তুং শক্নুযাৎ?
21 ২১ যিজনে ঈশ্বৰক প্ৰেম কৰে, তেওঁ আপোন ভাইকো প্ৰেম কৰক; এই আজ্ঞা আমি তেওঁৰ পৰা পালোঁ।
২১অত ঈশ্ৱরে যঃ প্রীযতে স স্ৱীযভ্রাতর্য্যপি প্রীযতাম্ ইযম্ আজ্ঞা তস্মাদ্ অস্মাভি র্লব্ধা|

< ১ যোহন 4 >