< ১ কৰিন্থীয়া 9 >

1 মই স্বাধীন নহয় নে? মই পাঁচনি নহয় নে? আমাৰ প্ৰভু যীচুক মই জানো দেখা নাই? প্ৰভুত কৰা মোৰ কৰ্মৰ ফল আপোনালোকেই জানো নহয়?
Միթէ ես առաքեալ չե՞մ. միթէ ես ազատ չե՞մ. միթէ աչքերովս չտեսա՞յ Յիսուս Քրիստոսը՝ մեր Տէրը. դուք իմ գործս չէ՞ք Տէրոջմով:
2 মই অানলোকলৈ পাঁচনি নহ’লেও, একমাত্ৰ আপোনালোকেই মোক পাঁচনি পদ পোৱা লোক বুলি মানে; কিয়নো প্ৰভুত মই যে এজন পাঁচনি তাৰ প্ৰমাণ আপোনালোকেই৷
Նոյնիսկ եթէ ուրիշներուն առաքեալ չըլլամ, գոնէ ձեզի համար՝ եմ. որովհետեւ իմ առաքելութեանս կնիքը դո՛ւք էք Տէրոջմով:
3 আমাৰ সোধ-বিচাৰ কৰা সকলৰ বাবে, তেওঁলোকৰ ওচৰত আমাৰ উত্তৰ এয়ে।
Սա՛ է իմ ջատագովականս անոնց՝ որ կը հարցաքննեն զիս.
4 আমাৰ জানো ভোজন আৰু পান কৰাৰ ক্ষমতা নাই?
«Միթէ մենք իրաւունք չունի՞նք ուտելու եւ խմելու:
5 অন্যান্য পাঁচনি আৰু প্ৰভুৰ নিজৰ ভায়েক, ভনীয়েক সকলৰ লগতে কৈফায়ো যেনেকৈ কৰে, তেনেকৈ আমাৰ জানো কোনো বিশ্বাসীক ভাৰ্যা হিচাপে লগত লৈ যাবলৈ ক্ষমতা নাই?
Միթէ մենք իրաւունք չունի՞նք Քրիստոսով քոյր եղող կին մը մեզի հետ տանելու, ինչպէս միւս առաքեալները, Տէրոջ եղբայրներն ու Կեփաս կ՚ընեն:
6 বার্ণব্বা আৰু ময়েই কেৱল জীৱিকা নির্ব্বাহ কৰিবৰ কাৰণে কাৰ্য কৰিব লাগে নেকি?
Կամ միայն ես ու Բառնաբա՞ս իրաւունք չունինք աշխատելէ զերծ ըլլալու:
7 কোন সৈনিকে নিজৰ খৰছত সৈন্য দলত থাকে? যি জনে দ্ৰাক্ষাবাৰী পাতে তেওঁ কি তাৰ ফল নাখায়? এনে কোন আছে যি জনে পশুৰ জাকক প্ৰতিপালন কৰে, কিন্তু তেওঁ তাৰ গাখীৰ পান নকৰে?
Ո՞վ երբեք մարտնչելու կ՚երթայ իր սեփական ծախսով. ո՞վ այգի կը տնկէ եւ անոր պտուղէն չ՚ուտեր. կամ ո՞վ կը հովուէ ու հօտին կաթով չի սնանիր՝՝:
8 মই মানুহৰ বিচাৰ বুদ্ধিৰ ওপৰত নিৰ্ভৰ কৰি জানো এই কথা কৈছোঁ? কিন্তু ঈশ্বৰৰ বিধানে জানো এই সকলো কথা নকয়?
Միթէ մա՞րդկօրէն կ՚ըսեմ այս բաները, կամ արդեօք Օրէնքն ալ նոյնը չ՚ը՞սեր:
9 কাৰণ মোচিৰ বিধান-শাস্ত্ৰত লিখা আছে, “আপোনালোকে মৰণা মাৰোঁতে গৰুৰ মুখত মোখোৰা নাবান্ধিব”, ঈশ্বৰে মাত্র গৰুৰ কথা ভাবি এই কথা কৈছে নে?
Քանի որ Մովսէսի Օրէնքին մէջ գրուած է. «Մի՛ կապեր կալի մէջ աշխատող՝՝ եզին դունչը»: Միթէ Աստուած եզնե՞րը կը հոգայ,
10 ১০ কিন্তু এনে নহয় আমাৰ কথা ভাৱিয়েই এই সকলো কথা কৈছে, নহয় নে? শাস্ত্ৰত আমাৰ কাৰণেই এই সকলো লিখা হৈছে, কাৰণ যি জনে হাল বায় তেওঁ শস্য পোৱা আশা কৰিয়েই হাল বায়; আৰু যি জনে মৰণা মাৰে, তেওঁ শস্যৰ পৰা খাদ্য পাবলৈ মৰণা মাৰে৷
թէ ոչ՝ անշուշտ մեզի՛ համար կ՚ըսէ: Անկասկած մեզի՛ համար գրուած է. որովհետեւ ա՛ն որ կը հերկէ՝ պարտաւոր է յոյսով հերկել, եւ ա՛ն որ կը կամնէ՝ բաժին առնելու յոյսով՝՝:
11 ১১ আমি আপোনালোকৰ কাৰণে আত্মিক কঠিয়া সিচিঁ যদি আপোনালোকৰ পৰা মাংসিক শস্য দাওঁ, তেনেহলে সেয়া জানো অধিক বেচি পোৱা হয়?
Եթէ մենք ձեր մէջ հոգեւոր բաներ սերմանեցինք, մե՞ծ բան է՝ եթէ ձեզմէ մարմնաւոր բաներ հնձենք:
12 ১২ যদি আপোনালোকৰ ওপৰত এই ক্ষমতা আনে দাবী কৰে, তেনেহলে আমাৰ তাতকৈয়ো অধিক দাবী নাথাকিব নে? আমি আপোনালোকৰ ওপৰত এই অধিকাৰ কৰিব বিচৰা নাই, কিন্তু খ্ৰীষ্টৰ শুভবার্তাত কোনো বাধা নজন্মিবৰ বাবে আমি সকলো সহন কৰিছোঁ৷
Եթէ ուրիշներ բաժին ունին այս իրաւունքին՝ ձեր վրայ, առաւելապէս մե՛նք չունի՞նք. բայց մենք այս իրաւունքը չօգտագործեցինք, հապա ամէն բանի կը դիմանանք, որպէսզի արգելք չըլլանք Քրիստոսի աւետարանին:
13 ১৩ আপোনালোকে জানে নে, যি সকলে পবিত্ৰ মন্দিৰত সেৱা কৰে, তেওঁলোকে খোৱা বস্তু মন্দিৰৰ পৰা পায় আৰু যি সকলে নিতৌ যজ্ঞবেদিৰ ওপৰত নৈবেদ্য উৎসৰ্গ কৰে, তেওঁলোকে তাৰ ভাগ পায়৷
Չէ՞ք գիտեր թէ սուրբ բաներուն պաշտօնեաները՝ տաճարէ՛ն կ՚ուտեն, եւ անոնք որ զոհասեղանին կը սպասաւորեն՝ զոհասեղանէ՛ն բաժին կ՚առնեն:
14 ১৪ এইদৰে শুভবাৰ্তা প্ৰচাৰক সকলৰ কাৰণেও ঈশ্বৰে নিয়ম কৰিলে যে, তেওঁলোকৰ জীৱিকা সেই শুভবাৰ্তাৰ পৰাই হ’ব।
Նոյնպէս ալ Տէրը պատուիրեց որ աւետարանը հռչակողները՝ աւետարանէն ապրին:
15 ১৫ কিন্তু মই আপোনালোকলৈ এই অধিকাৰ প্ৰয়োগ কৰা নাই, আপোনালোকৰ পৰা তেনেধৰণৰ সহায় পাবলৈও লিখা নাই৷ এই বিষয়ত মই গর্ব কৰোঁ৷ কিয়নো কোনো লোকৰ দ্বাৰাই অৱহেলিত হোৱাতকৈ মই মৰাই ভাল।
Բայց ես ասոնցմէ ո՛չ մէկը օգտագործեցի, ո՛չ ալ այս բաները գրեցի՝ որ ա՛յդպէս ըլլայ ինծի հանդէպ. որովհետեւ աւելի լաւ է ինծի՝ որ մեռնիմ, քան թէ մէկը իմ պարծանքս ոչնչացնէ:
16 ১৬ কাৰণ মই শুভবাৰ্তা প্ৰচাৰ কৰিলেও তাৰ বাবে গর্ব কৰা নাই, কাৰণ শুভবার্তা প্ৰচাৰ কৰা মোৰ কর্তব্য, আৰু যদি মই শুভবার্তা প্ৰচাৰ নকৰোঁ; তেতিয়াহলে এইটো মোৰ কাৰণে অতি সন্তাপৰ বিষয় ৷
Արդարեւ եթէ աւետարանեմ՝ պարծենալիք ոչինչ ունիմ, որովհետեւ իմ վրաս դրուած հարկ մըն է. մա՛նաւանդ վա՛յ է ինծի՝ եթէ չաւետարանեմ:
17 ১৭ কিয়নো মই যদি নিজৰ ইচ্ছাৰে প্ৰচাৰ কৰোঁ, তেনেহলে মোৰ পুৰস্কাৰ আছে৷ তথাপি মোৰ ওপৰত সেই দায়িত্ব আছে বাবেই মই কৰোঁ৷
Քանի որ եթէ ասիկա կամովին ընեմ, վարձատրութիւն կ՚ունենամ. իսկ եթէ ակամայ՝ այդ ինծի վստահուած տնտեսութիւն մըն է:
18 ১৮ তাতে মই কি পুৰস্কাৰ পাম? যেতিয়া আমি শুভবাৰ্তা প্ৰচাৰ কৰোঁ তেতিয়া এই শুভবাৰ্তা মই বিনামূলীয়াকৈ প্ৰচাৰ কৰোঁ৷ এনেদৰে প্ৰচাৰ কৰাৰ কাৰণে আমাৰ যি বেতন পোৱাৰ ক্ষমতা আছে, তাক আমি ব্যৱহাৰ কৰা নাই৷
Ուրեմն ի՞նչ է իմ վարձատրութիւնս. այն՝ որ աւետարանելու ատենս ձրի տամ Քրիստոսի աւետարանը, որպէսզի չարաչար չգործածեմ աւետարանէն ստացած իմ իրաւունքս:
19 ১৯ যদিও মই স্বাধীন, তথাপি মই নিজকে সকলোৰে দাস কৰিলোঁ, যেন তাতে মই অনেকক খ্ৰীষ্টৰ কাৰণে জয় কৰিব পাৰোঁ৷
Քանի որ՝ թէպէտ բոլորէն ազատ էի՝ ես զիս բոլորին ծառայ ըրի, որպէսզի շատերը շահիմ:
20 ২০ ইহুদী সকলক জয় কৰিবৰ কাৰণে, ইহুদী সকলৰ ওচৰত ইহুদীৰ নিচিনা হ’লো৷ যদিও মই বিধান নামানো; কিন্তু নিজে বিধানৰ অধীন হোৱা সকলক জয় কৰিবলৈ বিধানৰ অধীন হোৱা জনৰ নিচিনা হ’লো৷
Հրեաներուն հետ Հրեայի պէս եղայ, որպէսզի Հրեաները շահիմ:
21 ২১ বিধানৰ বাহিৰত যি সকল আছে, তেওঁলোকক জয় কৰিবলৈ মই বিধানহীন হৈ থকা লোকৰ দৰে হ’লোঁ৷ যদিও মই নিজে ঈশ্বৰৰ বিধানৰ বাহিৰত নহওঁ, কিন্তু খ্ৰীষ্টৰ বিধানৰ অধীনত থাকোঁ৷
Օրէնքի տակ եղողներուն հետ՝ իբր թէ Օրէնքի տակ, (ո՛չ թէ ես Օրէնքի տակ էի, ) որպէսզի Օրէնքի տակ եղողներն ալ շահիմ: Առանց Օրէնքի եղողներուն հետ՝ իբր թէ առանց Օրէնքի, (ո՛չ թէ ես Աստուծմէ օրէնք չունէի, հապա Քրիստոսի օրէնքին տակ էի, ) որպէսզի առանց Օրէնքի եղողներն ալ շահիմ:
22 ২২ দূৰ্বল সকলক পাবলৈ, তেওঁলোকৰ ওচৰত দূৰ্বল সকলৰ দৰে দূৰ্বল হ’লোঁ; যাতে তেওঁলোকক উদ্ধাৰ কৰিব পাৰোঁ৷
Տկարներուն հետ տկարի պէս եղայ, որպէսզի տկարները շահիմ. բոլորին հետ ամէն ինչ եղայ, որպէսզի ա՛նպայման ոմանք փրկեմ:
23 ২৩ মই যি যি কৰোঁ, সেই সকলোকেই শুভবাৰ্তাৰ কাৰণে, অৰ্থাৎ আশীৰ্বাদৰ সহভাগী হ’বলৈহে কৰোঁ।
Եւ ասիկա կ՚ընեմ աւետարանին համար, որ հաղորդակից ըլլամ անոր:
24 ২৪ আপোনালোকে নাজানা নে, দৌৰ প্ৰতিযোগিতাত অনেকে দৌৰ মাৰে: কিন্তু এজনেহে বঁটা পায়? সেয়ে এনেকৈ দৌৰক, যাতে পুৰস্কাৰ পাব পাৰে৷
Չէ՞ք գիտեր թէ ասպարէզին մէջ վազողները՝ բոլորը կը վազեն, բայց մէ՛կը կը ստանայ մրցանակը: Ուստի ա՛յնպէս վազեցէք՝ որ ստանա՛ք:
25 ২৫ আৰু যি মানুহে মালযুদ্ধ আদি কৰি খেলত জিকিবলৈ চেষ্টা কৰে, তেওঁলোকে সকলোভাৱে ইন্দ্ৰিয়-দমন কৰে। তেওঁলোকে বিনাশী কিৰীটি পাবলৈ এইদৰে কৰে, কিন্তু আমি হ’লে, অবিনাশী কিৰীটি পাবলৈহে তাক কৰোঁ।
Ո՛վ որ կը մրցի՝ չափաւորութիւն կը պահէ ամէն բանի մէջ. անոնք՝ եղծանելի պսակը ստանալու համար, իսկ մենք՝ անեղծանելին:
26 ২৬ এতেকে মই এক লক্ষ্য কৰি দৌৰ মাৰোঁ, কিন্তু লক্ষ্য নকৰাকৈ নহয়; মুষ্টিযুদ্ধ কৰোঁ, কিন্তু বায়ুত ঘোচা মৰাৰ দৰে নামাৰোঁ;
Ուստի ես ա՛յդպէս կը վազեմ, ո՛չ թէ անստուգութեամբ. ես ա՛յդպէս կռփամարտ կ՚ընեմ, ո՛չ թէ հովը ծեծելով.
27 ২৭ কিন্তু লোকৰ আগত ঘোষণা কৰি, শেষত নিজে যেন ঈশ্বৰৰ দৃষ্টিত অগ্ৰাহ্য নহওঁ, এই কাৰণে মই নিজ শৰীৰকো ঘুচিয়াই বশ কৰি ৰাখিছোঁ।
բայց կը ճնշեմ ու կը նուաճեմ մարմինս, որպէսզի՝ ուրիշներուն քարոզելէ ետք՝ ես ինքս խոտելի չըլլամ:

< ১ কৰিন্থীয়া 9 >