< ১ কৰিন্থীয়া 7 >

1 এতিয়া আপোনালোকে মোলৈ যি বিষয়ে লিখিছিল, সেই বিষয়ে উত্তৰ দিওঁ; এজন পুৰুষে বিয়া নকৰাই ভাল;
And concerning the things of which ye wrote to me: good [it is] for a man not to touch a woman,
2 কিন্তু নানান ব্যভিচাৰ কার্যত পৰীক্ষিত নহ’বলৈ প্ৰতিজন পুৰুষৰ নিজা ভাৰ্যা হওক আৰু প্ৰতি গৰাকী মহিলাৰ নিজা স্বামী হওক।
and because of the whoredom let each man have his own wife, and let each woman have her proper husband;
3 শৰীৰৰ অধিকাৰ হিচাপে স্বামীয়ে ভাৰ্যাক আৰু সেইদৰে ভাৰ্য্যায়ো স্বামীক তেওঁৰ পাবলগীয়া দিয়ক।
to the wife let the husband the due benevolence render, and in like manner also the wife to the husband;
4 ভাৰ্য্যাৰ নিজৰ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, স্বামীৰহে আছে; সেইদৰে স্বামীৰো নিজ শৰীৰৰ ওপৰত কোনো ক্ষমতা নাই, ভাৰ্যাৰহে আছে।
the wife over her own body hath not authority, but the husband; and, in like manner also, the husband over his own body hath not authority, but the wife.
5 আপোনালোকে ইজনে সিজনক শৰীৰৰ মিলনত বঞ্চিত নকৰিব; কেৱল প্ৰাৰ্থনা কৰাৰ বাবে দুয়োৱে এক পৰামৰ্শ হৈ অলপ সময়ৰ কাৰণে পৃথকে থাকিব পাৰে; পাছত পুনৰ একেলগে মিলিত হ’ব, যাতে ইন্দ্রিয়ৰ আত্মসংযমৰ অভাৱত চয়তানে আপোনালোকক পৰীক্ষাত নেপেলায়।
Defraud not one another, except by consent for a time, that ye may be free for fasting and prayer, and again may come together, that the Adversary may not tempt you because of your incontinence;
6 মই এই সকলো কথা আপোনালোকক আজ্ঞাৰ দিয়াৰ দৰে যে কৈছোঁ, এনে নহয়; কিন্তু অনুমতিহে মাথোন দিছোঁ।
and this I say by way of concurrence — not of command,
7 মোৰ ইচ্ছা, সকলোৱেই যেন মোৰ নিচিনা হয়। কিন্তু প্রত্যেকে ঈশ্বৰৰ পৰা ভিন্ন ভিন্ন বৰ দান পাইছে, এজনে এক প্ৰকাৰে, আন জনে আন প্ৰকাৰে।
for I wish all men to be even as I myself [am]; but each his own gift hath of God, one indeed thus, and one thus.
8 অবিবাহিত আৰু বিধৱা সকলক মই কওঁ, তেওঁলোকে মোৰ নিচিনাকৈ যদি থাকিব পাৰে, তেনেহলে ভাল।
And I say to the unmarried and to the widows: it is good for them if they may remain even as I [am];
9 কিন্তু ইন্দ্ৰিয়-দমন কৰিব নোৱাৰিলে, বিয়া হোৱা উচিত; কিয়নো কামাগ্নিত জ্বলাতকৈ বিয়া কৰোঁৱাই ভাল।
and if they have not continence — let them marry, for it is better to marry than to burn;
10 ১০ এতিয়া বিবাহিত লোক সকলক মই এই আজ্ঞা দিওঁ - অৱশ্যে মই নহয়, এই আজ্ঞা প্ৰভুৰেই, “কোনো ভাৰ্যাই যেন স্বামীক পৰিত্যাগ নকৰে।”
and to the married I announce — not I, but the Lord — let not a wife separate from a husband:
11 ১১ কিন্তু যদি তেওঁ স্বামীক এৰি গুছি যায়, তেনেহলে তেওঁ বিয়া নকৰাকৈ থকা উচিত অথবা তেওঁ যেন স্বামীৰ সৈতে মিলন হওক; — আৰু “স্বামীয়েও নিজ ভাৰ্যাক পৰিত্যাগ নকৰক”।
but and if she may separate, let her remain unmarried, or to the husband let her be reconciled, and let not a husband send away a wife.
12 ১২ এতিয়া আন সকলোলৈকে অৱশ্যে প্ৰভুৱে নহয়, কিন্তু মইহে কওঁ, যদি কোনো ভাইৰ খ্ৰীষ্টত বিশ্বাস নকৰা ভাৰ্যা থাকে আৰু তেওঁ যদি স্বামীৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে স্বামীয়ে তেওঁক পৰিত্যাগ নকৰক।
And to the rest I speak — not the Lord — if any brother hath a wife unbelieving, and she is pleased to dwell with him, let him not send her away;
13 ১৩ আকৌ কোনো মহিলাৰ যদি অবিশ্বাসী স্বামী থাকে আৰু সেই স্বামী যদি তেওঁৰ সৈতে থাকিবলৈ সন্মত হয়, তেনেহলে তেওঁ যেন সেই স্বামীক পৰিত্যাগ নকৰে।
and a woman who hath a husband unbelieving, and he is pleased to dwell with her, let her not send him away;
14 ১৪ কিয়নো বিশ্বাসী ভার্যাৰ যোগেদিয়ে সেই অবিশ্বাসী স্বামীয়ে আৰু বিশ্বাসী স্বামীৰ যোগেদিয়ে সেই বিশ্বাস নকৰা ভাৰ্যাই পবিত্রতা লাভ কৰে; এনে নহ’লে, আপোনালোকৰ সন্তানবোৰ অশুচি হ’লহেঁতেন; কিন্তু এতিয়া সিহঁত পবিত্ৰ সন্তান।
for the unbelieving husband hath been sanctified in the wife, and the unbelieving wife hath been sanctified in the husband; otherwise your children are unclean, but now they are holy.
15 ১৫ তথাপি অবিশ্বাসী সঙ্গীজনে বিশ্বাসীজনক যদি এৰি গুছি যায়, তেনেহলে তেওঁ যাওঁক। এনে কথাত ভাই বা ভনী গৰাকী তেওঁলোকৰ প্রতিজ্ঞাৰ বাধ্য-বাধকতাৰ কাৰণে দাসত্বত নাথাকিব। ঈশ্বৰে আমাক শান্তিৰে থাকিবৰ কাৰণে আমন্ত্ৰণ কৰিছে।
And, if the unbelieving doth separate himself — let him separate himself: the brother or the sister is not under servitude in such [cases], and in peace hath God called us;
16 ১৬ হে বিশ্বাসী ভার্যা, তোমাৰ স্বামীক তুমি পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা? হে বিশ্বাসী স্বামী, তোমাৰ ভার্যাক তুমিও পৰিত্ৰাণ কৰাব পাৰিবা নে, সেই কথা তুমি কেনেকৈ জানা?
for what, hast thou known, O wife, whether the husband thou shalt save? or what, hast thou known, O husband, whether the wife thou shalt save?
17 ১৭ প্ৰভুৱে যাক যেনে দায়িত্ব দিছে আৰু ঈশ্বৰে যাক যিহলৈ আমন্ত্ৰণ কৰিছে, প্রতিজনে সেই অনুসাৰেই জীৱন-যাপন কৰক। সকলো মণ্ডলীতে মই এই নিয়ম কৰিছোঁ।
if not, as God did distribute to each, as the Lord hath called each — so let him walk; and thus in all the assemblies do I direct:
18 ১৮ কোনোবা চুন্নৎ হোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁ চুন্নৎ হোৱাতে থাকক; কোনোবা চুন্নৎ নোহোৱা অৱস্থাত আমন্ত্ৰিত হৈছে নেকি? তেওঁৰ চুন্নৎ হোৱাৰ প্রয়োজন নাই।
being circumcised — was any one called? let him not become uncircumcised; in uncircumcision was any one called? let him not be circumcised;
19 ১৯ চুন্নৎ হওক বা নহওক, সেইটো গুৰুত্বপূর্ণ বিষয় নহয়, কিন্তু ঈশ্বৰৰ আজ্ঞা পালন কৰাই হ’ল সাৰ কথা।
the circumcision is nothing, and the uncircumcision is nothing — but a keeping of the commands of God.
20 ২০ ঈশ্বৰে যাক যি অৱস্থাতে আমন্ত্ৰণ কৰিছে, তেওঁ সেই অৱস্থাতে থাকক।
Each in the calling in which he was called — in this let him remain;
21 ২১ যেতিয়া ঈশ্বৰে তোমাক আমন্ত্রণ কৰিছিল, তেতিয়া তুমি দাস আছিলা নেকি? ইয়াকে লৈ একো চিন্তা নকৰিবা; অৱশ্যে যদি মুক্ত হোৱাৰ সুযোগ পোৱা, তাক গ্রহণ কৰা।
a servant — wast thou called? be not anxious; but if also thou art able to become free — use [it] rather;
22 ২২ দাস অৱস্থাত যি জনক প্রভুৱে আমন্ত্রণ কৰিলে, তেওঁ প্রভুৰ মুক্ত লোক। সেইদৰে, যি জনক মুক্ত অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰণ কৰিলে, তেওঁ খ্ৰীষ্টৰ দাস।
for he who [is] in the Lord — having been called a servant — is the Lord's freedman: in like manner also he the freeman, having been called, is servant of Christ:
23 ২৩ মূল্য দি আপোনালোক সকলোকে কিনা হৈছে, সেয়ে মানুহৰ দাস নহ’ব।
with a price ye were bought, become not servants of men;
24 ২৪ ভাই-ভনী সকল, আমি প্ৰতিজন যি অৱস্থাত বিশ্বাসলৈ আমন্ত্ৰিত হলোঁ, আমি সেই অৱস্থাতে ঈশ্বৰে সৈতে থাকোঁহক।
each, in that in which he was called, brethren, in this let him remain with God.
25 ২৫ যি সকলৰ বিয়া হোৱা নাই, তেওঁলোকৰ বিষয়ে মই প্রভুৰ পৰা কোনো আজ্ঞা পোৱা নাই; তথাপি এই বিষয়ত এজন বিশ্বাসযোগ্য লোক হিচাপে প্রভুৰ দয়াত মই নিজস্ব মত প্রকাশ কৰিছোঁ।
And concerning the virgins, a command of the Lord I have not; and I give judgment as having obtained kindness from the Lord to be faithful:
26 ২৬ সেয়ে মোৰ ভাব হয়, বর্তমান এই সঙ্কটময় সময়ৰ কাৰণে এজন ব্যক্তিৰ পক্ষে তেওঁ যেনে আছে, তেনে থকাই ভাল।
I suppose, therefore, this to be good because of the present necessity, that [it is] good for a man that the matter be thus: —
27 ২৭ তুমি কোনো মহিলাৰে সৈতে প্রতিজ্ঞাৰ দ্বাৰা বিবাহ বন্ধনত আছা নেকি? তেনেহলে মুক্ত হ’বলৈ চেষ্টা নকৰিবা। তুমি ভাৰ্য্যাৰ পৰা মুক্ত হৈ আছা নেকি অর্থাৎ অবিবাহিত নেকি? তেনেহলে ভাৰ্যা পাবলৈ চেষ্টা নকৰিবা।
Hast thou been bound to a wife? seek not to be loosed; hast thou been loosed from a wife? seek not a wife.
28 ২৮ কিন্তু তুমি যদি বিয়াও কৰোঁৱা, তাত তোমাৰ কোনো পাপ নহয়। কোনো কুমাৰীয়ে যদি বিয়া কৰাই, তেনেহলে তেৱোঁ পাপ নকৰে। কিন্তু যি সকলে বিয়া কৰাই, তেওঁলোকে জীৱনত নানা ধৰণৰ সমস্যাত পৰিব লাগিব। মই এই সকলোৰে পৰা আপোনালোকক ৰেহাই দিব বিচাৰোঁ।
But and if thou mayest marry, thou didst not sin; and if the virgin may marry, she did not sin; and such shall have tribulation in the flesh: and I spare you.
29 ২৯ কিন্তু, হে ভাই-ভনী সকল, মই ইয়াকে কওঁ, সময় কম। এতিয়াৰ পৰা যি সকলৰ ভাৰ্যা আছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ ভাৰ্যা নাই;
And this I say, brethren, the time henceforth is having been shortened — that both those having wives may be as not having;
30 ৩০ যি সকলে ক্রন্দন কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন ক্রন্দন কৰা নাই; যি সকলে আনন্দ কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন আনন্দ কৰা নাই; যি সকলে কোনো বস্তু ক্রয় কৰিছে, তেওঁলোকে এনেভাৱে চলক যেন তেওঁলোকৰ নিজৰ একো নাই।
and those weeping, as not weeping; and those rejoicing, as not rejoicing; and those buying, as not possessing;
31 ৩১ যি সকল জাগতিক বিষয়ত জড়িত, তেওঁলোকে যেন সম্পূর্ণভাৱে তাত আসক্ত নহয়; কাৰণ এই জগতৰ ধাৰা লুপ্ত হ’ব ধৰিছে।।
and those using this world, as not using [it] up; for passing away is the fashion of this world.
32 ৩২ মই বিচাৰো, আপোনালোকে যেন চিন্তা-ভাৱনাৰ পৰা মুক্ত হৈ থাকিব পাৰে। অবিবাহিত জনে প্ৰভুৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ তেওঁ প্রভুক সন্তুষ্ট কৰিব।
And I wish you to be without anxiety; the unmarried is anxious for the things of the Lord, how he shall please the Lord;
33 ৩৩ কিন্তু বিবাহিত পুৰুষে সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ ভাৰ্যাক সন্তুষ্ট কৰিব।
and the married is anxious for the things of the world, how he shall please the wife.
34 ৩৪ তেওঁ ঈশ্বৰ আৰু ভার্যা দুয়ো দিশত ভাগ হয়। সেইদৰে এগৰাকী অবিবাহিতা বা কুমাৰী মহিলাই প্রভুৰ বিষয়ে চিন্তা কৰে যেন তেওঁ দেহ আৰু আত্মাত পবিত্র হয়। কিন্তু বিবাহিতা মহিলাই সংসাৰৰ বিষয়বোৰ ভাৱে; তেওঁ চিন্তা কৰে কেনেকৈ স্বামীক সন্তুষ্ট কৰিব।
The wife and the virgin have been distinguished: the unmarried is anxious for the things of the Lord, that she may be holy both in body and in spirit, and the married is anxious for the things of the world, how she shall please the husband.
35 ৩৫ মই আপোনালোকৰ হিতৰ অর্থেই এই কথা কৈছোঁ। আপোনালোকৰ ওপৰত কোনো বিধিৰ বোজা জাপি দিবলৈ নহয়, কিন্তু আপোনালোকে যেন শিষ্ট আচৰণ কৰে আৰু মনোযোগেৰে প্ৰভুত আসক্ত হৈ থাকে।
And this for your own profit I say: not that I may cast a noose upon you, but for the seemliness and devotedness to the Lord, undistractedly,
36 ৩৬ তথাপি যদি কোনো মানুহৰ বোধ হয় যে তেওঁৰ কুমাৰী বাগদত্তাৰ প্রতি তেওঁ ন্যায় আচৰণ কৰা নাই, যদি তাইৰ বিয়াৰ বয়স পাৰ হৈ গৈছে আৰু যদি তেওঁৰ বিয়া হোৱাৰ অতি প্ৰয়োজন বোধ হয়, তেনেহলে তেওঁ নিজৰ ইচ্ছামতে তাইক বিয়া কৰক; তাত পাপ নহয়।
and if any one doth think [it] to be unseemly to his virgin, if she may be beyond the bloom of age, and it ought so to be, what he willeth let him do; he doth not sin — let him marry.
37 ৩৭ কিন্তু যদি তেওঁ বিয়া নকৰাবলৈ মনতে সিদ্ধান্ত লয়, তেনেহলে তেওঁৰ ওপৰত কোনো চাপ নাই৷ তেওঁ নিজৰ ইচ্ছাক নিয়ন্ত্রণ কৰিব পাৰে, আৰু তেওঁ যদি তাইক কুমাৰীভাৱে ৰাখিব বিচাৰে, তেনেহলে তেওঁ ঠিক কার্যই কৰে।
And he who hath stood stedfast in the heart — not having necessity — and hath authority over his own will, and this he hath determined in his heart — to keep his own virgin — doth well;
38 ৩৮ এতেকে যি জনে তেওঁৰ বাগদত্তা কুমাৰীক বিয়া কৰায়, তেওঁ ঠিক কার্যই কৰে আৰু বিয়া নকৰা জনে তাতকৈয়ো ভাল কৰ্ম কৰে।
so that both he who is giving in marriage doth well, and he who is not giving in marriage doth better.
39 ৩৯ স্বামী যিমান দিন জীয়াই থাকে, সিমান দিনলৈকে ভাৰ্যা তেওঁৰ বন্ধনত আবদ্ধ থাকে। কিন্তু তাইৰ স্বামীৰ মৃত্যু হ’লে তেওঁ মুক্ত; তেতিয়া তেওঁ যাকে ইচ্ছা কৰে, সেই জনলৈকে বিয়া হ’ব পাৰে; অৱশ্যে সেই লোক যেন প্রভুত বিশ্বাসকাৰী হয়।
A wife hath been bound by law as long time as her husband may live, and if her husband may sleep, she is free to be married to whom she will — only in the Lord;
40 ৪০ কিন্তু মোৰ বিবেচনাত তাই যেনেকৈ আছে যদি তেনেকৈয়ে থাকে, তেনেহলে আৰু অধিক সুখী হ’ব। মই ভাৱো যে মোতো ঈশ্বৰৰ আত্মা আছে।
and she is happier if she may so remain — according to my judgment; and I think I also have the Spirit of God.

< ১ কৰিন্থীয়া 7 >