< ১ কৰিন্থীয়া 6 >

1 আপোনালোকৰ মাজত কাৰোবাৰ যদি আন এজনৰ বিৰুদ্ধে কোনো অভিযোগ কৰাৰ কাৰণ থাকে, তেনেহলে তেওঁ কোন সাহসত ঈশ্বৰৰ পবিত্ৰ লোকৰ ওচৰলৈ নাযায়, এজন অবিশ্বাসী বিচাৰকৰ অর্থাৎ অধৰ্মি লোকৰ কাষলৈ গৈ বিচাৰৰ সমাধান বিচাৰে?
Can it be that, when one of you has a dispute with another, he dares to have his case tried before the heathen, instead of before Christ’s People?
2 আপোনালোকে জানো নাজানে, যে ঈশ্বৰৰ পবিত্ৰ লোক সকলেই জগতৰ সোধ-বিচাৰ কৰিব? যেতিয়া আপোনালোকেই জগতৰ বিচাৰ কৰিব, তেনেহলে এতিয়া আপোনালোকে জানো অতি সামান্য বিষয়বোৰ বিচাৰ কৰিব নোৱাৰে?
Do not you know that Christ’s People will try the world? And if the world is to be tried by you, are you unfit to try the most trivial cases?
3 আপোনালোকে নাজানে নেকি যে, আমি স্বৰ্গৰ দূত সমূহৰো বিচাৰ কৰিম? যদি সেয়ে হয়, তেনেহলেতো এই জীৱন সম্পৰ্কীয় বিষয়বোৰ অতি সাধাৰণ কথা।
Do not you know that we are to try angels — to say nothing of the affairs of this life?
4 এতেকে আপোনালোকৰ দ্বাৰায়েই যদি দৈনিক জীৱন সম্পৰ্কীয় বিষয়বোৰৰ সোধ-বিচাৰ কৰা হয়, তেনেহলে যি সকল মণ্ডলীৰ লোক নহয়, এনে লোকক আপোনালোকে কিয় বিচাৰকৰ আসনত বহুৱাই?
Why, then, if you have cases relating to the affairs of this life, do you set to try them men who carry no weight with the Church? To your shame I ask it.
5 আপোনালোকক লাজ দিবৰ কাৰণে মই এই কথা কৈছোঁ। আপোনালোকৰ মাজত সঁচাই এনে কোনো জ্ঞানৱান লোক এজনো নাই নেকি, যি জনে ভাই, ভনী সকলৰ মাজত বিবাদ হ’লে, সেইবোৰ সোধ-বিচাৰ কৰি নিস্পত্তিৰ বাবে ঠাৱৰ কৰিব পাৰে?
Can it be that there is not one man among you wise enough to decide between two of his Brothers?
6 কিন্তু তাৰ সলনি এনেকুৱা হয় যে, এজন বিশ্বাসী ভায়ে আন বিশ্বাসী ভাইৰ বিৰুদ্ধে আদালতলৈ যায় গোচৰ দিয়ে, তাকো অবিশ্বাসী সকলৰ আগত।
Must Brother go to law with Brother, and that, too, before unbelievers?
7 আপোনালোক খ্রীষ্টিয়ান সকলে ইজনে সিজনৰ বিৰুদ্ধে গোচৰ দি আছে, তাতে এটাই প্রমাণ হয় যে আপোনালোক পৰাজিত হৈ আছে। তাতকৈ বৰঞ্চ অন্যায় সহন নকৰে কিয়? নিজৰো হানি হবলৈ কিয় নিদিয়ে?
To begin with, it is undoubtedly a loss to you to have lawsuits with one another. Why not rather let yourselves be wronged? Why not rather let yourselves be cheated?
8 কিন্তু তাৰ সলনি আপোনালোকে নিজেই অন্যায় কৰি আছে আৰু আন লোকক ঠগাই আছে; তেওঁলোক আপোনালোকৰ নিজৰেই ভাই-ভনী।
Instead of this, you wrong and cheat others yourselves — yes, even your Brothers!
9 যি সকলে অধর্ম আচৰণ কৰে তেওঁলোক যে ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব, সেই সেই বিষয়ে নাজানে নেকি? আপোনালোক ভ্ৰান্ত নহ’ব; যি সকল অনৈতিক যৌনাচাৰত ব্যভিচাৰী, অধৰ্মি, মূৰ্তিপূজক, পৰস্ত্ৰীগামী, পুৰুষ বেশ্যা, পুংমৈথুনী আদি অভ্যাসত লিপ্ত হয়,
Do not you know that wrong-doers will have no share in God’s Kingdom? Do not be deceived. No one who is immoral, or an idolater, or an adulterer, or licentious, or a sodomite,
10 ১০ যি সকল চোৰ, লুভীয়া, মতলীয়া, পৰনিন্দাকাৰক আৰু প্রতাৰক, তেওঁলোক ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী নহ’ব।
or a thief, or covetous, or a drunkard, or abusive, or grasping, will have any share in God’s Kingdom.
11 ১১ আপোনালোকো কোনো কোনো তেনেকুৱা লোক আছিল; কিন্তু এতিয়া আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ নামেৰে আৰু ঈশ্বৰৰ আত্মাৰে আপোনালোক ধৌত হ’ল, পবিত্ৰীকৃত হ’ল, আৰু ধাৰ্মিক বুলি গণিত হ’ল।
Such some of you used to be; but you washed yourselves clean. You became Christ’s People! you were pronounced righteous through the Name of our Lord Jesus Christ, and through the Spirit of our God!
12 ১২ “মোলৈ সকলো বিধান সন্মত”, কিন্তু সকলোৱেই হিতজনক নহয়। সকলো কৰিবলৈ মোৰ অধিকাৰ আছে, কিন্তু একোৰে মই দাস নহ’ম।
Everything is allowable for me! Yes, but everything is not profitable. Everything is allowable for me! Yes, but for my part, I will not let myself be enslaved by anything.
13 ১৩ “পেটৰ কাৰণেই আহাৰ; আহাৰৰ কাৰণেও পেট”; কিন্তু ঈশ্বৰে এই দুয়োকো লোপ কৰিব। তথাপি শৰীৰ ব্যভিচাৰৰ কাৰণে নহয়, প্ৰভুৰ কাৰণেহে আৰু প্রভুও শৰীৰৰ কাৰণেহে;
Food exists for the stomach, and the stomach for food; but God will put an end to both the one and the other. The body, however, exists, not for immorality, but for the Lord, and the Lord for the body;
14 ১৪ ঈশ্বৰে নিজৰ শক্তিৰে প্ৰভুক তুলিলে আৰু আমাকো তুলিব।
and, as God has raised the Lord, so he will raise up us also by the exercise of his power.
15 ১৫ আপোনালোকৰ শৰীৰ যে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গ, ইয়াক আপোনালোকে নাজানে নে? তেনেহলে, খ্ৰীষ্টৰ অঙ্গ-প্ৰত্যঙ্গবোৰ লৈ, বেশ্যাৰ দেহৰ সৈতে যুক্ত কৰিব নে? এনে নহওক।
Do not you know that your bodies are Christ’s members? Am I, then, to take the members that belong to the Christ and make them the members of a prostitute? Heaven forbid!
16 ১৬ যি জন বেশ্যাত আসক্ত লোক, তেওঁ তাইৰে সৈতে এক দেহ হয়, ইয়াক আপোনালোকে নাজানে নেকি? কিয়নো শাস্ত্রত আছে, “তেওঁলোক দুয়ো এক দেহ হ’ব”।
Or do not you know that a man who unites himself with a prostitute is one with her in body (for ‘the two,’ it is said, ‘will become one’);
17 ১৭ কিন্তু যি জন প্ৰভুত আসক্ত লোক, তেওঁ তেৱেঁ সৈতে এক আত্মা হয়।
while a man who is united with the Lord is one with him in spirit?
18 ১৮ ব্যভিচাৰৰ পৰা পলাওক। মানুহে যি পাপ কার্য কৰে, সেইবোৰ তেওঁৰ শৰীৰৰ বাহিৰত কৰে; কিন্তু যি কোনোৱে যৌনপাপ কৰে, তেওঁ নিজৰ শৰীৰৰ বিৰুদ্ধেই পাপ কৰে।
Shun all immorality. Every other sin that men commit is something outside the body; but an immoral man sins against his own body.
19 ১৯ আপোনালোকৰ শৰীৰ যে ঈশ্বৰৰ মন্দিৰ আৰু ঈশ্বৰৰ পৰা পোৱা পবিত্ৰ আত্মা যে আপোনালোকৰ অন্তৰত থাকে, ইয়াক আপোনালোকে নাজানে নে কি? আপোনালোক এতিয়া নিজৰ নহয়।
Again, do not you know that your body is a shrine of the Holy Spirit that is within you – the Spirit which you have from God?
20 ২০ কিয়নো আপোনালোকক মূল্য দি কিনা হৈছে; এই হেতুকে আপোনালোকৰ শৰীৰৰ দ্বাৰা ঈশ্বৰক মহিমাম্বিত কৰক।
Moreover, you are not your own masters; you were bought, and the price was paid. Therefore, honour God in your bodies.

< ১ কৰিন্থীয়া 6 >