< ১ কৰিন্থীয়া 15 >

1 হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
Sasa ndugu, napenda kuwakumbusha ile Habari Njema niliyowahubirieni nanyi mkaipokea na kusimama imara ndani yake.
2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
Kwa njia yake mnaokolewa, ikiwa mnayazingatia maneno niliyowahubirieni, na kama kuamini kwenu hakukuwa bure.
3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
Mimi niliwakabidhi ninyi mambo muhimu sana ambayo mimi niliyapokea: kwamba Kristo alikufa kwa ajili ya dhambi zetu kufuatana na Maandiko Matakatifu;
4 আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
kwamba alizikwa, akafufuka siku ya tatu kama ilivyoandikwa;
5 আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
kwamba alimtokea Kefa, na baadaye aliwatokea wale kumi na wawili.
6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
Kisha aliwatokea ndugu zaidi ya mia tano kwa mara moja; wengi wao wanaishi bado, lakini baadhi yao wamekwisha kufa.
7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
Baadaye alimtokea Yakobo kisha akawatokea mitume wote.
8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
Baada ya wote, akanitokea hata mimi, mimi niliyekuwa kama mtu aliyezaliwa kabla ya wakati.
9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
Maana mimi ni mdogo kabisa miongoni mwa mitume na wala sistahili kuitwa mtume, kwa sababu nililidhulumu kanisa la Mungu.
10 ১০ তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
Lakini, kwa neema yake Mungu, nimekuwa kama nilivyo. Na neema yake kwangu haikuwa bure. Mimi nimefanya kazi kuliko wote; si mimi hasa, ila ni neema ya Mungu ifanyayo kazi pamoja nami.
11 ১১ এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
Lakini hata hivyo, iwe wao ndio wahubirio au mimi nihubiriye, haidhuru, hiki ndicho tunachuhubiri, na hiki ndicho mnachoamini.
12 ১২ কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
Sasa, maadam inahubiriwa kwamba Kristo amefufuliwa kutoka wafu, baadhi yenu wanawezaje kusema kwamba hakuna ufufuo wa wafu?
13 ১৩ যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
Kama hakuna ufufuo wa wafu, basi, Kristo naye hakufufuka;
14 ১৪ আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
na kama Kristo hakufufuka, basi mahubiri yetu hayana maana na imani yenu haina maana.
15 ১৫ আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
Zaidi ya hayo sisi tungekuwa mashahidi wa uongo mbele ya Mungu, maana tulisema kwamba Mungu alimfufua Kristo kutoka wafu na kumbe yeye hakumfufua—kama ni kweli kwamba wafu hawafufuliwi.
16 ১৬ কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
Maana, ikiwa ni kweli kwamba wafu hawafufuki, basi naye Kristo hakufufuka.
17 ১৭ আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
Na kama Kristo hakufufuliwa, basi, imani yenu ni ya bure; mngali bado katika dhambi zenu.
18 ১৮ তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
Zaidi ya hayo, wale wote waliokufa wakiwa wameungana na Kristo wamepotea kabisa.
19 ১৯ খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ।
Kama matumaini yetu katika Kristo yanahusu tu maisha haya ya sasa, basi, sisi ni watu wa kusikitikiwa zaidi kuliko wengine wote duniani.
20 ২০ কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
Lakini ukweli ni kwamba Kristo amefufuliwa kutoka wafu, limbuko lao wale waliolala katika kifo.
21 ২১ কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
Maana kama vile kifo kilivyoletwa duniani na mtu mmoja, vivyo hivyo nako kufufuka kutoka wafu kumesababishwa na mtu mmoja.
22 ২২ কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
Kama vile watu wote wanavyokufa kwa kujiunga na Adamu, vivyo hivyo wote watafufuliwa kwa kuungana na Kristo.
23 ২৩ কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
Lakini kila mmoja kwa mpango wake: Kristo kwanza, halafu wale walio wake Kristo wakati Kristo atakapokuja.
24 ২৪ ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
Baada ya hayo, mwisho utafika wakati ambapo Kristo atamkabidhi Mungu Baba Utawala, baada ya kufutilia mbali kila tawala na mamlaka na nguvu.
25 ২৫ কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
Maana Kristo sharti atawale mpaka Mungu atakapowashinda adui zake na kuwaweka chini ya miguu yake.
26 ২৬ শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
Adui wa mwisho atakayeangamizwa ni kifo.
27 ২৭ কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
Maana, Maandiko yasema: “Mungu ameweka vitu vyote chini ya miguu yake.” Lakini, Maandiko yanaposema: “Vitu vyote vimewekwa chini ya miguu yake avitawale” ni dhahiri kwamba Mungu haingii katika kundi hilo la vitu, maana yeye ndiye anayeviweka vitu hivyo chini ya Kristo.
28 ২৮ আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
Lakini vitu vyote vitakapowekwa chini ya Utawala wa Kristo, ndipo naye Mwana atakapojiweka chini ya Mungu, aliyeweka vyote chini ya Utawala wake; ili Mungu atawale juu ya vyote.
29 ২৯ আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
Kama hakuna ufufuo, je watu wale wanaobatizwa kwa ajili ya wafu wanatumainia kupata nini? Kama wafu hawafufuliwi, ya nini kubatizwa kwa ajili yao?
30 ৩০ আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
Na sisi, ya nini kujitia hatarini kila saa?
31 ৩১ হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
Ndugu, mimi nakikabili kifo kila siku! Fahari niliyo nayo juu yenu katika kuungana na Kristo Yesu Bwana wetu inanifanya nitangaze jambo hili.
32 ৩২ মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
Kama kusudi langu lingalikuwa la kibinadamu tu, kule kupigana kwangu na wanyama wakali hapa Efeso kungalinifaa kitu gani? Kama wafu hawafufuki, basi, “Tule na tunywe, maana kesho tutakufa.”
33 ৩৩ আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
Msidanganyike! Urafiki mbaya huharibu tabia njema.
34 ৩৪ ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
Amkeni! Anzeni kuishi vema, na acheni kutenda dhambi. Baadhi yenu hawamjui Mungu kabisa. Hii nawaambieni, ni aibu kubwa kwenu!
35 ৩৫ কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
Lakini mtu anaweza kuuliza: “Wafu watafufuliwaje? Watakuwa na mwili wa namna gani wakati watakapokuja tena?”
36 ৩৬ হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
Hayo ni maswali ya kijinga! Ukipanda mbegu, isipokufa kwanza haitaota.
37 ৩৭ আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
Unachopanda ni mbegu tu, labda ya ngano au nafaka nyingine, na si mmea mzima ambao hutokea baadaye.
38 ৩৮ কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
Mungu huipa hiyo mbegu mwili anaoutaka mwenyewe; kila mbegu hupata mwili wake wa pekee.
39 ৩৯ সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
Miili ya viumbe vyote si sawa. Miili ya binadamu ni ya namna moja, ya wanyama ni ya namna nyingine, ya ndege ni ya namna nyingine na miili ya samaki pia ni ya namna nyingine.
40 ৪০ স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
Iko miili ya mbinguni na miili ya duniani; uzuri wa miili ya mbinguni ni mwingine, na na uzuri wa miili ya duniani ni mwingine.
41 ৪১ সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
Uko uzuri wa jua, wa mwezi na wa nyota; hata nyota nazo huhitilafiana kwa uzuri.
42 ৪২ সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
Ndivyo ilivyo kuhusu ufufuo wa wafu. Kama vile mbegu, mwili huzikwa ardhini ukiwa katika hali ya kuharibika, lakini hufufuliwa katika hali ya kutoharibika.
43 ৪৩ যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
Huzikwa katika hali duni, hufufuliwa katika hali tukufu; huzikwa katika hali dhaifu, hufufuliwa ukiwa wenye nguvu.
44 ৪৪ যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
Unapozikwa ni mwili wa kawaida, unapofufuliwa ni mwili wa kiroho. Kuna mwili wa kawaida na kutakuwa na mwili wa kiroho.
45 ৪৫ এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
Maana Maandiko yasema: “Mtu wa kwanza, Adamu, alikuwa kiumbe mwenye uhai;” lakini adamu wa mwisho ni Roho awapaye watu uzima.
46 ৪৬ তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
Lakini unaotangulia kuwako si ule mwili wa kiroho, ila ule mwili wa kawaida kisha ule mwili wa kiroho.
47 ৪৭ প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
Adamu wa kwanza aliumbwa kwa udongo, alitoka ardhini; mtu wa pili alitoka mbinguni.
48 ৪৮ সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
Wote walio wa dunia wako kama huyo mtu aliyeumbwa kwa udongo; wale walio wa mbinguni wako kama yule aliyetoka mbinguni.
49 ৪৯ আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
Kama vile tulivyofanana na yule aliyeumbwa kwa udongo, vivyo hivyo tutafanana na huyohuyo aliyetoka mbinguni.
50 ৫০ কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
Basi, ndugu, nasema hivi: kile kilichofanywa kwa mwili na damu hakiwezi kuushiriki Ufalme wa Mungu; na chenye kuharibika hakiwezi kuwa na hali ya kutoharibika.
51 ৫১ চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
Sikilizeni, nawaambieni siri: sisi hatutakufa sote, ila sote tutageuzwa
52 ৫২ এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
wakati wa mbiu ya mwisho, kwa nukta moja, kufumba na kufumbua. Maana mbiu itakapolia, wafu watafufuliwa katika hali ya kutoweza kufa tena, na sisi tutageuzwa.
53 ৫৩ কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
Maana ni lazima kila kiharibikacho kijivalie hali ya kutoharibika, mwili uwezao kufa ujivalie hali ya kutokufa.
54 ৫৪ পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
Basi, mwili huu wenye kuharibika utakapojivalia hali ya kutoharibika, na kile chenye kufa kitakapojivalia hali ya kutokufa, hapo ndipo litakapotimia lile neno lililoandikwa: “Kifo kimeangamizwa ushindi umekamilika!”
55 ৫৫ “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” (Hadēs g86)
“Kifo, ushindi wako uko wapi? Uwezo wako wa kuumiza uko wapi?” (Hadēs g86)
56 ৫৬ মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
Ukali wa kifo hutokana na dhambi, nayo dhambi hupata nguvu yake katika Sheria.
57 ৫৭ কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
Lakini tumshukuru Mungu anayetupatia ushindi kwa njia ya Bwana wetu Yesu Kristo.
58 ৫৮ এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
Basi, ndugu zangu wapenzi, simameni imara na thabiti. Endeleeni daima kuwa na bidii katika kazi ya Bwana, mkijua kwamba kazi mnayofanya katika utumishi wa Bwana haitapotea bure.

< ১ কৰিন্থীয়া 15 >