< ১ কৰিন্থীয়া 15 >

1 হে প্ৰিয় ভাই আৰু ভনী সকল যি শুভবাৰ্তা মই আপোনালোকৰ আগত প্ৰচাৰ কৰিলোঁ, সেয়া আপোনালোকক জনাইছোঁ; সেইবোৰ আপোনালোকে গ্ৰহণ কৰিলে, আৰু তাতে থিৰেও আছে;
হে ভ্রাতরঃ, যঃ সুসংৱাদো মযা যুষ্মৎসমীপে নিৱেদিতো যূযঞ্চ যং গৃহীতৱন্ত আশ্রিতৱন্তশ্চ তং পুন র্যুষ্মান্ ৱিজ্ঞাপযামি|
2 আৰু যি বাক্যৰ দ্বাৰাই মই আপোনালোকৰ আগত শুভবাৰ্তা প্ৰচাৰ কৰিলোঁ, সেয়া যদি আপোনালোকে ধৰি আছে, তেনেহলে তাৰ দ্বাৰাই পৰিত্ৰাণো পাইছে; নতুবা আপোনালোকে বৃথাই বিশ্বাস কৰিলে।
যুষ্মাকং ৱিশ্ৱাসো যদি ৱিতথো ন ভৱেৎ তর্হি সুসংৱাদযুক্তানি মম ৱাক্যানি স্মরতাং যুষ্মাকং তেন সুসংৱাদেন পরিত্রাণং জাযতে|
3 কিয়নো মই যি শিক্ষা পালোঁ, তাৰে এই প্ৰধান শিক্ষা আপোনালোকক দিলোঁ যে, ধৰ্মশাস্ত্ৰ অনুসাৰে খ্ৰীষ্ট আমাৰ পাপৰ কাৰণে মৰিল;
যতোঽহং যদ্ যৎ জ্ঞাপিতস্তদনুসারাৎ যুষ্মাসু মুখ্যাং যাং শিক্ষাং সমার্পযং সেযং, শাস্ত্রানুসারাৎ খ্রীষ্টোঽস্মাকং পাপমোচনার্থং প্রাণান্ ত্যক্তৱান্,
4 আৰু তেওঁক মৈদাম দিয়া হ’ল; আৰু ধৰ্মশাস্ত্ৰ অনুসাৰে তৃতীয় দিনা পুনৰুত্থিত হ’ল;
শ্মশানে স্থাপিতশ্চ তৃতীযদিনে শাস্ত্রানুসারাৎ পুনরুত্থাপিতঃ|
5 আৰু তেওঁ কৈফাক দেখা দিলে; পাছত সেই বাৰ জনক,
স চাগ্রে কৈফৈ ততঃ পরং দ্ৱাদশশিষ্যেভ্যো দর্শনং দত্তৱান্|
6 আৰু তাৰ পাছত পাঁচশতকৈ অধিক ভাই আৰু ভনি সকলক একে সময়তে দেখা দিলে; তেওঁলোকৰ অধিক ভাগ এতিয়ালৈকে আছে, কিন্তু কোনো কোনো নিদ্ৰিত হ’ল।
ততঃ পরং পঞ্চশতাধিকসংখ্যকেভ্যো ভ্রাতৃভ্যো যুগপদ্ দর্শনং দত্তৱান্ তেষাং কেচিৎ মহানিদ্রাং গতা বহুতরাশ্চাদ্যাপি ৱর্ত্তন্তে|
7 পাছত যাকোবক আৰু তাৰ পাছত পাঁচনি সকলৰ আগত তেওঁ দেখা দিলে।
তদনন্তরং যাকূবায তৎপশ্চাৎ সর্ৱ্ৱেভ্যঃ প্রেরিতেভ্যো দর্শনং দত্তৱান্|
8 সকলোৰে শেষত অকালত জন্মাৰ নিচিনা যি মই, মোকো দেখা দিলে।
সর্ৱ্ৱশেষেঽকালজাততুল্যো যোঽহং, সোঽহমপি তস্য দর্শনং প্রাপ্তৱান্|
9 কিয়নো পাঁচনি সকলৰ মাজত মই সকলোতকৈ সৰু, এনে কি, পাঁচনি নাম পাবৰো যোগ্য নহওঁ; কাৰণ মই ঈশ্বৰৰ মণ্ডলীক তাড়না কৰিছিলোঁ।
ঈশ্ৱরস্য সমিতিং প্রতি দৌরাত্ম্যাচরণাদ্ অহং প্রেরিতনাম ধর্ত্তুম্ অযোগ্যস্তস্মাৎ প্রেরিতানাং মধ্যে ক্ষুদ্রতমশ্চাস্মি|
10 ১০ তথাপি মই যি হৈছোঁ; ঈশ্বৰৰ অনুগ্ৰহেৰেহে হৈছোঁ; আৰু মোলৈ তেওঁৰ যি অনুগ্ৰহ, সেয়ে ব্যৰ্থ নহ’ল; কিন্তু মই তেওঁলোকতকৈ অধিক পৰিশ্ৰম কৰিলোঁ; কিন্তু ময়েই যে কৰিলোঁ, এনে নহয়, ঈশ্বৰৰ অনুগ্ৰহে মোৰ লগত কৰিলে।
১০যাদৃশোঽস্মি তাদৃশ ঈশ্ৱরস্যানুগ্রহেণৈৱাস্মি; অপরং মাং প্রতি তস্যানুগ্রহো নিষ্ফলো নাভৱৎ, অন্যেভ্যঃ সর্ৱ্ৱেভ্যো মযাধিকঃ শ্রমঃ কৃতঃ, কিন্তু স মযা কৃতস্তন্নহি মৎসহকারিণেশ্ৱরস্যানুগ্রহেণৈৱ|
11 ১১ এতেকে মই বা তেওঁলোক যেয়ে হওক, আমি সেইদৰে ঘোষণা কৰিলোঁ আৰু আপোনালোকে সেইদৰে বিশ্বাস কৰিলে।
১১অতএৱ মযা ভৱেৎ তৈ র্ৱা ভৱেৎ অস্মাভিস্তাদৃশী ৱার্ত্তা ঘোষ্যতে সৈৱ চ যুষ্মাভি র্ৱিশ্ৱাসেন গৃহীতা|
12 ১২ কিন্তু খ্ৰীষ্টক যে মৃতবোৰৰ মাজৰ পৰা তোলা হ’ল, ইয়াক যদি ঘোষণা কৰা হয়, তেনেহলে মৃতবোৰৰ পুনৰুত্থান নাই বুলি আপোনালোকৰ কোনো কোনো লোকে কেনেকৈ কয়?
১২মৃত্যুদশাতঃ খ্রীষ্ট উত্থাপিত ইতি ৱার্ত্তা যদি তমধি ঘোষ্যতে তর্হি মৃতলোকানাম্ উত্থিতি র্নাস্তীতি ৱাগ্ যুষ্মাকং মধ্যে কৈশ্চিৎ কুতঃ কথ্যতে?
13 ১৩ যদি মৃতবোৰৰ পুনৰুত্থান নাই, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
১৩মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি খ্রীষ্টোঽপি নোত্থাপিতঃ
14 ১৪ আৰু খ্ৰীষ্টক যদি তোলা নহ’ল, তেনেহলে আমাৰ ঘোষণা বৃথা, আপোনালোকৰ বিশ্বাসো বৃথা।
১৪খ্রীষ্টশ্চ যদ্যনুত্থাপিতঃ স্যাৎ তর্হ্যস্মাকং ঘোষণং ৱিতথং যুষ্মাকং ৱিশ্ৱাসোঽপি ৱিতথঃ|
15 ১৫ আৰু আমি ঈশ্বৰৰ মিছা সাক্ষী দিছোঁ বুলি ওলাই পৰিম; কাৰণ আমি ঈশ্বৰৰ বিষয়ে এই সাক্ষ্য দিলোঁ যে, তেওঁ খ্ৰীষ্টক তুলিলে;
১৫ৱযঞ্চেশ্ৱরস্য মৃষাসাক্ষিণো ভৱামঃ, যতঃ খ্রীষ্ট স্তেনোত্থাপিতঃ ইতি সাক্ষ্যম্ অস্মাভিরীশ্ৱরমধি দত্তং কিন্তু মৃতানামুত্থিতি র্যদি ন ভৱেৎ তর্হি স তেন নোত্থাপিতঃ|
16 ১৬ কিয়নো, যদি মৃতবোৰক তোলা নহয়, তেনেহলে খ্ৰীষ্টকো তোলা নহ’ল;
১৬যতো মৃতানামুত্থিতি র্যতি ন ভৱেৎ তর্হি খ্রীষ্টোঽপ্যুত্থাপিতৎৱং ন গতঃ|
17 ১৭ আৰু যদি খ্ৰীষ্টক তোলা নহ’ল, তেনেহলে অাপোনালোকৰ বিশ্বাস অসাৰ্থক; আপোনালোক এতিয়াও নিজ নিজ পাপতেই আছে।
১৭খ্রীষ্টস্য যদ্যনুত্থাপিতঃ স্যাৎ তর্হি যুষ্মাকং ৱিশ্ৱাসো ৱিতথঃ, যূযম্ অদ্যাপি স্ৱপাপেষু মগ্নাস্তিষ্ঠথ|
18 ১৮ তেনেহ’লে খ্ৰীষ্টৰ আশ্ৰয়ত নিদ্ৰিত হোৱা সকলো বিনষ্ট হৈছে।
১৮অপরং খ্রীষ্টাশ্রিতা যে মানৱা মহানিদ্রাং গতাস্তেঽপি নাশং গতাঃ|
19 ১৯ খ্ৰীষ্টত আমাৰ যি আশা, সেয়ে যদি অকল এই জীৱনৰ আয়ুস কাললৈ হয়, তেনেহলে আমি সকলো মানুহতকৈ অধিক দয়া নপোৱাকৈ আছোঁ।
১৯খ্রীষ্টো যদি কেৱলমিহলোকে ঽস্মাকং প্রত্যাশাভূমিঃ স্যাৎ তর্হি সর্ৱ্ৱমর্ত্যেভ্যো ৱযমেৱ দুর্ভাগ্যাঃ|
20 ২০ কিন্তু এতিয়া খ্ৰীষ্ট নিদ্ৰিত লোকৰ মাজৰ পৰা উত্থিত হ’ল, তেৱেঁই মৃত লোক সকলৰ মাজত প্ৰথম ফল৷
২০ইদানীং খ্রীষ্টো মৃত্যুদশাত উত্থাপিতো মহানিদ্রাগতানাং মধ্যে প্রথমফলস্ৱরূপো জাতশ্চ|
21 ২১ কিয়নো মৃত্যু মনুষ্যৰ দ্বাৰাই হোৱাত, মৃতবোৰৰ পুনৰুত্থানো মনুষ্যৰ দ্বাৰাই হ’ল।
২১যতো যদ্ৱৎ মানুষদ্ৱারা মৃত্যুঃ প্রাদুর্ভূতস্তদ্ৱৎ মানুষদ্ৱারা মৃতানাং পুনরুত্থিতিরপি প্রদুর্ভূতা|
22 ২২ কাৰণ আদমত যেনেকৈ সকলো মৰে, তেনেকৈ খ্ৰীষ্টত সকলোৱে জীৱন পাব।
২২আদমা যথা সর্ৱ্ৱে মরণাধীনা জাতাস্তথা খ্রীষ্টেন সর্ৱ্ৱে জীৱযিষ্যন্তে|
23 ২৩ কিন্তু প্ৰতিজনে নিজ নিজ শ্ৰেণীত জীৱন পাব; প্ৰথম ফল খ্ৰীষ্ট, খ্ৰীষ্টত যি সকল মোনোনীত, তেওঁৰ আগমণত সেই মৃত লোক সকলেই উঠিব।
২৩কিন্ত্ৱেকৈকেন জনেন নিজে নিজে পর্য্যায উত্থাতৱ্যং প্রথমতঃ প্রথমজাতফলস্ৱরূপেন খ্রীষ্টেন, দ্ৱিতীযতস্তস্যাগমনসমযে খ্রীষ্টস্য লোকৈঃ|
24 ২৪ ইয়াৰ পাছত শেষ হ’ব; কিয়নো তেওঁ সকলো শাসনকৰ্তাৰ ক্ষমতা, আৰু পৰাক্ৰম লোপ কৰি পিতৃ ঈশ্বৰৰ হাতত ৰাজ্য শোধাই দিব।
২৪ততঃ পরম্ অন্তো ভৱিষ্যতি তদানীং স সর্ৱ্ৱং শাসনম্ অধিপতিৎৱং পরাক্রমঞ্চ লুপ্ত্ৱা স্ৱপিতরীশ্ৱরে রাজৎৱং সমর্পযিষ্যতি|
25 ২৫ কিয়নো যেতিয়ালৈকে তেওঁ সকলো শত্ৰুক তেওঁৰ ভৰিৰ তল নকৰে, তেতিয়ালৈকে তেওঁ ৰাজত্ব কৰিব লাগিব।
২৫যতঃ খ্রীষ্টস্য রিপৱঃ সর্ৱ্ৱে যাৱৎ তেন স্ৱপাদযোরধো ন নিপাতযিষ্যন্তে তাৱৎ তেনৈৱ রাজৎৱং কর্ত্তৱ্যং|
26 ২৬ শেষ শত্ৰু যি মৃত্যু, তাকো ধ্বংস কৰা হ’ব।
২৬তেন ৱিজেতৱ্যো যঃ শেষরিপুঃ স মৃত্যুরেৱ|
27 ২৭ কিয়নো ‘তেওঁ সকলোকে বশীভূত কৰি তেওঁৰ ভৰিৰ তলত থলে’। কিন্তু ‘সকলোৱে বশীভূত হ’ব’ বুলি যেতিয়া তেওঁ কয়, তেতিয়া যি জনে সকলোকে তেওঁৰ বশীভূত কৰিলে, তেওঁ যে সেইবোৰৰ পৰা বাহিৰ, এয়ে প্ৰকাশিত হয়।
২৭লিখিতমাস্তে সর্ৱ্ৱাণি তস্য পাদযো র্ৱশীকৃতানি| কিন্তু সর্ৱ্ৱাণ্যেৱ তস্য ৱশীকৃতানীত্যুক্তে সতি সর্ৱ্ৱাণি যেন তস্য ৱশীকৃতানি স স্ৱযং তস্য ৱশীভূতো ন জাত ইতি ৱ্যক্তং|
28 ২৮ আৰু সকলোৱেই খ্ৰীষ্টৰ বশীভূত হ’লে, পুত্ৰ নিজে পিতৃ ঈশ্বৰৰ অধীন হব৷ যেন ঈশ্বৰ, যি জনে তেওঁক সকলোৰে ওপৰত অধিকাৰ কৰিবলৈ দিছে, তেৱেঁই সৰ্বেসৰ্বা হয়৷
২৮সর্ৱ্ৱেষু তস্য ৱশীভূতেষু সর্ৱ্ৱাণি যেন পুত্রস্য ৱশীকৃতানি স্ৱযং পুত্রোঽপি তস্য ৱশীভূতো ভৱিষ্যতি তত ঈশ্ৱরঃ সর্ৱ্ৱেষু সর্ৱ্ৱ এৱ ভৱিষ্যতি|
29 ২৯ আৰু মৃতবোৰৰ কাৰণে বাপ্তাইজিত হোৱা লোকে কি কৰিব? যদি মৃতবোৰক সমুলি তোলা নহয়, তেনেহলে তেওঁলোকৰ কাৰণে সেই লোক কিয় বাপ্তাইজিত হয়?
২৯অপরং পরেতলোকানাং ৱিনিমযেন যে মজ্জ্যন্তে তৈঃ কিং লপ্স্যতে? যেষাং পরেতলোকানাম্ উত্থিতিঃ কেনাপি প্রকারেণ ন ভৱিষ্যতি তেষাং ৱিনিমযেন কুতো মজ্জনমপি তৈরঙ্গীক্রিযতে?
30 ৩০ আৰু আমিও বা কিয় প্ৰতি মূহুৰ্তত সঙ্কটত পৰো?
৩০ৱযমপি কুতঃ প্রতিদণ্ডং প্রাণভীতিম্ অঙ্গীকুর্ম্মহে?
31 ৩১ হে প্রিয় ভাই আৰু ভনী সকল, আমাৰ প্ৰভু খ্ৰীষ্ট যীচুত আপোনালোকৰ বিষয়ে মোৰ যি গর্ব আছে, তাৰ দোহাই দি কৈছোঁ, প্ৰতি দিনেই মই মৃত্যু-মুখত আছোঁ।
৩১অস্মৎপ্রভুনা যীশুখ্রীষ্টেন যুষ্মত্তো মম যা শ্লাঘাস্তে তস্যাঃ শপথং কৃৎৱা কথযামি দিনে দিনেঽহং মৃত্যুং গচ্ছামি|
32 ৩২ মই যদি মানুহৰ দৰেহে ইফিচত বনৰীয়া জন্তুৰে সৈতে যুদ্ধ কৰিলোঁ, তেনেহলে মোৰ কি লাভ হ’ল? মৃতবোৰক যদি তোলা নহয়, তেনেহলে “আহক, আমি ভোজন-পান কৰোঁহক; কিয়নো কালিলৈ আমি মৰিম”।
৩২ইফিষনগরে ৱন্যপশুভিঃ সার্দ্ধং যদি লৌকিকভাৱাৎ মযা যুদ্ধং কৃতং তর্হি তেন মম কো লাভঃ? মৃতানাম্ উত্থিতি র্যদি ন ভৱেৎ তর্হি, কুর্ম্মো ভোজনপানেঽদ্য শ্ৱস্তু মৃত্যু র্ভৱিষ্যতি|
33 ৩৩ আপোনালোক ভ্ৰান্ত নহ’ব; কু-সঙ্গই সদাচাৰ নষ্ট কৰে।
৩৩ইত্যনেন ধর্ম্মাৎ মা ভ্রংশধ্ৱং| কুসংসর্গেণ লোকানাং সদাচারো ৱিনশ্যতি|
34 ৩৪ ধাৰ্মিকভাৱে সচেতন হওক৷ পাপ নকৰিব; কিয়নো ঈশ্বৰৰ কথাত কোনো কোনো জনৰ যোগ্য জ্ঞান নাই। আপোনালোকে লাজ পাবলৈ মই এই কথা কৈছোঁ।
৩৪যূযং যথোচিতং সচৈতন্যাস্তিষ্ঠত, পাপং মা কুরুধ্ৱং, যতো যুষ্মাকং মধ্য ঈশ্ৱরীযজ্ঞানহীনাঃ কেঽপি ৱিদ্যন্তে যুষ্মাকং ত্রপাযৈ মযেদং গদ্যতে|
35 ৩৫ কিন্তু কিছুমানে কয়, “মৃতবোৰ কেনেকৈ পুনৰুত্থিত হব? আৰু কেনেকুৱা দেহৰ সৈতে তেওঁলোক আহিব?”
৩৫অপরং মৃতলোকাঃ কথম্ উত্থাস্যন্তি? কীদৃশং ৱা শরীরং লব্ধ্ৱা পুনরেষ্যন্তীতি ৱাক্যং কশ্চিৎ প্রক্ষ্যতি|
36 ৩৬ হে নিৰ্ব্বোধ, তুমি যি বীজ ৰোপণ কৰিছা, সি নমৰা পৰ্য্যন্ত নগজে;
৩৬হে অজ্ঞ ৎৱযা যদ্ বীজম্ উপ্যতে তদ্ যদি ন ম্রিযেত তর্হি ন জীৱযিষ্যতে|
37 ৩৭ আৰু পাছত যি ডাল ওলাব, সেয়া তুমি ৰোৱা নাই৷ গোম হওক, বা আন কোনো ধানেই হওক, তুমি গুটি মাথোন ৰোপণ কৰিছা;
৩৭যযা মূর্ত্ত্যা নির্গন্তৱ্যং সা ৎৱযা নোপ্যতে কিন্তু শুষ্কং বীজমেৱ; তচ্চ গোধূমাদীনাং কিমপি বীজং ভৱিতুং শক্নোতি|
38 ৩৮ কিন্তু ঈশ্বৰে নিজ ইচ্ছাৰে তাক গা দিয়ে, আৰু প্ৰত্যেক গুটিক নিজ নিজ গা দিয়ে।
৩৮ঈশ্ৱরেণেৱ যথাভিলাষং তস্মৈ মূর্ত্তি র্দীযতে, একৈকস্মৈ বীজায স্ৱা স্ৱা মূর্ত্তিরেৱ দীযতে|
39 ৩৯ সকলো মঙহ একে ৰূপ মঙহ নহয়; কিন্তু মানুহ বা পশুৰ হওক, চৰাই বা মাছৰেই হওক, বেলেগ বেলেগ আকৃতিৰ মঙহ আছে।
৩৯সর্ৱ্ৱাণি পললানি নৈকৱিধানি সন্তি, মনুষ্যপশুপক্ষিমৎস্যাদীনাং ভিন্নরূপাণি পললানি সন্তি|
40 ৪০ স্বৰ্গীয় শৰীৰ আছে, পাৰ্থিৱ শৰীৰো আছে; কিন্তু স্বৰ্গীয়বোৰৰ কান্তি এক প্ৰকাৰ আৰু পাৰ্থিৱবোৰৰ কান্তি এক প্ৰকাৰ।
৪০অপরং স্ৱর্গীযা মূর্ত্তযঃ পার্থিৱা মূর্ত্তযশ্চ ৱিদ্যন্তে কিন্তু স্ৱর্গীযানাম্ একরূপং তেজঃ পার্থিৱানাঞ্চ তদন্যরূপং তেজোঽস্তি|
41 ৪১ সূৰ্যৰ গৌৰৱ এক প্ৰকাৰৰ উজ্বল, চন্দ্ৰৰ গৌৰৱ আন এক ধৰণৰ, নক্ষত্ৰবোৰৰো গৌৰৱ অন্য ধৰণৰ; আকৌ তৰাবোৰৰ ক্ষেত্ৰতো এটা তৰাতকৈ আনটো তৰাৰ উজ্বল ভিন্ন হয়।
৪১সূর্য্যস্য তেজ একৱিধং চন্দ্রস্য তেজস্তদন্যৱিধং তারাণাঞ্চ তেজোঽন্যৱিধং, তারাণাং মধ্যেঽপি তেজসস্তারতম্যং ৱিদ্যতে|
42 ৪২ সেইদৰে মৃতবোৰৰ পুনৰুত্থানো একে। যিহক ৰোৱা যায়, সেয়ে ক্ষয়ৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে অক্ষয়তাৰ পাত্ৰ;
৪২তত্র লিখিতমাস্তে যথা, ‘আদিপুরুষ আদম্ জীৱৎপ্রাণী বভূৱ,’ কিন্ত্ৱন্তিম আদম্ (খ্রীষ্টো) জীৱনদাযক আত্মা বভূৱ|
43 ৪৩ যিহক ৰোৱা যায়, সেয়ে অনাদৰৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে গৌৰৱৰ পাত্ৰ; যিহক ৰোৱা যায়, সেয়ে দূৰ্বলতাৰ পাত্ৰ; যিহক তোলা হয়, সেয়ে প্ৰভাৱৰ শক্তি;
৪৩যদ্ উপ্যতে তৎ তুচ্ছং যচ্চোত্থাস্যতি তদ্ গৌরৱান্ৱিতং; যদ্ উপ্যতে তন্নির্ব্বলং যচ্চোত্থাস্যতি তৎ শক্তিযুক্তং|
44 ৪৪ যিহক ৰোৱা যায়, সেয়ে স্বাভাৱিক দেহ, যিহক তোলা হয়, সেয়ে আত্মিক দেহ। যদি দৈহিক দেহ আছে, তেনেহলে আত্মিক দেহো আছে।
৪৪যৎ শরীরম্ উপ্যতে তৎ প্রাণানাং সদ্ম, যচ্চ শরীরম্ উত্থাস্যতি তদ্ আত্মনঃ সদ্ম| প্রাণসদ্মস্ৱরূপং শরীরং ৱিদ্যতে, আত্মসদ্মস্ৱরূপমপি শরীরং ৱিদ্যতে|
45 ৪৫ এইদৰে লিখাও আছে, “প্ৰথম মানুহ আদম জীৱনময় প্ৰাণী হ’ল; কিন্তু শেষৰ আদম জীৱনদায়ক আত্মা হল”।
৪৫তত্র লিখিতমাস্তে যথা, আদিপুরুষ আদম্ জীৱৎপ্রাণী বভূৱ, কিন্ত্ৱন্তিম আদম্ (খ্রীষ্টো) জীৱনদাযক আত্মা বভূৱ|
46 ৪৬ তথাপি আত্মিক যি, সেয়ে প্ৰথম নহয়; কিন্তু স্বাভাৱিক যি সেয়েহে প্ৰথম, যি আত্মিক সেয়ে পাছত হ’ল।
৪৬আত্মসদ্ম ন প্রথমং কিন্তু প্রাণসদ্মৈৱ তৎপশ্চাদ্ আত্মসদ্ম|
47 ৪৭ প্ৰথম মানুহ পৃথিৱীৰ ধূলিৰ পৰা হোৱা, মৃন্ময়; কিন্তু দ্বিতীয় মানুহ স্বৰ্গৰ পৰা অহা।
৪৭আদ্যঃ পুরুষে মৃদ উৎপন্নৎৱাৎ মৃণ্মযো দ্ৱিতীযশ্চ পুরুষঃ স্ৱর্গাদ্ আগতঃ প্রভুঃ|
48 ৪৮ সেই মৃন্ময় জন যেনে আছিল, মৃন্ময়বোৰো তেনে; আৰু সেই স্বৰ্গীয়লোক সকল, সেই স্বর্গীয় লোক খ্ৰীষ্টৰ দৰে৷
৪৮মৃণ্মযো যাদৃশ আসীৎ মৃণ্মযাঃ সর্ৱ্ৱে তাদৃশা ভৱন্তি স্ৱর্গীযশ্চ যাদৃশোঽস্তি স্ৱর্গীযাঃ সর্ৱ্ৱে তাদৃশা ভৱন্তি|
49 ৪৯ আৰু আমি যেনেকৈ সেই মৃন্ময় জনৰ প্ৰতিমূৰ্তি ধাৰণ কৰিলোঁ, তেনেকৈ সেই স্বৰ্গীয় জনৰ প্ৰতিমূৰ্তিও ধাৰণ কৰিম।
৪৯মৃণ্মযস্য রূপং যদ্ৱদ্ অস্মাভি র্ধারিতং তদ্ৱৎ স্ৱর্গীযস্য রূপমপি ধারযিষ্যতে|
50 ৫০ কিন্তু হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকক কওঁ, মাংস আৰু তেজ ঈশ্বৰৰ ৰাজ্যৰ অধিকাৰী হ’ব নোৱাৰে; আৰু ক্ষয়শীল অক্ষয়তাৰ অধিকাৰী হব নোৱাৰে।
৫০হে ভ্রাতরঃ, যুষ্মান্ প্রতি ৱ্যাহরামি, ঈশ্ৱরস্য রাজ্যে রক্তমাংসযোরধিকারো ভৱিতুং ন শক্নোতি, অক্ষযৎৱে চ ক্ষযস্যাধিকারো ন ভৱিষ্যতি|
51 ৫১ চাওক, মই আপোনালোকক এটি নিগূঢ়-তত্ব কওঁ, আমি সকলোৱেই নিদ্ৰিত নহ’ম; কিন্তু চকুৰ পচাৰতে ৰূপান্তৰিত হ’ম।
৫১পশ্যতাহং যুষ্মভ্যং নিগূঢাং কথাং নিৱেদযামি|
52 ৫২ এক মুহুৰ্ততে যেতিয়া শেষ তূৰী বাজিব, তেতিয়া চকুৰ পলকতে সেয়া ঘটিব৷ তুৰি যেতিয়া বাজিব, তেতিয়া মৃত লোক সকল অক্ষয়ণীয় হৈ উত্থিত হ’ব আৰু আমি সকলোৱেই ৰূপান্তৰিত হ’ম।
৫২সর্ৱ্ৱৈরস্মাভি র্মহানিদ্রা ন গমিষ্যতে কিন্ত্ৱন্তিমদিনে তূর্য্যাং ৱাদিতাযাম্ একস্মিন্ ৱিপলে নিমিষৈকমধ্যে সর্ৱ্ৱৈ রূপান্তরং গমিষ্যতে, যতস্তূরী ৱাদিষ্যতে, মৃতলোকাশ্চাক্ষযীভূতা উত্থাস্যন্তি ৱযঞ্চ রূপান্তরং গমিষ্যামঃ|
53 ৫৩ কিয়নো এই ক্ষয়শীল দেহাই অক্ষয়তাৰ বস্ত্ৰ পিন্ধিব আৰু এই মৃত্যুৰ পাত্ৰই অমৰতাক পিন্ধিব লাগিব।
৫৩যতঃ ক্ষযণীযেনৈতেন শরীরেণাক্ষযৎৱং পরিহিতৱ্যং, মরণাধীনেনৈতেন দেহেন চামরৎৱং পরিহিতৱ্যং|
54 ৫৪ পাছত যেতিয়া এই ক্ষয়ৰ দেহাই অক্ষয়তাক আৰু এই মৃত্যুৰ দেহাই অমৰতাক পিন্ধিব, তেতিয়া এই যি কথা লিখা আছে, বোলে- “জয়ৰ অৰ্থে মৃত্যুক গিলি খোৱা হ’ল, সেয়ে সিদ্ধ হ’ব”
৫৪এতস্মিন্ ক্ষযণীযে শরীরে ঽক্ষযৎৱং গতে, এতস্মন্ মরণাধীনে দেহে চামরৎৱং গতে শাস্ত্রে লিখিতং ৱচনমিদং সেৎস্যতি, যথা, জযেন গ্রস্যতে মৃত্যুঃ|
55 ৫৫ “হে মৃত্যু, তোমাৰ জয় ক’ত? হে মৃত্যু, তোমাৰ হুল ক’ত?” (Hadēs g86)
৫৫মৃত্যো তে কণ্টকং কুত্র পরলোক জযঃ ক্ক তে|| (Hadēs g86)
56 ৫৬ মৃত্যুৰ হুল পাপ আৰু পাপৰ শক্তি বিধান৷
৫৬মৃত্যোঃ কণ্টকং পাপমেৱ পাপস্য চ বলং ৱ্যৱস্থা|
57 ৫৭ কিন্তু ঈশ্বৰক ধন্যবাদ দিওঁ, তেওঁ আমাৰ প্ৰভু যীচু খ্ৰীষ্টৰ দ্বাৰাই আমাক জয় দান কৰিলে।
৫৭ঈশ্ৱরশ্চ ধন্যো ভৱতু যতঃ সোঽস্মাকং প্রভুনা যীশুখ্রীষ্টেনাস্মান্ জযযুক্তান্ ৱিধাপযতি|
58 ৫৮ এতেকে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে সুস্থিৰ আৰু দৃঢ় সংকল্প কৰক, ঈশ্বৰৰ কার্যত সকলো সময়তে নিজকে সম্পূর্ণৰূপে সপি দিয়ক৷ আপোনালোকে জানে যে, ঈশ্বৰৰ বাবে কৰা পৰিশ্ৰম ব্যৰ্থ নহয়।
৫৮অতো হে মম প্রিযভ্রাতরঃ; যূযং সুস্থিরা নিশ্চলাশ্চ ভৱত প্রভোঃ সেৱাযাং যুষ্মাকং পরিশ্রমো নিষ্ফলো ন ভৱিষ্যতীতি জ্ঞাৎৱা প্রভোঃ কার্য্যে সদা তৎপরা ভৱত|

< ১ কৰিন্থীয়া 15 >