< ১ কৰিন্থীয়া 14 >

1 আপোনালোকে প্ৰেমৰ পাছে পাছে যাওঁক; আৰু আত্মিক বৰবোৰলৈ একান্ত মনেৰে হাবিয়াহ কৰক, বিশেষকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবৰ হাবিয়াহ কৰক।
Kövessétek a szeretetet, kívánjátok a lelki ajándékokat, de leginkább azt, hogy prófétáljatok.
2 কিয়নো যি জনে বিশেষ কথা কোৱাৰ ক্ষমতা পাইছে, তেওঁ কোনো মানুহৰ সতে নহয় ঈশ্বৰৰ সতেহে কথা কয়; কাৰণ তেওঁ কি কথা কয় কোনেও নুবুজে, কিন্তু তেওঁ আত্মাৰ দ্বাৰাই নিগূঢ়-তত্ববোৰৰ বিষয়ে কয়।
Mert aki nyelveken szól, nem embereknek szól, hanem Istennek. Nem is érti senki, mert titkokat szól a Lélek által.
3 কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মানুহবোৰক ধাৰ্মিকতাত বৃদ্ধি কৰিবলৈ আৰু আশ্বাস আৰু সান্ত্বনা দিবলৈ কথা কয়।
Aki pedig prófétál, az embereknek beszél épülésre, intésre, vigasztalásra.
4 যি জনৰ পৰভাষা কবলৈ ক্ষমতা আছে, তেওঁ নিজকে ধৰ্মত বৃদ্ধি কৰে; কিন্তু যি জনে ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ মণ্ডলীক গঢ়ি তোলে।
Aki nyelveken szól, önmagát építi, aki pedig prófétál, a gyülekezetet építi.
5 আপোনালোকে যেন পৰভাষা কয়, এই মোৰ ইচ্ছা; কিন্তু তাতকৈ ভাবোক্তি যেন প্ৰচাৰ কৰে, ইয়ালৈ মোৰ বৰ ইচ্ছা; আৰু পৰভাষা কোৱা জনে, মণ্ডলীয়ে ধৰ্মত বৃদ্ধি পাবলৈ যদি অৰ্থ নুবুজায়, তেনেহলে এনে জনতকৈ ভাবোক্তি প্ৰচাৰ কৰা জন শ্ৰেষ্ঠ।
Szeretném ugyan, ha mindnyájan szólnátok nyelveken, de még inkább hogy prófétáljatok. Mert nagyobb a próféta, mint a nyelveken szóló, hacsak meg nem magyarázza, hogy a gyülekezet is épüljön.
6 এতিয়া, হে প্ৰিয় ভাই আৰু ভনী সকল, মই আপোনালোকৰ ওচৰলৈ গৈ যদি পৰভাষা কওঁ, কিন্তু আপোনালোকৰ ওচৰত গৈ প্ৰকাশিত সত্য ঞ্জান বা ভাববাণী বা কোনো শিক্ষা বিষয়ে যদি নকওঁ, তেনেহলে আপোনালোকৰ কিবা লাভ হবনে?
Ha most hozzátok megyek, atyámfiai, és nyelveken szólok, mit használok nektek, ha kijelentésben, vagy ismeretben, vagy prófétálásban, vagy tanításban nem szólok hozzátok?
7 শব্দ কৰা নিষ্প্ৰাণ বস্তুৰ মাজতো বাঁহী হওক, বা বীণা হওক, শুৱলা স্বৰ সৃষ্টি কৰি স্পষ্টকৈ শুৱলা ধ্বনিত যদি নাবাজে, তেনেহলে বাঁহীৰে বা বীণাৰে কি সুৰ বজোৱা হয়, সেই বিষয়ে কেনেকৈ জনা যাব?
Hiszen, ha élettelen hangszerek, akár fuvola, akár citera nem adnak megkülönböztethető hangokat, honnan ismerjük fel, hogy mit fuvoláznak vagy citeráznak?
8 কাৰণ ৰণ-শিঙাৰ মাত যদি অস্পষ্ট হয়, তেনেহলে যুদ্ধলৈ কোনে নিজকে সজাব?
Mert ha a trombita bizonytalan hangot ad, kicsoda készül harcra?
9 ঠিক সেইদৰে আপোনালোকেও যদি সহজে বুজিব পৰা কথা জিভাৰে নকয়, তেনেহলে যি কোৱা হয়, সেই বিষয়ে কেনেকৈ জানিব? কিয়নো এইবোৰ কথা আপোনালোকে বতাহত কোৱাৰ নিচিনা হ’ব।
Azonképpen ti is, ha nem érthető nyelven beszéltek, hogyan értik meg, amit mondotok? Csak a levegőbe fogtok beszélni.
10 ১০ জগতত বহু প্ৰকাৰৰ ভাষা আছে, তথাপি তাৰ অৰ্থ নোহোৱা ভাষা এটাও নাই।
Példa mutatja, hogy sokféle nyelv van a világon, de azok közül egy sem érthetetlen.
11 ১১ কিন্তু মই যদি সেই ভাষাৰ অৰ্থ নুবুজোঁ, তেনেহলে যি জনে কয়, তেওঁৰ বাবে মই বিদেশীৰ নিচিনা হ’ম; আৰু সেই কোৱা জনো মোৰ বাবে বিদেশীৰ নিচিনা হ’ব।
Ha nem ismerem a szó jelentését, a beszélőnek idegen leszek, és a beszélő is idegen marad előttem.
12 ১২ এতেকে লোকৰ ক্ষেত্ৰতো ঠিক তেনে ধৰণৰেই, আপোনালোকে আত্মাৰ বিবিধ বৰলৈ হাবিয়াহ কৰিছে যেতিয়া, মণ্ডলীক ধৰ্মত বৃদ্ধি কৰিবৰ বাবে উপচি পৰিবলৈ যত্ন কৰক।
Ezért ti is, mivel lelki ajándékokat kívántok, a gyülekezet építésére igyekezzetek, hogy gyarapodjatok.
13 ১৩ এই কাৰণে যি জনে পৰভাষা কয়, তেওঁ যেন অৰ্থও বুজাই দিব পাৰে, তাৰ কাৰণে প্ৰাৰ্থনা কৰক।
Azért, aki nyelveken szól, imádkozzék, hogy meg is magyarázza.
14 ১৪ কিয়নো পৰভাষাৰে যদি প্ৰাৰ্থনা কৰোঁ, তেনেহলে মোৰ আত্মাই প্ৰার্থনা কৰে, কিন্তু মোৰ হৃদয় ফলহীন হয়।
Mert ha nyelveken szólva könyörögök, a lelkem könyörög, de értelmem gyümölcstelen.
15 ১৫ তেনেহলে আমি কি কৰা উচিত? অামি আত্মাৰে প্ৰাৰ্থনা কৰিম নে, মনৰে প্ৰার্থনা কৰিম? আমি আত্মাৰে গীত গাম নে, মনেৰে গীত গাম?
Hogyan is van tehát? Imádkozom a Lélek által, de imádkozom az értelemmel is; énekelek a Lélek által, de énekelek az értelemmel is.
16 ১৬ নতুবা তুমি যদি আত্মাৰে ঈশ্বৰৰ প্ৰশংসা কৰিছা, কিন্তু যি সকলে শুনিবলৈ দর্শক হিচাপে তালৈ আহে, তেওঁ যদি বুজি নাপাই, কেনেকৈ তোমাৰ সেই ধন্যবাদত ‘আমেন’ ক’ব? কাৰণ তুমি কি কৈছা, তেওঁলোকে বুজি নাপালে।
Mert ha Lélek által mondasz áldást, az ott lévő avatatlan, hogyan fog áment mondani hálaadásodra, amikor nem is tudja, mit beszélsz?
17 ১৭ কিয়নো তুমি হ’লে, বহুত ভালকৈ ধন্যবাদ কৰিছা, কিন্তু অন্য লোক সকলক আত্মিক ভাবে গঢ়ি তোলা নহল।
Te ugyan szépen mondasz áldást, de más nem épül belőle.
18 ১৮ মই যে আপোনালোকতকৈ বেছি পৰভাষা কওঁ, তাৰ কাৰণে মই ঈশ্বৰৰ ধন্যবাদ কৰিছোঁ;
Hálát adok Istennek, hogy mindnyájatoknál jobban tudok nyelveken szólni.
19 ১৯ তথাপি মণ্ডলীত পৰভাষাৰে দহ হাজাৰ কথা কোৱাতকৈ, মানুহক শিক্ষা দিবলৈ, বুজি পোৱাকৈ বুদ্ধিৰে পাঁচটা কথা কোৱা ভাল বুলি ভাবো।
De a gyülekezetben inkább akarok öt szót mondani értelemmel, hogy másokat tanítsak, mint tízezer szót nyelveken.
20 ২০ হে প্ৰিয় ভাই আৰু ভনী সকল, আপোনালোক বিবেচনাত শিশুৰ দৰে নহ’ব; কিন্তু মন্দ বিষয়ত শিশু সকলৰ দৰে হৈ, চিন্তা আৰু বিবেচনাত বয়সস্থ লোকৰ দৰে হওক।
Atyámfiai, gondolkodástokban ne legyetek gyermekek. Inkább a gonoszságban legyetek gyermekek, a gondolkodásban pedig érettek legyetek.
21 ২১ বিধান-শাস্ত্ৰত লিখা আছে, “প্ৰভুৱে কৈছে, পৰভাষা কোৱা লোকৰ দ্বাৰাই, আৰু বিদেশী সকলৰ ওঁঠৰ দ্বাৰাই, মই এই লোকক কথা ক’ম; কিন্তু তাক কৰিলেও, তেওঁলোকে মোৰ কথা নুশুনিব।”
A törvényben meg van írva: „Idegen nyelveken és idegenek ajkával szólok e népnek, és így sem hallgatnak rám“– ezt mondja az Úr.
22 ২২ এই কাৰণে বেলেগ বেলেগ ভাষাৰে কথা কোৱা, বিশ্বাস কৰা সকলৰ কাৰণে নহয়, অবিশ্বাসী সকলৰ কাৰণে চিন হয়; কিন্তু ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰা, বিশ্বাস নকৰা সকলৰ কাৰণে নহয়, কিন্তু বিশ্বাস কৰা সকলৰ কাৰণে চিন হয়।
A nyelveken szólás tehát jel, de nem a hívőknek, hanem a hitetleneknek, a prófétálás pedig nem a hitetleneknek, hanem a hívőknek.
23 ২৩ এতেকে গোটেই মণ্ডলীয়ে যেতিয়া একগোট হয়, আৰু আটাইলোকে যদি পৰভাষা কৈ থাকে, তেতিয়া সাধাৰণ বা কোনো অবিশ্বাসী মানুহ সেই স্থানত প্ৰৱেশ কৰিলে, তেওঁলোকে আপোনালোকক বলীয়া বুলি নক’ব নে?
Ha tehát az egész gyülekezet egybegyűl, és mindnyájan nyelveken szólnak, ha idegenek vagy hitetlenek mennek be, nem azt mondják-e, hogy őrjöngtök?
24 ২৪ সকলোৱে যদি ভাবোক্তি প্ৰচাৰ কৰে আৰু বিশ্বাস নকৰা সাধাৰণ কোনো এজন মানুহ যদি সেই স্থানলৈ আহে, তেনেহলে সেই ভাববাণী শুনি তেওঁ নিজৰ পাপৰ বিষয়ে সচেতন আৰু ভাববাণীৰ দ্বাৰাই তেওঁ বিচাৰ প্ৰাপ্ত হয়৷
De ha mindnyájan prófétálnak, és bemegy egy hitetlen, vagy avatatlan azt mindenki igyekszik meggyőzni és megvizsgálni,
25 ২৫ এইদৰে লোক জনৰ হৃদয়ৰ কোনো গুপ্তকথা প্ৰকাশ পায়৷ তাতে তেওঁ মাটিত উবুৰি হৈ পৰি, নিশ্চয়ে ‘আপোনালোকৰ মাজত ঈশ্বৰ আছে’, এই বুলি ঈশ্বৰৰ সেৱা কৰিব।
és ilyen módon szívének titkai nyilvánvalókká lesznek, és így arcra borulva imádja Istent és hirdeti, hogy valóban Isten lakik bennetek.
26 ২৬ এতেকে হে প্ৰিয় ভাই আৰু ভনী সকল আপোনালোকে কি কৰিব? যেতিয়া আপোনালোক এঠাইত গোট খায়, তেতিয়া কোনো জনে গীত, কোনো জনে উপদেশ, কোনো জনে প্ৰকাশিত বাক্য, কোনো জনে পৰভাষা, কোনো জনে তাৰ অৰ্থ ভাঙণি কৰি কথা ক’ব। কিন্তু এই সকলো যেন মণ্ডলী বৃদ্ধি কৰিবলৈ কৰা হয়।
Atyámfiai, mi következik ebből? Amikor egybegyűltök mindegyikteknek van zsoltára, tanítása, nyelveken való szólása, kijelentése, nyelvek magyarázása. Mindez épülésetekre legyen.
27 ২৭ কোনোৱে যদি পৰভাষা কয়, তেনেহলে দুজন, বা তাতকৈ অধিক হ’লেও, তিনি জনে পাল অনুক্ৰমে কওক; আৰু এজনে অৰ্থ বুজাই দিয়ক।
Ha valaki nyelveken szól, legfeljebb kettő vagy három legyen, mégpedig egymás után, és valaki magyarázza meg.
28 ২৮ কিন্তু অৰ্থ বুজাই দিওঁতা যদি কোনো নাই, তেনেহলে তেওঁ মণ্ডলীত নিজম দি থাকি কেৱল নিজৰ আৰু ঈশ্বৰৰ উদ্দেশ্যে কথা কওক।
Ha pedig nincs, aki megmagyarázza, akkor hallgasson a gyülekezetben, csak önmagának szóljon és Istennek.
29 ২৯ আৰু ভাববাদী দুই বা তিনি জনে কথা কওক, আন সকলে বিবেচনা কৰি চাওক।
A próféták pedig ketten vagy hárman beszéljenek, és a többiek pedig bírálják meg.
30 ৩০ কিন্তু উপাসনাত বহি থকা সকলৰ কোনো জনৰ আগত কিবা কথা প্ৰকাশিত হ’লে প্ৰথম জন নিজম দি থাকক।
De ha egy másik ott ülő kap kijelentést, akkor az első hallgasson.
31 ৩১ কিয়নো অাপোনালোক সকলোৱেই এজন এজনকৈ ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰি, আন এজনক শিকাব পাৰে আৰু সকলোকে উদগাওক৷
Egyenként mindnyájan prófétálhattok, hogy mindenki tanuljon és megvigasztalódjék.
32 ৩২ কিয়নো ভাববাদী সকলৰ আত্মা ভাববাদী সকলৰ বশত থাকে।
A prófétalelkek engedelmeskednek a prófétáknak.
33 ৩৩ কিয়নো ঈশ্বৰে কেতিয়াও বিশৃংখল সৃষ্টি নকৰে, কিন্তু তেওঁ, শান্তি দিওঁতা ঈশ্বৰ হয়। যেনেকৈ পবিত্ৰ লোক সকলৰ মণ্ডলীত,
Mert Isten nem a zűrzavarnak, hanem a békességnek Istene.
34 ৩৪ তেনেকৈ আপোনালোকৰ মণ্ডলী সমূহতো মহিলা সকল নিজম দি থাকক; কিয়নো কথা ক’বলৈ তেওঁলোকক অনুমতি দিয়া নাযায়; কিন্তু তেওঁলোকে নিবেদন কৰি থাকক, বিধান-শাস্ত্ৰয়েও সেইদৰেই কয়।
Mint a szentek valamennyi gyülekezetében az asszonyok hallgassanak a gyülekezetekben, mert nincs megengedve nekik, hogy szóljanak, hanem legyenek engedelmesek, amint a törvény is mondja.
35 ৩৫ কিন্তু তেওঁলোকে যদি কিবা সুধি শিক্ষা পাব খোজে, তেনেহলে ঘৰতে নিজ নিজ স্বামীক সোধক; কিয়নো মণ্ডলীত মহিলা মানুহে কথা কোৱা লাজৰ বিষয়।
Ha pedig tanulni akarnak valamit, kérdezzék meg otthon a férjüket, mert asszonyhoz nem illik, hogy szóljon a gyülekezetben.
36 ৩৬ নতুবা, ঈশ্বৰৰ বাক্য আপোনালোকৰ মাজৰ পৰা ওলাইছিল নে? বা অকল আপোনালোকৰ ওচৰলৈহে আহিছিল নে?
Vajon tőletek eredt Isten beszéde, vajon csak hozzátok jutott el?
37 ৩৭ কোনোৱে যদি নিজকে নিজে ভাববাদী বা আত্মিক বুলি মানে, তেনেহলে মই আপোনালোকলৈ যিবোৰ কথা লিখিছোঁ, সেইবোৰ ঈশ্বৰৰ আদেশ বুলি তেওঁ জানক।
Ha valaki azt hiszi, hogy próféta, vagy lelki ajándék részese, tudja meg, hogy amit nektek írok, az az Úr parancsolata.
38 ৩৮ কিন্তু কোনোৱে যদি নাজানে, তেনেহলে তেওঁ নাজানক।
Ha valaki ezt nem ismeri el, őt sem ismerik el.
39 ৩৯ এই কাৰণে, হে মোৰ প্ৰিয় ভাই আৰু ভনী সকল, ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰিবলৈ হাবিয়াহ কৰক আৰু পৰভাষা ক’বলৈ নিষেধ নকৰিব।
Ezért, atyámfiai, törekedjetek a prófétálásra, és a nyelveken szólást se tiltsátok.
40 ৪০ কিন্তু সকলো কৰ্ম সুন্দৰকৈ শালিনতা বজাই কৰা হওক।
Minden méltóképpen és rendben történjék.

< ১ কৰিন্থীয়া 14 >