< ১ কৰিন্থীয়া 11 >

1 মই যেনেকৈ খ্ৰীষ্টৰ অনুকাৰী, আপোনালোকো তেনেকৈ মোৰ অনুকাৰী হওক।
μιμηται μου γινεσθε καθως καγω χριστου
2 আপোনালোকে সকলো বিষয়তে যে, মোক সোঁৱৰণ কৰি মই দিয়া বিধিবোৰ পালন কৰি আছে, তাৰ কাৰণে আপোনালোকৰ প্ৰশংসা কৰিছোঁ।
επαινω δε υμας αδελφοι οτι παντα μου μεμνησθε και καθως παρεδωκα υμιν τας παραδοσεις κατεχετε
3 কিন্তু খ্ৰীষ্ট যে প্ৰত্যেক পুৰুষৰ মূৰ স্বৰূপ, পুৰুষ মহিলাৰ মূৰ স্বৰূপ আৰু ঈশ্বৰ খ্ৰীষ্টৰ মূৰ স্বৰূপ, ইয়াক যেন আপোনালোকে জানে, এই মোৰ ইচ্ছা।
θελω δε υμας ειδεναι οτι παντος ανδρος η κεφαλη ο χριστος εστιν κεφαλη δε γυναικος ο ανηρ κεφαλη δε χριστου ο θεος
4 যি কোনো পুৰুষে মূৰ ঢাকি প্ৰাৰ্থনা কৰে, বা ঐশ্বৰিক ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে।
πας ανηρ προσευχομενος η προφητευων κατα κεφαλης εχων καταισχυνει την κεφαλην αυτου
5 কিন্তু যি কোনো মহিলাই উদং মূৰে প্ৰাৰ্থনা কৰে, বা ভাবোক্তি প্ৰচাৰ কৰে, তেওঁ নিজৰ মূৰ অমৰ্য্যাদা কৰে; কিয়নো তেওঁৰ মূৰ খুৰুউৱাৰ নিচিনা হয়।
πασα δε γυνη προσευχομενη η προφητευουσα ακατακαλυπτω τη κεφαλη καταισχυνει την κεφαλην εαυτης εν γαρ εστιν και το αυτο τη εξυρημενη
6 কাৰণ মহিলাই যদি ওৰণি নলয়, তেনেহলে চুলিও কটা যাওঁক; কিন্তু চুলি কটা বা মূৰ খুৰুৱা যদি লাজৰ কথা হয়, তেনেহলে তেওঁ ওৰণি লওঁক।
ει γαρ ου κατακαλυπτεται γυνη και κειρασθω ει δε αισχρον γυναικι το κειρασθαι η ξυρασθαι κατακαλυπτεσθω
7 কিয়নো পুৰুষ ঈশ্বৰৰ প্ৰতিমূৰ্তি আৰু গৌৰৱ স্বৰূপ হোৱাত, ওৰণি লোৱা তেওঁৰ উচিত নহয়; কিন্তু মহিলা হ’লে পুৰুষৰহে গৌৰৱ।
ανηρ μεν γαρ ουκ οφειλει κατακαλυπτεσθαι την κεφαλην εικων και δοξα θεου υπαρχων γυνη δε δοξα ανδρος εστιν
8 কিয়নো পুৰুষ মহিলাৰ পৰা নহয়, কিন্তু মহিলাহে পুৰুষৰ পৰা হ’ল।
ου γαρ εστιν ανηρ εκ γυναικος αλλα γυνη εξ ανδρος
9 কাৰণ মহিলাৰ কাৰণে পুৰুষ নহয়, পুৰুষৰ কাৰণেহে মহিলাক স্ৰজা হৈছিল।
και γαρ ουκ εκτισθη ανηρ δια την γυναικα αλλα γυνη δια τον ανδρα
10 ১০ সেয়েহে স্বৰ্গৰ দূত সকলৰ কাৰণে মহিলা সকলে নিজৰ মূৰত ক্ষমতাৰ চিন ৰখা কৰ্তব্য।
δια τουτο οφειλει η γυνη εξουσιαν εχειν επι της κεφαλης δια τους αγγελους
11 ১১ তথাপি যি কি নহওক, প্ৰভুত, মহিলাৰ অবিহনে পুৰুষ স্বাধীন নহয়, পুৰুষৰ অবিহনে মহিলাও স্বাধীন নহয়৷
πλην ουτε ανηρ χωρις γυναικος ουτε γυνη χωρις ανδρος εν κυριω
12 ১২ কিয়নো যেনেকৈ পুৰুষৰ পৰা মহিলা আহিল৷ তেনেকৈ পুৰুষো মহিলাৰ দ্বাৰাই আহিল; কিন্তু সকলোৱে ঈশ্বৰৰ পৰাহে আহিল।
ωσπερ γαρ η γυνη εκ του ανδρος ουτως και ο ανηρ δια της γυναικος τα δε παντα εκ του θεου
13 ১৩ আপোনালোকে মনতে বিচাৰ কৰি চাওক, মহিলা মানুহে উদং মূৰেৰে ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰা উচিত নে?
εν υμιν αυτοις κρινατε πρεπον εστιν γυναικα ακατακαλυπτον τω θεω προσευχεσθαι
14 ১৪ প্ৰকৃতিয়ে নিজেও আপোনালোকক নিশিকায় নে যে, পুৰুষৰ দীঘল চুলি হোৱা তেওঁলৈ অনাদৰজনক?
η ουδε αυτη η φυσις διδασκει υμας οτι ανηρ μεν εαν κομα ατιμια αυτω εστιν
15 ১৫ কিন্তু মহিলাৰ দীঘল চুলি হোৱাই তেওঁলৈ গৌৰৱজনক; কিয়নো সেই দীঘল চুলি ওৰণিৰ অৰ্থে দিয়া হ’ল।
γυνη δε εαν κομα δοξα αυτη εστιν οτι η κομη αντι περιβολαιου δεδοται αυτη
16 ১৬ কিন্তু কোনোৱে যদি বাদবিবাদলৈ মন কৰে, তেনেহলে ঈশ্বৰৰ মণ্ডলীবোৰৰ আৰু আমাৰো এনে কোনো দস্তুৰ নাই।
ει δε τις δοκει φιλονεικος ειναι ημεις τοιαυτην συνηθειαν ουκ εχομεν ουδε αι εκκλησιαι του θεου
17 ১৭ এই আদেশৰ লগত আৰু এটা কথা কওঁ, এই কথাত মই প্ৰশংসা নকৰোঁ; সেই কথা এই, আপোনালোকে ভাললৈ নহয়, বেয়ালৈহে গোট খায়।
τουτο δε παραγγελλων ουκ επαινω οτι ουκ εις το κρειττον αλλ εις το ηττον συνερχεσθε
18 ১৮ কাৰণ প্ৰথমে যেতিয়া আপোনালোক মণ্ডলীত গোট খায়, তেতিয়া আপোনালোকৰ মাজত ভিন ভিন দল হয়, ইয়াকে মই শুনিছোঁ আৰু কিছু কিছু বিশ্বাসো কৰিছোঁ।
πρωτον μεν γαρ συνερχομενων υμων εν τη εκκλησια ακουω σχισματα εν υμιν υπαρχειν και μερος τι πιστευω
19 ১৯ কিয়নো আপোনালোকৰ মাজৰ পৰীক্ষাসিদ্ধ মানুহবোৰ প্ৰকাশিত হ’বলৈ, আপোনালোকৰ মাজত নানা মতো হ’ব লাগে।
δει γαρ και αιρεσεις εν υμιν ειναι ινα οι δοκιμοι φανεροι γενωνται εν υμιν
20 ২০ তাতে আপোনালোক যেতিয়া একে ঠাইতে গোট খায়, তেতিয়া প্ৰভুৰ ভোজ ভোজন কৰা নহয়;
συνερχομενων ουν υμων επι το αυτο ουκ εστιν κυριακον δειπνον φαγειν
21 ২১ কিয়নো ভোজন কৰোঁতে, প্ৰতিজনে আনৰ আগেয়ে নিজৰ নিজৰ ভোজহে গ্ৰহণ কৰে; তাতে কোনো জনৰ ভোক থাকে, কোনো জন মতলীয়া হয়।
εκαστος γαρ το ιδιον δειπνον προλαμβανει εν τω φαγειν και ος μεν πεινα ος δε μεθυει
22 ২২ তেনেহলে ভোজন-পান কৰিবলৈ, আপোনালোকৰ নিজ নিজ ঘৰ নাই নে? নাইবা ঈশ্বৰৰ মণ্ডলীক হেয়জ্ঞান কৰি, দীনহীন সকলক লাজ দিয়া নে? মই আপোনালোকক কি ক’ম? এই কথাত আপোনালোকক প্ৰশংসা কৰিম নে? আপোনালোকৰ প্ৰশংসা নকৰোঁ।
μη γαρ οικιας ουκ εχετε εις το εσθιειν και πινειν η της εκκλησιας του θεου καταφρονειτε και καταισχυνετε τους μη εχοντας τι υμιν ειπω επαινεσω υμας εν τουτω ουκ επαινω
23 ২৩ কিয়নো যি শিক্ষা মই প্ৰভুৰ পৰা পাই আপোনালোকক দিলোঁ, সেয়ে এই, “প্ৰভু যীচুক যি ৰাতি শত্ৰুৰ হাতত শোধাই দিয়া হৈছিল,
εγω γαρ παρελαβον απο του κυριου ο και παρεδωκα υμιν οτι ο κυριος ιησους εν τη νυκτι η παρεδιδοτο ελαβεν αρτον
24 ২৪ সেই ৰাতিয়েই তেওঁ পিঠা লৈ, ধন্যবাদ কৰি ভাঙি ক’লে, ‘তোমালোকৰ কাৰণে এই মোৰ শৰীৰ যি তোমালোকৰ বাবে ভঙা হব; মোক সুঁৱৰিবৰ অৰ্থে, তোমালোকে ইয়াকে কৰিবা’।
και ευχαριστησας εκλασεν και ειπεν λαβετε φαγετε τουτο μου εστιν το σωμα το υπερ υμων κλωμενον τουτο ποιειτε εις την εμην αναμνησιν
25 ২৫ এইদৰে ভোজনৰ পাছত, তেওঁ পান-পাত্ৰকো লৈ ক’লে, ‘এই পান-পাত্ৰ মোৰ তেজৰ দ্বাৰাই হোৱা নতুন নিয়ম; তোমালোকে যিমান বাৰ ইয়াক পান কৰা, সিমান বাৰ মোক সুঁৱৰিবৰ অৰ্থে, ইয়াকে কৰিবা’।
ωσαυτως και το ποτηριον μετα το δειπνησαι λεγων τουτο το ποτηριον η καινη διαθηκη εστιν εν τω εμω αιματι τουτο ποιειτε οσακις αν πινητε εις την εμην αναμνησιν
26 ২৬ কিয়নো আপোনালোকে যিমান বাৰ এই পিঠা খায় আৰু এই পাত্ৰত পান কৰে, প্ৰভু নহালৈকে সিমান বাৰ আপোনালোকে তেওঁৰ মৃত্যু প্ৰচাৰ কৰি আছে।”
οσακις γαρ αν εσθιητε τον αρτον τουτον και το ποτηριον τουτο πινητε τον θανατον του κυριου καταγγελλετε αχρις ου αν ελθη
27 ২৭ এতেকে যি কোনোৱে অযোগ্যৰূপে প্ৰভুৰ সেই পিঠা খায় বা সেই পাত্ৰত পান কৰে, তেওঁ প্ৰভুৰ শৰীৰ আৰু তেজৰ দোষী হ’ব।
ωστε ος αν εσθιη τον αρτον τουτον η πινη το ποτηριον του κυριου αναξιως ενοχος εσται του σωματος και αιματος του κυριου
28 ২৮ কিন্তু মানুহে নিজে নিজৰ পৰীক্ষা কৰি, পাছে সেই পিঠা ভোজন কৰক আৰু সেই পাত্ৰত পান কৰক।
δοκιμαζετω δε ανθρωπος εαυτον και ουτως εκ του αρτου εσθιετω και εκ του ποτηριου πινετω
29 ২৯ কিয়নো যি কোনোৱে সেই শৰীৰ বিবেচনা নকৰি ভোজন-পান কৰে, তেওঁ নিজ দণ্ড ভোজন-পান কৰে।
ο γαρ εσθιων και πινων αναξιως κριμα εαυτω εσθιει και πινει μη διακρινων το σωμα του κυριου
30 ৩০ এই কাৰণে আপোনালোকৰ মাজত বহুত মানুহ দূৰ্বলী আৰু ৰুগীয়া; আৰু বহুত মানুহ নিদ্ৰিত হ’ল।
δια τουτο εν υμιν πολλοι ασθενεις και αρρωστοι και κοιμωνται ικανοι
31 ৩১ কিন্তু আমি নিজৰ বিচাৰ নিজে ঠাৱৰ কৰা হ’লে, আমাৰ বাবে দণ্ডাজ্ঞা নহলহেঁতেন।
ει γαρ εαυτους διεκρινομεν ουκ αν εκρινομεθα
32 ৩২ কিন্তু যাতে আমি জগতৰে সৈতে দণ্ড নাপাম, এই কাৰণে আমাৰ সোধ-বিচাৰ হোৱাত প্ৰভুৰ পৰা শাস্তি পাইছোঁ।
κρινομενοι δε υπο κυριου παιδευομεθα ινα μη συν τω κοσμω κατακριθωμεν
33 ৩৩ এতেকে, হে মোৰ ভাই সকল, আপোনালোকে যেতিয়া ভোজন-পান কৰিবলৈ গোট খায়, তেতিয়া ইজনে সিজনলৈ বাট চাই থাকিব
ωστε αδελφοι μου συνερχομενοι εις το φαγειν αλληλους εκδεχεσθε
34 ৩৪ আৰু আপোনালোকৰ গোট খোৱাটো যেন দণ্ডৰ কাৰণ নহয়, এই কাৰণে কোনো জনৰ ভোক লাগে যদি, তেওঁ ঘৰতে খাওক। অৱশিষ্ট কথাবোৰৰ বিষয়ে, মই গ’লেহে দিহা দিম।
ει δε τις πεινα εν οικω εσθιετω ινα μη εις κριμα συνερχησθε τα δε λοιπα ως αν ελθω διαταξομαι

< ১ কৰিন্থীয়া 11 >