< ১ বংশাবলি 9 >

1 ইস্ৰায়েলৰ সকলো বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল। তেওঁলোকে ইস্ৰায়েলৰ ৰজাসকলৰ পুস্তকত এই বংশাৱলীবোৰ লিপিৱদ্ধ কৰি ৰাখিছিল। যিহূদাৰ লোকসকলক নিজৰ পাপৰ কাৰণে বাবিললৈ বন্দী কৰি নিয়া হৈছিল।
و تمامي اسرائيل بر حسب نسب نامه هاي خود شمرده شدند، و اينک در کتاب پادشاهان اسرائيل مکتوب اند و يهودا به سبب خيانت خود به بابل اسيري رفتند.۱
2 তেওঁলোকৰ নগৰত পুনৰ প্ৰথমবাৰ বাস কৰা কিছুমান লোক হ’ল ইস্ৰায়েলীয়াসকল, পুৰোহিতসকল, লেবীয়াসকল, আৰু মন্দিৰৰ দাস সকল।
و کساني که اول در مُلکها و شهرهاي ايشان سکونت داشتند، اسرائيليان و کاهنان و لاويان و نَتينيم بودند.۲
3 যিহূদা, বিন্যামীন, ইফ্ৰয়িম আৰু মনচিৰ বংশৰ কিছুমান লোক যিৰূচালেমত বাস কৰিছিল।
و در اورشليم بعضي از بني يهودا واز بني بنيامين و از بني افرايم و مَنَّسي ساکن بودند.۳
4 বাস কৰা লোকসকলৰ লগত বানিৰ পুত্র ইম্ৰীয়, ইম্ৰীয়ৰ পুত্র অম্রীয়, অম্রীয়ৰ পুত্র অম্মীহূদ, অম্মীহূদৰ পুত্র উথয়ৰ লগতে যিহূদাৰ পুত্র পেৰচৰ বংশৰ কিছুমান লোকক অন্তৰ্ভুক্ত কৰা হৈছিল।
عوتاي ابن عمَّيهُود بن عُمرِي ابن اِمرِي ابن باني از بني فارَص بن يهودا.۴
5 চীলোনীয়াসকলৰ মাজৰ প্ৰথমে জন্ম হোৱা অচায়া আৰু তেওঁৰ পুত্রসকল।
و از شيلونيان نخست زاده اش عسايا و پسران او.۵
6 জেৰহৰ বংশৰ লোকসকলৰ মাজৰ যুৱেল। তেওঁলোকৰ বংশৰ লোকসকলৰ সংখ্যা ছশ নব্বৈই জন আছিল।
و از بني زارَح يعُوئيل و براران ايشان ششصد و نود نفر.۶
7 বিন্যামীনৰ বংশৰ লোকসকলৰ মাজৰ হচ্ছনুৱাৰ পুত্র হোদবিয়া, হোদবিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র চল্লু।
و از بني بنيامين سَلُّو ابن مَشُلاّمِ بن هُودُويا ابن هَسنُوآه.۷
8 তাত যিৰোহমৰ পুত্র যিবনিয়াও আছিল। যিবনিয়াৰ পুত্র ৰূৱেল, ৰূৱেলৰ পুত্র চফটিয়া, চফটিয়াৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র মিক্ৰী, মিক্ৰীৰ পুত্র উজ্জী, আৰু উজ্জীৰ পুত্র এলা আছিল।
و يبنِيا ابن يرُوحام و اِيلَة بن عُزِّي ابن مِکرِي و مَشُلاّم بن شَفَطيا بن رَاؤئيل بن يبنِيا.۸
9 তেওঁলোকৰ সম্বন্ধীয় বংশাৱলীৰ তালিকা অনুসাৰে লোকৰ সংখ্যা আছিল, নশ ছাপন্ন জন। এই সকলো লোক নিজৰ বংশৰ নেতৃত্বত আছিল।
و برادران ايشان بر حسب انساب ايشان نه صد و پنجاه و شش نفر. جميع اينها رؤساي اجداد بر حسب خاندانهاي آباي ايشان بودند.۹
10 ১০ পুৰোহিতসকলৰ মাজৰ যিদয়া, যিহোয়াৰীব, আৰু যাখীন;
و از کاهنان، يدَعيا و يهُوياريب و ياکين،۱۰
11 ১১ অহীটুবৰ পুত্র মৰায়োত, মৰায়োতৰ পুত্র চাদোক, চাদোকৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র হিল্কিয়া, হিল্কিয়াৰ পুত্র অজৰিয়া ঈশ্বৰৰ গৃহৰ প্রধান অধ্যক্ষ আছিল।
عَزَريا ابن حِلقيا ابن مَشُلاّم بن صادوق بن مَرايوت بن اَخيطُوب رئيس خانه خدا،۱۱
12 ১২ মল্কীয়াৰ পুত্র পচহুৰ, পচহুৰৰ পুত্র যিৰিহোম, যিৰিহোমৰ পুত্র অদায়া আছিল। ইম্মেৰৰ পুত্র মচিল্লেমীত, মচিল্লেমীতৰ পুত্র মচুল্লম, মচুল্লমৰ পুত্র যহজেৰা, যহজেৰাৰ পুত্র আদিয়েল, আদিয়েলৰ পুত্র মাচয়ো আছিল।
و عَدايا ابن يرُوحام بن فَشحُور بن مَلکيا و مَعَساي ابن عَديئيل بن يحزيره بن مَشُلاّم بن مَشِليمِيت بن اِمّير.۱۲
13 ১৩ তেওঁলোকৰ সম্পৰ্কীয় গোষ্ঠীৰ নেতৃত্বত যি সকল আছিল, তেওঁলোকৰ সংখ্যা এক হাজাৰ সাত শ ষাঠি জন। তেওঁলোক ঈশ্বৰৰ গৃহত কাম কৰাৰ বাবে অতি সক্ষম লোক আছিল।
و برادران ايشان که رؤساي خاندان آباي ايشان بودند، هزار و هفتصد شصت نفر که مردان رشيد به جهت عمل خدمت خانه خدا بودند.۱۳
14 ১৪ লেবীয়াসকলৰ মাজৰ মৰাৰীৰ বংশত জন্ম হোৱা হচবিয়াৰ পুত্র অজ্ৰীকাম, অজ্ৰীকামৰ পুত্র হচ্ছুব, হচ্ছুবৰ পুত্র চময়া আছিল।
و از لاويان شَمَعيا ابن حَشُّوب بن عَزريقام بن حَشَبيا از بني مَراري.۱۴
15 ১৫ তাত বকবক্কৰ, হেৰচ, গালল, আচফৰ পুত্র জিখ্ৰী, জিখ্ৰীৰ নাতি মীখাৰ পুত্র মত্তনিয়াও আছিল।
و بَقبَقَّر و حارَش و جَلال و مَتَنيا ابن ميکا ابن زِکرِي ابن آساف.۱۵
16 ১৬ ইলকানাৰ পুত্র আচা, আচাৰ পুত্র বেৰেখিয়া আৰু যিদূথূনৰ পুত্র গালল, গাললৰ পুত্র চময়া, চময়াৰ পুত্র ওবদিয়াও নটোফাতীয়াসকলৰ গাওঁসমূহত বাস কৰিছিল।
و عَوبَديا ابن شَمَعيا ابن جَلال و بن يدُوتُون و بَرخِيا ابن آسا ابن اَلقانَه که در دهات نَطُوفاتيان ساکن بود.۱۶
17 ১৭ দুৱৰীসকল চল্লুম, অক্কুব, টলমোন, অহীমন, আৰু তেওঁলোকৰ বংশৰ লোকসকল। চল্লূম তেওঁলোকৰ নেতা আছিল।
و در بانان، شَلُّوم و عَقُّوب و طَلمُون و اَخِيمان و برادران ايشان. و شَلُّوم رئيس بود.۱۷
18 ১৮ তেওঁলোক আগৰ পৰা লেবী বংশৰ ছাউনিৰ পূবদিশে ৰাজদুৱাৰত থিয় হৈ পহৰা দিছিল।
و ايشان تا الآن بر دروازه شرقي پادشاه (مي باشند) و در بانانِ فرقه بني لاوي بودند.۱۸
19 ১৯ কোৰহৰ পুত্র অবিয়াচফ, অবিয়াচফ পুত্র কোৰি, কোৰিৰ পুত্র চল্লুম, আৰু তেওঁৰ পিতৃ বংশত কোৰহীয়া ভাইসকল আছিল। মন্দিৰৰ কামত নিযুক্ত আৰু তম্বুৰ দুৱাৰৰ ৰখীয়া আছিল। কেৱল তেওঁলোকৰ বংশৰ লোকহে যিহোৱা থকা ঠাইৰ প্ৰবেশস্থানৰ ৰখীয়া হৈছিল।
و شَلُّوم بن قُورِي ابن اَبيآ ساف بن قُورَح و برادرانش از خاندان پدرش يعني بني قُورَح که ناظران عمل خدمت و مستحفظان دروازه هاي خيمه بودند و پدران ايشان ناظران اُردوي خداوند و مستحفظان مدخل آن بودند.۱۹
20 ২০ পূর্বে ইলিয়াজৰৰ পুত্ৰ পীনহচ তেওঁলোকৰ প্রধান অধ্যক্ষ আছিল, আৰু যিহোৱা তেওঁৰ লগত আছিল।
و فينَحاس بن اَلعازار، سابق رئيس ايشان بود. و خداوند با وي مي بود.۲۰
21 ২১ মেচেলিয়ামৰ পুত্ৰ জখৰিয়া “সাক্ষাত কৰা তম্বুৰ” দুৱাৰ ৰখীয়া আছিল।
و زکريا ابن مَشَلَمِيا دربان دروازه خيمه اجتماع بود.۲۱
22 ২২ যি সকল লোকক দুৱাৰ ৰাখিবলৈ দুৱৰীস্বৰূপে মনোনীত কৰা হৈছিল তেওঁলোকৰ সংখ্যা সৰ্ব্বমুঠ দুশ বাৰ জন। এওঁলোকৰ গাঁৱৰ নাম জনবসতি লিপিৱদ্ধ কৰোঁতে লিখা হৈছিল। দায়ুদ আৰু চমূৱেল দৰ্শকে তেওঁলোকৰ বিশ্ৱাসৰ ভিত্তিত তেওঁলোকক কামত নিযুক্ত কৰিছিল।
و جميع ايناني که براي درباني دروازه ها منتخب شدند، دويست دوازده نفر بودند و ايشان در دهات خود بر حسب نسب نامه هاي خود شمرده شدند که داود و سموئيلِ رائي ايشان را بر وظيفه هاي ايشان گماشته بودند.۲۲
23 ২৩ সেয়ে তেওঁলোকে আৰু তেওঁলোকৰ সন্তান সকলে যিহোৱাৰ আবাসৰ দুৱাৰত ৰখীয়াৰ কাম কৰিছিল।
پس ايشان و پسران ايشان بر دروازه هاي خانه خداوند و خانه خيمه براي نگهباني آن گماشته شدند.۲۳
24 ২৪ দুৱৰীসকলক পূব, পশ্চিম, উত্তৰ, আৰু দক্ষিণ, এই চাৰিও দিশত নিযুক্ত কৰা হৈছিল।
و دربانان به هر چهار طرف يعني مشرق و مغرب و شمال و جنوب بودند.۲۴
25 ২৫ তেওঁলোকৰ গাঁৱত থকা ভাইসকল সাত দিনৰ মূৰত পালক্ৰমে ঘূৰি আহিব লগা হৈছিল।
و برادران ايشان که در دهات خود بودند، هر هفت روز نوبت به نوبت با ايشان مي آمدند.۲۵
26 ২৬ কিন্তু চাৰিজন প্ৰধান লেবীয়া দুৱৰী আছিল, তেওঁলোক নিযুক্ত হৈ ঈশ্বৰৰ গৃহৰ কোঁঠাবোৰৰ আৰু ভঁৰালবোৰৰ ৰখীয়া নিযুক্ত হৈছিল।
زيرا چهار رئيس دربانان که لاويان بودند، منصب خاصّ داشتند و ناظرانِ حجره ها و خزانه هاي خانه خدا بودند.۲۶
27 ২৭ তেওঁলোকে ঈশ্বৰৰ গৃহৰ চাৰিওফালে ৰাতি অতিবাহিত কৰিছিল, কাৰণ গৃহ ৰখিবলৈ তেওঁলোকৰ ওপৰত দ্বায়ীত্ব আছিল। তেওঁলোকে প্রতি ৰাতিপুৱা দুৱাৰ মেলিব পাৰিছিল।
و به اطراف خانه خدا منزل داشتند زيرا که نگاه بانيش بر ايشان بود، و باز کردن آن هر صبح بر ايشان بود.۲۷
28 ২৮ তেওঁলোকৰ কিছুমান লোক মন্দিৰৰ আহিলা পাতিৰ অধ্যক্ষ আছিল; যেতিয়া তেওঁলোকে সেইবোৰ বাহিৰলৈ আনিছিল বা ভিতৰলৈ নিছিল তেতিয়া গণনা কৰিছিল।
و بعضي از ايشان بر آلات خدمت مأمور بودند، چونکه آنها را به شماره مي آوردند و به شماره بيرون مي بردند.۲۸
29 ২৯ তেওঁলোকৰ কিছুমান লোকক আহিলাপাতি, পবিত্ৰ স্থানৰ সকলো পাত্ৰ, মিহি আটাগুড়ি, দ্ৰাক্ষাৰস, তেল, ধূপ, আৰু মচলা আদি সকলো বস্তু তত্বাৱধান কৰিবলৈও নিযুক্ত কৰা হৈছিল।
از ايشان بر اسباب و جميع آلات قدس و آردِ نرم و شراب و روغن و بخور و عطريات مأمور بودند.۲۹
30 ৩০ পুৰোহিতসকলৰ কিছুমান পুত্রই মচলা মিহলি কৰিছিল।
و بعضي از پسران کاهنان، عطريات خوشبو را ترکيب مي کردند.۳۰
31 ৩১ লেবীয়াসকলৰ মাজত কোৰহীয়া চল্লূমৰ প্ৰথম পুত্ৰ মত্তিথিয়া উৎসৰ্গৰ বাবে প্ৰস্তুত কৰা পিঠাৰ তত্বাৱধান কৰোঁতা হিচাবে নিযুক্ত আছিল।
و مَتَّتيا که از جمله لاويان و نخست زاده شَلُّوم قُورَحي بود، بر عمل مطبوخات گماشته شده بود.۳۱
32 ৩২ তেওঁলোকৰ ভায়েকসকলৰ মাজত কহাতৰ বংশৰ কিছুমান লোক প্ৰত্যেক বিশ্ৰাম-বাৰত দৰ্শন-পিঠা যুগুত কৰিবলৈ নিযুক্ত আছিল।
و بعضي از برادران ايشان از پسران قَهاتيان، بر نان تَقدِمه مأمور بودند تا آن را در هر روز سبت مهيا سازند.۳۲
33 ৩৩ গায়কসকল আৰু লেবীয়াসকলৰ পৰিয়ালৰ মূল মানুহ দিনে-ৰাতিয়ে নিযুক্ত কৰি দিয়া দ্বায়ীত্ব বহন কৰিছিল, সেয়ে যেতিয়া তেওঁলোক নিজৰ কামৰ পৰা মুক্ত হয়, তেতিয়া তেওঁলোক পবিত্ৰ স্থানত থকা কোঁঠাবোৰত থাকিছিল।
و مغنيان از رؤساي خاندان آباي لاويان در حجره ها سکونت داشتند و از کار ديگر فارغ بودند زيرا که روز و شب در کار خود مشغول مي بودند.۳۳
34 ৩৪ লেবীয়াসকলৰ মাজত পৰিয়ালৰ নেতাসকলৰ তালিকা বংশাৱলীত লিপিৱদ্ধ কৰা আছিল। তেওঁলোক যিৰূচালেমত বাস কৰিছিল।
اينان رؤساي خاندان آباي لاويان و بر حسب انساب خود رئيس بودند و در اورشليم سکونت داشتند.۳۴
35 ৩৫ গিবিয়োনৰ পিতৃ যিয়ীয়েল, তেওঁৰ ভাৰ্য্যাৰ নাম মাখা। তেওঁলোক গিবিয়োনত বাস কৰিছিল।
و در جِبعُون، پدر جِبعُون، يعوئيل سکونت داشت و اسم زنش مَعکَه بود.۳۵
36 ৩৬ তেওঁৰ প্ৰথমে জন্ম হোৱা পুত্ৰ আব্দোন, তাৰ পাছত চূৰ, কীচ, বাল, নেৰ, নাদব,
و نخست زاده اش عَبدون بود، پس صور و قَيس و بَعل و نير و ناداب،۳۶
37 ৩৭ গদোৰ, অহিয়ো, জখৰিয়া, আৰু মিক্লোৎ।
و جَدُور و اَخِيو و زَکريا و مِقلُوت؛۳۷
38 ৩৮ মিক্লোতৰ পুত্র চিমিয়াম। তেওঁলোকেও নিজৰ ভায়েকসকলৰ ওচৰত যিৰূচালেমত বাস কৰিছিল।
و مِقلُوت شِمآم را آورد و ايشان نيز با برادران خود در اورشليم در مقابل برادران ايشان ساکن بودند.۳۸
39 ৩৯ নেৰৰ পুত্র কীচ, কীচৰ পুত্র চৌল, চৌলৰ পুত্র যোনাথন, মল্কীচুৱা, অবীনাদব আৰু ইচবাল,
و نير قَيس را آورد و قَيس شاؤل را آورد و شاؤل يهُوناتان و مَلکيشوع و ابيناداب و اَشبَعل را آورد.۳۹
40 ৪০ যোনাথনৰ পুত্র মাৰীব-বাল, মৰীব-বালৰ পুত্র মীখা,
و پسر يهُوناتان، مَريب بَعل بود و مَريب بَعل ميکا را آورد.۴۰
41 ৪১ মীখাৰ পুত্র পীথোন, মেলক, তহৰেয়া, আৰু আহজ,
و پسر ميکا، فيتون و مالَک و تَحريع و آحاز بودند.۴۱
42 ৪২ আহজৰ পুত্র যৰা, যৰাৰ পুত্র অলেমৎ, অজমাবৎ, আৰু যিম্ৰী, যিম্ৰীৰ পুত্র মোচা,
و آحاز يعرَه را آورد و يعره عَلمَت و عَزمُوت و زِمرِي را آورد و زِمرِي موصا را آورد.۴۲
43 ৪৩ মোচাৰ পুত্র বিনিয়া, বিনিয়াৰ পুত্র ৰফায়া, ৰফায়াৰ পুত্র ইলিয়াচা, ইলিয়াচাৰ পুত্র আচেল,
و موصا بِنعا را آورد و پسرش رفايا و پسرش اَلعاسَه و پسرش آصيل.۴۳
44 ৪৪ আচেলৰ ছয় জন পুত্র আছিল, তেওঁলোকৰ নাম অজ্ৰীকাম, বোখৰু, ইশ্মায়েল, চিয়ৰিয়া, ওবদিয়া, আৰু হানন।
و آصيل را شش پسر بود و اين است نامهاي ايشان: عَزرِيقام و بُکرُو و اسمَعيل و شَعَريا و عُوبَديا و حانان اينها پسران آصيل مي باشند.۴۴

< ১ বংশাবলি 9 >