< ১ বংশাবলি 7 >

1 ইচাখৰৰ চাৰি জন পুত্র আছিল; তেওঁলোক হ’ল, তোলা, পূৱা, যাচূব, আৰু চিম্ৰোণ।
ולבני יששכר תולע ופואה ישיב ושמרון ארבעה׃
2 তোলাৰ পুত্র সকল হ’ল, উজ্জী, ৰফায়া, যিৰিয়েল, যহময়, যিবচম, আৰু চমূৱেল। এওঁলোক পূৰ্বপূৰুষৰ পৰা অহা বংশৰ মূল মানুহ। এয়াই হ’ল, তোলাৰ বংশ। তেওঁলোক শক্তিশালী আৰু সাহিয়াল আছিল, দায়ূদৰ সময়ত তেওঁলোকৰ সংখ্যা বাইশ হাজাৰ ছশ জন আছিল।
ובני תולע עזי ורפיה ויריאל ויחמי ויבשם ושמואל ראשים לבית אבותם לתולע גבורי חיל לתלדותם מספרם בימי דויד עשרים ושנים אלף ושש מאות׃
3 উজ্জীৰ পুত্র যিজ্ৰহিয়া, যিজ্ৰহিয়াৰ পুত্র মীখায়েল, ওবদিয়া, যোৱেল, আৰু যিচিয়া, এই পাঁচ জনৰ সকলোৱেই নিজ গোষ্ঠীৰ নেতা আছিল।
ובני עזי יזרחיה ובני יזרחיה מיכאל ועבדיה ויואל ישיה חמשה ראשים כלם׃
4 তেওঁলোকৰ সৈতে পিতৃ-বংশৰ জাতি অনুসাৰে যুদ্ধৰ বাবে ছয়ত্ৰিশ হাজাৰ সৈন্য আছিল। তেওঁলোকৰ বহুতো ভাৰ্যা আৰু সন্তান আছিল।
ועליהם לתלדותם לבית אבותם גדודי צבא מלחמה שלשים וששה אלף כי הרבו נשים ובנים׃
5 পূৰ্বপূৰুষৰ জাতিৰ তালিকা অনুযায়ী ইচাখৰৰ জাতিৰ ভিতৰত তেওঁলোকৰ সাতাশী হাজাৰ যুদ্ধাৰু আছিল।
ואחיהם לכל משפחות יששכר גבורי חילים שמונים ושבעה אלף התיחשם לכל׃
6 বেলা, বেখৰ, আৰু যিদীয়েল; এই তিনি জন আছিল বিন্যামীনৰ পুত্র।
בנימן בלע ובכר וידיעאל שלשה׃
7 বেলাৰ পাঁচ জন পুত্র হ’ল, ইচবোন, উজ্জী, উজ্জীয়েল, যিৰীমোৎ, আৰু ঈৰী। তেওঁলোক নিজৰ গোষ্ঠীৰ মূল ব্যক্তি আৰু সৈনিক আছিল। পূৰ্বপূৰুষৰ তালিকা অনুযায়ী তেওঁলোকৰ যুদ্ধাৰুৰ সংখ্যা বাইশ হাজাৰ চৌত্ৰিশ জন আছিল।
ובני בלע אצבון ועזי ועזיאל וירימות ועירי חמשה ראשי בית אבות גבורי חילים והתיחשם עשרים ושנים אלף ושלשים וארבעה׃
8 জমীৰা, যোৱাচ, ইলীয়েজৰ, ইলিয়োঐনয়, অম্ৰী, যিৰোমোৎ, অবিয়া, অনাথোৎ, আৰু আলেমৎ; এই সকলো বেখৰৰ সন্তান।
ובני בכר זמירה ויועש ואליעזר ואליועיני ועמרי וירמות ואביה וענתות ועלמת כל אלה בני בכר׃
9 তালিকাত দিয়া গোষ্ঠীৰ সংখ্যা অনুযায়ী বিশ হাজাৰ দুশ পৰিয়ালৰ নেতা আৰু যুদ্ধাৰু লোক আছিল।
והתיחשם לתלדותם ראשי בית אבותם גבורי חיל עשרים אלף ומאתים׃
10 ১০ যিদীয়েলৰ পুত্র বিলহন। বিলহনৰ পুত্র যিয়ূচ, বিন্যামীন, অহূদ, কনানা, জেথন, তৰ্চীচ, আৰু অহীচহৰ।
ובני ידיעאל בלהן ובני בלהן יעיש ובנימן ואהוד וכנענה וזיתן ותרשיש ואחישחר׃
11 ১১ এই সকলো যিদীয়েলৰ সন্তান। তেওঁলোকৰ গোষ্ঠীৰ তালিকা অনুযায়ী সোঁতৰ হাজাৰ দুশ নেতা আৰু সৈনিকৰ কাৰ্যৰ বাবে উপযুক্ত যুদ্ধাৰু লোক আছিল।
כל אלה בני ידיעאל לראשי האבות גבורי חילים שבעה עשר אלף ומאתים יצאי צבא למלחמה׃
12 ১২ চুপ্পীম আৰু হুপ্পীম ঈৰৰ বংশৰ আছিল আৰু অহেৰৰ বংশৰ আছিল হূচীম
ושפם וחפם בני עיר חשם בני אחר׃
13 ১৩ নপ্তালীৰ পুত্র যহচীয়েল, গূনী, যেচৰ, আৰু চল্লুম। এই লোকসকল আছিল বিলহাৰ নাতি ল’ৰা।
בני נפתלי יחציאל וגוני ויצר ושלום בני בלהה׃
14 ১৪ অস্ৰীয়েলৰ পুত্র আছিল মনচি। অস্রীয়েলৰ অৰামীয়া উপপত্নীয়ে তেওঁক জন্ম দিছিল। তেওঁ গিলিয়দৰ পিতৃ মাখীৰকো জন্ম দিছিল।
בני מנשה אשריאל אשר ילדה פילגשו הארמיה ילדה את מכיר אבי גלעד׃
15 ১৫ মাখীৰে হুপ্পীম আৰু চুপ্পীমৰ বংশৰ পৰা এগৰাকী যুৱতীক ভাৰ্যা ৰূপে গ্রহণ কৰিছিল। তেওঁৰ এগৰাকী ভনীয়েকৰ নাম আছিল মাখা। মনচিৰ আন বংশধৰ আছিল চলফাদ, চলফাদৰ কেৱল জীয়েকহে আছিল।
ומכיר לקח אשה לחפים ולשפים ושם אחתו מעכה ושם השני צלפחד ותהינה לצלפחד בנות׃
16 ১৬ মাখীৰৰ ভাৰ্যা মাখাই এটি পুত্ৰ প্ৰসৱ কৰি তেওঁৰ নাম পেৰচ ৰাখিলে, পেৰচৰ ভায়েকৰ নাম চেৰচ, আৰু চেৰচৰ পুত্র সকলৰ নাম উলম আৰু ৰেকম।
ותלד מעכה אשת מכיר בן ותקרא שמו פרש ושם אחיו שרש ובניו אולם ורקם׃
17 ১৭ উলমৰ পুত্র বদান। এওঁলোক মনচিৰ নাতি মাখীৰৰ পুত্র গিলিয়দৰ সন্তান আছিল।
ובני אולם בדן אלה בני גלעד בן מכיר בן מנשה׃
18 ১৮ গিলিয়দৰ ভনীয়েক হম্মোলেকতে ইচহোদ, অবীয়াচৰ, আৰু মহলাক প্ৰসৱ কৰিলে।
ואחתו המלכת ילדה את אישהוד ואת אביעזר ואת מחלה׃
19 ১৯ আৰু চমীদাৰ পুত্র অহিয়ন, চেখম, লিকহী, আৰু অনীয়াম।
ויהיו בני שמידע אחין ושכם ולקחי ואניעם׃
20 ২০ তলত উল্লেখিত সকল ইফ্ৰয়িমৰ বংশৰ লোকসকল: ইফ্ৰয়িমৰ পুত্র চুথেলহ, চুথেলহৰ পুত্র বেৰদ, বেৰদৰ পুত্র তহৎ, তহতৰ পুত্র ইলিয়াদা, ইলিয়াদৰ পুত্র তহৎ,
ובני אפרים שותלח וברד בנו ותחת בנו ואלעדה בנו ותחת בנו׃
21 ২১ তহতৰ পুত্র যাবদ, যাবদৰ পুত্র চূথেলহ। যেতিয়া এজৰ আৰু ইলিয়দে গাতৰ লোকসকলৰ পশু চুৰ কৰিবলৈ আহিছিল, তেতিয়া তেওঁলোকক গাতৰ লোকসকলে নগৰত বধ কৰিছিল।
וזבד בנו ושותלח בנו ועזר ואלעד והרגום אנשי גת הנולדים בארץ כי ירדו לקחת את מקניהם׃
22 ২২ তেওঁলোকৰ পিতৃ ইফ্ৰয়িমে বহুত দিনলৈকে তেওঁলোকৰ বাবে শোক কৰিছিল, আৰু তেওঁৰ ভাই সকলে তেওঁক শান্ত্বনা দিবলৈ আহিছিল।
ויתאבל אפרים אביהם ימים רבים ויבאו אחיו לנחמו׃
23 ২৩ তেওঁ নিজৰ ভাৰ্য্যাৰ লগত শয়ন কৰিলে। তেওঁ গৰ্ভৱতী হৈ এটি পুত্ৰ প্ৰসৱ কৰিলে। তেওঁলোকৰ ঘৰত সেই সময়ত অমঙ্গল ঘটিছিল কাৰণে ইফ্ৰয়িমে তাৰ নাম ৰবীয়া ৰাখিলে।
ויבא אל אשתו ותהר ותלד בן ויקרא את שמו בריעה כי ברעה היתה בביתו׃
24 ২৪ তেওঁৰ জীয়েকৰ নাম আছিল চেৰা। চেৰাই ওপৰ আৰু তল বৈৎ-হোৰোণ আৰু উজ্জেন চেৰা নিৰ্ম্মাণ কৰিছিল।
ובתו שארה ותבן את בית חורון התחתון ואת העליון ואת אזן שארה׃
25 ২৫ ৰবীয়াৰ পুত্র আছিল ৰেফহ। ৰেফহৰ পুত্র আছিল ৰেচফ। ৰেচফৰ পুত্র আছিল তেলহ। তেলহৰ পুত্র আছিল তহন।
ורפח בנו ורשף ותלח בנו ותחן בנו׃
26 ২৬ তহনৰ পুত্র আছিল লদ্দন। লদ্দনৰ পুত্র আছিল অম্মীহূদ। অম্মীহূদৰ পুত্র আছিল ইলীচামা।
לעדן בנו עמיהוד בנו אלישמע בנו׃
27 ২৭ ইলীচামাৰ পুত্ৰ আছিল নূন। নুনৰ পুত্ৰ আছিল যিহোচূৱা।
נון בנו יהושע בנו׃
28 ২৮ তেওঁলোকে বৈৎএল আৰু তাৰ চাৰিওফালৰ গাওঁ অধিকাৰ কৰি তাতে বসবাস কৰিছিল। তেওঁলোকে পূবদিশে নাৰণ, পশ্চিমদিশে গেজৰ আৰু তাৰ গাওঁসমূহ, চিখিম আৰু তাৰ গাওঁসমূহ, অহিয়া আৰু তাৰ গাওঁসমূহলৈকে বিস্তাৰিত হৈছিল।
ואחזתם ומשבותם בית אל ובנתיה ולמזרח נערן ולמערב גזר ובנתיה ושכם ובנתיה עד עיה ובנתיה׃
29 ২৯ মনচিৰ সীমাত বৈৎ-চান আৰু তাৰ গাওঁসমূহ, তানক আৰু তাৰ গাওঁসমূহ, মগিদ্দো আৰু তাৰ গাওঁসমূহৰ লগতে দোৰ আৰু তাৰ গাওঁসমূহ। এইবোৰ ঠাইত ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ বংশৰ লোকসকলে বাস কৰিছিল।
ועל ידי בני מנשה בית שאן ובנתיה תענך ובנתיה מגדו ובנותיה דור ובנותיה באלה ישבו בני יוסף בן ישראל׃
30 ৩০ আচেৰৰ পুত্র যিম্না, যিচবা, যিচবি, বৰীয়া আৰু তেওঁলোকৰ ভনীয়েক চেৰহ আছিল।
בני אשר ימנה וישוה וישוי ובריעה ושרח אחותם׃
31 ৩১ বৰীয়াৰ পুত্র হেবৰ আৰু মল্কীয়েল। এওঁ বিৰ্জয়িতৰ পিতৃ আছিল।
ובני בריעה חבר ומלכיאל הוא אבי ברזות׃
32 ৩২ হেবৰৰ পুত্র যফলেট, চোমেৰ, আৰু হোথম। এওঁলোকৰ চূৱা নামেৰে ভনী আছিল।
וחבר הוליד את יפלט ואת שומר ואת חותם ואת שועא אחותם׃
33 ৩৩ যফলেটৰ পুত্র পাচক, বিমহল, আৰু অশ্বৎ। এওঁলোক যফলেটৰ সন্তান।
ובני יפלט פסך ובמהל ועשות אלה בני יפלט׃
34 ৩৪ যফলেটৰ ভায়েক চেমৰৰ পুত্রসকল: ৰহগা, যিহুব্বা, আৰু আৰাম।
ובני שמר אחי ורוהגה יחבה וארם׃
35 ৩৫ চেমৰৰ ভায়েক হেলমৰ পুত্রসকল: চোফহ, যিম্না চেলচ, আৰু আমল।
ובן הלם אחיו צופח וימנע ושלש ועמל׃
36 ৩৬ চোফহৰ পুত্র চূহ, হৰ্ণেফৰ, চূৱাল, বেৰী, আৰু যিম্ৰা,
בני צופח סוח וחרנפר ושועל וברי וימרה׃
37 ৩৭ বেৰচ, হোদ, চম্মা, চিলচা, ষিত্ৰণ, আৰু বেৰা।
בצר והוד ושמא ושלשה ויתרן ובארא׃
38 ৩৮ যেথৰৰ পুতেক যিফুন্নি, পিস্পা, আৰু অৰা।
ובני יתר יפנה ופספה וארא׃
39 ৩৯ উল্লাৰ বংশধৰসকল হ’ল আৰহ, হন্নীয়েল, আৰু ৰিচিয়া।
ובני עלא ארח וחניאל ורציא׃
40 ৪০ এই সকলো আচেৰৰ বংশধৰ আছিল। এওঁলোক গোষ্ঠীৰ মূল ব্যক্তি, পৰিয়ালৰ নেতা, বিশিষ্ট লোক, যুদ্ধাৰু, আৰু নেতাসকলৰ মাজত প্ৰধান আছিল। তেওঁলোকৰ গণনাৰ তালিকা অনুসৰি যুদ্ধৰ বাবে ছাবিশ হাজাৰ উপযুক্ত সৈনিক আছিল।
כל אלה בני אשר ראשי בית האבות ברורים גבורי חילים ראשי הנשיאים והתיחשם בצבא במלחמה מספרם אנשים עשרים וששה אלף׃

< ১ বংশাবলি 7 >