< ১ বংশাবলি 5 >

1 ৰূবেণ ইস্ৰায়েলৰ প্রথম সন্তান আছিল, তেওঁ আছিল ইস্রায়েলৰ প্রথম পুত্র; কিন্তু তেওঁৰ পিতৃৰ শয্যা কলুষিত কৰা বাবে তেওঁ নিজৰ জেষ্ঠাধিকাৰ হেৰুৱাইছিল, আৰু ইস্ৰায়েলৰ পুত্ৰ যোচেফৰ সন্তানক সেই অধিকাৰ দিয়া হৈছিল। সেয়ে বংশাৱলীত তেওঁৰ নাম জেষ্ঠৰ শ্ৰেণীত লিখা নহ’ল।
Synowie Rubena, pierworodnego Izraela. Był on pierworodnym, ale ponieważ zbezcześcił łoże swego ojca, jego pierworództwo zostało dane synom Józefa, syna Izraela. Nie spisano więc rodowodu według pierworództwa.
2 যিহূদা তেওঁৰ ভাইসকলৰ মাজত শক্তিশালী আছিল, আৰু নেতা তেওঁৰ পৰাই হ’ল; কিন্তু জ্যেষ্ঠাধিকাৰ যোচেফৰ হ’ল।
Juda bowiem był najpotężniejszy wśród swoich braci i od niego pochodził władca, lecz pierworództwo [należało] do Józefa.
3 ইস্ৰায়েলৰ প্ৰথম পুত্ৰ ৰূবেণৰ সন্তান সকল হ’ল, হনোক, পল্লু, হিষ্রোণ, আৰু কৰ্ম্মী।
Synami Rubena, pierworodnego Izraela, [byli]: Henoch, Pallu, Chesron i Karmi.
4 যোৱেলৰ বংশধৰ এওঁলোক: যোৱেলৰ পুত্র চিময়ীয়া, চিময়িয়াৰ পুত্র গোগ, গোগৰ পুত্র চিমিয়ী,
Synowie Joela: jego syn Szemajasz, jego syn Gog, jego syn Szimei;
5 চিমিয়ীৰ পুত্র মীখা, মীখাৰ পুত্র ৰায়া, ৰায়াৰ পুত্র বাল,
Jego syn Micheasz, jego syn Reajasz, jego syn Baal;
6 বালৰ পুত্র বেৰা, তেওঁক অচূৰৰ ৰজা তিলগৎ-পিলনেচৰ বন্দী কৰি লৈ গৈছিল। তেওঁ ৰূবেণীয়াসকলৰ নেতা আছিল।
Jego syn Beera, którego Tiglat-Pileser, król Asyrii, wziął do niewoli. On był księciem Rubenitów.
7 যেতিয়া তেওঁলোকৰ বংশাৱলী লিপিৱদ্ধ কৰা হৈছিল, তেতিয়া নিজ নিজ গোষ্ঠী অনুসাৰে তেওঁৰ ভাই সকল হ’ল: প্ৰধান যিয়ীয়েল, জখৰিয়া,
Jego braćmi według swoich rodzin, gdy spisywano rodowody ich pokoleń, [byli] naczelnicy: Jejel, Zachariasz;
8 যোৱেলৰ পুত্র চেমা, চেমাৰ পুত্র আজজ, আজজৰ পুত্র বেলা। তেওঁলোক নবো আৰু বাল-মিয়োনলৈকে অৰোয়েৰত বাস কৰিছিল,
I Bela, syn Azaza, syna Szemy, syna Joela, który zamieszkiwał w Aroerze aż po Nebo i Baal-Meon.
9 আৰু তেওঁলোক পূবদিশে ফৰাৎ নদীৰ পৰা মৰুপ্রান্তৰ কাষলৈকে বাস কৰিছিল, কাৰণ গিলিয়দ দেশত তেওঁলোকৰ পশুবোৰ বৃদ্ধি হৈছিল।
A na wschodzie zamieszkiwał aż do wejścia na pustkowie od rzeki Eufrat. Ich stada bowiem pomnożyły się w ziemi Gilead.
10 ১০ চৌলৰ ৰাজত্বৰ সময়ত তেওঁলোকে হাগৰীয়াসকলক আক্রমণ কৰি পৰাজিত কৰিলে। তেওঁলোক হাগৰীয়াসকলৰ তম্বুত আৰু গিলিয়দৰ পূব দিশৰ আটাই দেশত বাস কৰিছিল।
Za czasów Saula prowadzili wojnę z Hagrytami, którzy zostali przez nich pokonani. Zamieszkali więc w ich namiotach w całej wschodniej [części] Gileadu.
11 ১১ তেওঁলোকৰ ওচৰত বাচান দেশৰ পৰা চলখালৈকে গাদৰ সন্তান সকলে বাস কৰিছিল।
A synowie Gada mieszkali naprzeciw nich w ziemi Baszanu, aż [do] Salka.
12 ১২ যোৱেল তেওঁলোকৰ গোষ্ঠীৰ মূৰব্বী আছিল, আৰু চাফম আন এটা গোষ্ঠীৰ মূৰব্বী আছিল; তাৰ পাছত যনয় আৰু চাফট মূৰব্বী হ’ল। এওঁলোক বাচানত আছিল।
Joel [był] zwierzchnikiem, potem Szafam, następnie Janaj i Szafat w Baszanie.
13 ১৩ তেওঁলোকৰ পিতৃ-বংশৰ সম্পৰ্কীয় সাত জন হ’ল, মীখায়েল, মচুল্লম, চেবা, যোৰয়, যক্কন, জীয়া, আৰু এবৰ।
A ich braćmi według domów swoich ojców [byli]: Mikael, Meszullam, Szeba, Joraj, Jakan, Zija i Eber – siedmiu.
14 ১৪ উল্লেখিত এই ব্যক্তিসকল অবীহয়িলৰ বংশধৰ আছিল: হূৰীৰ পুত্র অবীহয়িল আছিল। যাৰোহৰ পুত্র হূৰী আছিল। গিলিয়দৰ পুত্র যাৰোহ আছিল। মীখায়েলৰ পুত্র গিলিয়দ আছিল। যিচীচয়ৰ পুত্র মীখায়েল আছিল। যহদোৰ পুত্র যিচীচয় আছিল। বূজৰ পুত্র যহদো আছিল।
Ci są synami Abichaila, syna Churiego, syna Jaroacha, syna Gileada, syna Mikaela, syna Jesziszaja, syna Jachdo, syna Buza;
15 ১৫ গূনীৰ পুত্র অব্দীয়েল, অব্দীয়েলৰ পুত্র অহী তেওঁলোকৰ পিতৃ-বংশৰ মূল ব্যক্তি আছিল।
Achi, syn Abdiela, syna Guniego – głowa domu ich ojców.
16 ১৬ তেওঁলোক গিলিয়দত, বাচানৰ নগৰত, আৰু চাৰোণৰ সীমালৈকে চৰণীয়া ঠাইত বাস কৰিছিল।
I mieszkali w Gileadzie, w Baszanie, w jego miasteczkach i na wszystkich pastwiskach Szaronu aż po ich krańce.
17 ১৭ যিহূদাৰ ৰজা যোথম আৰু ইস্ৰায়েলৰ ৰজা যাৰবিয়াম ৰাজত্বৰ সময়ত তেওঁলোকৰ সকলোৰে বংশাৱলী লিপিৱদ্ধ কৰি ৰখিছিল।
Wszyscy oni spisani zostali według rodowodów za czasów Jotama, króla Judy, i za czasów Jeroboama, króla Izraela.
18 ১৮ ৰূবেণৰ, গাদীয়াৰ, আৰু মনচিৰ আধা গোষ্ঠীৰ মাজৰ চৌৱাল্লিশ হাজাৰ সৈন্যক যুদ্ধৰ বাবে প্রশিক্ষণ দিয়া হৈছিল, তেওঁলোকে ঢাল, তৰোৱাল কঢ়িয়াইছিল, আৰু ধনু মাৰিছিল।
Synów Rubena i Gada oraz połowy pokolenia Manassesa, dzielnych wojowników zdolnych do noszenia tarczy i miecza i do strzelania z łuku i wyćwiczonych w boju, było czterdzieści cztery tysiące siedmiuset sześćdziesięciu wyruszających do bitwy.
19 ১৯ তেওঁলোকে হাগৰীয়া, যটূৰ, নাফীচ, আৰু নোদবক আক্রমণ কৰিছিল।
Oni prowadzili wojnę z Hagrytami, z Jeturem, z Nafiszem i Nodabem;
20 ২০ তেওঁলোকৰ বিৰুদ্ধে তেওঁলোকে ঈশ্বৰীয় সহায় পাইছিল। এইদৰে হাগৰীয়াসকল আৰু তেওঁলোকৰ লগত থকা সকলোকে তেওঁলোকে পৰাজিত কৰিলে। কিয়নো তেওঁলোকে যুদ্ধত ঈশ্বৰৰ আগত কাতৰোক্তি কৰিলে আৰু তেওঁ তেওঁলোকৰ কাতৰোক্তি শুনিলে, কাৰণ তেওঁলোকে তেওঁত বিশ্বাস কৰিছিল।
I otrzymali pomoc przeciwko nim. Wydano więc w ich ręce Hagrytów wraz ze wszystkimi, którzy z nimi byli. Podczas walki bowiem wołali do Boga, a [on] ich wysłuchał, bo pokładali w nim ufność.
21 ২১ তেওঁলোকৰ জীৱ-জন্তুবোৰ তেওঁলোকে আটক কৰিলে, তাৰ ভিতৰত পঞ্চাশ হাজাৰ উট, দুই লাখ পঞ্চাশ হাজাৰ মেৰ-ছাগ, দুই হাজাৰ গাধ, আৰু এক লাখ মানুহ।
I zabrali z ich stad: pięćdziesiąt tysięcy wielbłądów, dwieście pięćdziesiąt tysięcy owiec, dwa tysiące osłów, a ludzi – sto tysięcy.
22 ২২ কাৰণ তেওঁলোকৰ হৈ ঈশ্বৰে যুদ্ধ কৰিছিল, সেয়ে বহুতো শত্রুক তেওঁলোকে হত্যা কৰিছিল। এইদৰে বন্দী কৰি নিয়া সময়লৈকে তেওঁলোকৰ ঠাই সমূহত তেওঁলোকে বাস কৰিছিল।
Wielu bowiem poległo, gdyż wojna ta [wyszła] od Boga. I mieszkali na ich miejscu aż do uprowadzenia do niewoli.
23 ২৩ মনচিৰ আধা গোষ্ঠীৰ লোকসকলে বাচান দেশৰ পৰা বাল-হৰ্মোন, আৰু চনীৰলৈকে বাস কৰিছিল।
Ale synowie połowy pokolenia Manassesa mieszkali w tej ziemi i rozmnożyli się od Baszanu aż do Baal-Chermon i Seniru, i do góry Hermon.
24 ২৪ তেওঁলোকৰ নিজ নিজ বংশৰ নেতাসকল হ’ল: এৰফ, যিচী, ইজ্ৰীয়েল, যিৰিমিয়া, হোদবিয়া, আৰু যহদিয়েল। এওঁলোক বলৱান, সাহসী, নাম জ্বলা, আৰু নিজ নিজ পিতৃ-বংশৰ নেতা আছিল।
A oto [są] naczelnicy domów ich ojców: Efer, Jiszi, Eliel, Azriel, Jeremiasz, Hodawiasz i Jachdiel, dzielni wojownicy, ludzie sławni, naczelnicy domu swoich ojców.
25 ২৫ কিন্তু তেওঁলোক পূৰ্বপুৰুষৰ ঈশ্বৰৰ প্রতি অবিশ্ৱাসী আছিল। ঈশ্ৱৰে তেওঁলোকৰ সন্মুখত যাক ধ্বংস কৰিছিল, সেই দশৰ তেনে দেৱ-দেৱীবোৰক তেওঁলোকে আৰাধনা কৰিছিল।
Lecz zgrzeszyli przeciw Bogu swoich ojców i cudzołożyli, idąc za bogami narodów [tej] ziemi, które Bóg zniszczył przed nimi.
26 ২৬ সেয়ে অজৰীয়াৰ ৰজা পূলক ইস্ৰায়েলৰ ঈশ্বৰে অস্থিৰ কৰিলে, তিলগৎ-পিলনেচৰ বুলি কোৱা হয়। তেওঁ ৰূবেণীয়া, গাদীয়া, আৰু মনচিৰ আধাগোষ্ঠীৰ লোকসকলক হাবোৰ, হাৰা, গোজনৰ নদীলৈকে লৈ গ’ল; আজিলৈকে তেওঁলোকে সেই ঠাইতে আছে।
Wtedy Bóg Izraela pobudził ducha Pula, króla Asyrii, i ducha Tiglat-Pilesera, króla Asyrii, i uprowadził Rubenitów i Gadytów oraz połowę pokolenia Manassesa i zaprowadził ich do Chalach, do Chabor, do Hara i do rzeki Gozan; [są tam] aż do dziś.

< ১ বংশাবলি 5 >