< ১ বংশাবলি 29 >

1 দায়ুদ ৰজাই গোটেই সমাজক ক’লে, “ঈশ্বৰে মোৰ পুত্ৰ চলোমনক মনোনীত কৰিছে, তাৰ বয়স এতিয়াও ক’ম আৰু অভিজ্ঞতাহীন, আৰু এই কাৰ্য অতি গুৰুত্বপূৰ্ণ। কাৰণ এই ৰাজপ্রসাদ ঈশ্বৰ যিহোৱাৰ উদ্দেশ্যে মানুহৰ বাবে নহয়।
Padşah Davud bütün camaata dedi: «Allahın yeganə seçdiyi oğlum Süleyman cavan və təcrübəsizdir, bu iş isə böyükdür, çünki bu bina insan üçün deyil, Rəbb Allah üçün olacaq.
2 মোৰ ঈশ্বৰৰ মন্দিৰৰ অৰ্থে যি উত্তম, সেয়ে মই কৰিলোঁ। সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, পিতলৰ বস্তু প্রস্তুত কৰিবলৈ পিতল, লোহাৰ বস্তু প্রস্তুত কৰিবলৈ লোহা, কাঠৰ বস্তু প্রস্তুত কৰিবলৈ কাঠ মই দিছোঁ। ৰক্তৰাগ পাথৰ, লগাবৰ কাৰণে পাথৰ, মণি-মুকুতাৰ কামৰ বাবে নানা বৰণীয়া পাথৰ, সকলো বিধৰ বহুমূলীয়া পাথৰ আৰু মাৰ্বল পাথৰো মই প্রচুৰ পৰিমাণে দিছোঁ।
Bütün səyimlə Allahımın məbədindən ötrü qızıl şeylər üçün qızıl, gümüş şeylər üçün gümüş, tunc şeylər üçün tunc, dəmir şeylər üçün dəmir, ağac şeylər üçün ağac, damarlı əqiq daşları və onların sağanaqları, cilalı və cürbəcür rəngli daşlar, hər cür qiymətli daşlar və çoxlu mərmər daşlar hazırlamışam.
3 মোৰ ঈশ্বৰৰ গৃহৰ কাৰণে মই আনন্দিত হ’লো, আৰু মোৰ ব্যক্তিগত ভঁৰালৰ পৰা সোণ, ৰূপ ইয়াৰ বাবে দান দিছোঁ। ইয়াৰ উপৰিও পবিত্র মন্দিৰৰ কাৰণে মই সকলো কৰিবলৈ প্রস্তুত।
Bundan başqa, Allahımın məbədini tikməyə həvəsim naminə müqəddəs məbəd üçün hazırladığım hər şeydən əlavə nə qədər qızıl-gümüş xəzinəm varsa, onu da Allahım Rəbbin məbədi üçün verirəm:
4 তিনি হাজাৰ কিক্কৰ ওফীৰৰ সোণ, আৰু সাত হাজাৰ কিক্কৰ শুদ্ধ ৰূপ গৃহৰ দেৱালত আৱৰণ দিবলৈ দিলোঁ।
Ofir qızılından üç min talant qızılı, yeddi min talant xalis gümüşü evlərin divarını örtmək üçün,
5 সোণৰ বস্তু প্রস্তুত কৰিবলৈ সোণ, ৰূপৰ বস্তু প্রস্তুত কৰিবলৈ ৰূপ, আৰু শিল্পকৰ্ম কৰোঁতা সকলে কৰা সকলো ধৰণৰ কামৰ কাৰণে মই সকলো বস্তু দান কৰিলোঁ। আজি কোনে যিহোৱালৈ বৰঙণি দিব আৰু নিজকে তেওঁলৈ উৎসৰ্গ কৰিব?
qızıl şeylər üçün qızılı, gümüş şeylər üçün gümüşü ustaların düzəldəcəyi bütün işlər üçün verirəm. Kim bu gün Rəbbə könüllü nəzir təqdim etmək istəyir?»
6 তাৰ পাছত তেওঁলোকৰ পৰিয়ালৰ পূৰ্ব-পুৰুষৰ প্রধান লোকসকল, ইস্ৰায়েল জাতিৰ প্রধান লোকসকল, সহস্ৰপতিসকল, শতপতিসকল, লগতে ৰজাৰ কাৰ্যত থকা কৰ্মচাৰীসকল একেলগে ইচ্ছাকৃত দান দিলে।
Nəsil başçıları, İsrail qəbilələrinin başçıları, minbaşılar, yüzbaşılar və padşahın işləri üzərində olan rəislər könüllü gəlib
7 তেওঁলোকে ঈশ্বৰৰ গৃহৰ কাৰ্য কাৰণে পাঁচ হাজাৰ কিক্কৰ সোণ, অদৰ্কোণ নামেৰে দহ হাজাৰ সোণৰ মোহৰ, দহ হাজাৰ কিক্কৰ ৰূপ, ওঠৰ হাজাৰ কিক্কৰ ৰূপ পিতল, আৰু এক লাখ কিক্কৰ লোহা দিলে।
Allah məbədinin xidməti üçün beş min talant və on min darik qızıl, on min talant gümüş, on səkkiz min talant tunc və yüz min talant dəmir verdilər.
8 যিসকলৰ বহুমুলীয়া বাখৰ আছিল, তেওঁলোকে গেৰ্চোনীয়াৰ বংশধৰ যিহীয়েলৰ নিৰীক্ষণত যিহোৱাৰ গৃহৰ ভঁৰালত তাক দিলে।
Kimdə qiymətli daşlar var idisə, onları Gerşon nəslindən olan Yexielin nəzarəti altında olan Rəbbin məbədinin xəzinəsinə verirdi.
9 তেওঁলোকে নিজ ইচ্ছাৰে আৰু সকলো হৃদয়েৰে যিহোৱাৰ উদ্দেশ্যে দান দিয়াৰ কাৰণে প্ৰজাসকলে আনন্দ কৰিলে। ৰজা দায়ূদেও মহা-আনন্দ কৰিলে।
Xalq onların könüllü nəzir verməsinə sevindi, çünki bütün qəlbi ilə Rəbbə nəzir təqdim etmişdilər. Padşah Davud da çox sevindi.
10 ১০ দায়ূদে গোটেই সমাজৰ আগতে যিহোৱাৰ ধন্যবাদ কৰিলে। দায়ূদে ক’লে, “হে আমাৰ পিতৃ ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা আপুনি যুগে যুগে চিৰকাললৈকে ধন্য।
Davud bütün camaatın gözü önündə Rəbbə alqış edib dedi: «Ey atamız İsrailin Allahı Rəbb, əzəldən sonsuza qədər Sənə alqış olsun!
11 ১১ হে যিহোৱা, আপুনি মহত্ব, পৰাক্ৰমী, প্ৰশংসনীয়, বিজয়ী, আৰু প্ৰতাপী। কাৰণ স্বৰ্গত আৰু পৃথিৱীত যি যি আছে, সেই সকলোৱেই আপোনাৰ। ৰাজ্যও আপোনাৰেই, আৰু চাৰিও দিশে শাসনকৰ্তা ৰূপে যিহোৱা আৰু আপুনি মৰ্য্যদাপূৰ্ণ।
Ya Rəbb, əzəmət, qüdrət, calal, zəfər və şöhrət Sənə məxsusdur, çünki göydə və yerdə olan hər şey Sənindir. Ya Rəbb, padşahlıq Sənindir və Hökmdar olaraq hər şeydən ucasan.
12 ১২ আপোনাৰ পৰাই ধন আৰু গৌৰৱ হয়, আৰু আপুনি সকলোৰে ওপৰত শাসন কৰি আছে। আপোনাৰ হাততেই বল আৰু পৰাক্ৰম আছে। সকলোকে মহত্ব ও শক্তিশালী কৰিবৰ কাৰণে আপোনাৰ অধিকাৰ আছে।
Var-dövlətlə şöhrət Səndən gəlir və Sən hər şeyə hökmranlıq edirsən. Hər kəsi yüksəltmək və gücləndirmək üçün qüdrət və güc Sənin əlindədir.
13 ১৩ সেয়ে, হে আমাৰ ঈশ্বৰ, আমি আপোনাৰ ধন্যবাদ কৰোঁ, আৰু আপোনাৰ নামৰ গৌৰৱ ও প্ৰশংসা কৰোঁ।
İndi, ey Allahımız, biz Sənə şükür edirik və izzətli adına həmd edirik.
14 ১৪ কিন্তু মই নো কোন, আৰু মোৰ লোকসকল নো কোন, যে, আমি এইদৰে নিজ ইচ্ছাৰে দান দিবলৈ আগবাঢ়িব পাৰিছোঁ? কিয়নো সকলো বস্তু আপোনাৰ পৰাই আহে, আৰু আপোনাৰ যি তাকে আমি অনন্দমনেৰে আপোনাক দিছোঁ।
Ancaq mən kiməm və xalqım nədir ki, bu cür könüllü nəzirlər verə bilək? Çünki hər şey Səndəndir və əlindən aldığımızı Sənə verdik.
15 ১৫ কাৰণ আমাৰ সকলো পূৰ্ব-পুৰুষ সকলৰ দৰে আমিও আপোনাৰ আগত অচিনাকি আৰু ভ্রমণকাৰী লোক। পৃথিৱীত আমাৰ দিনবোৰ ছাঁ স্বৰূপ আৰু এই পৃথিৱীত আমাৰ একো আশা নাই।
Biz bütün atalarımız kimi Sənin önündə bir qərib və qonağıq. Günlərimiz yer üzündə kölgə kimidir və heç nəyə ümidimiz yoxdur.
16 ১৬ হে আমাৰ ঈশ্বৰ যিহোৱা, আপোনাৰ, পবিত্ৰ নামৰ উদ্দেশে আপোনাৰ গৃহ নিৰ্ম্মাণ কৰিবলৈ আমি এই যি সকলো সম্পতি সংগ্রহ কৰিলোঁ, এই সকলো আপোনাৰেই আৰু আপোনাৰ পৰাই অহা।
Ya Rəbb Allahımız, Sənin müqəddəs adına məbəd tikmək üçün hazırladığımız bütün bu var-dövlət Sənin əlinlə verilib, bunların hamısı Sənindir.
17 ১৭ হে মোৰ ঈশ্বৰ, মই এইয়াও জানো যে, আপুনি হৃদয়ৰো পৰীক্ষা কৰে আৰু সৰলতাত সন্তোষ পায়। মই হ’লে মোৰ মনৰ সৰলতাতহে নিজ ইচ্ছাৰে এই সকলো বস্তু দান দিলোঁ, আৰু এতিয়া এই ঠাইত উপস্থিত হোৱা আপোনাৰ লোকসকলেও নিজ ইচ্ছাৰে আপোনাৰ উদ্দেশে দান দিয়া দেখি মই আনন্দিত হৈছোঁ।
Bilirəm ki, ey Allahım, Sən ürəyi sınayırsan və düzlüyü sevirsən. Mən bütün bu şeyləri ürəyimin düzlüyü ilə könüllü olaraq təqdim etdim, indi də burada olan xalqının Sənə könüllü nəzir verdiyini sevinclə gördüm.
18 ১৮ আমাৰ পূৰ্ব-পুৰুষ অব্ৰাহাম, ইচহাক, ইস্ৰায়েলৰ ঈশ্বৰ যিহোৱা, আপুনি আপোনাৰ লোকসকলৰ মনত এই চিন্তাধাৰা সদায় ৰাখক। তেওঁলোকৰ হৃদয় আপোনাতেই মনোনিবেশ কৰক।
Ya Rəbb, atalarımız İbrahimin, İshaqın və İsrailin Allahı! Xalqının ürəyindəki istəklərində bunu əbədi olaraq qoruyub saxla və onların ürəyini Özünə tərəf yönəlt.
19 ১৯ আপোনাৰ আজ্ঞা, সাক্ষ্য, আৰু বিধিবোৰ সম্পূৰ্ণ হৃদয়েৰে পালন কৰিবলৈ, আৰু এই সকলো কাৰ্য কৰিবলৈ, আৰু মই যি গৃহৰ বাবে ব্যৱস্থা কৰি থৈছোঁ, তাক নিৰ্মাণ কৰিবলৈ মোৰ পুত্ৰ চলোমনক সিদ্ধ মন দিয়ক।”
Oğlum Süleymana sadiq bir ürək ver ki, Sənin əmrlərinə, göstərişlərinə və qanunlarına əməl etsin, bütün bu işləri görsün, tikintisinə hazırlıq gördüyüm bu binanı tiksin».
20 ২০ দায়ূদে গোটেই সমাজক ক’লে, “এতিয়া তোমালোকে নিজৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰা।” গোটেই সমাজে তেওঁলোকৰ পূৰ্ব-পুৰুষৰ ঈশ্বৰ যিহোৱাৰ ধন্যবাদ কৰিলে, আৰু মুৰ দোঁৱাই যিহোৱাৰ প্রশংসা কৰিলে আৰু ৰজাৰ আগত প্ৰণিপাত কৰিলে।
Davud bütün camaata dedi: «İndi Allahınız Rəbbə həmd edin». Bütün camaat atalarının Allahı Rəbbə həmd etdi. Onlar əyilib Rəbbə səcdə, padşaha isə təzim etdilər.
21 ২১ তাৰ পাছ দিনা তেওঁলোকে যিহোৱাৰ উদ্দেশ্যে বলিদান কৰিলে, আৰু যিহোৱাৰ উদ্দেশ্যে হোম-বলি উৎসৰ্গ কৰিলে। তেওঁলোকে এক হাজাৰ ষাঁড়-গৰু, এক হাজাৰ মতা মেৰ-ছাগ, আৰু এক হাজাৰ মেৰ-ছাগ পোৱালি, আৰু ইয়াৰে সৈতে গোটেই ইস্ৰায়েলৰ কাৰণে পেয় নৈবেদ্য আৰু বলিদান উৎসৰ্গ কৰিলে।
Ertəsi gün Rəbbə qurbanlar kəsdilər və Rəbbə yandırma qurbanı olaraq min baş buğa, min baş qoç, min baş quzu, onların içmə təqdimlərini və bütün İsrail üçün çoxlu qurbanlar təqdim etdilər.
22 ২২ সেই দিনা অতি আনন্দেৰে যিহোৱাৰ আগত ভোজন-পান কৰিলে। তেওঁলোকে দায়ূদৰ পুত্ৰ চলোমনক দ্বিতীয়বাৰ ৰজা পাতিলে; আৰু যিহোৱাৰ উদ্দেশ্যে শাসনকর্তা হবলৈ তেওঁ অভিষেক কৰিলে। তেওঁলোকে পুৰোহিত হবলৈ চাদোককো যিহোৱাৰ উদ্দেশ্যে অভিষেক কৰিলে।
O gün onlar böyük sevinclə Rəbbin önündə yeyib-içdilər. Sonra ikinci dəfə Davud oğlu Süleymanı padşah etdilər. Rəbb üçün onu hökmdar və Sadoqu kahin olaraq məsh etdilər.
23 ২৩ তাৰ পাছত চলোমন তেওঁৰ পিতৃ দায়ুদৰ পৰিৱৰ্তে ৰজাহৈ যিহোৱাৰ সিংহাসনত বহিল। তেওঁ কৃতকাৰ্য্য হ’ল, আৰু গোটেই ইস্ৰায়েলে তেওঁৰ আজ্ঞা মানিলে।
Süleyman atası Davudun yerinə padşah olaraq Rəbbin taxtında oturdu və uğur qazandı. Bütün İsraillilər ona itaət etdi.
24 ২৪ সকলো নেতাসকল, সৈন্যসকল, আৰু দায়ুদ ৰজাৰ পুত্ৰসকল চলোমন ৰজাৰ অধীন হ’ল।
Bütün rəislər, igid adamlar, həm də Davudun bütün oğulları padşah Süleymana tabe oldu.
25 ২৫ যিহোৱাই সকলো ইস্ৰায়েলৰ আগত চলোমনক সন্মান প্রদান কৰিলে আৰু যিহোৱাই তেওঁক যি ক্ষমতা দিলে, তেনে ক্ষমতা তেওঁৰ পূৰ্বে ইস্ৰায়েলৰ কোনো ৰজাক দিয়া নাছিল।
Rəbb Süleymanı bütün İsraillilərin gözündə çox ucaltdı və özündən əvvəl İsraildə heç bir padşahın malik olmadığı padşahlıq əzəmətini ona verdi.
26 ২৬ যিচয়ৰ পুত্ৰ দায়ূদে সকলো ইস্ৰায়েলৰ ওপৰত ৰাজত্ব কৰিছিল।
Beləliklə, Yessey oğlu Davud bütün İsrail üzərində padşahlıq etdi.
27 ২৭ তেওঁ চল্লিশ বছৰ ইস্রায়েলৰ ৰজা আছিল। তেওঁ সাত বছৰ হিব্ৰোণত আৰু তেত্ৰিশ বছৰ যিৰূচালেমত ৰাজত্ৱ কৰিছিল।
Onun İsrail üzərində padşahlıq etdiyi müddət qırx il idi; yeddi il Xevronda və otuz üç il Yerusəlimdə padşahlıq etdi.
28 ২৮ তেওঁ সম্পূৰ্ণ বয়স পায়, দীঘলীয়া জীৱন সা-সম্পতি আৰু সন্মান উপভোগ কৰি বৃদ্ধ অৱস্থাত তেওঁৰ মৃত্যু হয়। তেওঁৰ পুত্ৰ চলোমন তেওঁৰ পদত ৰজা হ’ল।
O, uzun ömür sürüb sərvət və şöhrətdən doymuş halda xoş bir qocalıq çağında öldü və yerinə oğlu Süleyman padşah oldu.
29 ২৯ দায়ুদ ৰজাই তেওঁৰ জীৱনত কৰা সকলো কাৰ্য ভাববাদী চমূৱেল, ভাববাদী নাথন আৰু ভাববাদী গাদৰ ইতিহাস-পুস্তকসমূহত বৰ্ণনা কৰা হৈছে।
Padşah Davudun əvvəldən axıra qədər bütün işləri görücü Şamuelin kitabında, peyğəmbər Natanın kitabında və görücü Qadın kitabında yazılmışdır.
30 ৩০ এই পুস্তকসমূহত ইস্ৰায়েলক ৰাজত্ৱ কৰা সময়ত দায়ূদে যিবোৰ কাৰ্য কৰিছিল, সেই সকলো ইয়াতে উল্লেখ আছে। লিখকসকলে ইস্রায়েল আৰু তাৰ ওচৰ চুবুৰীয়া ৰাজ্যৰ, দায়ূদৰ ক্ষমতা আৰু তেওঁৰ জীৱনৰ সকলো ঘটনা লিখিলে।
Bu kitablarda həm Davudun padşahlığı və qüdrəti, həm də onun, İsrailin və bütün dünya padşahlıqlarının başına gələn əhvalatlar barədə yazılmışdır.

< ১ বংশাবলি 29 >