< ১ বংশাবলি 28 >

1 দায়ূদে যিৰূচালেমত ইস্ৰায়েলৰ সকলো কৰ্মচাৰীক এক গোট কৰিলে: জাতিবোৰৰ কৰ্মচাৰীসকলক, সময়-সূচী অনুযায়ী ৰজাৰ পৰিচৰ্যা কৰা বিভাগবোৰৰ কৰ্মচাৰীসকলক, সহস্ৰপতিসকলক আৰু শতপতিসকলক, ৰজা আৰু তেওঁৰ পুত্রসকলৰ দখলত থকা সকলো সম্পত্তিৰ পৰিচালকসকলক, কর্মচাৰী আৰু যুদ্ধাৰু লোকসকলক, তেওঁলোকৰ মাজৰ সকলোতকৈ নিপূণ লোকসকলক যিৰূচালেমত এক গোট কৰিলে।
καὶ ἐξεκκλησίασεν Δαυιδ πάντας τοὺς ἄρχοντας Ισραηλ ἄρχοντας τῶν κριτῶν καὶ τοὺς ἄρχοντας τῶν ἐφημεριῶν τῶν περὶ τὸ σῶμα τοῦ βασιλέως καὶ ἄρχοντας τῶν χιλιάδων καὶ τῶν ἑκατοντάδων καὶ τοὺς γαζοφύλακας καὶ τοὺς ἐπὶ τῶν ὑπαρχόντων αὐτοῦ καὶ τοὺς δυνάστας καὶ τοὺς μαχητὰς τῆς στρατιᾶς ἐν Ιερουσαλημ
2 তাৰ পাছত ৰজা দায়ূদে থিয় হৈ ক’লে, “হে মোৰ ভাইসকল আৰু মোৰ লোক সমূহ, মোৰ কথা শুনা; যিহোৱাৰ নিয়ম-চন্দুকৰ অৰ্থে আৰু আমাৰ ঈশ্বৰৰ ভৰি-পীৰাৰ অৰ্থে এটা মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ মোৰ পৰিকল্পনা আছিল। এই গৃহ নিৰ্ম্মাণৰ বাবে মই প্ৰস্তুতো হৈছিলো।
καὶ ἔστη Δαυιδ ἐν μέσῳ τῆς ἐκκλησίας καὶ εἶπεν ἀκούσατέ μου ἀδελφοὶ καὶ λαός μου ἐμοὶ ἐγένετο ἐπὶ καρδίαν οἰκοδομῆσαι οἶκον ἀναπαύσεως τῆς κιβωτοῦ διαθήκης κυρίου καὶ στάσιν ποδῶν κυρίου ἡμῶν καὶ ἡτοίμασα τὰ εἰς τὴν κατασκήνωσιν ἐπιτήδεια
3 কিন্তু ঈশ্বৰে মোক ক’লে, ‘মোৰ নামৰ অৰ্থে তুমি মন্দিৰ নিৰ্ম্মাণ নকৰিবা, কাৰণ তুমি এজন যুদ্ধৰু আৰু তুমি ৰক্তপাত কৰিলা।’
καὶ ὁ θεὸς εἶπεν οὐκ οἰκοδομήσεις ἐμοὶ οἶκον τοῦ ἐπονομάσαι τὸ ὄνομά μου ἐπ’ αὐτῷ ὅτι ἄνθρωπος πολεμιστὴς εἶ σὺ καὶ αἵματα ἐξέχεας
4 তথাপি যিহোৱাই, ইস্ৰায়েলৰ ঈশ্বৰে; ইস্ৰায়েলৰ ওপৰত সদায় ৰাজত্ব কৰিবৰ বাবে মোৰ আটাই পিতৃপৰিয়ালৰ মাজৰ পৰা মোক মনোনীত কৰিলে। তেওঁ নেতৃত্ব দিবৰ বাবে যিহূদা জাতিক মনোনীত কৰিলে। যিহূদাৰ জাতি, মোৰ পিতৃৰ পৰিয়ালবৰ্গ আৰু মোৰ পিতৃৰ সকলো পুত্রৰ মাজৰ পৰা তেওঁ মোক গোটেই ইস্ৰায়েলৰ ওপৰত ৰজা হ’বলৈ মনোনীত কৰিলে।
καὶ ἐξελέξατο κύριος ὁ θεὸς Ισραηλ ἐν ἐμοὶ ἀπὸ παντὸς οἴκου πατρός μου εἶναι βασιλέα ἐπὶ Ισραηλ εἰς τὸν αἰῶνα καὶ ἐν Ιουδα ᾑρέτικεν τὸ βασίλειον καὶ ἐξ οἴκου Ιουδα τὸν οἶκον τοῦ πατρός μου καὶ ἐν τοῖς υἱοῖς τοῦ πατρός μου ἐν ἐμοὶ ἠθέλησεν τοῦ γενέσθαι με βασιλέα ἐπὶ τῷ παντὶ Ισραηλ
5 যিহোৱাই মোক দিয়া অনেক পুত্ৰৰ মাজত ইস্ৰায়েলৰ ওপৰত যিহোৱাৰ ৰাজসিংহাসনত বহিবলৈ তেওঁ মোৰ পুত্ৰ চলোমনক মনোনীত কৰিলে।
καὶ ἀπὸ πάντων τῶν υἱῶν μου ὅτι πολλοὺς υἱοὺς ἔδωκέν μοι κύριος ἐξελέξατο ἐν Σαλωμων τῷ υἱῷ μου καθίσαι αὐτὸν ἐπὶ θρόνου βασιλείας κυρίου ἐπὶ τὸν Ισραηλ
6 তেওঁ মোক ক’লে, ‘তোমাৰ পুত্ৰ চলোমনে মোৰ গৃহ আৰু চোতাল কেইখন নিৰ্ম্মাণ কৰিব, কাৰণ মোৰ পুত্ৰ হ’বলৈ মই তেওঁক মনোনীত কৰিলোঁ, আৰু মই তেওঁৰ পিতৃ হ’ম।
καὶ εἶπέν μοι ὁ θεός Σαλωμων ὁ υἱός σου οἰκοδομήσει τὸν οἶκόν μου καὶ τὴν αὐλήν μου ὅτι ᾑρέτικα ἐν αὐτῷ εἶναί μου υἱόν κἀγὼ ἔσομαι αὐτῷ εἰς πατέρα
7 আজি তুমি যি দৰে আছা যদি তেওঁ সেই দৰে মোৰ আজ্ঞাবোৰ আৰু শাসন-প্ৰণালীবোৰ পালন কৰি চলে, তেনেহলে মই তেওঁৰ ৰাজ্য চিৰস্থায়ীৰূপে স্থাপন কৰিম।
καὶ κατορθώσω τὴν βασιλείαν αὐτοῦ ἕως αἰῶνος ἐὰν ἰσχύσῃ τοῦ φυλάξασθαι τὰς ἐντολάς μου καὶ τὰ κρίματά μου ὡς ἡ ἡμέρα αὕτη
8 এই হেতুকে এতিয়া ইস্ৰায়েলৰ সাক্ষাতে যিহোৱাৰ উদ্দেশে সমবেত হোৱা আৰু আমাৰ ঈশ্বৰৰ উপস্থিতিত ঈশ্ৱৰ যিহোৱাৰ সকলো আজ্ঞা পালন কৰিবলৈ তোমালোক সকলোৱে চেষ্টা কৰা। এই উত্তম দেশৰ অধিকাৰী হবলৈ আৰু তোমালোকৰ পাছত চিৰকালৰ বাবে পুৰুষানুক্রমে তোমালোকৰ সন্তান সকলৰ অধিকাৰত যেন থাকে তাৰ কাৰণে এই সকলো কৰা।
καὶ νῦν κατὰ πρόσωπον πάσης ἐκκλησίας κυρίου καὶ ἐν ὠσὶν θεοῦ ἡμῶν φυλάξασθε καὶ ζητήσατε πάσας τὰς ἐντολὰς κυρίου τοῦ θεοῦ ἡμῶν ἵνα κληρονομήσητε τὴν γῆν τὴν ἀγαθὴν καὶ κατακληρονομήσητε τοῖς υἱοῖς ὑμῶν μεθ’ ὑμᾶς ἕως αἰῶνος
9 হে বোপা চলোমন, তুমি তোমাৰ পিতৃৰ ঈশ্বৰক মানি চলিবা, আৰু তোমাৰ সকলো হৃদয়েৰ আৰু হৰ্ষিত মনেৰে তেওঁৰ পৰিচৰ্যা কৰিবা। এই দৰে কৰা কাৰণ যিহোৱাই সকলোৰে হৃদয় অনুসন্ধান কৰে আৰু সকলোৰে কল্পনাকো বুজে। তুমি যদি তেওঁক বিচাৰা, তেন্তে তুমি তেওঁক পাবা, কিন্তু যদি তেওঁক ত্যাগ কৰা, তেন্তে তেওঁ তোমাকো চিৰকাললৈকে ত্যাগ কৰিব।
καὶ νῦν Σαλωμων υἱέ μου γνῶθι τὸν θεὸν τῶν πατέρων σου καὶ δούλευε αὐτῷ ἐν καρδίᾳ τελείᾳ καὶ ψυχῇ θελούσῃ ὅτι πάσας καρδίας ἐτάζει κύριος καὶ πᾶν ἐνθύμημα γιγνώσκει ἐὰν ζητήσῃς αὐτόν εὑρεθήσεταί σοι καὶ ἐὰν καταλείψῃς αὐτόν καταλείψει σε εἰς τέλος
10 ১০ পবিত্র-স্থানৰ অৰ্থে মন্দিৰ নিৰ্ম্মাণ কৰিবলৈ যিহোৱাই যে, তোমাক মনোনীত কৰিলে তাক তুমি অনুভৱ কৰা; সাহিয়াল হোৱা আৰু এই কাৰ্য কৰা।
ἰδὲ τοίνυν ὅτι κύριος ᾑρέτικέν σε οἰκοδομῆσαι αὐτῷ οἶκον εἰς ἁγίασμα ἴσχυε καὶ ποίει
11 ১১ তাৰ পাছত দায়ূদে তেওঁৰ পুত্ৰ চলোমনক মন্দিৰৰ বাৰাণ্ডাৰ, মন্দিৰৰ ঘৰৰবোৰৰ, গুদামবোৰৰ, ওপৰৰ কোঁঠালিবোৰৰ, ভিতৰৰ কোঁঠালিবোৰৰ, আৰু পাপ-প্রায়শ্চিতৰ আৱৰণৰ নক্সা দিলে।
καὶ ἔδωκεν Δαυιδ Σαλωμων τῷ υἱῷ αὐτοῦ τὸ παράδειγμα τοῦ ναοῦ καὶ τῶν οἴκων αὐτοῦ καὶ τῶν ζακχω αὐτοῦ καὶ τῶν ὑπερῴων καὶ τῶν ἀποθηκῶν τῶν ἐσωτέρων καὶ τοῦ οἴκου τοῦ ἐξιλασμοῦ
12 ১২ যিহোৱাৰ গৃহৰ চোতাল কেইখনৰ, চাৰিওফালে থকা সকলো কোঁঠালিবোৰৰ, ঈশ্বৰৰ গৃহত থকা গুদামবোৰৰ, আৰু মন্দিৰৰ বাবে পবিত্ৰ কৰা বস্তুৰ ভঁৰালবোৰৰ বাবে তেওঁ অঙ্কন কৰা নক্সা তেওঁ চলোমনক দিলে।
καὶ τὸ παράδειγμα ὃ εἶχεν ἐν πνεύματι αὐτοῦ τῶν αὐλῶν οἴκου κυρίου καὶ πάντων τῶν παστοφορίων τῶν κύκλῳ τῶν εἰς τὰς ἀποθήκας οἴκου κυρίου καὶ τῶν ἀποθηκῶν τῶν ἁγίων
13 ১৩ তেওঁ তেওঁক পুৰোহিতসকলৰ আৰু লেবীয়াসকলৰ বিভাগসমূহৰ বাবে বিধি দিলে আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ কাৰ্য আৰু যিহোৱাৰ গৃহৰ পৰিচৰ্যাৰ বাবে ব্যৱহাৰ হোৱা সামগ্রী সমূহৰ দায়িত্বত নিযুক্ত কৰিলে।
καὶ τῶν καταλυμάτων τῶν ἐφημεριῶν τῶν ἱερέων καὶ τῶν Λευιτῶν εἰς πᾶσαν ἐργασίαν λειτουργίας οἴκου κυρίου καὶ τῶν ἀποθηκῶν τῶν λειτουργησίμων σκευῶν τῆς λατρείας οἴκου κυρίου
14 ১৪ তেওঁ সকলো প্রকাৰৰ পৰিচৰ্যাৰ বাবে সোণৰ পাত্ৰবোৰ আৰু সকলো প্রকাৰৰ পৰিচৰ্যাৰত ব্যৱহাৰ হোৱা সামগ্রীৰ বাবে ৰূপৰ পাত্ৰবোৰ গুৰুত্ব সহকাৰে তেওঁক দিলে।
καὶ τὸν σταθμὸν τῆς ὁλκῆς αὐτῶν τῶν τε χρυσῶν καὶ ἀργυρῶν
15 ১৫ সোণৰ দীপাধাৰবোৰৰ আৰু তাৰ প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ সোণৰ পৰিমান অনুসাৰে জুখি দিলে। ৰূপৰ দীপাধাৰবোৰৰ আৰু প্রদীপবোৰৰ প্ৰত্যেক দীপাধাৰ আৰু তাৰ প্রদীপবোৰৰ ৰূপৰ পৰিমান অনুসাৰে জুখি দিলে। যাতে প্রত্যেক দীপাধাৰবোৰৰ উপযুক্ত ব্যৱহাৰ হয়।
λυχνιῶν τὴν ὁλκὴν ἔδωκεν αὐτῷ καὶ τῶν λύχνων
16 ১৬ দৰ্শন-পিঠাৰ মেজ, আৰু প্রত্যক মেজৰ বাবে সোণৰ পৰিমাণ, আৰু ৰূপৰ মেজবোৰৰ বাবে ৰূপৰ পৰিমাণ তেওঁ জুখি দিলে।
ἔδωκεν αὐτῷ ὁμοίως τὸν σταθμὸν τῶν τραπεζῶν τῆς προθέσεως ἑκάστης τραπέζης χρυσῆς καὶ ὡσαύτως τῶν ἀργυρῶν
17 ১৭ তেওঁ যাঠী, তেজ ছটিওৱা চৰিয়া, আৰু পিয়লাবোৰৰ বাবে শুদ্ধ সোণৰ পৰিমাণ জুখি দিলে। তেওঁ প্রত্যেক সোণৰ বাটিবোৰৰ আৰু প্ৰত্যেক ৰূপৰ বাটিবোৰৰ বাবে সোণৰ আৰু ৰূপৰ পৰিমাণ জুখি দিলে।
καὶ τῶν κρεαγρῶν καὶ σπονδείων καὶ τῶν φιαλῶν τῶν χρυσῶν καὶ τὸν σταθμὸν τῶν χρυσῶν καὶ τῶν ἀργυρῶν κεφφουρε ἑκάστου σταθμοῦ
18 ১৮ ধূপ-বেদিৰ বাবে নিৰ্ম্মল সোণৰ পৰিমাণ, আৰু ডেউকা মেলি যিহোৱাৰ নিয়ম-চন্দুক ঢাকি ধৰা কৰূব দুটাৰ নক্সাৰ কাৰণে সোণৰ পৰিমাণ জুখি দিলে।
καὶ τὸν τοῦ θυσιαστηρίου τῶν θυμιαμάτων ἐκ χρυσίου δοκίμου σταθμὸν ὑπέδειξεν αὐτῷ καὶ τὸ παράδειγμα τοῦ ἅρματος τῶν χερουβιν τῶν διαπεπετασμένων ταῖς πτέρυξιν καὶ σκιαζόντων ἐπὶ τῆς κιβωτοῦ διαθήκης κυρίου
19 ১৯ দায়ূদে ক’লে, “নমুনাৰ বিষয়ে বুজিব পৰাকৈ যিহোৱাই মোক নিৰ্দেশ দিয়া অনুযায়ী মই এই সকলো লিখিত ভাৱে ৰাখিলোঁ।
πάντα ἐν γραφῇ χειρὸς κυρίου ἔδωκεν Δαυιδ Σαλωμων κατὰ τὴν περιγενηθεῖσαν αὐτῷ σύνεσιν τῆς κατεργασίας τοῦ παραδείγματος
20 ২০ দায়ূদে তেওঁৰ পুত্ৰ চলোমনক ক’লে, “তুমি বলৱান আৰু সাহিয়াল হোৱা। এই কাৰ্য কৰা। ভয় নকৰিবা আৰু ব্যাকুল নহ’বা, কিয়নো ঈশ্বৰ যিহোৱা, মোৰ ঈশ্বৰেই তোমাৰ লগত আছে। যিহোৱাৰ গৃহৰ সকলো কাৰ্য সমাপ্ত নোহোৱালৈকে তেওঁ তোমাক পৰিত্যাগ নকৰিব।
καὶ εἶπεν Δαυιδ Σαλωμων τῷ υἱῷ αὐτοῦ ἴσχυε καὶ ἀνδρίζου καὶ ποίει μὴ φοβοῦ μηδὲ πτοηθῇς ὅτι κύριος ὁ θεός μου μετὰ σοῦ οὐκ ἀνήσει σε καὶ οὐ μή σε ἐγκαταλίπῃ ἕως τοῦ συντελέσαι σε πᾶσαν ἐργασίαν λειτουργίας οἴκου κυρίου
21 ২১ চোৱা, ইয়াত ঈশ্বৰৰ গৃহৰ সকলো কাৰ্যৰ বাবে পুৰোহিতসকল আৰু লেবীয়াসকলৰ বিভাগসমূহ আছে। তেওঁলোক তোমাৰ লগত থাকিব, এই কাৰ্যৰ অৰ্থে ইচ্ছা থকা সকলো লোক আৰু নিপূণ লোকসকলে তোমাক সকলো কাৰ্য কৰিবলৈ আৰু পৰিচৰ্যা কৰিবলৈ সহায় কৰিব। তোমাৰ আদেশবোৰ অনুসৰণ কৰিবলৈ সকলো কৰ্মচাৰী আৰু সকলো লোক প্রস্তুত।
καὶ ἰδοὺ αἱ ἐφημερίαι τῶν ἱερέων καὶ τῶν Λευιτῶν εἰς πᾶσαν λειτουργίαν οἴκου τοῦ θεοῦ καὶ μετὰ σοῦ ἐν πάσῃ πραγματείᾳ καὶ πᾶς πρόθυμος ἐν σοφίᾳ κατὰ πᾶσαν τέχνην καὶ οἱ ἄρχοντες καὶ πᾶς ὁ λαὸς εἰς πάντας τοὺς λόγους σου

< ১ বংশাবলি 28 >